এই প্ৰকল্পসমূহৰ মুঠ ব্যয় ২৩,৪৩৭ কোটি টকা আৰু ২০৩০-৩১ চনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে আজি ২৩,৪৩৭ কোটি টকাৰ মুঠ ব্যয়ৰ ৰে'ল মন্ত্ৰালয়ৰ ৩টা প্ৰকল্পত অনুমোদন জনাইছে। এই প্ৰকল্পবোৰৰ ভিতৰত আছেঃ

ক) নাগদা - মথুৰা তৃতীয় আৰু চতুৰ্থ লাইন

খ) গুণ্টাকল - ৱাডি তৃতীয় আৰু চতুৰ্থ লাইন

গ) বুৰহোৱাল -  সীতাপুৰ তৃতীয় আৰু চতুৰ্থ লাইন

এই বৰ্ধিত লাইন ক্ষমতাৰ ফলত যাতায়াত ব্যৱস্থা যথেষ্ট উন্নত হ'ব আৰু ইয়াৰ ফলত ভাৰতীয় ৰে'লৱেৰ কাৰ্যক্ষমতা আৰু সেৱাৰ নিৰ্ভৰযোগ্যতা উন্নত হ'ব। এই মাল্টি-ট্ৰেকিং প্ৰস্তাৱবোৰে কাৰ্য্যকৰীতা সৰলীকৰণ আৰু জৰাজীৰ্ণতা হ্ৰাস কৰিব। এই প্ৰকল্পসমূহ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ এক নতুন ভাৰতৰ সপোনৰ সৈতে খাপ খোৱা হৈছে, যিয়ে অঞ্চলটোৰ জনসাধাৰণক 'আত্মনিৰ্ভৰশীল' কৰি তোলাৰ লগতে তেওঁলোকৰ নিয়োগ/স্ব-নিয়োজনৰ সুযোগ বৃদ্ধি কৰিব।

এই প্ৰকল্পসমূহৰ পৰিকল্পনা পিএম-গতিশক্তি নেচনেল মাষ্টাৰ প্লেনৰ অধীনত কৰা হৈছে, য'ত একত্ৰিত পৰিকল্পনা আৰু অংশীদাৰসকলৰ সৈতে আলোচনাৰ জৰিয়তে মাল্টি-মডেল সংযোগ আৰু লজিষ্টিক দক্ষতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। এই প্ৰকল্পসমূহে জনসাধাৰণ, সামগ্ৰী আৰু সেৱাসমূহৰ চলাচলৰ বাবে নিৰৱচ্ছিন্ন সংযোগ প্ৰদান কৰিব।

মধ্যপ্ৰদেশ, ৰাজস্থান, উত্তৰপ্ৰদেশ, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ ১৯খন জিলাক সামৰি লোৱা ৩ (তিনি) প্ৰকল্পৰ জৰিয়তে ভাৰতীয় ৰে'লৰ বৰ্তমানৰ নেটৱৰ্ক প্ৰায় ৯০১ কিলোমিটাৰলৈ বৃদ্ধি পাব।

প্ৰস্তাৱিত মাল্টি-ট্ৰেকিং প্ৰকল্পৰ জৰিয়তে প্ৰায় ৮৩লাখ জনসংখ্যাৰ প্ৰায় ৪,১৬১খন গাঁৱৰ যোগাযোগ ব্যৱস্থা উন্নত হ'ব।

প্ৰস্তাৱিত ক্ষমতা বৃদ্ধিৰ জৰিয়তে সমগ্ৰ দেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ পৰ্যটনস্থলী যেনে- মহাকালেশ্বৰ, ৰণথাম্বৰ ৰাষ্ট্ৰীয় উদ্যান, কুনু ৰাষ্ট্ৰীয় উদ্যান, কেওলাদেও ৰাষ্ট্ৰীয় উদ্যান, মথুৰা, বৃন্দাবন, মন্ত্ৰালয়ম (শ্ৰী ৰাঘৱেন্দ্ৰ স্বামী মট্ট), শ্ৰী নেটিকান্তি অঞ্জনিয়া স্বামী ভেৰী মন্দিৰ (কাছাপুৰম), শ্যামনাথ মন্দিৰ, নামীশৰণীয়া (নিমছাৰ) ইত্যাদিৰ সৈতে ৰেল সংযোগ উন্নত হ'ব।

প্ৰস্তাৱিত প্ৰকল্পসমূহ হ'ল কয়লা, খাদ্য শস্য, চিমেণ্ট, পিঅ'এল, লো আৰু তীখা, লো-আকৰ, কণ্টেইনাৰ, সাৰ আদিৰ দৰে সামগ্ৰী পৰিবহণৰ বাবে আৱশ্যকীয় পথ। ক্ষমতা বৃদ্ধিৰ কামৰ ফলত ৬০ এমটিপিএ (প্ৰতি বছৰে মিলিয়ন টন) অতিৰিক্ত মালবাহী যান-বাহন পৰিবহণ হ'ব। ৰে'ল পৰিবহণ পৰিৱেশ অনুকূল আৰু শক্তি দক্ষ পৰিবহণৰ মাধ্যম হোৱাৰ লগতে জলবায়ু লক্ষ্যত উপনীত হোৱাত সহায়ক হ'ব আৰু দেশৰ লজিষ্টিক ব্যয় হ্ৰাস কৰিব, তেল আমদানি (৩৭ কোটি লিটাৰ) হ্ৰাস কৰিব আৰু কাৰ্বন ডাই অক্সাইড নিৰ্গমন (১৮৫ কোটি কিলোগ্ৰাম) হ্ৰাস কৰিব, যি ০৭ (সাত) কোটি গছ ৰোপনৰ সমতুল্য।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-UK free trade deal to take effect on July 15, opening 99% of exports to tariff-free access

Media Coverage

India-UK free trade deal to take effect on July 15, opening 99% of exports to tariff-free access
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the virtues of truth, service, learning and action
June 18, 2026

The Prime Minister, Shri Narendra Modi said that wealth follows truthfulness, fame follows selfless service, knowledge follows constant practice and wisdom follows action. He noted that these values play a vital role in shaping individual character and contributing to collective progress.

The Prime Minister shared a Sanskrit Subhashitam-

“सत्यानुसारिणी लक्ष्मीः कीर्तिस्त्यागानुसारिणी।

अभ्याससारिणी विद्या बुद्धिः कर्मानुसारिणी।।”

The Prime Minister wrote on X;