৫ বছৰৰ ভিতৰত ৫০,০০০ দক্ষ কৰ্মী আৰু সম্ভাৱ্য প্ৰতিভাকে ধৰি ভাৰতৰ পৰা জাপানলৈ ৫০০,০০০ কৰ্মীৰ পাৰস্পৰিক বিনিময় লক্ষ্য লোৱা হৈছে।

ভাৰত-জাপান বাৰ্ষিক সন্মিলন ২০২৫ৰ সময়ত ভাৰত আৰু জাপানৰ প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ আৰু বিনিময়ৰ জৰিয়তে তেওঁলোকৰ নাগৰিকসকলৰ মাজত গভীৰ বুজাবুজি গঢ়ি তোলাৰ লগতে তেওঁলোকৰ মানৱ সম্পদৰ বাবে সহযোগিতামূলক পথ বিচাৰি উলিওৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত সহমত প্ৰকাশ কৰে আৰু নিজ নিজ ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ অনুসৰি কাম কৰে।

সেই অনুসৰি ভাৰত আৰু জাপানৰ ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডই পৰৱৰ্তী প্ৰজন্মত দুয়োখন দেশৰ মাজত সেতু হিচাপে কাম কৰিবলৈ কৰ্মী বিনিময় সম্প্ৰসাৰণৰ বাবে চেষ্টা চলাব। অহা পাঁচ বছৰত দুয়ো পক্ষৰ মাজত ৫,০০,০০০ৰো অধিক কৰ্মীৰ বিনিময়ৰ অভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছে দুয়োখন দেশে। ইয়াৰ ভিতৰত ভাৰত আৰু জাপানৰ জনসাধাৰণৰ মাজত বিনিময়ৰ নতুন ঢৌ সৃষ্টি কৰিবলৈ ভাৰতৰ পৰা জাপানলৈকে ৫০ হাজাৰ দক্ষ কৰ্মী আৰু সম্ভাৱ্য প্ৰতিভা অন্তৰ্ভুক্ত কৰা হৈছে। এনে প্ৰচেষ্টাসমূহে তলত উল্লেখ কৰা উদ্দেশ্যসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।

i. আনুষংগিক ধাৰণাৰ ব্যৱধান দূৰ কৰি ভাৰতৰ পৰা জাপানলৈ দক্ষ কৰ্মী আৰু সম্ভাৱ্য প্ৰতিভাক আকৰ্ষণ কৰা।

ii. দুয়োখন দেশতে যৌথ গৱেষণা, বাণিজ্যিকীকৰণ আৰু মূল্য সৃষ্টিৰ বাবে জনশক্তিৰ সুযোগৰ লাভ আহৰণ কৰা।

iii. ভাৰতত জাপানী ভাষা শিক্ষাক প্ৰসাৰ কৰা, লগতে ভৱিষ্যতৰ বাবে বিনিয়োগ হিচাপে দ্বিমুখী সাংস্কৃতিক, শৈক্ষিক আৰু তৃণমূল পৰ্যায়ৰ আদান-প্ৰদানক প্ৰসাৰ কৰা।

iv. দক্ষতা বিকাশৰ প্ৰসাৰ আৰু ইয়াৰ উৎপাদন খণ্ড শক্তিশালী কৰাৰ লক্ষ্যৰে আই টি কৰ্মীকে ধৰি জনশক্তিৰ নাটনিৰ সন্মুখীন হোৱা জাপান আৰু ভাৰত উভয়ৰে বাবে অৰ্থনৈতিকভাৱে উপকাৰী সুযোগসমূহ ব্যৱহাৰ কৰা।

v.জাপানী কোম্পানী আৰু ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ মাজত যোগাযোগ বিন্দু শক্তিশালী কৰা।

ইয়াৰ দিশত ভাৰত আৰু জাপানে যৌথভাৱে তলত দিয়া কাৰ্য্য পৰিকল্পনা আৰম্ভ কৰিছে, যিয়ে চৰকাৰ, উদ্যোগ আৰু শিক্ষা বিভাগৰ বিভিন্ন সত্তাৰ প্ৰচেষ্টাৰ সহায় লৈ ভাৰতৰ পৰা জাপানলৈ দক্ষ কৰ্মী আৰু সম্ভাৱ্য প্ৰতিভাৰ সংখ্যা আগন্তুক পাঁচ বছৰত ৫০,০০০লৈ বৃদ্ধি কৰিব।

 

(১) উচ্চ দক্ষতাসম্পন্ন কৰ্মী:

অহা ৫ বছৰত জাপানলৈ ভাৰতীয় অভিযান্ত্ৰিক পেছাদাৰী আৰু শৈক্ষিক কৰ্মীৰ প্ৰবাহ বৃদ্ধি কৰা:

ক) অৰ্ধপৰিবাহী আৰু এআইকে ধৰি লক্ষ্য নিৰ্ধাৰণ কৰা ক্ষেত্ৰত জাপানী কোম্পানীসমূহত নিয়োগৰ সুযোগ সম্পৰ্কে সজাগতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰতীয় উচ্চ শিক্ষানুষ্ঠানসমূহলৈ জাপানী কোম্পানীসমূহৰ বিশেষ অভিযান।

খ) জাপানত ভাৰতীয় পেছাদাৰীসকলৰ নিয়োগৰ জৰীপ চলোৱা, উত্তম পদ্ধতি/সফলতাৰ কাহিনী চিনাক্ত কৰা, সজাগতা বৃদ্ধি আৰু নিয়োগৰ সুযোগ সহজ কৰা, যাৰ ফলত জাপানত ভাৰতীয় প্ৰতিভাৰ চাকৰি বৃদ্ধি আৰু ধৰি ৰখা।

গ) জাপান এক্সচেঞ্জ এণ্ড টিচিং (JET) কাৰ্যসূচীৰ অধীনত জাপানত ভাৰতৰ ইংৰাজী ভাষাৰ এডজাণ্ট শিক্ষকসকলক নিয়োগ প্ৰসাৰ কৰা।

(২) ছাত্ৰ আৰু গৱেষক:

অহা ৫ বছৰত জাপানলৈ ভাৰতীয় ছাত্ৰ-ছাত্ৰী, বিজ্ঞানী আৰু গৱেষকৰ প্ৰবাহ বৃদ্ধি কৰা, যিটো নিম্নোক্ত মাধ্যমেৰে সহজ কৰি তোলা হ’ব:

ক) মেক্ট জাপান আৰু ভাৰতীয় শিক্ষা মন্ত্ৰালয়ৰ মাজত শিক্ষাৰ ওপৰত দ্বিপাক্ষিক উচ্চ পৰ্যায়ৰ নীতি আলোচনা, ভাৰত আৰু জাপানৰ মাজত ছাত্ৰ বিনিময়ক প্ৰসাৰিত কৰাৰ ব্যৱস্থা আৰু জাপানত ভাৰতীয় প্ৰতিভাৰ বাবে শিক্ষাৰ পিছৰ ইণ্টাৰশ্বিপ আৰু নিয়োগ সুশৃংখলিত কৰাৰ ব্যৱস্থাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা।

খ) ভাৰতৰ অংশীদাৰ বিশ্ববিদ্যালয়সমূহৰ সৈতে গুণগত মানৰ আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ বিনিময় কাৰ্যসূচী বিকশিত/পৰিচালনা কৰাত জাপানী বিশ্ববিদ্যালয়সমূহক সহায় কৰা মেক্সটৰ দ্বাৰা আন্তঃবিশ্ববিদ্যালয় বিনিময় প্ৰকল্পৰ প্ৰচাৰ।

গ) জাপান বিজ্ঞান আৰু প্ৰযুক্তি সংস্থা (জে এছ টি)ৰ ছাকুৰা বিজ্ঞান বিনিময় কাৰ্যসূচীৰ অধীনত ভাৰতীয় ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলৰ বাৰ্ষিক জাপান ভ্ৰমণ, য’ত মহিলা গৱেষকসকলক অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হ’ব।

ঘ) জাপানত অধ্যয়ন কৰা ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে জাপান চৰকাৰৰ (MEXT) বৃত্তিৰ জৰিয়তে অবিৰত সহায় আগবঢ়োৱা।

    

ঙ) দুয়োখন দেশৰ মাজত দীৰ্ঘম্যাদী প্ৰতিভাৰ বিনিময়ৰ অনুঘটক হিচাপে জাপানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে শেহতীয়াকৈ আৰম্ভ কৰা মিৰাই-ছেটু কাৰ্যসূচী, যিয়ে ভাৰতীয় বিশ্ববিদ্যালয় আৰু স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীক জাপানী কোম্পানীত ভ্ৰমণ আৰু এমাহৰ ইণ্টাৰশ্বিপ প্ৰশিক্ষণৰ বাবে আমন্ত্ৰণ জনায়।

 

চ) ভাৰতীয় আৰু জাপানৰ মন্ত্ৰালয় বা সংস্থাৰ দ্বাৰা পৰিচালিত আন্তঃৰাষ্ট্ৰীয় যুৱ বিজ্ঞান বিনিময় কাৰ্যসূচী, যিয়ে দুয়োখন দেশৰ মাজত দীৰ্ঘম্যাদী বৈজ্ঞানিক প্ৰতিভা স্থানান্তৰৰ অনুঘটক হিচাপে জাপানী প্ৰতিষ্ঠানসমূহত বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত হ্ৰস্বম্যাদী বিনিময়ৰ বাবে হাইস্কুলীয়া ছাত্ৰ-ছাত্ৰীক পোনপটীয়াকৈ আমন্ত্ৰণ জনায়।

ছ) স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীকে ধৰি যুৱ গৱেষকসকলৰ বাবে শেহতীয়াকৈ জাপানৰ মেক্সটে আৰম্ভ কৰা LOTUS প্ৰগ্ৰেম (India-Japan Movement Programme of Talented Youth in Science)। ইয়াৰ লক্ষ্য ভাৰত আৰু জাপান বিশ্ববিদ্যালয়ৰ মাজত অত্যাধুনিক ক্ষেত্ৰত যৌথ গৱেষণাক প্ৰসাৰিত কৰা। তদুপৰি,, METI এ আগ্ৰহী জাপানী কোম্পানীসমূহৰ সৈতে ইণ্টাৰশ্বিপৰ জৰিয়তে মিলনত সহায় কৰি এই কাৰ্যসূচীক সমৰ্থন কৰিব, যাৰ ফলত উদ্যোগ-শৈক্ষিক সহযোগিতা আৰু অধিক বৃদ্ধি পাব।

(৩) নিৰ্দিষ্ট দক্ষ কৰ্মী (SSW) ব্যৱস্থা/কাৰিকৰী ইণ্টাৰ্ণ প্ৰশিক্ষণ কাৰ্যসূচী (TITP):

 

৫ বছৰৰ ভিতৰত জাপানৰ এছ এছ ডব্লিউ ব্যৱস্থাৰ অধীনত ভাৰতীয় কৰ্মীৰ প্ৰবাহ বৃদ্ধি কৰা, যাৰ সহায়ত:

 

ক) ভাৰতত এছ এছ ডব্লিউ পৰীক্ষাৰ বাবে ১৬টা শাখাৰ সকলোবোৰ সামৰি ল’বলৈ চেষ্টা কৰা।

 

খ) ভাৰতৰ উত্তৰ, পূব, দক্ষিণ, পশ্চিম আৰু উত্তৰ-পূব অঞ্চল সামৰি দক্ষতা পৰীক্ষা আৰু জাপানী ভাষা পৰীক্ষাৰ বাবে নতুন পৰীক্ষা কেন্দ্ৰ স্থাপনৰ বাবে চেষ্টা কৰা।

 

গ) ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ (এম ই এ) বহিঃৰাজ্য দক্ষতা বিকাশ আঁচনি কাৰ্যসূচীৰ জৰিয়তে যোগ্য ভাৰতীয় এছ এছ ডব্লিউ কৰ্মীসকলৰ বাবে প্ৰস্থানৰ পূৰ্বে বৃত্তিমূলক ভাষা প্ৰশিক্ষণ প্ৰদান কৰা।

 

ঘ) ভাৰতৰ ই-মাইগ্ৰেট পৰ্টেলত জাপানক গন্তব্য দেশ হিচাপে অন্তৰ্ভুক্ত কৰা আৰু জাপানী নিয়োগকৰ্তাসকলে প্ৰমাণিত ভাৰতীয় কৰ্মীক নিৰাপদ, আইনী আৰু পদ্ধতিগত নিযুক্তিৰ বাবে ভাৰতৰ ৰাষ্ট্ৰীয় কেৰিয়াৰ সেৱা মঞ্চত এক নিৰ্দিষ্ট ভাৰত-জাপান কৰিডৰ সৃষ্টি কৰা।

 

ঙ) ভাৰতীয় সম্ভাৱ্য প্ৰতিভাক জাপানলৈ আকৰ্ষণ কৰা, টি আই টি পি আৰু দক্ষতা বিকাশৰ বাবে নিয়োগ (ই এছ ডি) কাৰ্যসূচীৰ জৰিয়তে, এবাৰ আৰম্ভ হোৱা।

 

(৪) দক্ষতা বিকাশঃ

 

ভাৰতত দক্ষতাৰ স্তৰ উন্নীত কৰিবলৈ আৰু বৃহৎ পৰিসৰত জাপানৰ বাবে সাজু কৰ্মশক্তি সৃষ্টি কৰিবলৈ জাপানৰ পৰিচালনা, ঔদ্যোগিক আৰু উৎপাদন ক্ষমতাক লাভৱান কৰা, য’ত অন্তৰ্ভুক্ত আছে:

 

ক) ভাৰতত জাপানী কোম্পানীসমূহে পৰিচালনা কৰা পাঠ্যক্ৰম আৰু বৃত্তিমূলক প্ৰশিক্ষণ কাৰ্যসূচীৰ খৰচৰ বাবে আৰু জাপানত ভাৰতীয় কৰ্মীসকলৰ প্ৰশিক্ষণৰ বাবে, ইণ্ডো-নিপ্পন প্ৰগ্ৰেম ফৰ এপ্লাইড কম্পিটেন্সি ট্ৰেইনিং (INPACT)ৰ দৰে পদক্ষেপৰ অধীনত ৰাজসাহায্যৰ ব্যৱস্থা কৰা।

 

খ) নতুনকৈ আৰম্ভ কৰা কাৰ্যসূচী “ভাৰত-জাপান প্ৰতিভা সেতুঁ” আৰু অন্যান্য আঁচনিৰ জৰিয়তে ভাৰতীয় ছাত্ৰ-ছাত্ৰী আৰু মধ্য কেৰিয়াৰৰ ভাৰতীয় দক্ষ পেছাদাৰীসকলৰ বাবে ইণ্টাৰশ্বিপ কাৰ্যসূচী আৰু চাকৰিৰ মিলন কাৰ্যসূচী প্ৰচাৰ কৰা।

 

গ) ভাৰতৰ ৰাজ্য চৰকাৰসমূহক ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম (NSDC)ৰ সৈতে সমন্বয়ত তেওঁলোকৰ বাসিন্দাসকলক প্ৰাসংগিক প্ৰশিক্ষণ আৰু নিযুক্তিৰ ক্ষেত্ৰত সাহায্য প্ৰদান কৰা।

 

ঘ) সমগ্ৰ জাপানত ভাৰতীয় দূতাবাস আৰু ভাৰতৰ আয়ুষ মন্ত্ৰালয়ৰ আয়ুষ কোষৰ তত্বাৱধানত যোগ আৰু আয়ুৰ্বেদৰ উৎকৃষ্টতাৰ কেন্দ্ৰ স্থাপন কৰি পৰম্পৰাগত স্বাস্থ্য পদ্ধতিৰ প্ৰতি সজাগতা বৃদ্ধি কৰা আৰু বিশেষকৈ জেৰিয়াট্ৰিক যত্নৰ ক্ষেত্ৰত ইয়াৰ অনুশীলনক উৎসাহিত কৰা।

 

(৫) ভাষা সামৰ্থ্য বিকাশঃ

 

দক্ষতা ক্ষেত্ৰসমূহৰ সৈতে প্ৰাসংগিক জাপানী ভাষা শিক্ষাৰ প্ৰসাৰ:

 

ক) চৰকাৰী পদক্ষেপ আৰু ব্যক্তিগত খণ্ডৰ প্ৰচেষ্টাৰ জৰিয়তে ভাৰতৰ শিক্ষানুষ্ঠানসমূহত ব্যৱহাৰিক জাপানী ভাষা পাঠদানৰ সুবিধা উন্নত কৰা।

 

খ) জাপানী কোম্পানীয়ে প্ৰদান কৰা ভাষা প্ৰশিক্ষণৰ খৰচৰ বাবে ৰাজসাহায্য।

 

গ) জাপানী ভাষা শিক্ষকৰ বাবে প্ৰশিক্ষণৰ সুযোগ সম্প্ৰসাৰণ কৰাৰ লগতে জাপানী ভাষা শিক্ষাৰ বিশেষজ্ঞ প্ৰেৰণ কৰি দক্ষ পাঠ্যক্ৰম আৰু সামগ্ৰী প্ৰস্তুত কৰাত সহায় কৰা।

 

ঘ) ভাৰতত নিহংগ(NIHONGO) অংশীদাৰ কাৰ্যসূচী আৰম্ভ কৰা (দীৰ্ঘম্যাদী), যাৰ জৰিয়তে জাপানী নাগৰিকসকলক মাধ্যমিক বিদ্যালয়লৈ পঠিয়াই স্থানীয় জাপানী ভাষাৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰা হয়।

 

ঙ) উদ্যোগ আৰু দক্ষ শ্ৰমিকৰ চাহিদা পূৰণৰ বাবে ভাৰতত জাপান ফাউণ্ডেচনে চলোৱা ৩৬০ ঘণ্টীয়া শিক্ষক প্ৰশিক্ষণ পাঠ্যক্ৰমৰ সম্প্ৰসাৰণ আৰু অভিমুখী কৰাৰ কথা চিন্তা কৰা।

 

চ) জাপানী ভাষা দক্ষতা পৰীক্ষা (JLPT) আৰু জাপান ফাউণ্ডেশ্যন টেষ্ট ফৰ বেচিক জাপানীজ (JFT-Basic)ৰ চাহিদা পূৰণৰ বাবে ভাৰতত জাপানী ভাষা পৰীক্ষা কেন্দ্ৰৰ সংখ্যা আৰু ক্ষমতা বৃদ্ধিৰ বাবে প্ৰচেষ্টা চলোৱা।

 

(৬) সজাগতাসমৰ্থন আৰু সমন্বয় বৃদ্ধি কৰা:

 

অহা পাঁচ বছৰৰ পাছতো এই বিনিময়সমূহক স্বাৱলম্বী কৰি তোলাৰ ভিত্তি স্থাপনৰ বাবে সজাগতা বৃদ্ধিৰ বাবে দলসমূহে সক্ৰিয়ভাৱে কাম কৰিব।

 

ক) দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয় (এম এছ ডি ই), এন এছ ডি চি আৰু অন্যান্য অংশীদাৰসকলে বিশ্ববিদ্যালয়সমূহত চাকৰি মেলা, লক্ষ্যভিত্তিক বিজ্ঞাপন অভিযান আৰু ছ’চিয়েল মিডিয়া প্ৰচাৰৰ জৰিয়তে জাপানত নিয়োগৰ সুযোগ আৰু জাপানী ভাষা শিক্ষাৰ ওপৰত অনুষ্ঠানৰ আয়োজন কৰিব।

 

খ) জাপানৰ প্ৰিফেকচাৰত এন এছ ডি চিৰ দ্বাৰা নিয়োগকৰ্তা-কৰ্মচাৰীৰ মিলন আলোচনা চক্ৰৰ আয়োজন কৰা হ’ব।

 

গ) জাপান চৰকাৰৰ সহযোগত ভাৰতীয় মিছন আৰু পদসমূহত আগমনৰ সময়ত সহায়, অভিমুখী কৰ্মশালা আৰু অভিযোগ নিৰাময়।

 

ঘ) বিভিন্ন খণ্ডত দুয়োখন দেশৰ মাজত গতিশীলতা বৃদ্ধিৰ প্ৰাসংগিক তথ্য একত্ৰিত আৰু প্ৰচাৰৰ বাবে এটা ৱেবছাইট সৃষ্টি কৰা।

 

ঙ) ৰাজ্য-প্ৰদেশ অংশীদাৰিত্বৰ জৰিয়তে মানৱ সম্পদ আৰু প্ৰতিভাৰ বিনিময়, ভাৰতীয় ৰাজ্যসমূহৰ দক্ষতা পদক্ষেপসমূহক জাপানৰ নিজ নিজ প্ৰিফেকচাৰত ভিত্তি কৰি কোম্পানীসমূহৰ নিযুক্তি অভিযানৰ সৈতে মিলাই দিয়া।

 

চ) দুয়োখন দেশৰ মাজত কৰ্মী বিনিময়ক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত মতামত বিনিময়ৰ বাবে মানৱ সম্পদ বিনিময় আলোচনা চক্ৰৰ আয়োজন।

 

(৭) ৰূপায়ণ আৰু অনুসৰণৰ ব্যৱস্থা:

 

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু জাপানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উপৰোক্ত কাৰ্য্য পৰিকল্পনা ৰূপায়ণৰ বাবে সামগ্ৰিকভাৱে দায়বদ্ধ হ’ব আৰু ইয়াৰ বাবে বাৰ্ষিক যুটীয়া সচিব/প্ৰধান সঞ্চালক পৰ্যায়ৰ আলোচনা অনুষ্ঠিত কৰিব। লগতে দুয়োখন দেশৰ মাজত মানৱ সম্পদ বিনিময় আৰু সহযোগিতাৰ প্ৰসাৰৰ বাবে প্ৰয়োজন অনুসৰি অতিৰিক্ত পদক্ষেপৰ বিষয়েও আলোচনা কৰিব। শিক্ষা, দক্ষতা, বিজ্ঞান আৰু প্ৰযুক্তি, ডিজিটেল অৰ্থনীতিৰ ক্ষেত্ৰতো বৰ্তমানৰ আলোচনাৰ ব্যৱস্থাসমূহ প্ৰচেষ্টাৰ পৰিপূৰক হিচাপে ব্যৱহাৰ কৰা হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Agricultural Transformation: How India’s Agri sector transformed over the last decade

Media Coverage

India’s Agricultural Transformation: How India’s Agri sector transformed over the last decade
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister attends the Defence Investiture Ceremony 2026 (Phase-1)
June 08, 2026

Prime Minister Shri Narendra Modi today attended the Defence Investiture Ceremony 2026 (Phase-1) where Gallantry Awards were conferred upon our brave personnel.

The Prime Minister expressed pride in their extraordinary courage, commitment and selfless service to the nation.

The Prime Minister posted on X:

"Attended the Defence Investiture Ceremony 2026 (Phase-1) where Gallantry Awards were conferred upon our brave personnel. We are proud of their extraordinary courage, commitment and selfless service to the nation."