প্ৰধানমন্ত্ৰীয়ে সকলোকে নৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰে
২২ ছেপ্টেম্বৰৰ পৰা পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ কাৰ্যকৰী হ’ব: প্ৰধানমন্ত্ৰী
প্ৰতিজন নাগৰিকলৈ আহি আছে জি এছ টিৰ সুবিধাৰ এক নতুন ঢৌঃ প্ৰধানমন্ত্ৰী
জি এছ টি সংস্কাৰে ভাৰতৰ বৃদ্ধিৰ কাহিনীক ত্বৰান্বিত কৰিবঃ প্ৰধানমন্ত্ৰী
নতুন জি এছ টি সংস্কাৰ ৰূপায়ণ কৰা হৈছে, এতিয়া মাত্ৰ ৫% আৰু ১৮% কৰ স্লেবহে থাকিব: প্ৰধানমন্ত্ৰী
জি এছ টি কম হ’লে নাগৰিকে নিজৰ সপোন পূৰণ কৰাত সহজ হ’ব: প্ৰধানমন্ত্ৰী
নাগৰিকক সেৱা আগবঢ়োৱাৰ সাৰমৰ্ম পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰত স্পষ্টভাৱে প্ৰতিফলিত হৈছে: প্ৰধানমন্ত্ৰী
দেশখনক যি লাগে আৰু ভাৰতত যি বনাব পাৰি, সেয়া ভাৰতৰ ভিতৰতে বনাব লাগেঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ সমৃদ্ধিয়ে আত্মনিৰ্ভৰশীলতাৰ পৰা শক্তি আহৰণ কৰিবঃ প্ৰধানমন্ত্ৰী
আহক এনে সামগ্ৰী ক্ৰয় কৰো যিবোৰ মেড ইন ইণ্ডিয়া: প্ৰধানমন্ত্ৰী

মোৰ মৰমৰ দেশবাসী, নমস্কাৰ!

কাইলৈৰ পৰা আৰম্ভ  হ'ব  শক্তি পূজাৰ উৎসৱ নৱৰাত্ৰি। আপোনালোক সকলোলৈ শুভেচ্ছা থাকিল! নৱৰাত্ৰিৰ প্ৰথম দিনাৰ পৰাই দেশে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ দিশত আন এক গুৰুত্বপূৰ্ণ আৰু বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। কাইলৈ ​​২২ ছেপ্টেম্বৰ, নৱৰাত্ৰিৰ প্ৰথম দিনা সূৰ্য্য উদয় হোৱাৰ লগে লগে পৰৱৰ্তী প্ৰজন্মৰ  জি এছ টি সংস্কাৰ কাৰ্যকৰী হ’ব। এক প্ৰকাৰে কাইলৈৰ পৰা দেশত জি এছ টি ৰাহি  উৎসৱ আৰম্ভ হ’বলৈ গৈ আছে। এই জিএছটি ৰাহি উৎসৱে আপোনাৰ সঞ্চয় বৃদ্ধি কৰিব আৰু আপুনি বিচৰা বস্তুবোৰ অতি সহজে ক্ৰয় কৰিব পাৰিব। আমাৰ দেশৰ দুখীয়া, মধ্যবিত্ত শ্ৰেণীৰ মানুহ, নব্য মধ্যবিত্ত শ্ৰেণী, যুৱক-যুৱতী, কৃষক, মহিলা, দোকানী, ব্যৱসায়ী, উদ্যোগী সকলোৱে এই ৰাহি উৎসৱৰ পৰা বহু উপকৃত হ’ব। অৰ্থাৎ এই উৎসৱৰ বতৰত সকলোৱে   মিঠাই খাব, আৰু দেশৰ প্ৰতিটো পৰিয়াল ধন্য হ’ব। পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ আৰু এই ৰাহি উৎসৱ উপলক্ষে দেশৰ কোটি কোটি পৰিয়াললৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই সংস্কাৰসমূহে ভাৰতৰ বৃদ্ধিৰ কাহিনী ত্বৰান্বিত কৰিব, ব্যৱসায় কৰাটো সহজ কৰি তুলিব, বিনিয়োগক অধিক আকৰ্ষণীয় কৰি তুলিব আৰু প্ৰতিখন ৰাজ্যক উন্নয়নৰ দৌৰত সমান অংশীদাৰ কৰি তুলিব।

বন্ধুসকল,

২০১৭ চনত যেতিয়া ভাৰতে জি এছ টি সংস্কাৰৰ দিশত পদক্ষেপ গ্ৰহণ কৰিছিল, তেতিয়া ইয়াৰ দ্বাৰা ইতিহাসৰ পৰিৱৰ্তন পৰিৱৰ্তন আৰু নতুন সৃষ্টিৰ আৰম্ভণি হৈছিল। দশক দশক ধৰি আমাৰ দেশৰ জনসাধাৰণ, আপোনালোক সকলোৱে, দেশৰ ব্যৱসায়ীসকলে বিভিন্ন কৰৰ জটিলতাৰ মাজত আবদ্ধ হৈ আছিল। অক্ট্ৰয়, এণ্ট্ৰি টেক্স, চেলছ টেক্স, এক্সাইজ, ভেট, চাৰ্ভিচ টেক্স, আমাৰ দেশত এনে ডজন ডজন টেক্স আছিল। এখন চহৰৰ পৰা আন এখন চহৰলৈ যদি সামগ্ৰী পঠিয়াব লাগিছিল, ইমানবোৰ চেকপইণ্ট পাৰ হ’ব লাগিছিল, ইমানবোৰ ফৰ্ম পূৰণ কৰিব লাগিছিল, ইমানবোৰ বাধা আছিল, আৰু সকলোতে বেলেগ বেলেগ কৰৰ নিয়ম আছিল। মনত আছে, ২০১৪ চনত যেতিয়া দেশে মোক প্ৰধানমন্ত্ৰীৰ পদৰ দায়িত্ব অৰ্পণ কৰিছিল, তেতিয়া সেই প্ৰাৰম্ভিক পৰ্যায়ত বিদেশী কাকত এখনত এটা আকৰ্ষণীয় উদাহৰণ প্ৰকাশ পাইছিল, য’ত এটা কোম্পানীৰ অসুবিধাৰ কথা উল্লেখ কৰা হৈছিল। সেই কোম্পানীটোৱে কৈছিল যে যদি বাংগালুৰুৰ পৰা ৫৭০ কিলোমিটাৰ দূৰত্বত থকা হায়দৰাবাদলৈ নিজৰ সামগ্ৰী পঠিয়াব লাগে, তেন্তে সেয়া ইমানেই কঠিন আছিল যে কোম্পানীটোৱে প্ৰথমে বাংগালুৰুৰ পৰা ইউৰোপলৈ সামগ্ৰী পঠিয়াওৱাটো পছন্দ কৰিছিল  আৰু তাৰ পিছত ইউৰোপৰ পৰা হায়দৰাবাদলৈ একেখিনি সামগ্ৰী পঠিয়াবলৈ  ভাল পাইছিল।

 

বন্ধুসকল,

তেতিয়াৰ পৰিস্থিতি এনেকুৱাই আছিল, কৰ আৰু টোলৰ জটিলতাৰ বাবে। আৰু মই আপোনালোকক এটা পুৰণি উদাহৰণহে সোঁৱৰাই দিছো, যেতিয়া বিভিন্ন ধৰণৰ কৰৰ জটিলতাৰ বাবে প্ৰতিদিনে এনে লাখ লাখ কোম্পানী, লাখ লাখ দেশবাসীয়ে সমস্যাৰ সন্মুখীন হৈছিল। এখন চহৰৰ পৰা আন এখন চহৰলৈ সামগ্ৰী পৰিবহণৰ সময়ত যি খৰচ হৈছিল সেয়াও দুখীয়াই বহন কৰিছিল আৰু আপোনালোকৰ দৰে গ্ৰাহকৰ পৰাই সেয়া  আদায় কৰা হৈছিল ।

বন্ধুসকল,

দেশক এই পৰিস্থিতিৰ পৰা উলিয়াই অনাটো অতি প্ৰয়োজনীয় আছিল। সেয়ে ২০১৪ চনত যেতিয়া আপোনালোকে আমাক এই সুযোগ দিছিল তেতিয়া আমি জনস্বাৰ্থ আৰু জাতীয় স্বাৰ্থত জি এছ টিক আমাৰ অগ্ৰাধিকাৰ হিচাপে লৈছিলো। আমি প্ৰতিজন অংশীদাৰৰ সৈতে আলোচনা কৰিলোঁ, প্ৰতিখন ৰাজ্যৰ প্ৰতিটো  সমস্যাৰ সমাধান কৰিলোঁ, প্ৰতিটো প্ৰশ্নৰ সমাধান বিচাৰি পালোঁ; সকলো ৰাজ্যকে লগত লৈ স্বাধীন ভাৰতৰ ইমান ডাঙৰ কৰ সংস্কাৰ সম্ভৱ হৈ উঠিল। কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ প্ৰচেষ্টাৰ ফলস্বৰূপে দেশখন কেইবা ডজনো কৰৰ জালৰ পৰা মুক্ত হৈ পৰিল, আৰু সমগ্ৰ দেশৰ বাবে এক একক ব্যৱস্থাৰ সৃষ্টি হ’ল। এক দেশ-এক কৰৰ সপোন বাস্তৱায়িত হ’ল।

বন্ধুসকল,

সংস্কাৰ এক অবিৰত প্ৰক্ৰিয়া। সময়ৰ পৰিৱৰ্তন আৰু দেশৰ প্ৰয়োজনীয়তাৰ বিকাশৰ লগে লগে পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ সমানেই প্ৰয়োজনীয় হৈ পৰে। গতিকে দেশৰ সাম্প্ৰতিক প্ৰয়োজন আৰু ভৱিষ্যতৰ সপোনক মনত ৰাখি জি এছ টিৰ এই নতুন সংস্কাৰসমূহ ৰূপায়ণ কৰা হৈছে।

নতুন আৰ্হিত  এতিয়া মাত্ৰ পাঁচ শতাংশ আৰু আঠাইশ শতাংশ কৰৰ স্লেব থাকিব। অৰ্থাৎ প্ৰায়বোৰ দৈনন্দিন ব্যৱহৃত সামগ্ৰী অধিক সুলভ হৈ পৰিব। খাদ্য সামগ্ৰী, ঔষধ, চাবোন, ব্ৰাছ, টুথপেষ্ট, স্বাস্থ্য আৰু জীৱন বীমা—এনে বহুতো সামগ্ৰী আৰু সেৱা— হয় কৰমুক্ত হ’ব নহয় মাত্ৰ পাঁচ শতাংশ কৰহে দিব লাগিব । পূৰ্বে ১২ শতাংশ কৰ আৰোপ কৰা সামগ্ৰীৰ ভিতৰত ৯৯ শতাংশ , অৰ্থাৎ প্ৰায় ১০০ শতাংশই  এতিয়া ৫ শতাংশ কৰৰ আওতালৈ আহিছে।

বন্ধুসকল,

যোৱা ১১ বছৰত দেশৰ ২৫ কোটি লোকে দৰিদ্ৰতাক হেৰুৱাইছে, দৰিদ্ৰতাক পৰাস্ত কৰিছে  আৰু দৰিদ্ৰতাৰ পৰা ওলাই আহি ২৫ কোটি জনসংখ্যাৰ এক বিশাল গোটে আজি নব্য মধ্যবিত্ত হিচাপে দেশত উল্লেখযোগ্য ভূমিকা পালন কৰি আছে। এই নব্য মধ্যবিত্ত শ্ৰেণীৰ নিজস্ব আকাংক্ষা আছে, নিজস্ব সপোন আছে। এইবাৰ চৰকাৰে তেওঁলোকক ১২ লাখ টকা পৰ্যন্ত আয় কৰমুক্ত কৰি বিশেষ উপহাৰ দিছে।

 

এয়া  স্বাভাৱিক যে যেতিয়া ১২ লাখ টকাৰ আয়ৰ বাবে আয়কৰ ৰেহাই হয়, তেতিয়া ই মধ্যবিত্ত শ্ৰেণীৰ জীৱনত এক বৃহৎ পৰিৱৰ্তন আনে। ফলত সকলো কথা   সহজ আৰু সুবিধাজনক হৈ পৰে। এতিয়া দুখীয়াৰ পাল, নব্য মধ্যবিত্ত শ্ৰেণীৰ পাল। এতিয়া দুখীয়া, নব্য মধ্যবিত্ত শ্ৰেণী, মধ্যবিত্ত শ্ৰেণীয়ে দুটা উপহাৰ  পাইছে। জি এছ টি হ্ৰাসৰ বাবে এতিয়া দেশৰ নাগৰিকে নিজৰ সপোন পূৰণ কৰাত সহজ হৈ পৰিব। ঘৰ নিৰ্মাণ কৰাই হওক, টিভি, ফ্ৰীজ কিনাই হওক, স্কুটাৰ, বাইক কিনাই হওক বা গাড়ী কিনাই হওক, এই সকলোবোৰৰ বাবে আপুনি কম খৰচ কৰিব লাগিব। ভ্ৰমণো আপোনাৰ বাবে সস্তা হ’ব, কিয়নো বেছিভাগ হোটেলতে কোঠাৰ জি এছ টি হ্ৰাস কৰা হৈছে।

 বন্ধুসকল,

মই আনন্দিত যে দোকানী ভাই-ভনীসকলো জি এছ টি সংস্কাৰক লৈ অতি উৎসাহী। জি এছ টি হ্ৰাসৰ বিষয়টো গ্ৰাহকৰ ওচৰলৈ প্ৰেৰণ কৰাত তেওঁলোক অতি ব্যস্ত। বহু ঠাইত আগৰ আৰু এতিয়াৰ দাম প্ৰদৰ্শন কৰা চাইনবৰ্ড লগোৱা হৈছে।

বন্ধুসকল,

‘নাগৰিক দেৱ ভৱ :',যি মন্ত্ৰৰে আমি আগবাঢ়িছো, সেই মন্ত্ৰটো পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰত স্পষ্টভাৱে প্ৰতিফলিত হৈছে। যদি আমি আয়কৰত ৰেহাই আৰু জি এছ টিত ৰেহাই যোগ কৰিছো,  ই এবছৰত লোৱা সিদ্ধান্তই দেশৰ জনসাধাৰণৰ বাবে ২.৫ লাখ কোটিতকৈও অধিক টকা ৰাহি কৰিব। সেইবাবেই মই কৈছোঁ, এয়া এটা ৰাহি উৎসৱ।

বন্ধুসকল,

উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ আমি আত্মনিৰ্ভৰশীলতাৰ পথ অনুসৰণ কৰিব লাগিব। ভাৰতক আত্মনিৰ্ভৰশীল কৰাৰ এক বৃহৎ দায়িত্ব আমাৰ এম এছ এম ই অৰ্থাৎ আমাৰ ক্ষুদ্ৰ, মজলীয়া আৰু কুটিৰ উদ্যোগতো নিহিত হৈ আছে। দেশৰ জনসাধাৰণৰ যি প্রয়োজন, দেশতে যি তৈয়াৰ কৰিব পাৰো, দেশতেই তৈয়াৰ কৰিব  লাগে৷

বন্ধুসকল,

জি এছ টিৰ হাৰ হ্ৰাস আৰু নিয়ম তথা  পদ্ধতি সৰল কৰাৰ লগে লগে আমাৰ এম এছ এম ই, আমাৰ ক্ষুদ্ৰ উদ্যোগ আৰু কুটিৰ উদ্যোগসমূহে যথেষ্ট লাভাৱান্বিত  হ’ব। তেওঁলোকৰ বিক্ৰী বৃদ্ধি পাব আৰু তেওঁলোকে কম কৰ দিব লাগিব, অৰ্থাৎ তেওঁলোকেও দুগুণ সুবিধা লাভ কৰিব। গতিকে আজি আপোনালোক সকলোৰে পৰা মোৰ বহুত আশা আছে, সেয়া  এম এছ এম ইয়েই  হওক, ক্ষুদ্ৰ উদ্যোগেই হওক,বা কুটিৰ উদ্যোগেই হওক। আপুনি এয়া জানে যে ভাৰত যেতিয়া সমৃদ্ধিৰ শিখৰত আছিল, তেতিয়া ভাৰতৰ অৰ্থনীতিৰ মূল ভিত্তি আছিল আমাৰ এম এছ এম ই, আমাৰ ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগসমূহ । ভাৰতৰ উৎপাদন, ভাৰতত উৎপাদিত সামগ্ৰীৰ মান আগতে উন্নত আছিল। আমি সেই গৌৰৱ ঘূৰাই আনিব  লাগিব। আমাৰ ক্ষুদ্ৰ উদ্যোগবোৰে যি উৎপাদন কৰে, সেয়া  মানৰ ক্ষেত্ৰত  বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ, শ্ৰেষ্ঠৰ ভিতৰত শ্ৰেষ্ঠ হ’ব লাগিব। আমি যিয়েই নিৰ্মাণ নকৰোঁ কিয়, গৌৰৱ আৰু প্ৰতিপত্তিৰে পৃথিৱীৰ শ্ৰেষ্ঠ হোৱাৰ সকলো পৰিমাপ অতিক্ৰম কৰিব লাগে। আমি আমাৰ সামগ্ৰীৰ মান উন্নত কৰাৰ দিশত কাম কৰিব লাগিব, বিশ্বত ভাৰতৰ স্বীকৃতি বৃদ্ধি কৰিব লাগিব, ভাৰতৰ গৌৰৱ বৃদ্ধি কৰিব লাগিব।

বন্ধুসকল,

যিদৰে স্বদেশী মন্ত্ৰৰ দ্বাৰা দেশৰ স্বাধীনতা শক্তিশালী হ’ল, ঠিক তেনেদৰে দেশৰ সমৃদ্ধিও স্বদেশী মন্ত্ৰৰ দ্বাৰাই শক্তিশালী হ’ব। আজি জানিয়েই হওক বা  বা অজানিতেই হওক বহু বিদেশী বস্তু আমাৰ দৈনন্দিন জীৱনৰ অংগ হৈ পৰিছে, আৰু আমি ইয়াৰ বিষয়েও জ্ঞাতই নহয়। আমাৰ পকেটত থকা ফণীখনো  বিদেশী নে ভাৰতীয় সেয়াও  আমি নাজানো। এইবোৰৰ পৰাও আমি মুক্তি পাব লাগিব। আমি এনেকুৱা সামগ্ৰী কিনিব লাগে যিবোৰ মেড ইন ইণ্ডিয়া হয়, য’ত আমাৰ যুৱচামৰ কষ্ট, আমাৰ পুত্ৰ-কন্যাৰ ঘাম জড়িত হৈ থাকে। আমি প্ৰতিখন ঘৰক স্বদেশীৰ প্ৰতীক হিচাপে গঢ়ি তুলিব লাগিব। প্ৰতিখন দোকান স্বদেশীৰে সজাই পৰাই ৰাখিব লাগিব। গৌৰৱেৰে কওক যে এয়া স্বদেশী, গৌৰৱেৰে কওক, মই স্বদেশী কিনো, ময়ো স্বদেশী সামগ্ৰী বিক্ৰী কৰো, এয়া প্ৰতিজন ভাৰতীয়ৰ মনোভাৱ হ’ব লাগে। যেতিয়া এনে হ’ব তেতিয়া ভাৰতৰ বিকাশ দ্ৰুতগতিত হ’ব। আজি মই সকলো ৰাজ্য চৰকাৰক স্বাৱলম্বী ভাৰতৰ এই অভিযান, স্বদেশীৰ এই অভিযানেৰে নিজৰ ৰাজ্যৰ উৎপাদন ত্বৰান্বিত কৰিবলৈ আৰু সম্পূৰ্ণ শক্তি তথা উৎসাহেৰে এই অভিযানত যোগদান কৰিবলৈ আহ্বান জনাইছো।এনেদৰে  বিনিয়োগৰ পৰিৱেশ বৃদ্ধি কৰিব লাগিব । যেতিয়া কেন্দ্ৰ আৰু ৰাজ্যসমূহ একেলগে আগবাঢ়ি যাব তেতিয়া স্বাৱলম্বী ভাৰতৰ সপোন পূৰণ হ’ব। ভাৰতৰ প্ৰতিখন ৰাজ্যৰে বিকাশ হ’ব আৰু ভাৰতৰ বিকাশ হ’ব। এই আবেগেৰে এই ৰাহি উৎসৱৰ বাবে পুনৰবাৰ শুভেচ্ছা জনাই মোৰ ভাষণৰ সামৰণি মাৰিছো। আকৌ এবাৰ আপোনালোক সকলোকে নৱৰাত্ৰি আৰু জি এছ টি ৰাহি উৎসৱৰ আন্তৰিক শুভেচ্ছা জনালোঁ।  বহুত - বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'BRICS 2026 becomes major Bharat achievement for PM Narendra Modi'

Media Coverage

'BRICS 2026 becomes major Bharat achievement for PM Narendra Modi'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays tribute to Saratchandra Chattopadhyay on his 150th birth anniversary
September 15, 2026

The Prime Minister, Shri Narendra Modi has paid homage to renowned Bengali writer Saratchandra Chattopadhyay on his 150th birth anniversary. Remembering the eminent writer, Shri Modi highlighted the enduring significance of his literary works, which have been translated into every Indian language and several foreign languages. He noted that Saratchandra Chattopadhyay’s writings provide an accurate and sensitive portrayal of 19th-century India, particularly Bengali society in rural areas.

The Prime Minister posted on X:

Homage to noted Bengali writer, the versatile Saratchandra Chattopadhyay on his 150th birth anniversary.

His works, translated into every Indian language and several foreign languages, are remembered for their accurate depiction of 19th century India, especially Bengali society in rural areas. Equally noteworthy was his commitment to social reform, women’s rights and nationalism.

I call upon more youngsters to read his writings in the times to come.

প্রখ্যাত বাঙালি লেখক, বহুমুখী প্রতিভার অধিকারী শরৎচন্দ্র চট্টোপাধ্যায়ের ১৫০তম জন্মবার্ষিকীতে জানাই বিনম্র শ্রদ্ধাঞ্জলি।

ভারতের সমস্ত ভাষায় এবং একাধিক আন্তর্জাতিক ভাষায় অনূদিত তাঁর সাহিত্যকর্মগুলি উনিশ শতকের ভারত, বিশেষ করে গ্রামীণ অঞ্চলের বাঙালি সমাজকে সঠিকভাবে চিত্রিত করার জন্য স্মরণীয় হয়ে রয়েছে। সামাজিক সংস্কার, নারী অধিকার এবং জাতীয়তাবাদের প্রতি তাঁর দায়বদ্ধতাও সমানভাবে স্মরণীয়।

আগামী দিনের তরুণ-তরুণীকে আমি আরও বেশি করে তাঁর রচনা পড়ার জন্য আহ্বান জানাচ্ছি।