আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অর্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে বিহাৰৰ  বাক্সাৰ-ভাগলপুৰ হাই-স্পীড কৰিডৰ ৪ লেন গ্ৰীণফিল্ড প্ৰৱেশ নিয়ন্ত্ৰিত মকামা-মুংগেৰ অংশ হাইব্ৰিড এনুইটি মোড (HAM)ত মুঠ প্ৰকল্পৰ দৈৰ্ঘ্যৰ ৮২.৪০০ কিলোমিটাৰৰ বাবে মুঠ মূলধনী ব্যয় ৪৪৪৭.৩৮ কোটি টকা অনুমোদন জনাইছে। ।

পৰিশিষ্ট-১ ত উল্লেখ কৰা ধৰণে অংশটোৱে ভাগলপুৰৰ সৈতে সংযোগ কৰা মকামা, বৰাহিয়া, লক্ষীচৰাই, জামালপুৰ, মুংগেৰ আদি গুৰুত্বপূৰ্ণ আঞ্চলিক চহৰসমূহৰ মাজেৰে পাৰ হৈ যাব আৰু উন্নত  সংযোগ প্ৰদান কৰিব।

পূব বিহাৰৰ মুংগেৰ–জামালপুৰ-ভাগলপুৰে  অস্ত্ৰ নিৰ্মাণ কাৰখানা (বৰ্তমানৰ বন্দুক কাৰখানা আৰু এম/অ’ প্ৰতিৰক্ষাৰ দ্বাৰা অৰ্ডানেন্স ফেক্টৰী কৰিডৰৰ অংশ হিচাপে আৰু ১টা প্ৰস্তাৱ), ইঞ্জিন ৱৰ্কশ্বপ  (জামালপুৰত), খাদ্য প্ৰক্ৰিয়াকৰণ (যেনে, মুংগেৰত আইটিচি) আৰু আনুষংগিক লজিষ্টিক তথা  গুদামসমূহৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি এটা মূল ঔদ্যোগিক অঞ্চল হিচাপে আত্মপ্ৰকাশ কৰিছে। ভাগলপুৰ বস্ত্ৰ আৰু লজিষ্টিক হাব হিচাপে পৰিগণিত হৈছে , ভাগলপুৰী ৰেচম (ভাগলপুৰৰ প্ৰস্তাৱিত বস্ত্ৰ পৰিৱেশ তন্ত্ৰৰ যি প্ৰদআন আকৰ্ষণ । বৰাহিয়াই খাদ্য পেকেজিং, প্ৰচেছিং আৰু কৃষি গুদামৰ বিশেষ  অঞ্চল হিচাপে আত্মপ্ৰকাশ কৰিছে। অঞ্চলটোত বৰ্ধিত অৰ্থনৈতিক কাৰ্যকলাপে ভৱিষ্যতে সা-সামগ্ৰীৰ  চলাচল আৰু মকামা-মুংগেৰ অংশত যাতায়ত বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।

ক্ল’জ টোলিঙৰ সৈতে ৪-লেন প্ৰৱেশ নিয়ন্ত্ৰিত কৰিড’ৰে, ১০০ কিলোমিটাৰত  প্ৰতি ঘণ্টাৰ  গতিৰ সৈতে ৮০ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ গড় বাহনৰ গতিক সমৰ্থন কৰি সামগ্ৰিক যাত্ৰাৰ সময় প্ৰায় ১.৫ ঘণ্টালৈ হ্ৰাস কৰিব, একে সময়তে যাত্ৰী আৰু মালবাহী বাহন উভয়ৰে বাবে সুৰক্ষিত, দ্ৰুত আৰু নিৰৱচ্ছিন্ন সংযোগ প্ৰদান কৰিব।

৮২.৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰস্তাৱিত প্ৰকল্পটোৱে প্ৰায় ১৪.৮৩ লাখ মানৱ শ্ৰমৰ প্ৰত্যক্ষ নিয়োগ আৰু ১৮.৪৬ লাখ মানৱ শ্ৰমৰ পৰোক্ষ কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব। প্ৰস্তাৱিত কৰিডৰৰ কাষৰীয়া অঞ্চলত অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধিৰ বাবে এই প্ৰকল্পটোৱে অতিৰিক্ত কৰ্মসংস্থাপনৰো সুযোগ সৃষ্টি  কৰিব ।

 

              পৰিশিষ্ট-১

 

মকামা-মুংগেৰৰ বাবে প্ৰকল্পৰ মানচিত্ৰ

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Stranded in Tehran, 50 Iranian Sikhs return safely to India

Media Coverage

Stranded in Tehran, 50 Iranian Sikhs return safely to India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 02 আগষ্ট 2026
August 02, 2026

Youth. Manufacturing. Digital Trust. The Three Engines Powering New Bharat Under PM Modi