ন্যূনতম সমৰ্থন মূল্য (এমএছপি)ত বৃদ্ধিৰ উদ্দেশ্য হৈছে শস্যৰ বিবিধীকৰণক উদগণি দিয়া
ঘেঁহু, ৰেপছীড আৰু সৰিয়হৰ পিছত মচুৰ, বুট, জ আৰু কুসুম ফুল সন্দৰ্ভত কৃষকে তেওঁলোকৰ উৎপাদন ব্যয়ৰ তুলনাত অধিকতম দাম পোৱাৰ অনুমানr
তৈলবীজ, মাহ আৰু মোটা শস্যৰ পক্ষত ন্যূনতম সমৰ্থন মূল্য নিৰ্ধাৰণ
ৰবি শস্যৰ ন্যূনতম সমৰ্থন মূল্যত বৃদ্ধিৰ ফলত কৃষকৰ বাবে লাভজনক মূল্য সুনিশ্চিত হ'ব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক বিষয়ৰ মন্ত্ৰী মণ্ডলৰ সমিতিয়ে ৰবি বিপণন ঋতু (আৰএমএছ) ২০২২-২৩ৰ বাবে সকলো ৰবি শস্যৰ ন্যূনতম সমৰ্থন মূল্য (এমএছপি)ত বৃদ্ধি কৰাত মঞ্জুৰী দিয়ে।

চৰকাৰে আৰএমএছ ২০২২-২৩ৰ বাবে ৰবি শস্যৰ এমএছপিত বৃদ্ধি ঘটাইছে, যাতে কৃষকে তেওঁলোকৰ উৎপাদনৰ লাভজনক দাম পাব পাৰে। যোৱা বছৰৰ এমএছপিত মচুৰ দালি আৰু কেনোলা (ৰেপছীড) তথা সৰিয়হত উচ্চতম সম্পূৰ্ণ বৃদ্ধি (প্ৰত্যেকৰ বাবে ৪০০ টকা প্ৰতি কুইণ্টল) কৰাৰ চুপাৰিশ কৰা হয়। ইয়াৰ পিছত বুট (১৩০ টকা প্ৰতি কুইণ্টল)ক ৰখা হৈছে। যোৱা বছৰৰ তুলনাত কুসুম ফুলৰ মূল্য ১১৪ টকা প্ৰতি কুইণ্টল বঢ়াই দিয়া হৈছে। মূল্যত এই ব্যৱধান এইবাবে ৰখা হৈছে, যাতে ভিন ভিন ফচলৰ খেতি কৰিবলৈ উদগণি লাভ কৰে।

বিপণন ঋতু ২০২২-২৩ৰ বাবে সকলো ৰবি শস্যৰ ন্যূনতম সমৰ্থন মূল্য (টকা/কুইণ্টলত)

 

শস্য

আৰএমএছ ২০২১-২২ৰ বাবে এমএছপি

আৰএমএছ ২০২২-২৩ৰ বাবে এমএছপি

পাদন ব্যয়* ২০২২-২৩

এমএছপিত বৃদ্ধি (সম্পূৰ্ণ)

ব্যয়ৰ ওপৰত লাভ (শতাংশ হিচাপে)

ঘেঁহু

১৯৭৫

২০১৫

১০০৮

৪০

১০০

১৬০০

১৬৩৫

১০১৯

৩৫

৬০

বুট

১৫০০

৫২৩০

৩০০৪

১৩০

৭৪

দালি (মচুৰ)

১৫০০

৫৫০০

৩০৭৯

৪০০

৭৯

কেনোলা বা সৰিয়হ

৪৬৫০

৫০৫০

২৫২৩

৪০০

১০০

কুসুম ফুল

৫৩২৭

৫৪৪১

৩৬২৭

১১৪

৫০

 

*ইয়াত মুঠ ব্যয়ৰ উল্লেখ আছে, য'ত আদায় দিয়া মূল্য অন্তৰ্ভুক্ত আছে, অৰ্থাৎ মজদুৰৰ মজদুৰী, গৰু বা মেচিনৰ দ্বাৰা সম্পন্ন অন্য কাম, পট্টাৰ ওপৰত লোৱা মাটিৰ ভাৰা, বীজ, সাৰ, খাদ, জলসিঞ্চন শুল্ক, উপকৰণ আৰু খেতি কৰোতে হোৱা খৰচ, গতিশীল পুঁজিৰ ওপৰত সুত, পাম্প ছেট ইত্যাদি চলোৱাত ডিজেল/বিজুলিৰ খৰচ ইয়াত অন্তৰ্ভুক্ত। ইয়াৰ উপৰিও অন্য খৰচ তথা পৰিয়ালৰ দ্বাৰা কৰা শ্ৰমৰ মূল্যকো ইয়াত ৰখা হৈছে।

আৰএমএছ ২০২২-২৩ৰ বাবে ৰবি শস্যৰ এমএছপিত বৃদ্ধি কেন্দ্ৰীয় বাজেট ২০১৮-১৯ত কৰা ঘোষণা অনুসৰি, য'ত কোৱা হৈছে যে দেশজোৰা গড় উৎপাদনৰ প্ৰতি লক্ষ্য ৰাখি এমএছপিত কমেও দেৰগুণ বৃদ্ধি কৰা উচিত, যাতে কৃষকে যুক্তিসংগত আৰু উচিত দাম লাভ কৰে। কৃষকে খেতিত যিমান খৰচ কৰে, তাৰ আধাৰত হ'বলগীয়া লাভৰ অধিকতম অনুমান কৰা হৈছে। এই সন্দৰ্ভত ঘেঁহু, কেনোলা বা সৰিয়হ (প্ৰত্যেকত ১০০ শতাংশ) লাভ হোৱাৰ অনুমান কৰা হৈছে। ইয়াৰ উপৰিও দালি (৭৯ শতাংশ), বুট (৭৪ শতাংশ), জ (৬০ শতাংশ), কুসুম ফুল (৫০ শতাংশ)ৰ উৎপাদনত লাভ হোৱাৰ অনুমান কৰা হৈছে।

যোৱা কেইটামান বছৰৰ পৰা তৈলবীজ, মাহ, মোটা শস্যৰ ন্যূনতম সমৰ্থন মূল্যত একৰূপ আনিবলৈ সংযুক্ত ৰূপত প্ৰয়াস কৰি থকা হৈছে, যাতে কৃষক এই ফচলসমূহৰ খেতি অধিক পৰিমাণে কৰিবলৈ উৎসাহিত হয়। ইয়াৰ বাবে তেওঁলোকে যাতে উন্নত প্ৰযুক্তি আৰু খেতিৰ পদ্ধতিবিলাক প্ৰয়োগ কৰিবলৈ উৎসাহিত হয়, যাতে চাহিদা আৰু যোগানত সন্তুলন সৃষ্টি হয়।

ইয়াৰ লগতে কেন্দ্ৰৰ দ্বাৰা ৰূপায়িত ৰাষ্ট্ৰীয় খাদ্য তেল-পাম অইল মিছন (এনএমইঅ'-অ'পি) যোজনাও চৰকাৰে অলপতে ঘোষণা কৰিছে। এই যোজনাৰ জৰিয়তে খোৱা তেলৰ ঘৰুৱা উৎপাদন বাঢ়িব আৰু আমদানিৰ ওপৰত নিৰ্ভৰশীলতা কম হ'ব। এই যোজনাৰ বাবে ১১,০৪০ কোটি টকা ধাৰ্য কৰা হৈছে, যাৰ ফলত কেৱল খেতি আৰু এই খণ্ডৰ উৎপাদন বৃদ্ধিত সহায় হ'ব এনে নহয়, বৰং আয় বৃদ্ধি পোৱাত কৃষকৰ লাভ হ'ব তথা অতিৰিক্ত সংস্থাপন সৃষ্টি হ'ব।

'প্ৰধানমন্ত্ৰী অন্নদাতা আয় সংৰক্ষণ অভিযান' (পিএমএএএছএইচএ) নামৰ 'আম্ব্ৰেলা স্কীম)ৰ ঘোষণা চৰকাৰে ২০১৮ত কৰিছিল। এই যোজনাৰ জৰিয়তে কৃষকে নিজৰ উৎপাদনৰ বাবে লাভজনক দাম পাব। এই আম্ব্ৰেলা স্কীমত তিনিটা উপ-যোজনা অন্তৰ্ভূক্ত আছে, যেনে মূল্য সমৰ্থন যোজনা (পিএছএছ), মূল্য ন্যূনতম পৰিশোধ যোজনা (পিডিপিএছ) আৰু ব্যক্তিগত ক্ৰয় তথা ষ্টকিষ্ট যোজনা (পিপিএছএছ)ক প্ৰায়োগিক আধাৰত অন্তৰ্ভুক্ত কৰা হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From shirts to software: Services drive 67% of India’s export growth over the past decade

Media Coverage

From shirts to software: Services drive 67% of India’s export growth over the past decade
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister highlights efforts to preserve and promote India’s cultural heritage
June 18, 2026

The Prime Minister, Shri Narendra Modi has highlighted efforts to preserve and promote India’s cultural heritage and said that India’s cultural heritage is being preserved, celebrated and carried forward with renewed vigour.

The Prime Minister stated that guided by the vision of ‘Virasat Bhi, Vikas Bhi’, efforts ranging from the repatriation of antiquities to strengthening spiritual and pilgrimage infrastructure are reconnecting people with India’s timeless traditions.

In a post on X, he said;

“India’s cultural heritage is being preserved, celebrated and carried forward with renewed vigour.

Guided by the vision of ‘Virasat Bhi, Vikas Bhi’, efforts ranging from the repatriation of antiquities to strengthening spiritual and pilgrimage infrastructure are reconnecting people with India’s timeless traditions.

#12YearsOfVikasBhiVirasatBhi”