দুয়োগৰাকী নেতাই ভাৰত-ইজৰাইলৰ কৌশলগত অংশীদাৰিত্বক সুদৃঢ়কৰণৰ উপায় সম্পৰ্কে আলোচনা কৰে
দুয়োজন নেতাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য-সহনশীল দৃষ্টিভংগীৰ কথা দোহাৰে
প্ৰধানমন্ত্ৰী মোদীয়ে অঞ্চলটোত ন্যায্য আৰু স্থায়ী শান্তি স্থাপনৰ অৰ্থে গ্ৰহণ কৰা প্ৰচেষ্টাৰ প্ৰতি ভাৰতৰ সমৰ্থনৰ কথা পুনৰবাৰ ব্যক্ত কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰী মহামহিম বেঞ্জামিন নেতানিয়াহুৰ পৰা টেলিফোন কল লাভ কৰে।

দুয়োগৰাকী নেতাই ভাৰত-ইজৰাইলৰ কৌশলগত অংশীদাৰিত্বৰ গতি অক্ষুণ্ণ থকাত সন্তুষ্টি প্ৰকাশ কৰি পাৰস্পৰিক লাভালাভৰ বাবে এই সম্পৰ্কসমূহক অধিক গভীৰ কৰাৰ অংগীকাৰৰ কথা দোহাৰে।

দুয়োগৰাকী নেতাই সন্ত্ৰাসবাদক তীব্ৰ গৰিহণা জনাই সন্ত্ৰাসবাদৰ সকলো ৰূপ আৰু প্ৰকাশৰ বিৰুদ্ধে শূন্য-সহনশীল দৃষ্টিভংগীৰ কথা পুনৰবাৰ উল্লেখ কৰে।

তেওঁলোকে পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভতো মত-বিনিময় কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে গাজা শান্তি পৰিকল্পনাৰ অগ্ৰিম ৰূপায়ণকে প্ৰমুখ্য কৰি অঞ্চলটোত ন্যায্য আৰু স্থায়ী শান্তি স্থাপনৰ অৰ্থে গ্ৰহণ কৰা প্ৰচেষ্টাৰ প্ৰতি ভাৰতৰ সমৰ্থনৰ কথা পুনৰবাৰ ব্যক্ত কৰে।

দুয়োগৰাকী নেতাই যোগাযোগ অব্যাহত ৰাখিবলৈ আগ্ৰহ প্ৰকাশ কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation

Media Coverage

Vikas Bhi, Virasat Bhi: How JATAN, AI and Digital Archives are revolutionising India’s cultural heritage preservation
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
ভাৰত ত্যাগ আন্দোলনৰ সাহসী অংশগ্ৰহণকাৰীসকলক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
August 09, 2026

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা সকলো কৰ্মীকে স্মৰণ কৰি ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ সাহস আৰু দৃঢ়তাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে মহাত্মা গান্ধীৰ নেতৃত্বত অনুপ্ৰাণিত হৈ ভাৰত ত্যাগ আন্দোলনৰ সুদৃঢ় আহ্বানে স্বাধীনতা সংগ্ৰামত নতুন শক্তিৰ সঞ্চাৰ ঘটাইছিল আৰু ভাৰতৰ জনসাধাৰণৰ ঔপনিৱেশিক শাসনৰ পৰা মুক্তি লাভৰ অদম্য সংকল্পক প্ৰতিফলিত কৰিছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত পোষ্ট কৰিছে :

ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা সকলো কৰ্মীকে স্মৰণ কৰিছো। তেওঁলোকৰ সাহস প্ৰতিজন ভাৰতীয়ৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ থাকিব। মহাত্মা গান্ধীজীৰ নেতৃত্বত অনুপ্ৰাণিত হৈ ভাৰত ত্যাগ কৰাৰ সুদৃঢ় আহ্বানে আমাৰ স্বাধীনতা সংগ্ৰামত নতুন শক্তিৰ সঞ্চাৰ ঘটাইছিল আৰু আমাৰ জনসাধাৰণৰ ঔপনিৱেশিক শাসনৰ পৰা মুক্তি লাভৰ অদম্য সংকল্পক প্ৰতিফলিত কৰিছিল।