Cabinet approved Gaganyaan Follow-on Missions and building of Bharatiya Antariksh Station: Gaganyaan – Indian Human Spaceflight Programme revised to include building of first unit of BAS and related missions
Human space flight program to continue with more missions to space station and beyond

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ‘গগনযান কাৰ্যসূচী’ৰ পৰিসৰ বৃদ্ধি কৰি ‘ভাৰতীয় অন্তৰীক্ষ ষ্টেশ্যন’ৰ প্ৰথমটো গোট নিৰ্মাণৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে। ‘ভাৰতীয় অন্তৰীক্ষ ষ্টেশ্যন’ (বিএএছ-১)ৰ প্ৰথম ‘মডিউল’-ৰ বিকাশ আৰু ‘বিএএছ’ নিৰ্মাণ আৰু পৰিচালনাৰ বাবে বিভিন্ন প্ৰযুক্তি প্ৰদৰ্শন আৰু বৈধতা প্ৰদান কৰাৰ বাবে অভিযান হাতত লবলৈ কেবিনেটে অনুমোদন প্ৰদান কৰে। ‘বিএএছ’ আৰু ‘পূৰ্বসূৰী অভিযান’ৰ বাবে নতুন বিকাশ, আৰু চলিত গগনযান কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে অতিৰিক্ত প্ৰয়োজনীয়তা অন্তৰ্ভুক্ত কৰিবলৈ গগনযান কাৰ্যসূচীৰ পৰিসৰ আৰু পুঁজি সংশোধন কৰা।

‘বিএএছ’-ৰ বাবে উন্নয়ন আৰু বাৰ্তাবাহী অভিযানৰ পৰিসৰ অন্তৰ্ভুক্ত কৰাৰ লগতে চলিত ‘গগনযান কাৰ্যসূচী’ৰ বিকাশৰ বাবে এটা অতিৰিক্ত ‘মানৱ-ৰহিত মিছন’ আৰু অতিৰিক্ত হাৰ্ডৱে’ৰ-ৰ প্ৰয়োজনীয়তা নিৰ্ধাৰণ কৰিবলৈ  ‘গগনযান কাৰ্যসূচী’ত সংশোধন কৰা হৈছে। এতিয়া মানৱ মহাকাশ যাত্ৰা কাৰ্যসূচীৰ প্ৰযুক্তি বিকাশ আৰু প্ৰদৰ্শনৰ বাবে ‘বিএএছ-১’ৰ প্ৰথম গোটৰ গঠন তথা উন্মোচন হ'ব লগা আঠটা অভিযান ২০২৮ৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব।

২০১৮ চনৰ ডিচেম্বৰ মাহত অনুমোদিত গগনযান কাৰ্যসূচীত ‘ল’ আৰ্থ অৰ্বিট’লৈ ‘মানৱবাহী মহাকাশ যাত্ৰা’ কৰা আৰু দীৰ্ঘম্যাদী সময়ত ‘ভাৰতীয় মানৱ মহাকাশ অন্বেষণ কাৰ্যসূচী’ৰ বাবে প্ৰয়োজনীয় প্ৰযুক্তিৰ ভেটি স্থাপন কৰাৰ পৰিকল্পনা কৰা হৈছিল। ‘অমৃত কাল’ত মহাকাশ সম্পৰ্কীয় দৃষ্টিভংগীত অন্যান্য কৰ্মসূচীৰ লগতে ২০৩৫ চনৰ ভিতৰত এক কাৰ্যকৰী ‘ভাৰতীয় অন্তৰীক্ষ ষ্টেশ্যন’ গঢ়ি তোলা আৰু ২০৪০ চনৰ ভিতৰত ‘ভাৰতীয় মানৱবাহী চন্দ্ৰ অভিযান’ৰ পৰিকল্পনা কৰা হৈছে। সকলো আগশাৰীৰ মহাকাশ ভ্ৰমণকাৰী ৰাষ্ট্ৰই দীৰ্ঘম্যাদী মানৱ মহাকাশ অভিযান আৰু চন্দ্ৰ আৰু তাৰ বাহিৰলৈ অধিক অন্বেষণৰ বাবে প্ৰয়োজনীয় সামৰ্থ্য বিকাশ তথা কাৰ্যকৰী কৰাৰ বাবে যথেষ্ট প্ৰচেষ্টা আৰু বিনিয়োগ কৰি আছে।

‘গগনযান কাৰ্যসূচী’ হ'ব উদ্যোগ, শিক্ষা আৰু অন্যান্য ৰাষ্ট্ৰীয় সংস্থাসমূহৰ সহযোগী অংশীদাৰ হিচাপে ‘ইছৰো’ৰ নেতৃত্বত এক ৰাষ্ট্ৰীয় প্ৰচেষ্টা। কাৰ্যসূচীটো ‘ইছৰো’ৰ ভিতৰত ‘প্ৰতিষ্ঠিত প্ৰকল্প ব্যৱস্থাপনা প্ৰণালী’ৰ জৰিয়তে ৰূপায়ণ কৰা হ'ব। লক্ষ্য হৈছে দীৰ্ঘম্যাদী মানৱ মহাকাশ অভিযানৰ বাবে গুৰুত্বপূৰ্ণ প্ৰযুক্তি বিকশিত কৰা  আৰু প্ৰদৰ্শন কৰা। এই লক্ষ্য প্ৰাপ্ত কৰিবলৈ, ‘ইছৰো’ৱে ২০২৬ চনৰ ভিতৰত চলিত গগনযান কাৰ্যসূচীৰ অধীনত চাৰিটা অভিযান আৰু ‘বিএএছ’-ৰ ‘প্ৰথম মডিউল’ৰ বিকাশ আৰু ২০২৮ৰ ডিচেম্বৰ মাহৰ ভিতৰত ‘বিএএছ’-ৰ বাবে বিভিন্ন প্ৰযুক্তিৰ প্ৰদৰ্শন আৰু বৈধতাৰ বাবে চাৰিটা অভিযান ৰূপায়ণ কৰিব।

ৰাষ্ট্ৰখনে ‘ল’ আৰ্থ অৰ্বিট’লৈ মানৱ মহাকাশ অভিযানৰ বাবে অত্যাৱশ্যকীয় প্ৰযুক্তিগত সামৰ্থ্য অৰ্জন কৰিব। ‘ভাৰতীয় আন্তৰীক্ষ ষ্টেশ্যন’ৰ দৰে এক ৰাষ্ট্ৰীয় মহাকাশ-আধাৰিত সুবিধাই ‘মাইক্ৰ'গ্ৰেভিটী’ আধাৰিত বৈজ্ঞানিক গৱেষণা আৰু প্ৰযুক্তি বিকাশ কাৰ্যকলাপ বৃদ্ধি কৰিব। ইয়াৰ ফলত প্ৰযুক্তিগত উন্নয়ণ সম্ভৱ হ'ব আৰু গৱেষণা আৰু বিকাশৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰত উদ্ভাৱনক উৎসাহিত কৰিব পৰা যাব। মানৱ মহাকাশ কাৰ্যসূচীত বৰ্ধিত ঔদ্যোগিক অংশগ্ৰহণ আৰু অৰ্থনৈতিক কাৰ্যকলাপৰ ফলত নিযুক্তি বৃদ্ধি হ'ব, বিশেষকৈ মহাকাশ আৰু আনুষঙ্গিক খণ্ডৰ বিশেষ উচ্চ প্ৰযুক্তিক্ষেত্ৰত।

ইতিমধ্যে অনুমোদিত কাৰ্যসূচীত ১১১৭০ কোটি টকা পৰিমাণৰ মুঠ অতিৰিক্ত পুঁজিৰ সৈতে সংশোধিত পৰিসৰৰ গগনযান কাৰ্যসূচীৰ বাবে মুঠ পুঁজি ২০১৯৩ কোটি টকালৈ বৃদ্ধি কৰা হৈছে।

এই কাৰ্যসূচীয়ে বিশেষকৈ দেশৰ যুৱপ্ৰজন্মৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত কেৰিয়াৰ গঢ়ি তোলাৰ লগতে ‘মাইক্ৰ'গ্ৰেভিটী’ আধাৰিত বৈজ্ঞানিক গৱেষণা আৰু প্ৰযুক্তি বিকাশ কাৰ্যকলাপত সুযোগ আগবঢ়োৱাৰ এক অনন্য সুযোগ প্ৰদান কৰিব। ইয়াৰ ফলত উদ্ভাৱন আৰু প্ৰযুক্তিগত উন্নয়ণে সমাজক বৃহৎ পৰিমাণে লাভান্বিত কৰিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways to roll out the first rake of 20 LHB coaches for Bangladesh Railway on August 12

Media Coverage

Indian Railways to roll out the first rake of 20 LHB coaches for Bangladesh Railway on August 12
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 আগষ্ট 2026
August 12, 2026

India Rising on Every Front: Economic Strength, Global Recognition & Self-Reliance Under PM Modi’s Vision