বিভিন্ন ক্ষেত্ৰত আঞ্চলিক সহযোগিতা অধিক শক্তিশালী কৰাৰ বিষয়ে প্ৰধানমন্ত্ৰীৰ আলোচনা
প্ৰধানমন্ত্ৰীয়ে বিমষ্টেকৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতা সুনিশ্চিত কৰে
প্ৰধানমন্ত্ৰীয়ে আগন্তুক বিমষ্টেক সন্মিলনৰ বাবে থাইলেণ্ডৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন ব্যক্ত কৰে

বিমষ্টেকৰ সদস্য ৰাষ্ট্ৰসমূহৰ বৈদেশিক মন্ত্ৰীসকলে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক যৌথভাৱে সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰী গোটৰ সৈতে সংযোগ, শক্তি, বাণিজ্য, স্বাস্থ্য, কৃষি, বিজ্ঞান, নিৰাপত্তা আৰু জনসাধাৰণৰ পৰস্পৰৰ সৈতে থকা আদান-প্ৰদানকে ধৰি বিভিন্ন ক্ষেত্ৰত আঞ্চলিক সহযোগিতা অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত ফলপ্ৰসূ আলোচনা কৰে। তেওঁ অৰ্থনৈতিক আৰু সামাজিক বিকাশ ত্বৰান্বিত কৰাৰ হোতা হিচাপে বিমষ্টেকৰ ভূমিকা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে।

তেওঁ এক শান্তিপূৰ্ণ, সমৃদ্ধ, স্থায়ী আৰু সুৰক্ষিত বিমষ্টেক অঞ্চলৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাদোহৰাৰ লগতে অঞ্চলটোৰ সামগ্ৰিক বিকাশৰ বাবে ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিতথাপ্ৰাচ্য দৰ্শন নীতিৰউপৰি নিৰাপত্তাৰ বাবেথকা সাগৰ দৃষ্টিভংগীৰ তাৎপৰ্য সন্দৰ্ভত আলোকপাত কৰে।

প্ৰধানমন্ত্ৰীয়ে ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া আগন্তুক বিমষ্টেক সন্মিলনৰ বাবে থাইলেণ্ডৰ প্ৰতি ভাৰতৰ সম্পূৰ্ণ সমৰ্থন ব্যক্ত কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modi Govt’s 12 years are transformational for industry’

Media Coverage

‘Modi Govt’s 12 years are transformational for industry’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 জুন 2026
June 12, 2026

Breaking Barriers, Building Bharat: PM Modi’s Historic Push for Gender Equality and Inclusive Growth