প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে ২০২৫-২৬ বিপণন ঋতুৰ বাবে ১৪ বিধ খাৰিফ শস্যৰ ন্যূনতম সমৰ্থন মূল্য (এমএছপি) বৃদ্ধিত অনুমোদন জনাইছে।

চৰকাৰে কৃষকসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বাবে লাভজনক মূল্য নিশ্চিত কৰিবলৈ ২০২৫-২৬ বিপণন ঋতুৰ বাবে খাৰিফ শস্যৰ এমএছপি বৃদ্ধি কৰিছে। পূৰ্বৰ বছৰৰ তুলনাত এমএছপিৰ সৰ্বাধিক সম্পূৰ্ণ বৃদ্ধিৰ পৰামৰ্শ দিয়া হৈছে নাইগাৰছিড (ৰামতিল)ৰ বাবে (প্ৰতি কুইণ্টলত ৮২০ টকা), তাৰ পাছত ৰাগিৰ বাবে (প্ৰতি কুইণ্টলত ৫৯৬ টকা), কপাহৰ বাবে (প্ৰতি কুইণ্টলত ৫৮৯ টকা) আৰু তিলৰ বাবে (প্ৰতি কুইণ্টলত ৫৭৯ টকা)।

২০২৫-২৬ বিপণন ঋতুৰ বাবে সকলো খাৰিফ শস্যৰ বাবে ন্যূনতম সমৰ্থন মূল্য

(প্ৰতি কুইণ্টলত মূল্য)

ক্ৰমিক নং

শস্য

এমএছপি ২০২৫-২৬

ব্যয়* কেএমএছ ২০২৫-২৬

ব্যয়ৰ লগত পাৰ্থক্য (%)

এমএছপি

২০২৫-২৬ত এমএছপি বৃদ্ধি

 

খাদ্যশস্য

২০২৪-২৫

২০১৩-১৪

২০২৪-২৫ত

২০১৩-১৪ত

 

 

 

 

 

 

 

 

১.

ধান

সাধাৰণ

২৩৬৯

১৫৭৯

৫০

২৩০০

১৩১০

৬৯

১০৫৯

(৮১%)

 

গ্ৰেড এ ^

২৩৮৯

-

-

২৩২০

১৩৪৫

৬৯

১০৪৪

(৭৮%)

২.

জৱাৰ

হাইব্ৰীড

৩৬৯৯

২৪৬৬

৫০

৩৩৭১

১৫০০

৩২৮

২১৯৯

(১৪৭%)

 

মালদণ্ডী ^

৩৭৪৯

-

-

৩৪২১

১৫২০

৩২৮

 

২২৯৯

(১৪৭%)

৩.

বাজৰা

২৭৭৫

১৭০৩

৬৩

২৬২৫

১২৫০

১৫০

১৫২৫

(১২২%)

৪.

ৰাগি

৪৮৮৬

৩২৫৭

৫০

৪২৯০

১৫০০

৫৯৬

৩৩৮৬

(২২৬%)

৫.

মাকৈ

২৪০০

১৫০৮

৫৯

২২২৫

১৩১০

১৭৫

১০৯০

(৮৩%)

 

মাহজাতীয় শস্য

 

 

 

 

 

 

 

৬.

টুৰ/ৰহৰ

৮০০০

৫০৩৮

৫৯

৭৫৫০

৪৩০০

৪৫০

৩৭০০

(৮৬%)

৭.

মুগ

৮৭৬৮

৫৮৪৫

৫০

৮৬৮২

৪৫০০

৮৬

৪২৬৮

(৯৫%)

 

শস্য

এমএছপি ২০২৫-২৬

ব্যয়* কেএমএছ ২০২৫-২৬

ব্যয়ৰ লগত পাৰ্থক্য (%)

এমএছপি

২০২৫-২৬ত এমএছপি বৃদ্ধি

 

 

 

 

 

২০২৪-২৫

২০১৩-১৪

২০২৪-২৫ত

২০১৩-১৪ত

৮.

ক’লা মাহ

৭৮০০

৫১১৪

৫৩

৭৪০০

৪৩০০

৪০০

 

৩৫০০

(৮১%)

 

তৈলবীজ

 

 

 

 

 

 

 

৯.

বাদাম

৭২৬৩

৪৮৪২

৫০

৬৭৮৩

৪০০০

৪৮০

৩২৬৩

(৮২%)

 

১০.

সূৰ্যমুখী বীজ

৭৭২১

৫১৪৭

৫০

৭২৮০

৩৭০০

৪৪১

৪০২১

(১০৯%)

১১.

চয়াবিন (হালধীয়া)

৫৩২৮

৩৫৫২

৫০

৪৮৯২

২৫৬০

৪৩৬

২৭৬৮

(১০৮%)

১২.

তিল

৯৮৪৬

৬৫৬৪

৫০

৯২৬৭

৪৫০০

৫৭৯

৫৩৪৬

(১১৯%)

 

১৩.

নাইগাৰছিড (ৰামতিল)

৯৫৩৭

৬৩৫৮

৫০

৮৭১৭

৩৫০০

৮২০

৬০৩৭

(১৭২%)

 

বাণিজ্যিক

 

 

 

 

 

 

 

১৪.

কপাহ

(মধ্যমীয়া আঁহ)

৭৭১০

৫১৪০

৫০

৭১২১

৩৭০০

৫৮৯

৪০১০

(১০৮%)

 

(দীঘল আঁহ)^

৮১১০

-

-

৭৫২১

৪০০০

৫৮৯

৪১১০

(১০৩%)

 

 

 

 

 

 

 

 

 

 

 

 

* ব্যয়ৰ অৰ্থ হৈছে সকলো পৰিশোধ কৰা ব্যয়, যেনে- হাজিৰা কৰা মানৱৰ শ্ৰম, ষাঁড় শ্ৰম/যন্ত্ৰ শ্ৰম, মাটিৰ লীজৰ বাবে পৰিশোধ কৰা ভাড়া, বীজ, সাৰ, সাৰৰ দৰে সামগ্ৰীৰ ব্যৱহাৰত হোৱা ব্যয়, জলসিঞ্চনৰ খৰছ, সঁজুলি আৰু কৃষি ভৱনৰ মূল্য হ্ৰাস, কাৰ্যকৰী মূলধনৰ সুত, পাম্প পৰিচালনাৰ বাবে ডিজেল/বিদ্যুৎ ইত্যাদি, বিবিধ ব্যয় আৰু পৰিয়ালৰ শ্ৰমৰ আৰোপিত মূল্য।

^ ধান (গ্ৰেড এ), জৱাৰ (মালদণ্ডী) আৰু কপাহ (দীঘল আঁহ)ৰ বাবে ব্যয়ৰ তথ্য পৃথকভাৱে সংকলিত কৰা নহয়।

বিপণন ঋতুৰ বাবে খাৰিফ শস্যৰ এমএছপি বৃদ্ধি কেন্দ্ৰীয় বাজেটৰ এমএছপি ঘোষণাৰ সৈতে সামঞ্জস্যপূৰ্ণ, য’ত সৰ্বভাৰতীয় ওজনিত গড় উৎপাদন ব্যয়ৰ কমেও ডেৰ গুণৰ স্তৰত এমএছপি নিৰ্ধাৰণ কৰাৰ কথা ঘোষণা কৰা হৈছিল। বজৰা (৬৩ শতাংশ), তাৰ পাছত মাকৈ (৫৯ শতাংশ), ৰহৰ (৫৯ শতাংশ) আৰু ক’লা মাহ (৫৩ শতাংশ)ৰ ক্ষেত্ৰত কৃষকৰ বাবে তেওঁলোকৰ উৎপাদন ব্যয়ৰ ওপৰত আশা কৰা পাৰ্থক্য সৰ্বাধিক হ'ব বুলি অনুমান কৰা হৈছে। বাকী শস্যবোৰৰ বাবে কৃষকসকলক তেওঁলোকৰ উৎপাদন ব্যয়ৰ ওপৰত লাভ কৰা পাৰ্থক্য ৫০ শতাংশ হ'ব বুলি অনুমান কৰা হৈছে।

শেহতীয়া বছৰবোৰত চৰকাৰে এই শস্যবোৰৰ বাবে উচ্চ এমএছপি প্ৰদান কৰি মাহজাতীয় শস্য আৰু তৈলবীজ তথা পুষ্টি-শস্য/শ্ৰী অন্নৰ দৰে খাদ্যশস্যৰ বাহিৰে আন শস্যৰ খেতিক উৎসাহ প্ৰদান কৰি আহিছে।

২০১৪-১৫ৰ পৰা ২০২৪-২৫ সময়ছোৱাত ধানৰ ক্ৰয় আছিল ৭৬০৮ এলএমটি আৰু ২০০৪-০৫ৰ পৰা ২০১৩-১৪ সময়ছোৱাত ধানৰ ক্ৰয় আছিল ৪৫৯০ এলএমটি।

২০১৪-১৫ৰ পৰা ২০২৪-২৫ সময়ছোৱাত ১৪ বিধ খাৰিফ শস্যৰ ক্ৰয় আছিল ৭৮৭১ এলএমটি, আনহাতে ২০০৪-০৫ৰ পৰা ২০১৩-১৪ সময়ৰ ভিতৰত ক্ৰয় আছিল ৪৬৭৯ এলএমটি।

২০১৪-১৫ৰ পৰা ২০২৪-২৫ সময়ছোৱাত ধান খেতি কৰা কৃষকসকলক প্ৰদান কৰা এমএছপিৰ পৰিমাণ আছিল ১৪.১৬ লাখ কোটি টকা। আনহাতে ২০০৪-০৫ৰ পৰা ২০১৩-১৪ সময়ৰ ভিতৰত কৃষকসকলক প্ৰদান কৰা পৰিমাণ আছিল ৪.৪৪ লাখ কোটি টকা।

২০১৪-১৫ৰ পৰা ২০২৪-২৫ সময়ছোৱাত ১৪ বিধ খাৰিফ শস্য উৎপাদন কৰা কৃষকক প্ৰদান কৰা এমএছপিৰ পৰিমাণ আছিল ১৬.৩৫ লাখ কোটি টকা। আনহাতে ২০০৪-০৫ৰ পৰা ২০১৩-১৪ সময়ৰ ভিতৰত কৃষকসকলক প্ৰদান কৰা এমএছপিৰ পৰিমাণ আছিল ৪.৭৫ লাখ কোটি টকা।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India adds 1.26 million credit cards in July as spending rises; HDFC, SBI lead the way

Media Coverage

India adds 1.26 million credit cards in July as spending rises; HDFC, SBI lead the way
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to Address Youth at Khelo India Dialogue on 27th August
August 26, 2026
Khelo India Dialogue will bring together sports, youth leadership, civic responsibility, volunteering, fitness and nation-building on a common platform
Yuva Samvaad under Khelo India Dialogue to Focus on Five Key Themes: Sports, Olympic Aspirations, Youth Leadership, Viksit Bharat and Nasha Mukt Yuva

Prime Minister Shri Narendra Modi will address Khelo India Dialogue on 27th August at 11 AM via video conferencing. The programme aims to help the youth engage with India's sporting journey, share their aspirations, and contribute ideas for a stronger youth-led Viksit Bharat.

Organised by Mera Yuva Bharat (MY Bharat), as part of the National Sports Day 2026 celebrations, the programme will be conducted across the country with participation of youth at two colleges in every district across States and Union Territories. The programme is being held in line with the Prime Minister's vision of building a fit, disciplined and sporting nation while placing the aspirations of youth at the centre of the national development agenda.

The nationwide Khelo India Dialogue will bring together sports, youth leadership, civic responsibility, volunteering, fitness and nation-building on a common platform. It will provide a direct channel for young people to engage with the country's sporting ambitions, while ensuring that their ideas and perspectives become part of the continuing conversation on India's youth and sports ecosystem.

The national programme will be followed by local interactions involving young participants, MY Bharat volunteers, local sportspersons and public representatives. A major feature of the initiative will be direct interaction between youth having interest in sports and leading Indian athletes and medal winners. A central feature of the programme will be Yuva Samvaad where Young participants will be invited to articulate their own ideas, perspectives and aspirations. The dialogue will be structured around five themes:

  • improving India's sports ecosystem through better facilities, coaching, sports science and inclusive participation;
  • nurturing talent for the 2036 Olympics via scientific talent identification, transparent selection and long-term athlete development;
  • creating youth leaders through governance platforms and MY Bharat-led volunteering;
  • empowering youth for Viksit Bharat by building civic mindedness, future-ready skills and structured volunteering;
  • promoting a Nasha Mukt Yuva movement that leverages sport and peer networks to fight substance abuse, reinforced by weekly Jan Bhagidari activities under PM's 100-week nationwide campaign launched on 2 August 2026.