সকলো খণ্ডতে চাকৰিৰ সৃষ্টি, নিয়োগ নিশ্চয়তা আৰু সামাজিক সুৰক্ষা বৃদ্ধিৰ আঁচনি
উৎপাদন খণ্ডৰ লগতে নৱাগতসকলৰ বাবে উদনিমূলক পদক্ষেপত গুৰুত্ব আৰোপ
নৱাগতসকলে দুটা কিস্তিত ১৫,০০০/- টকা পৰ্যন্ত এমাহৰ মজুৰি পাব
এক লাখ কোটি টকা ব্যয়ৰে দুবছৰত ৩.৫ কোটিতকৈ অধিক চাকৰিৰ সৃষ্টিত সহায় কৰিব পৰাকৈ আঁচনি গ্ৰহণ

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ  অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে উৎপাদন খণ্ডত বিশেষ গুৰুত্ব  আৰোপ  কৰি  নিয়োগ সৃষ্টিৰ সহায়ক হোৱাকৈ  তথা  নিয়োগ ক্ষমতা আৰু সামাজিক সুৰক্ষা বৃদ্ধিৰ বাবে সকলো খণ্ডতে নিয়োগ সংযুক্ত উদগনি  (ELI) আঁচনিত অনুমোদন জনাইছে।এই আঁচনিৰ অধীনত নৱাগত  কৰ্মচাৰীসকলে এমাহৰ মজুৰি (১৫,০০০/- টকা পৰ্যন্ত) লাভ কৰাৰ বিপৰীতে নিয়োগকৰ্তাসকলক অতিৰিক্ত কৰ্মসংস্থাপন সৃষ্টিৰ বাবে দুবছৰৰ বাবে উদগনি প্ৰদান কৰা হ’ব। একেদৰে উৎপাদন খণ্ডৰ বাবে আৰু দুবছৰৰ বাবে বৰ্ধিত সুবিধা প্ৰদান কৰা হ’ব। ২০২৪-২৫ চনৰ কেন্দ্ৰীয় বাজেটত ৪.১ কোটি যুৱক-যুৱতীৰ বাবে নিয়োগ, দক্ষতা আৰু অন্যান্য সুযোগৰ সুবিধা প্ৰদানৰ বাবে পাঁচখন আঁচনি প্ৰধানমন্ত্ৰীৰ  পেকেজৰ অংশ হিচাপে ঘোষণা কৰা হৈছিল, যত  মুঠ বাজেট ব্যয় ২ লাখ কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল।

 

৯৯,৪৪৬ কোটি টকা ব্যয়ৰে গ্ৰহণ কৰা ই এল আই আঁচনিৰ লক্ষ্য হৈছে দেশত ২ বছৰৰ ভিতৰত ৩.৫ কোটিতকৈ অধিক চাকৰিৰ সৃষ্টি কৰা। ইয়াৰে ১.৯২ কোটি হিতাধিকাৰী হ’ব নৱাগতসকল, যিসকলে কৰ্মশক্তিত নতুনকৈ প্ৰৱেশ কৰিব। ২০২৫ চনৰ ০১ আগষ্টৰ পৰা ২০২৭ চনৰ ৩১ জুলাইৰ ভিতৰত সৃষ্টি হোৱা চাকৰিৰ ক্ষেত্ৰত এই আঁচনিৰ সুবিধা প্ৰযোজ্য হ’ব।

 

আঁচনিখন দুটা অংশৰে গঠিত , য’ত খণ্ড  কই নৱাগতসকলৰ বাবে  আৰু খ অংশ নিয়োগকৰ্তাসকলৰ বাবে ৰখা হৈছে

 

খণ্ড ক : প্ৰথমবাৰৰ বাবে নিযুক্তি লাভ কৰা কৰ্মচাৰীৰ বাবে  উদগনিঃ 

 

ইপিএফঅ’ত প্ৰথমবাৰৰ বাবে পঞ্জীয়ন কৰা কৰ্মচাৰীসকলক লক্ষ্য কৰি এই অংশত ১৫ হাজাৰ টকা পৰ্যন্ত এমাহৰ ইপিএফৰ মজুৰি দুটা কিস্তিত প্ৰদান কৰা হ’ব। ১ লাখ টকা পৰ্যন্ত দৰমহা পোৱা  কৰ্মচাৰীও ইয়াৰ বাবে  যোগ্যতা অৰ্জন কৰিব। প্ৰথম কিস্তি ৬ মাহৰ সেৱাৰ পিছত আৰু দ্বিতীয়    কিস্তি ১২ মাহৰ সেৱা আৰু কৰ্মচাৰীয়ে বিত্তীয় সাক্ষৰতা কাৰ্যসূচী সম্পূৰ্ণ কৰাৰ পিছত প্ৰদান কৰিব লাগিব। সঞ্চয়ৰ অভ্যাসক উৎসাহিত কৰিবলৈ উদগনিৰ  এটা অংশ নিৰ্দিষ্ট সময়ৰ বাবে জমা একাউণ্টত সঞ্চয় হিচাবে  ৰখা হ’ব আৰু পৰৱৰ্তী সময়ত  কৰ্মচাৰীয়ে সেয়া  উলিয়াব পাৰিব।

ক খণ্ডত  প্ৰায় ১.৯২ কোটি প্ৰথমবাৰৰ বাবে নিযুক্তি পোৱা কৰ্মচাৰী উপকৃত হ’ব।

 

খ অংশ: নিয়োগকৰ্তাসকলক সহায়:

 

এই অংশত সকলো খণ্ডতে অতিৰিক্ত নিয়োগ সৃষ্টিৰ বিষয়ে আলোচনা কৰা হ’ব, য’ত বিশেষভাৱে উৎপাদন খণ্ডৰ বিষয়ত  গুৰুত্ব দিয়া হ’ব। ১ লাখ টকা পৰ্যন্ত দৰমহা পোৱা  কৰ্মচাৰীৰ ক্ষেত্ৰত নিয়োগকৰ্তাসকলে উদগনি  লাভ কৰিব। চৰকাৰে নিয়োগকৰ্তাক উদগনি  দিব, প্ৰতিমাহে ৩০০০ টকা পৰ্যন্ত, দুবছৰৰ বাবে, কমেও ছমাহৰ বাবে স্থায়ীভাবে নিযুক্তি  পোৱা  প্ৰতিজন অতিৰিক্ত কৰ্মচাৰীৰ বাবে এই সুবিধা থাকিব। উৎপাদন খণ্ডৰ বাবে ৩য় আৰু ৪ৰ্থ বছৰলৈও উদগনি বৃদ্ধি কৰা হ’ব।

 

ইপিএফঅ’ত পঞ্জীয়নভুক্ত প্ৰতিষ্ঠানসমূহে কমেও ছমাহৰ বাবে স্থায়ী ভিত্তিত কমেও দুজন অতিৰিক্ত কৰ্মচাৰী (৫০ জনতকৈ কম কৰ্মচাৰী থকা নিয়োগকৰ্তাৰ বাবে) বা পাঁচজন অতিৰিক্ত কৰ্মচাৰী (৫০ জন বা তাতকৈ অধিক কৰ্মচাৰী থকা নিয়োগকৰ্তাৰ বাবে) নিযুক্তি দিব লাগিব।

 

উদগনিৰ গাঁথনি তলত দিয়া ধৰণে হ’ব:

 

                                                                          

অতিৰিক্ত কৰ্মচাৰীৰ ইপিএফ মজুৰিৰ শ্লেব (টকাত)

নিয়োগকৰ্তাক লাভ (প্ৰতি মাহে অতিৰিক্ত নিয়োগৰ বাবে)

১০,০০০ টকা পৰ্যন্ত*

১০০০ টকা পৰ্যন্ত

১০ হাজাৰতকৈ অধিক আৰু ২০ হাজাৰ টকা পৰ্যন্ত

২০০০ টকা

২০,০০০ টকাতকৈ অধিক (১ লাখ টকা/মাহৰ দৰমহালৈকে)

৩০০০ টকা

*ইপিএফ থকা কৰ্মচাৰীৰ ক্ষেত্ৰত  ১০ হাজাৰ টকাৰ সমানুপাতিক উদগনি লাভ কৰিব।

এই অংশই প্ৰায় ২.৬০ কোটি ব্যক্তিৰ অতিৰিক্ত নিয়োগ সৃষ্টিৰ বাবে নিয়োগকৰ্তাসকলক উদগনি যোগাব বুলি আশা কৰা হৈছে।

 

উদগনিমূলক পেমেন্ট ব্যৱস্থা:

 

আঁচনিখনৰ ক খণ্ডৰ অধীনত প্ৰথমবাৰৰ বাবে কৰ্মচাৰীক দিয়া সকলো ধন আধাৰ ব্ৰীজ পেমেণ্ট চিষ্টেম (এবিপিএছ) ব্যৱহাৰ কৰি ডিবিটি (ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ) মোডৰ জৰিয়তে কৰা হ’ব। খ খণ্ডৰ অধীনত নিয়োগকৰ্তাসকলক দিয়া ধন পোনপটীয়াকৈ তেওঁলোকৰ পেন সংযুক্ত একাউণ্টত দিয়া হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India pulls off a power miracle. A big thanks to the Sun

Media Coverage

India pulls off a power miracle. A big thanks to the Sun
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam highlighting how enthusiasm and positive energy lead to success
April 30, 2026

Prime Minister Shri Narendra Modi today shared a Sanskrit Subhashitam highlighting that enthusiasm and positive energy inspire a person to remain consistently active in their actions.

The Prime Minister noted that this unwavering enthusiasm leads all those efforts to success which a person resolves to accomplish.

The Prime Minister posted on X:

"कर्मशील और ऊर्जावान देशवासी ही राष्ट्र की सबसे बड़ी शक्ति हैं, जिनके परिश्रम से विकास की नई राहें तय होती हैं। इनके प्रयासों से देश समृद्धि, आत्मनिर्भरता और उन्नति के शिखर को छूता है।

अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः।

करोति सफलं जन्तोः कर्म यच्च करोति सः॥"
Enthusiasm and positive energy inspire a person to remain consistently active in their actions. This unwavering enthusiasm leads all those efforts to success which a person resolves to accomplish.