প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত ‘অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটি’য়ে ২০২৪-২৫ বিত্তীয় বৰ্ষত ‘ভাৰতীয় খাদ্য নিগম’ (এফচিআই)ত কাৰ্যকৰী মূলধনৰ বাবে ১০,৭০০ কোটি টকাৰ ‘ইকুইটী’ প্ৰয়োগৰ সিদ্ধান্তলৈ অনুমোদন জনাইছে। এই সিদ্ধান্তৰ উদ্দেশ্য হৈছে কৃষিখণ্ডক শক্তিশালী কৰা আৰু দেশজুৰি কৃষকসকলৰ কল্যাণ নিশ্চিত কৰা। এই কৌশলগত পদক্ষেপে কৃষকসকলক সহোযোগিতা আগবঢ়োৱাৰ লগতে ভাৰতৰ কৃষি অৰ্থনীতিক সুদৃঢ় কৰাৰ বাবে চৰকাৰে পোষণ কৰা দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰদৰ্শন কৰে।

‘এফচিআই’-য়ে ১৯৬৪ চনত ১০০ কোটি টকাৰ অনুমোদিত মূলধন আৰু ৪ কোটি টকাৰ ‘ইকুইটী’ৰে যাত্ৰা আৰম্ভ কৰিছিল। ‘এফচিআই’ৰ কাৰ্যকলাপ বহুগুণে বৃদ্ধি পাইছিল যাৰ ফলত ২০২৩ৰ ফেব্ৰুৱাৰী মাহত কৰ্তৃত্বপ্ৰাপ্ত মূলধন ১১,০০০ কোটি টকাৰ পৰা ২১,০০০ কোটি টকালৈ বৃদ্ধি হৈছিল। ২০১৯-২০ বিত্তীয় বৰ্ষত ‘এফচিআই’-ৰ ‘ইকুইটী’ আছিল ৪,৪৯৬ কোটি টকা, যি ২০২৩-২৪ বিত্তীয় বৰ্ষত ১০,১৫৭ কোটি টকালৈ বৃদ্ধি পাইছিল। এতিয়া, ভাৰত চৰকাৰে ‘এফচিআই’-ৰ বাবে ১০,৭০০ কোটি টকাৰ যথেষ্ট পৰিমাণৰ ইকুইটী’ অনুমোদন জনাইছে যি নিগমটোক আৰ্থিকভাৱে শক্তিশালী কৰিব আৰু ইয়াৰ ৰূপান্তৰণৰ বাবে লোৱা পদক্ষেপসমূহক এক ডাঙৰ উৎসাহ প্ৰদান কৰিব।

‘এফচিআই’য়ে ‘ন্যূনতম সমৰ্থন মূল্য’(এমএছপি)ত খাদ্যশস্য ক্ৰয় কৰি খাদ্য সুৰক্ষা নিশ্চিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ উপৰি কৌশলগত খাদ্যশস্যৰ সামগ্ৰী ৰক্ষণাবেক্ষণ, কল্যাণমূলক ব্যৱস্থাৰ বাবে খাদ্যশস্য বিতৰণ আৰু বজাৰত খাদ্যশস্যৰ মূল্য স্থিৰ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

‘ইকুইটী’ৰ সঞ্চাৰ হৈছে ‘এফচিআই’-ৰ আদেশ কাৰ্যকৰীভাৱে পূৰণ কৰাৰ ক্ষেত্ৰত কাৰ্যকৰী ক্ষমতা বৃদ্ধি কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ‘এফচিআই’-য়ে পুঁজিৰ প্ৰয়োজনীয়তাৰ ব্যৱধানৰ সৈতে মিলাবলৈ হ্ৰস্বম্যাদী ঋণৰ আশ্ৰয় লৈছে। এই সঞ্চাৰে সূতৰ বোজা হ্ৰাস কৰাত সহায় কৰিব আৰু অৱশেষত ভাৰত চৰকাৰৰ ৰাজসাহায্য হ্ৰাস কৰিব।

‘এমএছপি’-আধাৰিত ক্ৰয় আৰু ‘এফচিআই’-ৰ কাৰ্যকৰী সামৰ্থ্যত বিনিয়োগৰ প্ৰতি চৰকাৰৰ দ্বৈত প্ৰতিশ্ৰুতিয়ে কৃষকসকলক শক্তিসমৃদ্ধ কৰা, কৃষি খণ্ডক শক্তিশালী কৰা আৰু দেশৰ বাবে খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ দিশত এক সহযোগিতামূলক প্ৰচেষ্টাকে সূচিত কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre bats for SVAMITVA to boost rural economy, property ownership

Media Coverage

Centre bats for SVAMITVA to boost rural economy, property ownership
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Haryana meets the Prime Minister
May 02, 2026

Governor of Haryana, Prof. Ashim Kumar Ghosh, met Prime Minister Shri Narendra Modi today.

The Prime Minister posted on X:

"Governor of Haryana, Prof. Ashim Kumar Ghosh met Prime Minister @narendramodi."