প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত ‘অৰ্থনৈতিক বিষয়ৰ কেবিনেট কমিটি’য়ে ‘নৱোদয় বিদ্যালয় আঁচনি’(কেন্দ্ৰীয় খণ্ডৰ আঁচনি)ৰ অধীনত দেশৰ ইতিমধ্যে সামৰি নোলোৱা জিলাসমূহত ২৮খন ‘নৱোদয় বিদ্যালয়’(এনভি) স্থাপনৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে। এই ২৮ খন ‘এনভি’-ৰ তালিকা সংলগ্ন কৰা হৈছে।         

২৮ খন ‘এনভি’ স্থাপনৰ বাবে ২০২৪-২৫ বৰ্ষৰ পৰা ২০২৮-২৯ বৰ্ষলৈ পাঁচ বছৰৰ ভিতৰত পুঁজিৰ মুঠ আনুমানিক প্ৰয়োজনীয়তা হৈছে ২৩৫৯.৮২ কোটি টকা। ইয়াৰ ভিতৰত মূলধনী ব্যয় পৰিমাণ হৈছে ১৯৪৪.১৯ কোটি টকা  আৰু কাৰ্যকৰী ব্যয়ৰ পৰিমাণ হৈছে ৪১৫.৬৩ কোটি টকা।

প্ৰকল্পটো ৰূপায়ণৰ বাবে ‘প্ৰশাসনিক গাঁথনি সম্পৰ্কীয় সমিতি’য়ে ৫৬০ গৰাকী শিক্ষাৰ্থীক শিক্ষাদান সামৰ্থ্যৰ সৈতে একোখন সম্পূৰ্ণ ‘এনভি’ চলোৱাৰ বাবে নিৰ্ধাৰিত নিয়মত সম সংখ্যক আসন সৃষ্টিৰ প্ৰয়োজন হ'ব। সেয়েহে, ৫৬০ X ২৮ = ১৫৬৮০ গৰাকী শিক্ষাৰ্থী উপকৃত হ'ব। প্ৰচলিত নিয়ম অনুসৰি, এখন সম্পূৰ্ণ ‘এনভি’য়ে ৪৭ গৰাকী লোকক নিযুক্তি প্ৰদান কৰিব আৰু সেই অনুসৰি, অনুমোদিত ২৮খন নবোদয় বিদ্যালয়ে ১৩১৬ গৰাকী ব্যক্তিক পোনপটীয়া স্থায়ী নিযুক্তি প্ৰদান কৰিব। বিদ্যালয়ৰ আন্তঃগাঁথনি সৃষ্টিৰ বাবে নিৰ্মাণ আৰু আনুষংগিক কাৰ্যকলাপে বহুতো দক্ষ আৰু অদক্ষ শ্ৰমিকৰ বাবে নিযুক্তিৰ সুযোগ সৃষ্টি কৰাৰ সম্ভাৱনা আছে। ইয়াৰ আৱাসিক প্ৰকৃতিৰ বাবে প্ৰতিখন নৱোদয় বিদ্যালয়ে স্থানীয় বিক্ৰেতাসকলক খাদ্য, ব্যৱহাৰযোগ্য সা-সামগ্ৰী, আচবাব, শিক্ষণ সামগ্ৰী আদিৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাৰ বাবে আৰু স্থানীয় সেৱা প্ৰদানকাৰী যেনে- নাপিত, দৰ্জী মুচি, গৃহৰক্ষণ আৰু সুৰক্ষা সেৱাৰ বাবে জনশক্তি আদিৰ নিযুক্তিৰ বাবে সুযোগ সৃষ্টি কৰিব।

 

এনভিবোৰ সম্পূৰ্ণৰূপে আৱাসিক, সহ-শৈক্ষিক বিদ্যালয় যি ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ মুখ্যতঃ গ্ৰাম্যাঞ্চলৰ পৰা তেওঁলোকৰ পৰিয়ালৰ আৰ্থ-সামাজিক অৱস্থাৰ প্ৰতি গুৰুত্ব নিদিয়াকৈ কেৱল প্ৰতিভাশালী শিশুসকলক উন্নত মানসম্পন্ন আধুনিক শিক্ষা প্ৰদান কৰে। এই বিদ্যালয়সমূহত নামভৰ্তি বাছনি পৰীক্ষাৰ আধাৰত কৰা হয়। প্ৰতি বছৰে প্ৰায় ৪৯,৬৪০ গৰাকী শিক্ষাৰ্থীক এনভিত ষষ্ঠ শ্ৰেণীত ভৰ্তি কৰা হয়।

আজিৰ তাৰিখ পৰ্যন্ত সমগ্ৰ দেশত ৬৬১খন অনুমোদিত ‘এনভি’ [অনুসূচিত জাতি/জনজাতি জনসংখ্যাৰ বৃহৎ ঘনত্ব থকা ২০ খন জিলাত দ্বিতীয় এনভি সহ] আৰু ৩ খন ‘বিশেষ এনভি’ আছে। ইয়াৰ ভিতৰত, ৬৫৩খন  ‘এনভি’ কাৰ্যক্ষম হৈ আছে।

‘ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০’ অনুসৰি প্ৰায় সকলো নৱোদয় বিদ্যালয়ক প্ৰধানমন্ত্ৰী শ্ৰী বিদ্যালয় হিচাপে মনোনীত কৰা হৈছে, ‘এনইপি ২০২০’ ৰূপায়ণ প্ৰদৰ্শন কৰা হৈছে আৰু আনৰ বাবে অনুকৰণীয় বিদ্যালয় হিচাপে কাম কৰা হৈছে। আঁচনিখন ভালদৰে প্ৰশংসিত হৈছে আৰু প্ৰতি বছৰে ‘এনভি’-ত ষষ্ঠ শ্ৰেণীত নামভৰ্তিৰ বাবে আবেদন কৰা শিক্ষাৰ্থীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। শেহতীয়া বছৰবোৰত নৱোদয় বিদ্যালয়সমূহত ছোৱালীৰ (৪২%) লগতে অনুসূচিত জাতি (২৪%), এছটি (২০%) আৰু অ'বিচি (৩৯%) শিশুৰ নামভৰ্তিৰ সংখ্যা বৃদ্ধি পাইছে, যাৰ ফলত সকলোৰে বাবে মানসম্পন্ন শিক্ষা উপলব্ধ হোৱাটো নিশ্চিত হৈছে।

‘চিবিএছই’ৰ দ্বাৰা পৰিচালিত ব'ৰ্ড পৰীক্ষাত ‘নৱোদয় বিদ্যালয়’ৰ শিক্ষাৰ্থীসকলৰ প্ৰদৰ্শন সকলো শৈক্ষিক প্ৰণালীৰ ভিতৰত ধাৰাবাহিকভাৱে সৰ্বশ্ৰেষ্ঠ হৈ আহিছে। ‘এনভি’-ৰ শিক্ষাৰ্থীসকলে নগৰীয়া ভাৰতৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিভাৰ সমতুল্য অভিযান্ত্ৰিক, চিকিৎসা বিজ্ঞান, সশস্ত্ৰ বাহিনী, অসামৰিক সেৱা আদিৰ দৰে বিভিন্ন ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰি আহিছে।

 

পৰিশিষ্ট

 

ক্ৰমিক

নং

ৰাজ্যৰ নাম

এনভি অনুমোদিত হোৱা জিলাৰ নাম

 

 

 

অৰুণাচল প্ৰদেশ

উজনী সোঁৱণশিৰি

ক্ৰড়াদি

লেপা ৰাডা

নামনি চিয়াং

লোহিত

পাকে-কেছাং

শ্বি-য়মি

চিয়াং

 

 

অসম

শোণিতপুৰ

১০

চৰাইদেও

১১

হোজাই

১২

মাজুলী

১৩

দক্ষিণ শালমাৰা মানকাচৰ

১৪

পশ্চিম কাৰ্বি আংলং

১৫

 

 

মণিপুৰ

থৌবাল

১৬

কাংপকি

১৭

নোনেই

১৮

কৰ্ণাটক

বেল্লাৰী

১৯

মহাৰাষ্ট্ৰ

থানে

২০

 

 

 

 

 

 

তেলেংগাণা

জাগিত্যাল

২১

নিজামাবাদ

২২

কোথাগুডেম ভদ্ৰাদ্ৰি

২৩

মেদচাল মলকাজগিৰি

২৪

মেহবুবনগৰ

২৫

ছাংগাৰেড্ডী

২৬

সূৰ্যপেট

২৭

 

পশ্চিম বংগ

পূৰ্ব বৰ্দ্ধমান

২৮

ঝাৰগ্ৰাম

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending

Media Coverage

Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Jharkhand meets Prime Minister
August 03, 2026