প্ৰকল্পটোৰ মুঠ আনুমানিক ব্যয় হৈছে ২০,৬৬৭ কোটি টকা (প্ৰায়) আৰু এই প্ৰকল্পটো ২০৩০-৩১ বৰ্ষলৈকে সম্পূৰ্ণ হ’ব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে আজি ৰেল মন্ত্ৰালয়ৰ আহমেদাবাদ (সৰখেজ)-ঢোলেৰা ছেমি হাই-স্পিড ডাবল লাইন প্ৰকল্পত অনুমোদন জনাইছে, যাৰ মুঠ ব্যয় হৈছে ২০,৬৬৭ কোটি টকা (প্ৰায়)। এইটো হ’ব ভাৰতীয় ৰে’লৱেৰ প্ৰথম অৰ্ধ উচ্চ গতিৰ প্ৰকল্প, যিটো থলুৱাভাৱে বিকশিত প্ৰযুক্তিৰে পৰিকল্পনা কৰা হৈছে।

প্ৰকল্প খণ্ডটোৱে আহমেদাবাদ, ধোলেৰা এছ আই আৰ, অনাগত ধোলেৰা বিমানবন্দৰ আৰু লোথাল ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্স (এন এইচ এম চি)ৰ মাজত দ্ৰুত সংযোগ প্ৰদান কৰিব। আহমেদাবাদক ঢোলেৰাৰ সৈতে সংযোগ কৰিলে যাত্ৰীৰ ভ্ৰমণৰ সময় হ্ৰাস হ’ব যাৰ ফলত দৈনন্দিন আৰামদায়ক যাতায়াত আৰু একে দিনতে প্ৰত্যাৱৰ্তনৰ যাত্ৰা সম্ভৱ হ’ব। এই অৰ্ধ উচ্চ গতিৰ ৰে’লৱেই কেৱল দুখন চহৰক কাষ চপাই অনাই নহয়, বৰঞ্চ শ শ কিলোমিটাৰ দূৰৈত বাস কৰা লোকসকলকো পৰস্পৰৰ কাষ চপাই আনিব।

ভাৰতৰ প্ৰথমটো অৰ্ধ উচ্চ গতিৰ ৰে’ল প্ৰকল্প হিচাপে এই প্ৰকল্পটোৱে সমগ্ৰ দেশতে অৰ্ধ উচ্চ গতিৰ ৰে’লৰ পৰ্য্যায়ক্ৰমে সম্প্ৰসাৰণৰ বাবে এক অগ্ৰণী প্ৰকল্প হিচাপে কাম কৰিব।

নতুন লাইনৰ প্ৰস্তাৱটোৱে প্ৰত্যক্ষ সংযোগ প্ৰদান কৰিব আৰু গতিশীলতা উন্নত কৰিব, ভাৰতীয় ৰে’লৱেৰ বাবে দক্ষতা আৰু সেৱাৰ নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰিব। এই প্ৰকল্পটো প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ নতুন ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখে, যিয়ে অঞ্চলটোৰ জনসাধাৰণক ব্যাপক উন্নয়নৰ জৰিয়তে ‘আত্মনিৰ্ভৰ’ কৰি তুলিব আৰু তেওঁলোকৰ নিযুক্তি/আত্ম-নিযুক্তিৰ সুযোগ বৃদ্ধি কৰিব।

সমন্বিত পৰিকল্পনা আৰু অংশীদাৰসকলৰ পৰামৰ্শৰ জৰিয়তে মাল্টি-মডেল সংযোগ তথা পৰিবহন আৰু যোগান দক্ষতা বৃদ্ধিৰ ওপৰত গুৰুত্ব দি পিএম-গতি শক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ ওপৰত এই প্ৰকল্পটোৰ পৰিকল্পনা কৰা হৈছে। এই প্ৰকল্পসমূহে মানুহ, সামগ্ৰী আৰু সেৱাৰ চলাচলৰ বাবে নিৰবিচ্ছিন্ন সংযোগ প্ৰদান কৰিব।

গুজৰাটৰ আহমেদাবাদ জিলাক সামৰি লোৱা এই প্ৰকল্পটোৱে ভাৰতীয় ৰে’লৱেৰ বৰ্তমানৰ নেটৱৰ্ক প্ৰায় ১৩৪ কিলোমিটাৰ বৃদ্ধি কৰিব।

প্ৰস্তাৱিত প্ৰকল্পসমূহে ২৮৪ খন গাঁৱৰ প্ৰায় ৫ লাখ লোকৰ সংযোগ বৃদ্ধি কৰিব ।

পৰিৱেশ অনুকূল আৰু শক্তি দক্ষ পৰিবহণৰ মাধ্যম হোৱাৰ বাবে ৰে’লৱেই জলবায়ু লক্ষ্যত উপনীত হোৱা আৰু দেশৰ পৰিবহন তথা যোগান ব্যয় হ্ৰাস কৰা, তেল আমদানি হ্ৰাস কৰা (০.৪৮ কোটি লিটাৰআৰু কার্বন ডাই অক্সাইড নিৰ্গমন হ্ৰাস কৰা (২ কোটি কিলোগ্ৰামদুয়োটাতে সহায় কৰিব, যিটো ১০ লাখ গছপুলি ৰোপণৰ সমতুল্য।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi’s FTA push: Why India’s MSMEs now have a bigger export opportunity

Media Coverage

PM Modi’s FTA push: Why India’s MSMEs now have a bigger export opportunity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 আগষ্ট 2026
August 17, 2026

India Ascendant: Citizens Hail PM Modi's Vision and India’s Multi-Sectoral Growth