প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি ২০২৫-২৬ (০১.১০.২০২৫ৰ পৰা ৩১.০৩.২০২৬লৈ) ৰবিশস্যৰ বতৰৰ বাবে ফছফেটিক আৰু পটাছিক (পি এণ্ড কে) সাৰত পুষ্টি ভিত্তিক ৰাজসাহায্য (এন বি এছ)ৰ হাৰ নিৰ্ধাৰণৰ বাবে সাৰ বিভাগৰ প্ৰস্তাৱত অনুমোদন জনায়। ৰবি ঋতু ২০২৫-২৬ৰ বাবে আনুমানিক বাজেটৰ প্ৰয়োজন হ’ব প্ৰায় ৩৭,৯৫২.২৯ কোটি টকা, যিটো খাৰিফ ঋতু ২০২৫ৰ বাজেটৰ প্ৰয়োজনীয়তাতকৈ ৭৩৬ কোটি টকা অধিক।

২০২৫-২৬ চনৰ (০১.১০.২০২৫ৰ পৰা ৩১.০৩.২০২৬লৈকে প্ৰযোজ্য) ৰবিশস্যৰ বতৰৰ বাবে অনুমোদিত হাৰৰ ওপৰত ভিত্তি কৰি ডি এমোনিয়াম ফছফেট (ডি এ পি) আৰু এন পি কে এছ (নাইট্ৰ"জেন, ফছফৰাছ, পটাছ, ছালফাৰ) গ্ৰেডকে ধৰি পি এণ্ড কে সাৰত ৰাজসাহায্য প্ৰদান কৰা হ"ব, যাতে কৃষকসকলক সুলভ মূল্যত এই সাৰৰ সুষম উপলব্ধতা নিশ্চিত কৰিব পাৰি।

লাভসমূহঃ

  • কৃষকসকলক ৰাজসাহায্যযুক্ত, সুলভ আৰু যুক্তিসঙ্গত মূল্যত সাৰ পোৱাটো নিশ্চিত কৰা হ'ব।
  • সাৰ আৰু ইনপুটৰ আন্তঃৰাষ্ট্ৰীয় মূল্যৰ শেহতীয়া প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখি পি এণ্ড কে সাৰৰ ওপৰত ৰাজসাহায্য যুক্তিসংগত কৰা।

পটভূমি

চৰকাৰে সাৰ নিৰ্মাতা/আমদানিকাৰীসকলৰ জৰিয়তে কৃষকসকলক ৰাজসাহায্যযুক্ত মূল্যত ডি এ পিকে ধৰি ২৮টা গ্ৰেডৰ পি এণ্ড কে সাৰ সুলভ কৰি তুলিছে। ০১.০৪.২০১০ৰ পৰা এন. বি. এছ আঁচনিৰ জৰিয়তে পি এণ্ড কে সাৰৰ ওপৰত ৰাজসাহায্য পৰিচালিত হয়। কৃষক অনুকূল দৃষ্টিভংগী অনুসৰি, চৰকাৰে কৃষকসকলক সুলভ মূল্যত পি এণ্ড কে সাৰ পোৱাটো নিশ্চিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। ইউৰিয়া, ডি এ পি, এম ও পি আৰু ছালফাৰৰ দৰে সাৰ তথা ইনপুটৰ আন্তঃৰাষ্ট্ৰীয় মূল্যৰ শেহতীয়া প্ৰৱণতাৰ প্ৰতি লক্ষ্য ৰাখি, চৰকাৰে ডি এ পি আৰু এন পি কে এছ গ্ৰেডকে ধৰি ফছফেটিক আৰু পটাছিক (পি এণ্ড কে) সাৰৰ ওপৰত ০১.১০.২০২৫ৰ পৰা ৩১.০৩.২০২৬লৈ প্ৰযোজ্য ২০২৫-২৬ চনৰ ৰবিশস্যৰ বতৰৰ বাবে এন বি এছ হাৰত অনুমোদন জনোৱাৰ সিদ্ধান্ত লৈছে। সাৰ কোম্পানীসমূহক অনুমোদিত আৰু অধিসূচিত হাৰ অনুসৰি ৰাজসাহায্য প্ৰদান কৰা হ"ব যাতে কৃষকসকলৰ বাবে সুলভ মূল্যত সাৰ উপলব্ধ হয়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre's Nasha Mukt Bharat campaign reaches 34.54 crore people

Media Coverage

Centre's Nasha Mukt Bharat campaign reaches 34.54 crore people
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister offers prayers to Bhagwan Shri Ganesh during Ganpati Darshan at Union Minister Piyush Goyal’s residence
September 14, 2026

The Prime Minister, Shri Narendra Modi has visited the residence of Union Minister Shri Piyush Goyal for Ganpati Darshan.

The Prime Minister prayed for the blessings of Bhagwan Shri Ganesh for everyone.

The Prime Minister wrote on X;

“Went for Ganpati Darshan at the residence of Union Minister Shri Piyush Goyal Ji.

May Bhagwan Shri Ganesh bless everyone!

@PiyushGoyal”