প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে জনজাতীয়-অধ্যুষিত গাঁও আৰু আকাংক্ষী জিলাসমূহৰ জনজাতীয় পৰিয়ালৰ বাবে চেচুৰেচন ক’ভাৰেজ অভিযোজনাৰে জনজাতীয়া সমাজখনৰ আৰ্থ-সামাজিক অৱস্থাৰ অগ্ৰগতি সাধনৰ অৰ্থে মুঠ ৭৯,১৫৬ কোটি টকা (কেন্দ্ৰীয় অংশঃ ৫৬,৩৩৩ কোটি টকা আৰু ৰাজ্যিক অংশঃ ২২,৮২৩ কোটি টকা) ব্যয় সাপেক্ষে প্ৰধানমন্ত্ৰী জনজাতীয় উন্নত গ্ৰাম অভিযানত অনুমোদন জনায়।

ইয়াৰদ্বাৰা ২০২৪-২৫ৰ বাজেট ভাষণৰ ঘোষণা অনুসৰি ৫ কোটিৰো অধিক জনজাতীয় লোকক উপকৃতকৰণেৰে প্ৰায় ৬৩,০০০ গাঁৱক সামৰি লোৱা হ’ব। এই অভিযানে ৩০ খন ৰাজ্য / কেন্দ্ৰীয় শাসিত অঞ্চলৰ সকলো জনজাতীয় অধ্যুষিত গাঁও তথা ৫৪৯ খন জিলা আৰু ২,৭৪০ টা ব্লকক সামৰি ল’ব।

২০১১ৰ লোকপিয়ল অনুসৰি, ভাৰতৰ এছটি (অনুসূচিত জনজাতি) জনসংখ্যা ১০.৪৫ কোটি আৰু দেশজুৰি ৭০৫ ৰো অধিক জনজাতীয় সমাজ আছে। তেওঁলোকে প্ৰত্যন্ত আৰু দুৰ্গম অঞ্চলসমূহত বসবাস কৰে। প্ৰধানমন্ত্ৰী জনজাতীয় উন্নত গ্ৰাম অভিযানে ভাৰত চৰকাৰৰ ভিন্ন আঁচনিৰ জৰিয়তে সামাজিক আন্তঃগাঁথনিস্বাস্থ্যশিক্ষাজীৱিকাৰ দৰে গুৰুত্বপূৰ্ণ ব্যৱধানসমূহ চেচুৰেচনৰ পৰিকল্পনা কৰিছে। ইয়াৰ জৰিয়তে PMJANMAN (প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহা অভিযান)ৰ শিক্ষণ আৰু সফলতাৰ ভিত্তিত জনজাতীয় অঞ্চল আৰু সমাজসমূহৰ সামগ্ৰিক আৰু বহনক্ষম উন্নয়ন নিশ্চিত হ’ব।

এই অভিযানত ২৫ টা মধ্যৱৰ্তিতা গ্ৰহণ কৰা হ’ব আৰু ১৭-টা সংশ্লিষ্ট মন্ত্ৰালয়ে এইসমূহ কাৰ্য্যকৰী কৰিব। প্ৰতিটো মন্ত্ৰালয়/বিভাগে নিম্নোক্ত লক্ষ্যসমূহত উপনীত হ’বলৈ অহা ৫ বছৰত অনুসূচিত জনজাতিৰ বাবে উন্নয়ন কাৰ্য্য পৰিকল্পনা (DAPST)ৰ অধীনত আবন্টিত ধনৰ জৰিয়তে সময় নিৰ্ধাৰিতভাৱে ইয়াৰে জড়িত আঁচনি ৰূপায়ণ কৰিবঃ

লক্ষ্য-সুচল আন্তঃগাঁথনিৰ বিকাশ সাধনঃ

(i) যোগ্য গৃহস্থীলৈ পকী ঘৰঃ যোগ্য এছটি পৰিয়ালে টেপৰ পানী (জল জীৱন অভিযান) আৰু বিদ্যুৎ যোগান (RDSS)ৰ উপলব্ধতাৰে পিএমএৱাই (গ্ৰামীণ)ৰ অধীনত পকী ঘৰৰ সুবিধা লাভ কৰিব। যোগ্য এছটি পৰিয়ালে আয়ুষ্মান ভাৰত কাৰ্ডো (PMJAY) লাভ কৰিব।

(ii) গাঁৱৰ আন্তঃগাঁথনিৰ অগ্ৰগতি সাধনঃ অনুসূচিত জনজাতি অধ্যুষিত গাঁওসমূহ (পিএমজিএছৱাই)লৈ সকলো বতৰতে উপযোগী পথ যোগাযোগ নিশ্চিতকৰণ, ম’বাইল সংযোগ (ভাৰত নেট) আৰু ইন্টাৰনেটৰ সুবিধা প্ৰদান কৰা, স্বাস্থ্য, পুষ্টি আৰু শিক্ষাৰ অগ্ৰগতি সাধনৰ বাবে আন্তঃগাঁথনি (এনএইচএম, সমগ্ৰ শিক্ষা আৰু পোষণ)।

লক্ষ্য-অৰ্থনৈতিক সবলীকৰণক প্ৰোৎসাহনঃ

(iii) দক্ষতা বিকাশ উদ্যমিতাক প্ৰোৎসাহন আৰু বৰ্ধিত জীৱিকা(স্ব-নিয়োগ)ৰ বৰ্ধন - প্ৰশিক্ষণৰ সুবিধা প্ৰদান কৰা (দক্ষ ভাৰত অভিযান/জেএছএছ) আৰু প্ৰতি বছৰে এছটি ছাত্ৰ/ছাত্ৰীয়ে দশম/দ্বাদশ মানৰ পিছত দীৰ্ঘম্যাদী দক্ষতা পাঠ্যক্ৰমৰ সুবিধা লাভ। ইয়াৰ উপৰিও, জনজাতীয় বহুমুখী বিপণন কেন্দ্ৰ (TMMC), টুৰিষ্ট হ’ম ষ্টে আৰু কৃষি, পশুপালন আৰু মীনপালনৰ জৰিয়তে সহায়।

লক্ষ্য-উন্নত শিক্ষাৰ সুবিধাৰ সাৰ্বজনীনকৰণঃ

(iv) শিক্ষা - বিদ্যালয় আৰু উচ্চ শিক্ষাত জিইআৰ ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ বৃদ্ধি কৰা আৰু জিলা/ব্লক পৰ্য্যায়ত বিদ্যালয়ত জনজাতীয় হোষ্টেল স্থাপনেৰে গুণগত শিক্ষা সুলভ আৰু সুগম কৰি তোলা (সমগ্ৰ শিক্ষা অভিযান)।

লক্ষ্য-৪: সুস্থ জীৱন আৰু মৰ্য্যাদাৰ বৰ্ধনঃ

(v) স্বাস্থ্য – অনুসূচিত জনজাতিৰ গৃহস্থীসমূহলৈ গুণগত স্বাস্থ্য সুবিধাসমূহৰ বৰ্ধিত সুবিধা নিশ্চিত কৰা, আইএমআৰ, এমএমআৰ আৰু ভ্ৰাম্যমাণ চিকিৎসা ইউনিটৰ জৰিয়তে প্ৰতিষেধক প্ৰদানেৰে ক’ভাৰেজৰ ৰাষ্ট্ৰীয় মানদণ্ডত উপনীত হোৱা। যিসমূহ অঞ্চলত উপ-কেন্দ্ৰ সমতল অঞ্চলত ১০ কিলোমিটাৰৰো অধিক আৰু পাহাৰীয়া অঞ্চলত ৫ কিলোমিটাৰ দূৰত্বত (ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান) আছে, সেই অঞ্চলসমূহত উল্লেখিত ব্যৱস্থা ৰূপায়ণ কৰা হ’ব।

 

এই অভিযানৰ অধীনত সামৰি লোৱা জনজাতীয় গাঁওসমূহৰ মানচিত্ৰ পিএম গতি শক্তি পৰ্টেলত সংশ্লিষ্ট বিভাগে নিজৰ আঁচনি নিৰ্দিষ্ট প্ৰয়োজনীয়তাৰ বাবে চিনাক্ত কৰা ব্যৱধানসমূহৰ সৈতে নিৰ্ধাৰণ কৰা হ’ব। ইয়াৰ ‘ফিজিকেল’ আৰু আৰ্থিক অগ্ৰগতি পিএম গতি শক্তি প্লেটফৰ্মৰ জৰিয়তেই নিৰীক্ষণ কৰা হ’ব আৰু শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী জিলাক বঁটা প্ৰদান কৰা হ’ব।

১৭ টা মন্ত্ৰালয়ৰ ক্ষেত্ৰত এই অভিযানৰ লক্ষ্যসমূহ তলত উল্লেখ কৰা হৈছেঃ

ক্ৰমিক নং

মন্ত্ৰালয়

মধ্যৱৰ্তিতা/(আঁচনি)

হিতাধিকাৰীমধ্যৱৰ্তিতাৰ পৰিসংখ্যা

 

গ্ৰামোন্নয়ন মন্ত্ৰালয় (MoRD)

পকী ঘৰ- (PMAY)- গ্ৰামীণ

২০ লাখ ঘৰ

 

 

সংযোগী পথ – (PMGSY)

২৫০০০ কিমি পথ

 

জল শক্তি মন্ত্ৰালয়

পানী যোগান-জল জীৱন অভিযান (JJM)

(i). প্ৰতিখন যোগ্য গাঁও

(ii). ৫,০০০ হেমলেট ≤ ২০এইচএইচ

 

শক্তি মন্ত্ৰালয়

গৃহ বৈদ্যুতীকৰণ- [পুনৰ প্ৰস্তুত বিতৰণ খণ্ড আঁচনি (RDSS)]

বিদ্যুৎ লাভ নকৰা প্ৰতিঘৰ গৃহস্থী আৰু ৰাজহুৱা প্ৰতিষ্ঠান

(~ ২.৩৫ লাখ)

 

নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়

অফ-গ্ৰিড ছ’লাৰ। নতুন সৌৰ বিদ্যুৎ আঁচনি

(i). গ্ৰিডৰ জৰিয়তে সংযোগ লাভ নকৰা বিদ্যুৎ লাভ নকৰা প্ৰতিঘৰ গৃহস্থী আৰু ৰাজহুৱা প্ৰতিষ্ঠান

 

 

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ম’বাইল মেডিকেল ইউনিট- ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান

১০০০ এমএমইউ পৰ্য্যন্ত

 

আয়ুষ্মান কাৰ্ড – প্ৰধান মন্ত্ৰী জন আৰোগ্য যোজনা (PMJAY)-এনএইচএ

এই অভিযানে সামৰি লোৱা প্ৰতিঘৰ যোগ্য গৃহস্থী

 

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়

এলপিজি সংযোগ-(পিএম উজ্জ্বলা যোজনা)

২৫ লাখ গৃহস্থী

(মূল আঁচনিৰ অধীনত লক্ষ্যৰ অনুমতি আৰু আঁচনিখনৰ ধাৰাবাহিকতা সাপেক্ষে)

 

মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়

অংগনৱাড়ী কেন্দ্ৰ স্থাপন- পোষণ অভিযান

৮০০০ (২০০০ নতুন সক্ষম এডব্লিউচি আৰু ৬০০০ক সক্ষম এডব্লিউচিলৈ উন্নীতকৰণ)

 

শিক্ষা মন্ত্ৰালয়

হোষ্টেল নিৰ্মাণ-সমগ্ৰ শিক্ষা অভিযান (SSA)

১০০০ হোষ্টেল

 

আয়ুষ মন্ত্ৰালয়

পোষণ বাটিকা- ৰাষ্ট্ৰীয় আয়ুষ অভিযান

৭০০ পোষণ বাটিকা

 

১০

টেলিকম বিভাগ

সাৰ্বজনীন সেৱা দায়িত্ব নিধি/ভাৰত নেট (DoT-MoC)

৫০০০ গাঁও

 

 

 

১১

 

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়

দক্ষ ভাৰত অভিযান (বৰ্তমানৰ আঁচনি)/প্ৰস্তাৱিত

জনজাতীয় জিলাত দক্ষতা কেন্দ্ৰ

 

১০০০ ভিডিভিকে, জনজাতীয় গোট আদি

 

১২

ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়

ডিজিটেল পদক্ষেপ

প্ৰযোজ্যতা সাপেক্ষে

 

১৩

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়

বহনক্ষম কৃষি - DoAFW ৰ একাধিক আঁচনিক প্ৰোৎসাহন

এফআৰএ পট্টা ধাৰী

(~২ লাখ হিতাধিকাৰী)

 

১৪

 

মীন বিভাগ

 

ফিছ কালচাৰ সমৰ্থন-প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা (PMMSY)

১০,০০০ সমাজ আৰু ১,০০,০০০ হিতাধিকাৰী

 

পশুপালন আৰু দুগ্ধ বিভাগ

পশুধন পালন- ৰাষ্ট্ৰীয় পশুধন অভিযান

৮৫০০ ব্যক্তি / গোট হিতাধিকাৰী

 

১৫

পঞ্চায়তীৰাজ মন্ত্ৰালয়

সামৰ্থ্য বিকাশ-ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজ অভিযান (RGSA)

এফআৰএৰে মোকাবিলা কৰা মহকুমা, জিলা আৰু ৰাজ্যিক পৰ্য্যায়ৰ সংশ্লিষ্ট বিষয়া আৰু সকলো গাঁও সভা

 

১৬

পৰ্যটন মন্ত্ৰালয়

ট্ৰাইবেল হ’ম ষ্টে-স্বদেশ দৰ্শন

১০০০ ট্ৰাইবেল হ’ম ষ্টে। ইয়ালৈ প্ৰতি ইউনিটত (নতুন নিৰ্মাণৰ বাবে) ৫ লাখ টকা পৰ্য্যন্ত, নৱীকৰণৰ বাবে ৩ লাখ টকা পৰ্য্যন্ত আৰু গাঁও সমাজ প্ৰয়োজনীয়তাৰ বাবে ৫ লাখ টকাকৈ আগবঢ়োৱা হ’ব।

 

১৭

জনজাতি পৰিক্ৰমা মন্ত্ৰালয়

প্ৰধানমন্ত্ৰী আদি আদৰ্শ গ্ৰাম যোজনা (PMAAGY)

জনজাতীয় উন্নয়নৰ ক্ষেত্ৰত এছচিএৰ সুযোগৰ বৰ্ধন/আন-আন মধ্যৱৰ্তিতাক অন্তৰ্ভুক্তকৰণেৰে পিএমএএজিৱাই #

 

#১০০ জনজাতীয় বহু-মুখী বিপণন কেন্দ্ৰআশ্ৰম বিদ্যালয়হোষ্টেলচৰকাৰী/ৰাজ্যিক জনজাতীয় আৱাসিক বিদ্যালয়ৰ আন্তঃগাঁথনিৰ অগ্ৰগতি সাধনছিকেল চেল ৰোগৰ (SCD) বাবে চেন্টাৰ অৱ কম্পিটেন্স আৰু পৰামৰ্শদাতা সমৰ্থনএফআৰএ আৰু চিএফআৰ ব্যৱস্থাপনা হস্তক্ষেপৰ বাবে সহায়এফআৰএ চেল স্থাপন আৰু শীৰ্ষ প্ৰদৰ্শনকাৰী জনজাতীয় জিলাসমূহৰ বাবে ইনচেন্টিভৰ সৈতে প্ৰকল্প পৰিচালনাৰ পুঁজি

জনজাতীয় অঞ্চলৰ নিৰ্দিষ্ট প্ৰয়োজনীয়তাৰাজিৰ ওপৰত ভিত্তি কৰি তথা ৰাজ্য আৰু আন-আন অংশীদাৰসকলৰ সৈতে আলোচনাৰ অন্তত এই অভিযানে জনজাতীয় আৰু বনবাসী সমাজৰ মাজত জীৱিকাৰ প্ৰোৎসাহন আৰু আয় সৃষ্টিৰ বাবে কেতবোৰ উদ্ভাৱনীমূলক আঁচনিৰ পৰিকল্পনা কৰিছে।

ট্ৰাইবেল হম ষ্টেঃ জনজাতীয় অঞ্চলত পৰ্যটনৰ সম্ভাৱনাক অন্বেষণ কৰিবলৈ আৰু জনজাতীয় সমাজক বিকল্প জীৱিকা প্ৰদানৰ বাবে পৰ্যটন মন্ত্ৰালয়ৰ জৰিয়তে স্বদেশ দৰ্শনৰ অধীনত ১০০০ হম ষ্টেক প্ৰোৎসাহিত কৰা হব। যিসমূহ গাঁৱত পৰ্যটনৰ সম্ভাৱনা আছেসেইসমূহ গাঁৱত জনজাতীয় পৰিয়াল আৰু এখন গাঁৱত ৫-১০ টা হমষ্টে স্থাপনৰ বাবে ধন আগবঢ়োৱা হব। প্ৰতিঘৰ গৃহস্থীয়ে দুটা নতুন কোঠা নিৰ্মাণৰ বাবে ৫.০০ লাখ টকা আৰু বৰ্তমানৰ কোঠাৰ সংস্কাৰ সাধনৰ বাবে ৩.০০ লাখ টকা পৰ্য্যন্ত আৰু গাঁও সমাজৰ প্ৰয়োজনীয়তাৰ বাবে ৫ লাখ টকা লাভ কৰিব।

বহনক্ষম জীৱিকা বন অধিকাৰধাৰী (FRA): বনাঞ্চলত বসবাস কৰা ২২ লাখ এফআৰএ পট্টাধাৰীৰ ওপৰত এই অভিযানে বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰালয়কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয় (MoAFW)পশুপালন বিভাগমীন বিভাগ আৰু পঞ্চায়তীৰাজ মন্ত্ৰালয়ে সমন্বিতভাৱে ভিন্ন আঁচনিৰ সুবিধাসমূহ আগবঢ়োৱা হব। এনে মধ্যৱৰ্তিতাৰ জৰিয়তে বন অধিকাৰ স্বীকৃতি আৰু সুৰক্ষিতকৰণৰ প্ৰক্ৰিয়া ক্ষীপ্ৰকৰণজনজাতীয় সমাজসমূহক বনাঞ্চলৰ ৰক্ষণাবেক্ষণ আৰু সংৰক্ষণৰ বাবে সক্ষম কৰি তোলা আৰু লগতে চৰকাৰী আঁচনিৰ সহায়ৰ জৰিয়তে তেওঁলোকলৈ বহনক্ষম জীৱিকাৰ ব্যৱস্থা কৰা আদি লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এফআৰএৰ বাকী থকা দাবীসমূহ ক্ষীপ্ৰতাৰে পূৰণ কৰা আৰু ব্লকজিলা আৰু ৰাজ্যিক পৰ্য্যায়ৰ সকলো অংশীদাৰ আৰু বিষয়াক জনজাতি পৰিক্ৰমা মন্ত্ৰালয় আৰু পঞ্চায়তীৰাজ মন্ত্ৰালয়ে প্ৰশিক্ষণ প্ৰদানৰ ক্ষেত্ৰতো এই অভিযানে অনুঘটক হিচাপে কাম কৰিব।

চৰকাৰী আৱাসিক বিদ্যালয় আৰু হোষ্টেলৰ আন্তঃগাঁথনিৰ বৰ্ধনঃ জনজাতীয় আৱাসিক বিদ্যালয় আৰু হোষ্টেলসমূহে দুৰ্গম জনজাতীয় অঞ্চলসমূহক লক্ষ্য কৰি স্থানীয় শৈক্ষিক সম্পদ বিকাশ আৰু নামভৰ্তিক প্ৰোৎসাহনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই অভিযানৰ লক্ষ্য হৈছে পিএম-শ্ৰী বিদ্যালয়ৰে সংগতি ৰাখি আশ্ৰম বিদ্যালয়/হোষ্টেল/জনজাতীয় বিদ্যালয়/চৰকাৰী আৱাসিক বিদ্যালয়ৰ আন্তঃগাঁথনিৰ অগ্ৰগতি সাধন কৰা।

ছিকেল চেল ৰোগ নিৰ্ণয়ৰ বাবে উন্নত সুবিধাঃ প্ৰসৱৰ পূৰ্বে নিদানত বিশেষ গুৰুত্ব আৰোপেৰে সুলভ আৰু সুগম নিদান আৰু এছচিডি ব্যৱস্থাপনাৰ সুবিধা প্ৰদান তথা ভৱিষ্যতে এছচিডি হৈ জন্মলাভ কৰা ৰোধেৰে ৰোগটোৰ প্ৰাদুৰ্ভাৱ হ্ৰাসৰ লক্ষ্যৰে চেন্টাৰ অৱ কম্পিটেন্স (CoC) হব। ছিকেল ৰোগ প্ৰচলিত আৰু এই পন্থাসমূহ চলোৱাৰ বিশেষজ্ঞতা উপলব্ধ হোৱা ৰাজ্যসমূহৰ এইমছ আৰু আগশাৰীৰ প্ৰতিষ্ঠানসমূহত এনে কেন্দ্ৰ স্থাপন কৰা হৈছে। স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি, এইসমূহ প্ৰসৱৰ পূৰ্বে নিদানৰ বাবে সুবিধাপ্ৰযুক্তিকৰ্মী আৰু গৱেষণা ক্ষমতাৰে সজ্জিত হব লাগিব। ইয়াৰ অৰ্থে প্ৰতিটো এনে কেন্দ্ৰত ৬ কোটি টকাকৈ ব্যয় কৰা হব।

জনজাতীয় বহুমুখী বিপণন কেন্দ্ৰঃ জনজাতীয় সামগ্ৰীৰ ফলপ্ৰসূ বিপণনৰ বাবে আৰু বিপণন আন্তঃগাঁথনিসজাগতাব্ৰেণ্ডিংপেকেজিং আৰু পৰিবহণৰ সুবিধাৰ অগ্ৰগতি সাধনৰ অৰ্থে জনজাতীয় উৎপাদকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰিবলৈ আৰু উপভোক্তাসকলক সুবিধা প্ৰদান কৰিবলৈ ১০০ টা টিএমএমচি স্থাপন কৰা হব। তদুপৰি, এনে টিএমএমচিসমূহক একত্ৰীকৰণ আৰু মূল্য সংযোজনৰ মঞ্চ হিচাপে ডিজাইন কৰা হব।

২০২৩ৰ ১৫ নৱেম্বৰ অৰ্থাৎ জনজাতীয় গৌৰৱ দিৱসত মাননীয় প্ৰধানমন্ত্ৰীয়ে পিভিটিজি জনসাধাৰণৰ ওপৰত গুৰুত্ব আৰোপেৰে ২৪১০৪ কোটি টকাৰ বাজেট সাপেক্ষে শুভাৰম্ভ কৰা প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহা অভিযান (PM-JANMAN)ৰ শিক্ষণ আৰু সফলতাৰ ভিত্তিত এই অভিযানৰ পৰিকল্পনা কৰা হৈছে।

প্ৰধানমন্ত্ৰী জনজাতীয় উন্নত গ্ৰাম অভিযান হৈছে সহযোগিতামূলক ফেডাৰেলিজমৰ এক অনন্য উদাহৰণ। তদুপৰি এই অভিযান হৈছে জনসাধাৰণৰ কল্যাণ সাধনৰ বাবে এক-কেন্দ্রাভিমুখতা আৰু প্ৰসাৰৰ জৰিয়তে চেচুৰেচনৰ এক সমগ্ৰ চৰকাৰ পন্থা।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Pharma exports to UK may rise up to 10% in FY27 as CETA takes effect

Media Coverage

Pharma exports to UK may rise up to 10% in FY27 as CETA takes effect
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister speaks with the Amir of Qatar
July 16, 2026
PM conveys heartfelt condolences on the passing of the Father Amir of Qatar
PM recalls the Father Amir’s visionary leadership and his contribution to strengthening India-Qatar relations
The two leaders reaffirm their resolve to carry forward the Father Amir’s legacy

Prime Minister Shri Narendra Modi had a telephone conversation today with the Amir of the State of Qatar, H.H. Sheikh Tamim bin Hamad Al Thani.

Prime Minister conveyed his heartfelt condolences on the passing of H.H. Sheikh Hamad bin Khalifa Al Thani, the Father Amir of Qatar.

Recalling the Father Amir’s significant contributions as the chief architect of modern Qatar, Prime Minister paid tribute to his visionary leadership, and recalled his pivotal role in strengthening India-Qatar relations over the years as well as his deep affection for India and the Indian community in Qatar.

The Amir of Qatar thanked Prime Minister for his call and conveyed his appreciation for the words of support in this difficult hour.

The two leaders reaffirmed their resolve to carry forward the Father Amir’s legacy and further strengthen the India-Qatar Strategic Partnership and people-to-people ties.

They agreed to remain in close touch.