এই আঁচনিখনত এতিয়া ই-ভাউচাৰ অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ফলত ইভি ক্ৰয়ৰ প্ৰক্ৰিয়াটো পূৰ্বতকৈ সহজ হৈ পৰিছে
এই আঁচনিখনে বৈদ্যুতিক এম্বুলেন্সৰ পথ প্ৰশস্ত কৰে, যিটো স্বাস্থ্যসেৱা খণ্ডত ইভিসমূহক একত্ৰিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ
সেউজ স্বাস্থ্যসেৱাৰ সমাধানৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ
পুৰণি ট্ৰাক বাতিল কৰাৰ পিছত ই-ট্ৰাক কিনিবলৈ অতিৰিক্ত উদ্গনি
এই আঁচনিৰ উদ্দেশ্য হৈছে পৰীক্ষণ সংস্থাসমূহৰ উন্নয়নৰ বাবে ৭৮০ কোটি টকাৰ নিবেদিত পুঁজিৰে যান-বাহন পৰীক্ষণ আন্তঃগাঁথনি উন্নত কৰা
ভাৰতত বৈদ্যুতিক যান-বাহনৰ পৰিবহণে উত্থান লাভ কৰিব

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে দেশত বৈদ্যুতিক যান-বাহনক উদ্গনি দিয়াৰ উদ্দেশ্যে ‘পিএম ইলেক্ট্ৰিক ড্ৰাইভ ৰিভল্যুচন ইন ইনোভেটিভ ভেহিকেল এনহান্সমেণ্ট (পিএম ই-ড্ৰাইভ) আঁচনি’ ৰূপায়ণৰ বাবে গধুৰ উদ্যোগ মন্ত্ৰালয়ৰ (এমএইচআই)ৰ প্ৰস্তাৱত অনুমোদন জনাইছে।

এই আঁচনিৰ বাবে দুবছৰৰ ভিতৰত ১০,৯০০ কোটি টকা ব্যয় নিৰ্ধাৰণ কৰা হৈছে।

আঁচনিখনৰ প্ৰধান উপাদানসমূহ হ’ল:

ই-২ডব্লিউ, ই-৩ডব্লিউ, ই-এম্বুলেন্স, ই-ট্ৰাক আৰু অন্যান্য উদীয়মান ইভিক প্ৰচাৰৰ বাবে ৩,৬৭৯ কোটি টকাৰ ৰাজসাহায্য/চাহিদা উদ্গনি প্ৰদান কৰা হৈছে। এই আঁচনিৰ জৰিয়তে ২৪.৭৯ লাখ ই-২ডব্লিউ, ৩.১৬ লাখ ই-৩ডব্লিউ আৰু ১৪,০২৮খন ই-বাছক সহযোগিতা আগবঢ়োৱা হ’ব।

ইভি ক্ৰেতাসকলে এমএইচআই আঁচনিৰ অধীনত চাহিদা উদ্গনি লাভ কৰিবলৈ ই-ভাউচাৰ প্ৰদান কৰা হৈছে। ইভি ক্ৰয় কৰাৰ সময়ত আঁচনিৰ পৰ্টেলত ক্ৰেতাক আধাৰ প্ৰমাণিত ই-ভাউচাৰ প্ৰদান কৰা হ’ব। ই-ভাউচাৰ ডাউনলোড কৰিবলৈ এটা লিংক ক্ৰেতাৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰলৈ প্ৰেৰণ কৰা হ’ব।

এই ই-ভাউচাৰত ক্ৰেতাই স্বাক্ষৰ কৰি ডিলাৰক উপস্থাপন কৰি আঁচনিৰ অধীনত চাহিদাৰ উদ্গনি লাভ কৰিব। ইয়াৰ পিছত ই-ভাউচাৰতো ডিলাৰৰ স্বাক্ষৰ কৰি পিএম ই-ড্ৰাইভ পৰ্টেলত আপলোড কৰা হ’ব। স্বাক্ষৰ থকা ই-ভাউচাৰ এছএমএছৰ জৰিয়তে ক্ৰেতা আৰু ডিলাৰলৈ প্ৰেৰণ কৰা হ’ব। আঁচনিৰ অধীনত চাহিদা উদ্গনিৰ পৰিশোধ দাবী কৰাৰ উদ্দেশ্যে অ’ইএমৰ বাবে স্বাক্ষৰিত ই-ভাউচাৰৰ প্ৰয়োজন হ’ব।

এই আঁচনিখনত ই-এম্বুলেন্সৰ প্ৰচাৰৰ বাবে ৫০০ কোটি টকা আবণ্টন দিয়া হৈছে। ভাৰত চৰকাৰৰ এয়া এক নতুন পদক্ষেপ, যাৰ অধীনত ৰোগীৰ আৰামদায়ক পৰিবহণৰ বাবে ই-এম্বুলেন্সৰ ব্যৱহাৰক প্ৰসাৰিত কৰা হ’ব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয় আৰু অন্যান্য সংশ্লিষ্ট অংশীদাৰসকলৰ সৈতে আলোচনা কৰি ই-এম্বুলেন্সৰ কাম-কাজ আৰু সুৰক্ষাৰ মানদণ্ড প্ৰস্তুত কৰা হ’ব।

ৰাজ্যিক পৰিবহণ নিগম (এছটিইউ)/ৰাজহুৱা পৰিবহণ সংস্থাসমূহে ১৪,০২৮খন ই-বাছ ক্ৰয়ৰ বাবে ৪,৩৯১ কোটি টকাৰ ধনৰ ব্যৱস্থা কৰিছে। ৪০ লাখতকৈ অধিক জনসংখ্যা থকা ৯খন চহৰ অৰ্থাৎ দিল্লী, মুম্বাই, কলকাতা, চেন্নাই, আহমেদাবাদ, চুৰাট, বাংগালুৰু, পুনে আৰু হায়দৰাবাদত চাহিদা একত্ৰীকৰণৰ কাম চিইএছএলে কৰিব। আন্তঃনগৰ আৰু আন্তঃৰাজ্যিক ই-বাছকো ৰাজ্যসমূহৰ সৈতে আলোচনা কৰি সহায় কৰা হ’ব।

চহৰ/ৰাজ্যলৈ বাছ আবণ্টন দিয়াৰ সময়ত প্ৰথমে সেই চহৰ/ৰাজ্যৰ বাছক অগ্ৰাধিকাৰ দিয়া হ’ব যিবোৰ MORTH Vehicle Scrapping Schemeৰ নিৰ্দেশনা অনুসৰণ কৰি অনুমোদিত স্ক্ৰেপিং চেণ্টাৰ (RVSF)ৰ জৰিয়তে পুৰণি STU বাছ স্ক্ৰেপ কৰাৰ পিছত ক্ৰয় কৰা হৈছে।

বায়ু প্ৰদূষণত ট্ৰাকে সৰ্বাধিক অৰিহণা যোগায়। এই আঁচনিখনে দেশত ই-ট্ৰাকৰ ধাৰাক প্ৰসাৰিত কৰিব। ই-ট্ৰাকক উৎসাহিত কৰিবলৈ ৫০০ কোটি টকা আবণ্টন দিয়া হৈছে। ইয়াৰ অধীনত MORTH অনুমোদিত বাহন স্ক্ৰেপিং চেণ্টাৰ (RVSF)ৰ পৰা স্ক্ৰেপিং চাৰ্টিফিকেট থকাসকলক উদ্গনি প্ৰদান কৰা হ’ব।

এই আঁচনিখনে বৃহৎ পৰিসৰত ইলেক্ট্ৰিক ভেহিকেল পাব্লিক চাৰ্জিং ষ্টেচন (ইভিপিচিএছ) স্থাপনৰ প্ৰচাৰ কৰি ইভি ক্ৰেতাসকলৰ উদ্বেগক সমাধান কৰে। এই ইভিপিচিএছসমূহ বৃহৎ ইভি প্ৰৱেশ থকা নিৰ্বাচিত চহৰসমূহত আৰু নিৰ্বাচিত ঘাইপথত স্থাপন কৰা হ’ব। এই আঁচনিৰ জৰিয়তে ই-৪ ডব্লিউৰ বাবে ২২,১০০ ফাষ্ট চাৰ্জাৰ, ই-বাছৰ বাবে ১৮০০ ফাষ্ট চাৰ্জাৰ আৰু ই-২ ডব্লিউ/৩ ডব্লিউৰ বাবে ৪৮,৪০০ ফাষ্ট চাৰ্জাৰ স্থাপনৰ প্ৰস্তাৱ দিয়া হৈছে। ইভি পিচিএছৰ বাবে ব্যয় হ’ব ২০০০ কোটি টকা।

দেশৰ ক্ৰমবৰ্ধমান ইভি পৰিৱেশ তন্ত্ৰৰ পৰিপ্ৰেক্ষিতত সেউজ যান-বাহনৰ প্ৰচাৰৰ বাবে নতুন আৰু উদীয়মান প্ৰযুক্তিৰ প্ৰতি লক্ষ্য ৰাখি এমএইচআইৰ পৰীক্ষণ সংস্থাসমূহ আধুনিকীকৰণ কৰা হ’ব। এম এইচ আইৰ তত্বাৱধানত ৭৮০ কোটি টকা ব্যয়ৰে পৰীক্ষণ সংস্থাসমূহৰ উন্নীতকৰণৰ অনুমোদন দিয়া হৈছে।

এই আঁচনিখনে ৰাজহুৱা পৰিবহণ পদ্ধতিক সমৰ্থন কৰি গণ গতিশীলতাক প্ৰসাৰিত কৰে। পিএম ই-ড্ৰাইভ আঁচনিৰ প্ৰধান উদ্দেশ্য হৈছে ইভি ক্ৰয়ৰ বাবে আগতীয়াকৈ উদ্গনি প্ৰদান কৰি ইভি গ্ৰহণ ত্বৰান্বিত কৰা, লগতে ইভিৰ বাবে প্ৰয়োজনীয় চাৰ্জিং আন্তঃগাঁথনি স্থাপনৰ সুবিধা প্ৰদান কৰা। পিএম ই-ড্ৰাইভ আঁচনিৰ লক্ষ্য হৈছে পৰিবহণৰ পৰিৱেশ প্ৰভাৱ হ্ৰাস কৰাৰ লগতে বায়ুৰ গুণাগুণ উন্নত কৰাৰ বাবে ইভিক প্ৰচাৰ কৰা।

এই আঁচনিখনে এক দক্ষ, প্ৰতিযোগিতামূলক আৰু সবল ইভি নিৰ্মাণ উদ্যোগক প্ৰসাৰিত কৰে, যাৰ ফলত আত্মনিৰ্ভৰ ভাৰতে উদ্গনি লাভ কৰে। ঘৰুৱা উৎপাদনক উৎসাহিত কৰা আৰু ইভি যোগান শৃংখল শক্তিশালী কৰা পৰ্যায়ক্ৰমে নিৰ্মাণ কাৰ্যসূচী (পিএমপি) অন্তৰ্ভুক্ত কৰি এই কাম কৰা হ’ব।

ভাৰত চৰকাৰৰ এই পদক্ষেপ পৰিৱেশ প্ৰদূষণ আৰু ইন্ধন সুৰক্ষাৰ সৈতে জড়িত উদ্বেগসমূহৰ সমাধানৰ লগতে বহনক্ষম পৰিবহণ সমাধানৰ প্ৰসাৰৰ বাবে গুৰুত্বপূৰ্ণ। ইয়াৰ পিএমপিৰ লগতে এই আঁচনিখনে ইভি খণ্ড আৰু আনুষংগিক যোগান শৃংখলত বিনিয়োগক প্ৰসাৰিত কৰিব। এই আঁচনিখনে মূল্য শৃংখলৰ লগতে উল্লেখযোগ্য নিয়োগৰ সুযোগ সৃষ্টি কৰিব। উৎপাদন আৰু চাৰ্জিং আন্তঃগাঁথনি স্থাপনৰ জৰিয়তেও চাকৰিৰ সৃষ্টি হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi announces free online coaching for competitive exams in Independence Day speech

Media Coverage

PM Modi announces free online coaching for competitive exams in Independence Day speech
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on the start of the Parsi New Year
August 15, 2026

Prime Minister Shri Narendra Modi today extended his greetings on the start of the Parsi New Year. He noted that the Parsi community’s remarkable contribution across sectors has enriched our nation in countless ways.

In a post on X, the Prime Minister wrote:

"Greetings on the start of the Parsi New Year. The Parsi community’s remarkable contribution across sectors has enriched our nation in countless ways. May the year ahead be filled with peace, joy, prosperity and good health for everyone.

Navroz Mubarak!"