কেবিনেটে স্তব্ধ হৈ থকা আৱাসিক প্ৰকল্পসমূহ সম্পূৰ্ণ কৰিবলৈ বিত্ত পোষণৰ বাবে এক বিশেষ উইণ্ডো পুজি স্থাপনত অনুমোদন জনায়
বন্ধ হৈ থকা সহজলভ্য আৰু মধ্যম আয়ৰ আৱাসিক প্ৰকল্পসমূহ সম্পূৰ্ণ কৰিবলৈ চৰকাৰে এক বিশেষ উইণ্ডোৰ মাধ্যমেৰে ১০,০০০ কোটি টকা আগবঢ়াব।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি স্থবিৰ হৈ থকা ব্যয়সাধ্য আৰু মধ্য আয়ৰ আবাসিক প্ৰকল্পসমূহৰ পৰিকল্পনা সম্পূৰ্ণ কৰি তুলিবলৈ প্ৰাথমিকতাৰ আধাৰত ঋণ হিচাপে পুঁজি যোগানৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ বা বিশেষ কোষ মুকলি কৰাৰ বাবে যাৱতীয় অনুমোদন প্ৰদান কৰিছে।

এই কোষৰ উদ্দেশ্যৰ বাবে চৰকাৰে এক প্ৰযোজক হিচাপে কাম কৰিব আৰু চৰকাৰৰ দ্বাৰা প্ৰদান কৰা মুঠ ধনৰ পৰিমাণ হ’ব ১০,০০০ কোটি টকা।

এই কোষ SEBI ৰ সৈতে পঞ্জীকৃত শ্ৰেণী-11 এআইএফ (বৈকল্পিক বিনিয়োগ কোষ) ঋণ কোষ হিচাপে মুকলি কৰা হ’ব আৰু ইয়াক অতি পেছাদাৰী ৰূপত ব্যৱহাৰ কৰা হ’ব।

এই বিশেষ উইণ্ডো অনুসৰি প্ৰথমে এআইএফৰ বাবে এই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে যে SBICAP ভেণ্ডৰ্ছ লিমিটেডে বিনিয়োগ প্ৰবন্ধক হিচাপে কাম কৰিব।

এই কোষ সেইসকল নিৰ্মাণকাৰীক সকাহ প্ৰদান কৰিব, যিসকলে ধনৰ অভাৱত নিজৰ আধৰুৱা প্ৰকল্পসমূহ সম্পূৰ্ণ কৰিব পৰা নাছিল। ইয়াৰ ফলশ্ৰুতিত ঘৰ ক্ৰয় কৰিবলৈ বিচৰা লোকসকলৰো অভাৱ পূৰণ হ’ব।

ৰিয়েল ইষ্টেট উদ্যোগ প্ৰত্যক্ষ-পৰোক্ষভাৱে আন আন ভালেমান উদ্যোগৰ সৈতে জড়িত হৈ আছে, আৰু এইবাবেই এই ক্ষেত্ৰখনৰ বিকাশৰ জৰিয়তে ভাৰতীয় অৰ্থব্যৱস্থাৰ অন্যান্য মুখ্য ক্ষেত্ৰসমূহত ব্যাপ্ত হৈ থকা জটিলতা আঁতৰ কৰাৰ ক্ষেত্ৰত যোগাত্মক প্ৰভাৱ পৰিব।

পটভুমি –

মাননীয় বিত্তমন্ত্ৰীয়ে বিগত ১৪ ছেপ্তেম্বৰ, ২০১৯ তাৰিখে ঘোষণা কৰিছে যে ব্যয়সাধ্য আৰু মধ্যআয়ৰ আবাসিক প্ৰকল্পসমূহৰ বাবে এক বিশেষ উইণ্ডো স্থাপন কৰা হ’ব, যিয়ে সম্প্ৰতি বন্ধ বা স্থবিৰ হৈ থকা সকলোবোৰ আবাসিক প্ৰকল্পৰ বাবেই পুঁজি যোগান উপলব্ধ কৰাব।

ইয়াৰ ফলশ্ৰুতিত, আবাসিক বিত্ত প্ৰতিষ্ঠানসমূহ, বেংক, এনবিএফচি আৰু ৰিয়েল ইষ্টেট ডেভেলপাৰ্ছৰ লগতে আন্তঃমন্ত্ৰালয় পৰামৰ্শ আৰু অন্যান্য হিতকাৰী পৰামৰ্শ অনুষ্ঠানৰো আয়োজন কৰা হৈছে। ঘৰ ক্ৰেতা, নিৰ্মাণকাৰী, ভুপতি আৰু বিনিয়োগকাৰীৰ সমূখত আহিবলগীয়া বিভিন্ন সমস্যাৰো সমাধান এই বিশেষ উইণ্ডোৰ যোগেদি আনিবলৈ চেষ্টা কৰা হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's services exports rise by 12.7 pc in April despite West Asia crisis: RBI

Media Coverage

India's services exports rise by 12.7 pc in April despite West Asia crisis: RBI
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 মে’ 2026
May 30, 2026

Viksit Bharat in Motion: How PM Modi is Building a Self-Reliant Global India”