প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে আগবঢ়োৱা অনন্য ভাষণক প্ৰশংসা কৰে।
ভাষণত গৃহমন্ত্ৰীয়ে ভাৰতৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ বৈচিত্ৰ্যপূৰ্ণ দিশ আৰু ৰাষ্ট্ৰৰ গণতন্ত্ৰৰ চিৰস্থায়ী শক্তিত আলোকপাতকাৰী সুনিৰ্দিষ্ট তথ্য দাঙি ধৰে।
এক্স-ৰ এটা প’ষ্টত শ্ৰী মোদীয়ে এইদৰে লিখিছেঃ
“গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহজীয়ে এক অনন্য ভাষণ প্ৰদান কৰিলে। সুনিৰ্দিষ্ট তথ্য সহকাৰে তেওঁ আমাৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ বৈচিত্ৰ্যপূৰ্ণ দিশ, আমাৰ গণতন্ত্ৰৰ শক্তিৰ ওপৰত আলোকপাত কৰিছে। একেদৰে তেওঁ বিৰোধীৰ মিছা কথাও উদঙাই দিছে।”
An outstanding speech by Home Minister Shri Amit Shah Ji. With concrete facts, he has highlighted diverse aspects of our electoral process, the strength of our democracy and also exposed the lies of the Opposition. https://t.co/oRI21Eij8H
— Narendra Modi (@narendramodi) December 10, 2025


