প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত  কেন্দ্ৰীয় কেবিনেটৰ বৈঠকে  আজি পুনে মেট্ৰ’ ৰে’ল প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ৪ নং লাইন (খাৰাদী–হাদাপছৰ–স্বৰ্গেট–খদকৱাছলা) আৰু লাইন ৪এ (নল ষ্টপ–ৱাৰ্জে–মাণিক বাগ)ত অনুমোদন জনোৱাৰ লগে লগে পুনেৰ ৰাজহুৱা পৰিবহণ নেটৱৰ্কত আন এক বৃহৎ উত্থানৰ সাজু হৈছে। লাইন ২এ (ভানাজ–চন্দনী চক) আৰু লাইন ২বি (ৰামৱাড়ী–ৱাঘলি/বিঠালৱাদী)ত অনুমোদনৰ পিছত এয়াই হৈছে দ্বিতীয় পৰ্যায়ৰ অধীনত অনুমোদিত দ্বিতীয়টো বৃহৎ প্ৰকল্প।

২৮টা  ষ্টেচনৰ সৈতে ৩১.৬৩৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৪ আৰু ৪এ লাইনে সমগ্ৰ পূব, দক্ষিণ আৰু পশ্চিম পুনেৰ আই টি হাব, বাণিজ্যিক অঞ্চল, শিক্ষানুষ্ঠান  আৰু আৱাসিক এলেকাসমূহক সংযোগ কৰিব। ভাৰত চৰকাৰ, মহাৰাষ্ট্ৰ চৰকাৰ  আৰু বাহ্যিক দ্বিপাক্ষিক/বহুপক্ষীয় পুঁজি সংস্থাসমূহে যৌথভাৱে  যোগান ধৰা পুঁজিৰে  চলিবলগীয়া এই প্ৰকল্পটো আনুমানিক ৯,৮৫৭.৮৫ কোটি টকা ব্যয়েৰে পাঁচ বছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব ।

এই লাইনসমূহ পুনেৰ বিস্তৃত গতিশীলতা পৰিকল্পনা (চিএমপি)ৰ এক গুৰুত্বপূৰ্ণ অংশ আৰু ই খাৰাদি বাইপাছ তথা  নল ষ্টপ (লাইন ২),স্বৰ্গেট (লাইন ১)ত কাৰ্য্যকৰী আৰু অনুমোদিত কৰিডৰৰ সৈতে  একত্ৰিত হ’ব। ইয়াৰ উপৰি হাদাপছাৰ ৰেলৱে ষ্টেচনত এটা আদান-প্ৰদানৰ ব্যৱস্থা কৰিব আৰু লনী কলভোৰ আৰু সাছৱাদ ৰোডৰ দিশৰ  ভৱিষ্যতৰ কৰিডৰৰ সৈতে সংযোগ স্থাপন কৰিব, যাৰ ফলত মেট্ৰ’, ৰে’ল, আৰু বাছ নেটৱৰ্কৰ মাজেৰে মসৃণ সংযোগ নিশ্চিত হ’ব।

খাৰাদি আই টি পাৰ্কৰ পৰা খদকৱাছলাৰ পৰ্যটন বেল্টলৈকে, হাদাপছৰৰ ঔদ্যোগিক কেন্দ্ৰৰ পৰা ৱাৰ্জেৰ আৱাসিক এলেকালৈকে, লাইন ৪ আৰু ৪এ-এ বিভিন্ন চুবুৰীসমূহক একেলগে সংযোগ কৰিব । চোলাপুৰ ৰোড, মাগপট্টা ৰোড, সিংহাগড ৰোড, কাৰ্ভে ৰোড আৰু মুম্বাই–বাংগালুৰু ঘাইপথ অতিক্ৰম কৰি এই প্ৰকল্পই পুনেৰ ব্যস্ত পথসমূহত যানজঁট লাঘৱ কৰাৰ লগতে সুৰক্ষা উন্নত কৰিব আৰু সেউজ, বহনক্ষম গতিশীলতাক প্ৰসাৰিত কৰিব।

প্ৰক্ষেপণ অনুসৰি, ২০২৮ চনত ৪ আৰু ৪এ লাইনত দৈনিক ৰাইডাৰশ্বিপ ৪.০৯ লাখ হ’ব বুলি আশা কৰা হৈছে।

২০৩৮ চনত প্ৰায় ৭ লাখ, ২০৪৮ চনত ৯.৬৩ লাখ আৰু ২০৫৮ চনত ১১.৭ লাখৰ ওপৰত বৃদ্ধি পাব।ইয়াৰে খাৰাদি–খদকৱাছলা কৰিড’ৰত ২০২৮ চনত ৩.২৩ লাখ যাত্ৰী যাত্ৰী থাকিব।২০৫৮ চনৰ ভিতৰত ৯.৩৩ লাখলৈ বৃদ্ধি পাব, আনহাতে নল ষ্টপ–ৱাৰ্জে–মাণিক বাগ স্পাৰ লাইনত একে সময়ছোৱাত যাত্ৰীৰ সংখ্যা  ৮৫,৫৫৫ৰ পৰা ২.৪১ লাখলৈ বৃদ্ধি পাব।

এই প্ৰক্ষেপণসমূহে অনাগত দশকসমূহত লাইন ৪ আৰু ৪এত আশা কৰা ধৰণৰ ৰাইডাৰশ্বিপৰ যথেষ্ট বৃদ্ধিৰ বিষয়ত

আলোকপাত কৰিছে।

এই প্ৰকল্পটো মহাৰাষ্ট্ৰ মেট্ৰ’ ৰে’ল কৰ্প’ৰেশ্যন লিমিটেডে (মহা-মেট্ৰ’) ৰূপায়ণ কৰিব, যিয়ে সকলো অসামৰিক, বৈদ্যুতিক, যান্ত্ৰিক, আৰু ব্যৱস্থাৰ কাম সম্পন্ন কৰিব। ইতিমধ্যে নিৰ্মাণৰ পূৰ্বৰ কাম যেনে ভূ-প্ৰকৃতি জৰীপ আৰু বিশদ আৰ্হিৰ আলোচনা আদি চলি আছে।

এই শেহতীয়া অনুমোদনৰ জৰিয়তে পুনে মেট্ৰ’ৰ নেটৱৰ্ক ১০০ কিলোমিটাৰৰ বাহিৰলৈও সম্প্ৰসাৰিত হ’ব, যিটো আধুনিক, সংহত, আৰু বহনক্ষম নগৰীয়া ট্ৰেনজিট ব্যৱস্থাৰ দিশত চহৰখনৰ যাত্ৰাৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাবে পৰিগণিত হ'ব ।

লাইন ৪ আৰু ৪এৰ জৰিয়তে পুনেই কেৱল অধিক মেট্ৰ’ ট্ৰেক পোৱাই নহয়, ই দ্ৰুত, সেউজীয়া আৰু অধিক সংযুক্ত ভৱিষ্যত লাভ কৰিব। এই কৰিডৰসমূহ এনেদৰে ডিজাইন কৰা হৈছে যাতে ঘণ্টাৰ পিছত ঘণ্টা অহা-যোৱা কৰাৰ সময় ৰাহি কৰিব পাৰি , যান-জঁটৰ বিশৃংখলতা হ্ৰাস কৰিব পৰা যাব, নাগৰিকসকলক এক নিৰাপদ, নিৰ্ভৰযোগ্য আৰু সুলভ যাত্ৰাৰ  বিকল্প প্ৰদান কৰিব পৰা যাব । আগন্তুক বছৰবোৰত এই ট্ৰেকসমূহে  পুনেৰ প্ৰকৃত জীৱনৰেখা হিচাপে আত্মপ্ৰকাশ কৰিব, নগৰীয়া গতিশীলতাক পুনৰ গঢ় দিব আৰু চহৰৰ বৃদ্ধিৰ কাহিনীক পুনৰ সংজ্ঞায়িত কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'More strict actions to come against paper leaks': PM Modi announces new Bill push in video message

Media Coverage

'More strict actions to come against paper leaks': PM Modi announces new Bill push in video message
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlights the importance of fostering beneficial thoughts, words, and actions
July 24, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting how continuous practice in thought, word, and action shapes one's character and direction in life.

The Prime Minister wrote on X;

"कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते।

तदेवापहरत्येनं तस्मात् कल्याणमाचरेत्॥"

Whatever a person continuously practices through their actions, thoughts, and words ultimately shapes their personality and draws them in that very direction; therefore, one should always give space only to beneficial subjects in one's thoughts and conversations.