প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে শুভেচ্ছা আৰু শুভকামনা জ্ঞাপনৰ বাবে বিশ্ব নেতাসকলক ধন্যবাদ জনাইছে।

ভূটানৰ প্ৰধানমন্ত্ৰীৰ এটা টুইটৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"স্বাধীনতা দিৱসৰ উষ্ম সম্ভাষণৰ বাবে @PMBhutan লিওনচেনক ধন্যবাদ জনাইছো। ভূটানৰে আমাৰ বন্ধুত্বৰ স্বকীয়তা আৰু বিশ্বাসক সকলো ভাৰতীয়ই আস্থাত লৈছে।"

 

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনৰ এটা টুইটৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"মোৰ বন্ধু @ScottMorrisonMP, আপোনাৰ শুভেচ্ছাৰ বাবে ধন্যবাদ জনাইছো। সহভাজিত প্ৰমূল্যবোধ আৰু মানুহৰপৰা মানুহলৈ বলিষ্ঠ সংযোগ আধাৰিত অষ্ট্ৰেলিয়াৰ সৈতে বৰ্ধিত প্ৰাণোচ্ছল বন্ধুত্বক ভাৰতেও পোষণ কৰিছে।"

 

প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপক্ষৰ এটা টুইটৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"মই প্ৰধানমন্ত্ৰী মাহিন্দা ৰাজাপক্ষক তেওঁৰ উষ্ম শুভেচ্ছাৰ বাবে ধন্যবাদ জনালো। ভাৰত আৰু শ্ৰী লংকাই সহস্রাব্দ পুৰণি সাংস্কৃতিক, আধ্যাত্মিক আৰু সভ্যতাগত সংযোগ সহভাজিত কৰিছে, যিয়ে আমাৰ বিশেষ বন্ধুত্বৰ ভেটিক সমৃদ্ধ কৰিছে। @PresRajapaksa"

 

প্ৰধানমন্ত্ৰী শ্ৰী চেৰ বাহাদুৰ দেউবাৰ এটা টুইটৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"মই প্ৰধানমন্ত্ৰী শ্ৰী চেৰ বাহাদুৰ দেউবাক তেওঁৰ শুভেচ্ছা আৰু শুভকামনাৰ বাবে ধন্যবাদ জনালো! ভাৰত আৰু নেপালৰ জনতা আমাৰ সহভাজিত সাংস্কৃতিক, ভাষিক, ধৰ্মীয় আৰু পৰিয়ালৰ সংযোগৰদ্বাৰা ঐক্যবদ্ধ। @SherBDeuba"

 

মালদ্বীপৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ চলিহৰ এটা টুইটৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"মই ৰাষ্ট্ৰপতি @ibusolih ক তেওঁৰ শুভেচ্ছাৰ বাবে ধন্যবাদ জনালো। মালদ্বীপ হৈছে আমাৰ গুৰুত্বপূৰ্ণ সাগৰীয় চুবুৰীয়া আৰু এটি নিৰাপদ, সুৰক্ষিত, সৰ্বব্যাপী আৰু সমৃদ্ধিশালী ইণ্ডো-পেছিফিক অঞ্চলৰ সহভাজিত দৃষ্টিৰ অগ্ৰগতিসাধনত আমাৰ অংশীদাৰ।"

 

শ্ৰী লংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপক্ষৰ এটা টুইটৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"মই ৰাষ্ট্ৰপতি @GotabayaR ক তেওঁৰ শুভেচ্ছাৰ বাবে ধন্যবাদ জনালো আৰু ভাৰত-শ্ৰী লংকাৰ সকলো ক্ষেত্ৰতে পৰৱৰ্তী সহযোগিতা সুদৃঢ়কৰণৰ অৰ্থে তেওঁৰ সৈতে কাম কৰি যাবলৈ অপেক্ষা কৰিছো।"

 

মৰিচাছৰ প্ৰধানমন্ত্ৰী প্রবিন্দ যুগনাথৰ এটা টুইটৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"প্ৰধানমন্ত্ৰী প্রবিন্দ যুগনাথক ধন্যবাদ জনাইছো! ভাৰত আৰু মৰিচাছৰ লোকৰ মাজৰ কেইবাশতিকা পুৰণি সংযোগৰ পৰিপ্ৰেক্ষিতত, আমাৰ উভয় ৰাষ্ট্ৰই একে মূল প্ৰমূল্যবোধ আৰু পৰম্পৰাক সহভাজিত কৰে। ই আমাৰ অতিশয় বিশেষ বন্ধুত্বৰ ভেটিক সমৃদ্ধ কৰিছে। @JugnauthKumar"

 

ইজৰাইলৰ প্ৰধানমন্ত্ৰী নাফতালি বেনেটৰ এটা টুইটৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

"মহামহিম প্ৰধানমন্ত্ৰী @naftalibennett, আপোনাৰ উষ্ম শুভকামনাৰ বাবে ধন্যবাদ জনাইছো। আমাৰ চৰকাৰ আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ সুদৃঢ়কৰণৰ অৰ্থে আৰু ভাৰত-ইজৰাইলৰ কৌশলী অংশীদাৰিত্বৰ ভেটি দৃঢ় কৰিবলৈ একেলগে কাম কৰি যোৱাৰ ক্ষেত্ৰত আশাৰে বাট চালো।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Technical textiles critical to footwear sector

Media Coverage

Technical textiles critical to footwear sector
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 এপ্ৰিল 2026
April 29, 2026

Leadership That Plays, Builds & Delivers: PM Modi’s Vision Igniting Youth, Women & Northeast India