৯৩,০৬৮ কোটি টকাৰ ব্যৱস্থা, য'ত ৰাজ্যসমূহৰ বাবে ৩৭,৫৪৫ কোটি টকাৰ কেন্দ্ৰীয় সাহায্য অন্তৰ্ভুক্ত
প্ৰায় ২২ লাখ কৃষক উপকৃত, য'ত ২.৫ লাখ কৃষক অনুসূচিত জাতি আৰু দুই লাখ কৃষক অনুসূচিত জনজাতি শ্ৰেণীৰ
৯০ শতাংশ অনুদান দুটা ৰাষ্ট্ৰীয় পৰিকল্পনা- ৰেণুকাজী (হিমাচল প্ৰদেশ) আৰু লখৱাৰ (উত্তৰাখণ্ড)- দুয়োটা পৰিকল্পনা দিল্লী তথা অন্য প্ৰতিভাগী ৰাজ্য (হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, উত্তৰপ্ৰদেশ, হাৰিয়ানা আৰু ৰাজস্থান)ক জলযোগানৰ বাবে তথা যমুনা নদীৰ উদ্ধাৰৰ বাবে গুৰুত্বপূৰ্ণ
ত্বৰিত জলসিঞ্চন লাভ কাৰ্যক্ৰম (এআইবিপি)ৰ জৰিয়তে ১৩.৮৮ লাখ হেক্টৰৰ অতিৰিক্ত জলসিঞ্চন ক্ষমতা
এআইবিপিৰ জৰিয়তে অন্তৰ্ভুক্ত নতুন পৰিকল্পনাসহ ৬০টা চলিত পৰিকল্পনা সম্পূৰ্ণ কৰাত মনোনিৱেশ
৩০.২৩ লাখ হেক্টৰৰ কমাণ্ড ক্ষেত্ৰ বিকাশ কাৰ্য
'প্ৰত্যেক খেতিক পানী'ৰ জৰিয়তে লঘু জলসিঞ্চন আৰু জল স্ৰোতৰ উদ্ধাৰৰ জৰিয়তে ৪.৫ লাখ হেক্টৰ উপৰিভাগৰ জলসিঞ্চন তথা উপযুক্ত প্ৰখণ্ডত ১.৫২ লাখ হেক্টৰ ভূজল জলসিঞ্চন
৪৯.৫ লাখ হেক্টৰ বৰ্ষা সিঞ্চিত/অনুপযোগী ভূমি সম্পৰ্কীয় ৱাটাৰছেদ পৰিকল্পনা সম্পূৰ্ণ কৰা, যাতে সংৰক্ষিত জলসিঞ্চনৰ জৰিয়তে অতিৰিক্ত ২.৫

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক বিষয়ৰ মন্ত্ৰীমণ্ডল সমিতিয়ে আজি ৯৩,০৬৮ কোটি টকাৰ ব্যৱস্থাসহ ২০২১-২৬ৰ বাবে প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনা (পিএকেএছৱাই)ৰ ৰূপায়ণক মঞ্জুৰী প্ৰদান কৰিছে।

 

চিচিইএই ৰাজ্যসমূহৰ বাবে ৩৭,৪৫৪ কোটি টকাৰ কেন্দ্ৰীয় সাহায্য তথা পিএমকেএছৱাই ২০১৬-২১ৰ সময়ত জলসিঞ্চন বিকাশৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা লোৱা ঋণ পৰিশোধ কৰা সন্দৰ্ভত ২০,৪৩৪.৫৬ কোটি টকা মঞ্জুৰ কৰিছে।

 

ত্বৰিত জলসিঞ্চন লাভ কাৰ্যক্ৰম (এআইবিপি), প্ৰত্যেক খেতিত পানী (এইচকেকেপি) আৰু ভূমি, পানী তথা অন্য বিকাশ ঘটকক ২০২১-২৬ত জাৰি ৰাখিবলৈও মঞ্জুৰী দিয়া হৈছে।

 

ত্বৰিত জলসিঞ্চন লাভ কাৰ্যক্ৰম, কেন্দ্ৰ চৰকাৰৰ প্ৰধান কাৰ্যক্ৰম। ইয়াৰ উদ্দেশ্য হৈছে জলসিঞ্চন পৰিকল্পনাসমূহক বিত্তীয় সাহায্য প্ৰদান কৰা। এআইবিপিৰ অন্তৰ্ভুক্ত ২০২১-২৬ৰ সময়ত মুঠ অতিৰিক্ত জলসিঞ্চন ক্ষমতা ১৩.৮৮ লাখ হেক্টৰলৈকে কৰা। চলিত ৬০টা পৰিকল্পনা সম্পূৰ্ণ কৰাত মনোনিৱেশ কৰাৰ উপৰিও, য'ত তাৰ সৈতে সম্পৰ্কযুক্ত ৩০.২৩ লাখ হেক্টৰ কমাণ্ড ক্ষেত্ৰ বিকাশো অন্তৰ্ভুক্ত আছে, অতিৰিক্ত পৰিকল্পনাসমূহকো আৰম্ভ কৰিব পৰা যায়। জনজাতীয় অঞ্চল আৰু সোনকালে খৰাঙৰ সন্মুখীন হোৱা অঞ্চলৰ পৰিকল্পনাসমূহক অন্তৰ্ভুক্ত কৰাৰ মানদণ্ডত ঢিলাই দিয়া হৈছে।

 

ৰেণুকাজী বান্ধ পৰিকল্পনা (হিমাচল প্ৰদেশ) আৰু লখৱাৰ বহু উদ্দেশ্যযুক্ত পৰিকল্পনা (উত্তৰাখণ্ড) নামৰ দুটা পৰিকল্পনাই যমুনা বেছিনত ভাণ্ডাৰণৰ আৰম্ভ কৰিব, যাৰ জৰিয়তে যমুনা বেছিনৰ উপৰিভাগৰ পৰা ছখন ৰাজ্য লাভবান হ'ব। লগতে দিল্লী, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, উত্তৰপ্ৰদেশ, হাৰিয়ানা আৰু ৰাজস্থানক জলযোগান হ'ব আৰু যমুনাৰ উদ্ধাৰৰ দিশত অগ্ৰগতি হ'ব।

 

প্ৰত্যেক খেতিক পানী (এইচকেকেপি)ৰ উদ্দেশ্য হৈছে খেতিলৈকে পোৱাত সুবিধা হওক আৰু সুনিশ্চিত জলসিঞ্চনৰ জৰিয়তে খেতিযোগ্য ভূমিৰ বিস্তাৰ হওক। এইচকেকেপিৰ জৰিয়তে লঘু জলসিঞ্চন আৰু জল স্ৰোতৰ উদ্ধাৰ-সংশোধন-বিস্তৃতি, পিএমকেএছৱাইৰ ঘটক তথা ইয়াৰ উদ্দেশ্য হৈছে অতিৰিক্ত ৪.৫ লাখ হেক্টৰ উপৰিভাগক জলসিঞ্চনৰ পৰিসৰলৈ অনা। জল স্ৰোতৰ উদ্ধাৰৰ মহত্বৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰীসভাই চহৰ আৰু গ্ৰামীণ এলেকাত জল স্ৰোতক পুনৰ জীৱিত কৰিবলৈ বিত্ত পোষণক মঞ্জুৰী দিয়ে। এই যোজনাত সিবিলাক অন্তৰ্ভুক্ত কৰাৰ মানদণ্ডৰ বিস্তাৰ কৰা হৈছে তথা কেন্দ্ৰীয় সাহায্যক সাধাৰণ ক্ষেত্ৰৰ পৰিসৰৰ পৰা ২৫ শতাংশ বৃদ্ধি কৰি ৬০ শতাংশ কৰা হৈছে। ইয়াৰ উপৰিও এইচকেকেপিৰ ভূজল ঘটককো ২০২১-২২ৰ বাবে অস্থায়ীভাৱে মঞ্জুৰ কৰা হৈছে। ইয়াৰ লক্ষ্য হৈছে ১.৫২ লাখ হেক্টৰ ভূমিৰ বাবে জলসিঞ্চন ক্ষমতা বৃদ্ধি কৰা।

 

ৱাটাৰছেড বিকাশ ঘটকৰ লক্ষ্য হৈছে বৰষুণৰ পানীৰ দ্বাৰা সিঞ্চিত এলেকাৰ বিকাশ কৰা। ইয়াৰ বাবে মাটি আৰু পানী সংৰক্ষণ, ভূজলৰ ক্ষতিপূৰণ, মাটি বৈ যোৱা ৰোধ কৰা তথা জল সংৰক্ষণ আৰু প্ৰবন্ধন সম্পৰ্কীয় বিস্তাৰ গতিবিধিক উৎসাহিত কৰা। ভূমি সম্পদ বিকাশৰ স্বীকৃত ৱাটাৰছেড বিকাশ ঘটকত ২০২১-২৬ৰ সময়ত সংৰক্ষিত জলসিঞ্চনৰ জৰিয়তে, অতিৰিক্ত ২.৫ লাখ হেক্টৰ ভূমি অন্তৰ্ভুক্ত কৰিবলৈ ৪৯.৫ লাখ হেক্টৰ বৰষুণৰ পৰা সিঞ্চিত/অনুপযোগী ভূমিক সামৰি লোৱা স্বীকৃত পৰিকল্পনাসমূহ সম্পূৰ্ণ কৰাৰ ব্যৱস্থা কৰা হৈছে। কাৰ্যক্ৰমত স্প্ৰিংছেডৰ বিকাশৰ বাবে বিশেষ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে।

 

পৃষ্ঠভূমিঃ

 

পিএমকেএছৱাইক ২০১৫ত আৰম্ভ কৰা হৈছিল আৰু ই এক প্ৰধান যোজনা। ইয়াৰ জৰিয়তে ইয়াত উল্লিখিত বিশেষ কামকাজৰ বাবে ৰাজ্য চৰকাৰসমূহক কেন্দ্ৰীয় সাহায্য প্ৰদান কৰা হয়। ইয়াত জল সম্পদ বিভাগ, নদী বিকাশ আৰু গংগা সংৰক্ষণৰ দুটা প্ৰধান ঘটক অন্তৰ্ভুক্ত আছে, ত্বৰিত জলসিঞ্চনলাভ কাৰ্যক্ৰম আৰু প্ৰত্যেক খেতিক পানী। এইচকেকেপিত চাৰিটা উপ-ঘটক আছে- কমাণ্ড ক্ষেত্ৰ বিকাশ (চিএডি), উপৰিভাগ লঘু জলসিঞ্চন (এছএমআই), জল স্ৰোতৰ উদ্ধাৰ, সংশোধন আৰু বিস্তাৰ (আৰআৰআৰ) তথা ভূজল বিকাশ। ইয়াৰ উপৰিও ভূমি-জল বিকাশযুক্ত অংশক ভূমি সম্পদ বিকাশৰ দ্বাৰা ৰূপায়ণ কৰি থকা হৈছে।

 

পিএমকেএছৱাইৰ আন ঘটক, অৰ্থাৎ প্ৰতি টোপাল অধিক ফচলক কৃষি আৰু কৃষক কল্যাণ বিভাগে ৰূপায়ণ কৰি আছে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's forex reserves hit all-time high of $729.33 billion after $12.42 billion jump

Media Coverage

India's forex reserves hit all-time high of $729.33 billion after $12.42 billion jump
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 আগষ্ট 2026
August 29, 2026

New India, New Speed, New Stage: Missiles, Medals, Multilateralism under PM Modi