প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত  কেন্দ্ৰীয় কেবিনেটে আজি ২০২৫ চনৰ মাৰ্চৰ পিছত ২০২৮ চনৰ মাৰ্চলৈকে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক  যোজনা-III (PMGSY-III) অব্যাহত ৰখাৰ বাবে অনুমোদন প্ৰদান কৰিছে ।

ইয়াৰ লগত গ্ৰামীন কৃষি বজাৰ (গ্ৰাম), উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চিকিৎসালয়ৰ সৈতে বাসস্থানসমূহ পথেৰে সংযোগ কৰা আৰু প্ৰধান  গ্ৰাম্য সংযোগসমূহ একত্ৰিত কৰাৰ বিষয়সমূহ  জড়িত হৈ আছে। আঁচনিখনৰ সংশোধিত ব্যয় হ’ব ৮৩,৯৭৭ কোটি টকা।

কেবিনেটে  অন্যান্য বিষয়ৰ লগতে তলত উল্লেখ কৰা বিষয়সমূহতো অনুমোদন জনায়।

i. সমতল অঞ্চলত পথ আৰু দলং তথা  পাহাৰীয়া অঞ্চলৰ পথৰ কাম সম্পূৰ্ণ কৰাৰ বাবে ২০২৮ চনৰ মাৰ্চ পৰ্যন্ত সময়সীমা বৃদ্ধি।

ii. পাহাৰীয়া অঞ্চলত দলং নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে ২০২৯ চনৰ মাৰ্চ পৰ্যন্ত সময়সীমা বৃদ্ধি।

iii. ৩১.০৩.২০২৫ তাৰিখৰ পূৰ্বে অনুমোদিত কিন্তু এতিয়ালৈকে কাম নোহোৱা কামসমূহ নিবিদাৰ বাবে লোৱা হ’ব পাৰে।

iv. লং স্পেন দলং (এল এছ বি) (১৬১ নং আৰু আনুমানিক ব্যয় ৯৬১ কোটি টকা) অনুমোদনৰ বাবে বাকী আছে,  ইতিমধ্যে অনুমোদিত পথৰ  বাবে অনুমোদন আৰু নিবিদা প্ৰদান কৰিব পাৰি।

v. ব্যয়ৰ পুনৰীক্ষণ ৮০,২৫০ কোটি টকাৰ মূল ব্যয়ৰ পৰা ৮৩,৯৭৭ কোটি টকালৈ বৃদ্ধি ।

লাভসমূহ:

পিএমজিএছৱাই-IIIৰ সময়সীমা বৃদ্ধিয়ে গ্ৰাম্য পথসমূহৰ লক্ষ্য নিৰ্ধাৰণ কৰি উন্নীতকৰণ সম্পূৰ্ণ কৰাটো নিশ্চিত কৰি ইয়াৰ উদ্দেশ্যনিহিত  আৰ্থ-সামাজিক সুবিধাসমূহ সম্পূৰ্ণৰূপে উপলব্ধি কৰিবলৈ সক্ষম কৰিব। ই কৃষি আৰু অ-কৃষিজাত সামগ্ৰীৰ বজাৰত প্ৰৱেশ বৃদ্ধি কৰি, পৰিবহণৰ সময় আৰু খৰচ হ্ৰাস কৰি আৰু তাৰ দ্বাৰা গ্ৰাম্য আয়ৰ উন্নতি সাধন কৰি গ্ৰাম্য অৰ্থনীতি আৰু বাণিজ্যক যথেষ্ট উন্নীত কৰিব। উন্নত সংযোগে শিক্ষা আৰু স্বাস্থ্যসেৱা প্ৰতিষ্ঠানসমূহৰ উন্নত প্ৰৱেশৰ সুবিধা প্ৰদান কৰিব, বিশেষকৈ দূৰৱৰ্তী আৰু কম সেৱা লাভ কৰা অঞ্চলসমূহত অত্যাৱশ্যকীয় সেৱাসমূহৰ সময়মতে প্ৰদান কৰাটো নিশ্চিত কৰিব।

নিৰন্তৰ ৰূপায়ণে নিৰ্মাণ কাৰ্য্যকলাপৰ জৰিয়তে প্ৰত্যক্ষভাৱে আৰু পৰোক্ষভাৱে গ্ৰাম্য উদ্যোগ আৰু সেৱাসমূহক প্ৰসাৰিত কৰিও যথেষ্ট নিয়োগৰ সুযোগ সৃষ্টি কৰিব। সামগ্ৰিকভাৱে এই সম্প্ৰসাৰণে গ্ৰাম্য-নগৰীয়া বিভাজন দূৰ কৰি আৰু বিক্ষিত ভাৰত ২০৪৭ৰ দৃষ্টিভংগীক আগুৱাই নিয়াৰ জৰিয়তে সৰ্বাংগীন আৰু বহনক্ষম উন্নয়নত অৰিহণা যোগাব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
One of the world’s first canal-top solar projects placed a 750-meter solar array above an Indian irrigation canal, generating clean power while saving an estimated 9 million liters of water each year

Media Coverage

One of the world’s first canal-top solar projects placed a 750-meter solar array above an Indian irrigation canal, generating clean power while saving an estimated 9 million liters of water each year
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 জুলাই 2026
July 17, 2026

Green Trains, Private Rockets & Global Partnerships — PM Modi’s New India is Playing to Win