দেশৰ সামগ্ৰিক উন্নয়নৰ বাবে ক্ৰীড়াৰ শক্তিক ব্যৱহাৰ কৰাৰ পোষকতা

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আজি দেশৰ ক্ৰীড়া পৰিৱেশ পুনৰ গঢ় দিয়া আৰু ক্ৰীড়াৰ জৰিয়তে নাগৰিকক সবলীকৰণৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাবে ৰাষ্ট্ৰীয় ক্ৰীড়া নীতি (এন এছ পি) ২০২৫ত অনুমোদন জনায়।

এই নতুন নীতিয়ে বৰ্তমানৰ ৰাষ্ট্ৰীয় ক্ৰীড়া নীতি, ২০০১ৰ ঠাই গ্ৰহণ কৰিব  আৰু ভাৰতক বিশ্বব্যাপী ক্ৰীড়াৰ ক্ষেত্ৰত  শক্তিশালী কৰি তোলাৰ লগতে  ২০৩৬ চনৰ অলিম্পিক গেমছকে ধৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠানত উৎকৃষ্টতাৰে শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত এক দূৰদৰ্শী তথা কৌশলগত কৰ্ম পৰিকল্পনা ৰচনা কৰিব।

কেন্দ্ৰীয় মন্ত্ৰালয়, নিটি আয়োগ, ৰাজ্য চৰকাৰ, ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচন (এন এছ এফ), খেলুৱৈ, ডমেইন বিশেষজ্ঞ আৰু ৰাজহুৱা অংশীদাৰসকলক জড়িত কৰি কৰা বিস্তৃত আলোচনাৰ ফচল হৈছে  এন এছ পি ২০২৫। এই নীতিয়ে  পাঁচটা মূল স্তম্ভক সামৰি লৈছে  ।

১/ বিশ্ব মঞ্চত উৎকৃষ্টতা প্ৰদৰ্শন

এই স্তম্ভটোৰ লক্ষ্য হৈছে:

প্ৰতিভাৰ আগতীয়া চিনাক্তকৰণ আৰু  সেই প্ৰতিভাৰ প্ৰতিপালনৰ ব্যৱস্থাকে ধৰি তৃণমূল পৰ্যায়ৰ পৰা অভিজাত পৰ্যায়লৈকে ক্ৰীড়া সম্পৰ্কীয় কাৰ্যসূচী শক্তিশালী কৰি তোলা ।

প্ৰতিযোগিতামূলক লীগ আৰু প্ৰতিযোগিতাৰ প্ৰসাৰ সাধন কৰা আৰু গ্ৰাম্য তথা চহৰীয়া উভয় অঞ্চলতে ক্ৰীড়াৰ আন্তঃগাঁথনিৰ বিকাশ কৰা।

প্ৰশিক্ষণ আৰু খেলুৱৈসকলক সামগ্ৰিক সমৰ্থনৰ বাবে বিশ্বমানৰ ব্যৱস্থা গঢ়ি তোলা।

ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনৰ সামৰ্থ্য তথা  প্ৰশাসনিক শক্তি   বৃদ্ধি কৰা।

খেলুৱৈৰ  প্ৰদৰ্শন বৃদ্ধিৰ বাবে ক্ৰীড়া বিজ্ঞান, চিকিৎসা আৰু প্ৰযুক্তি গ্ৰহণক উৎসাহিত কৰা।

প্ৰশিক্ষক, কাৰিকৰী বিষয়া  আৰু সহায়ক কৰ্মচাৰীকে ধৰি ক্ৰীড়া ক্ষেত্ৰতে জড়িত কৰ্মীসকলক প্ৰশিক্ষণ প্ৰদান তথা তেওঁলোকৰ বিকাশ সাধন কৰা।

২/ অৰ্থনৈতিক উন্নয়নৰ বাবে ক্ৰীড়া

এন এছ পি ২০২৫-এ ক্ৰীড়াৰ অৰ্থনৈতিক সম্ভাৱনাক স্বীকৃতি দিছে আৰু ইয়াৰ বাবে এনেবোৰ পদক্ষেপৰ কথা বিবেচনা কৰা হৈছে:

ক্ৰীড়া পৰ্যটনক প্ৰসাৰিত কৰা আৰু ভাৰতলৈ বৃহৎ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানক আকৰ্ষণ কৰা।

ক্ৰীড়া উৎপাদনৰ সৈতে জড়িত  পৰিৱেশতন্ত্ৰক শক্তিশালী কৰা  আৰু খণ্ডটোত ষ্টাৰ্টআপ তথা  উদ্যোগীকৰণক প্ৰসাৰিত  কৰা।

ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব (পিপিপি), কৰ্পৰেট সামাজিক দায়বদ্ধতা (চিএছআৰ) আৰু উদ্ভাৱনীমূলক পুঁজিৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণক উৎসাহিত কৰা।

৩/ সামাজিক উন্নয়নৰ বাবে ক্ৰীড়া

এই ক্ৰীড়া নীতিয়ে  সামাজিক অন্তৰ্ভুক্তিক আগুৱাই নিয়াত ক্ৰীড়াৰ ভূমিকাৰ বিষয়তত বিশেষ গুৰুত্ব আৰোপ কৰিছে:

মহিলা, অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণী, জনজাতীয় সম্প্ৰদায়, আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ  অংশগ্ৰহণ বৃদ্ধিৰ বাবে  কেন্দ্ৰীভূত কাৰ্যসূচীৰ জৰিয়তে প্ৰয়াস চলোৱা ।

থলুৱা আৰু পৰম্পৰাগত খেলৰ পুনৰুজ্জীৱিতকৰণ আৰু সেইবোৰৰ বিষয়ে প্ৰচাৰ কৰা।

শিক্ষাৰ সৈতে সংযুক্ত কৰি ক্ৰীড়াক এক কাৰ্য্যকৰী কেৰিয়াৰ  হিচাপে গঢ় দিয়া, স্বেচ্ছাসেৱীসকলক  উৎসাহিত কৰা আৰু দ্বৈত-কেৰিয়াৰৰ পথৰ সুবিধা প্ৰদান কৰা।

ক্ৰীড়াৰ জৰিয়তে প্ৰবাসী ভাৰতীয়মূলৰ লোকসকলক  সংযুক্ত  কৰা।

৪/ জন আন্দোলন হিচাপে ক্ৰীড়া

ক্ৰীড়াক ৰাষ্ট্ৰীয় আন্দোলন হিচাপে গঢ়ি তুলিবলৈ এই নীতিয়ে  লক্ষ্য স্থিৰ কৰিছে-

দেশজোৰা অভিযান আৰু সম্প্ৰদায়ভিত্তিক অনুষ্ঠানৰ জৰিয়তে গণ অংশগ্ৰহণ তথা ফিটনেছৰ সংস্কৃতি গঢ়ি তোলা

বিদ্যালয়, মহাবিদ্যালয় আৰু কৰ্মক্ষেত্ৰ আদিৰ বাবে ফিটনেছ সূচকাংক আৰম্ভ কৰা।

ক্ৰীড়াৰ সুবিধাসমূহৰ সাৰ্বজনীন প্ৰৱেশ বৃদ্ধি কৰা।

৫) শিক্ষাৰ সৈতে একত্ৰীকৰণ (এন ই পি ২০২০)

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ সৈতে সংগতি ৰাখি এন এছ পি ২০২৫ য়ে প্ৰস্তাৱ দিছে যে:

বিদ্যালয়ৰ পাঠ্যক্ৰমত ক্ৰীড়াক অন্তৰ্ভুক্ত কৰা হওঁক।

ক্ৰীড়া শিক্ষা আৰু সজাগতা বৃদ্ধিৰ বাবে শিক্ষাবিদ তথা শাৰীৰিক শিক্ষাৰ শিক্ষকসকলক বিশেষ প্ৰশিক্ষণেৰে প্ৰশিক্ষিত কৰি তোলা।

৬/ কৌশলগত কাঠামো

ৰাষ্ট্ৰীয় ক্ৰীড়া নীতি ২০২৫ৰ  লক্ষ্যসমূহ বাস্তৱায়িত কৰিবলৈ এন এছ পি ২০২৫ এ নিম্নোক্ত বিষয়সমূহক সামৰি লোৱা এক বিস্তৃত ৰূপায়ণ কৌশল নিৰ্ধাৰণ কৰিছে:

শাসন ​​ব্যৱস্থা: আইনী কাঠামোকে ধৰি ক্ৰীড়া সম্পৰ্কীয় প্ৰশাসনৰ বাবে এক শক্তিশালী নিয়ন্ত্ৰণ কাঠামো স্থাপন কৰা।

ব্যক্তিগত খণ্ডৰ পুঁজি আৰু সহায়: উদ্ভাৱনীমূলক বিত্তীয় ব্যৱস্থা বিকশিত কৰা আৰু পিপিপি তথা চিএছআৰৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণক উৎসাহিত কৰা।

প্ৰযুক্তি আৰু উদ্ভাৱন: গৱেষণা, আৰু কাৰ্য্যক্ৰম ৰূপায়ণৰ বাবে এআই আৰু তথ্য বিশ্লেষণকে ধৰি উদীয়মান প্ৰযুক্তিসমূহৰ জড়িয়তে লাভাৱান্বিত হোৱা।

ৰাষ্ট্ৰীয় নিৰীক্ষণ কাঠামো: সুনিৰ্দিষ্ট মাপকাঠী, মূল পৰিৱেশন সূচক (কেপিআই) আৰু সময়-নিৰ্ধাৰিত লক্ষ্যৰ সৈতে এটা ৰাষ্ট্ৰীয় কাঠামো সৃষ্টি কৰা।

ৰাজ্যসমূহৰ বাবে আৰ্হি নীতি: এন এছ পি ২০২৫-এ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে আৰ্হি হিচাপে কাম কৰিব, তেওঁলোকক ৰাষ্ট্ৰীয় লক্ষ্যৰ সৈতে সংগতি ৰাখি নিজৰ নীতিসমূহ সংশোধন বা প্ৰণয়ন কৰিবলৈ উৎসাহিত কৰিব।

সামগ্ৰিক চৰকাৰৰ পদ্ধতি:এই নীতিয়ে সকলো মন্ত্ৰালয় আৰু বিভাগৰ কাৰ্য্যকলাপ, আঁচনি আৰু কাৰ্যসূচীত ক্ৰীড়াৰ প্ৰচাৰক একত্ৰিত কৰি সামগ্ৰিক প্ৰভাৱ পেলাবলৈ আহ্বান জনাইছে।

ইয়াৰ গাঁথনিগত দৃষ্টিভংগী তথা  দূৰদৰ্শী দৃষ্টিভংগীৰে ৰাষ্ট্ৰীয় ক্ৰীড়া নীতি ২০২৫-এ ভাৰতক বিশ্বজুৰি এখন আগশাৰীৰ ক্ৰীড়াৰ ক্ষেত্ৰত আগশাৰীৰ  ৰাষ্ট্ৰ হোৱাৰ দিশত পৰিৱৰ্তনশীল পথৰ সন্ধান দিব  । একে সময়তে সুস্থ, অধিক নিয়োজিত, আৰু শক্তিশালী নাগৰিক সৃষ্টি  কৰাতো এই নীতিয়ে সহায় কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
ONGC starts India's first deepwater exploration well off Odisha coast

Media Coverage

ONGC starts India's first deepwater exploration well off Odisha coast
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets all CRPF personnel on their Raising Day
July 27, 2026

Prime Minister Shri Narendra Modi today extended his greetings to all CRPF personnel on their Raising Day. He stated that the CRPF has distinguished itself through its unwavering courage and commitment to duty.

Shri Modi noted that from safeguarding internal security to serving citizens during challenging situations, CRPF personnel have always placed the nation first. He highlighted that their efforts in eliminating the menace of Maoism are particularly notable and have contributed to peace and progress in the lives of several people.

In a post on X, the Prime Minister shared:

"Greetings to all CRPF personnel on their Raising Day. The CRPF has distinguished itself through its unwavering courage and commitment to duty. From safeguarding internal security to serving citizens during challenging situations, CRPF personnel have always placed the nation first. Their efforts in eliminating the menace of Maoism are particularly notable and have contributed to peace and progress in the lives of several people.

@crpfindia"