প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী কয় যে বিশ্বৰ সকলো লোককে একতাৰ দোলেৰে বান্ধি ৰখাত যোগ, আটাইতকৈ শক্তিশালী মাধ্যম হৈ পৰিছে। উত্তৰাখণ্ডৰ দেৰাডুনত বন গৱেষণা প্রতিষ্ঠানৰ প্রাংগনত আয়োজিত চতুর্থ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে এক বিশাল জনসমাবেশত প্ৰধানমন্ত্ৰীয়ে ভাষণ আগবঢ়ায়। এই প্রতিষ্ঠানৰ প্রাংগনত প্ৰধানমন্ত্ৰীয়ে প্রায় ৫০ হাজাৰ যোগ অনুৰাগী আৰু স্বেচ্ছাসেৱকৰ সৈতে যোগাসন, প্রাণায়াম আৰু ধ্যান কৰে।

“আজিৰ দিনটো সমগ্ৰ বিশ্বৰ লোকসকলৰ বাবে এক গৌৰৱৰ মুহূর্ত, কিয়নো যোগৰ দ্বাৰা সকলোৱেই সূর্যৰ উজ্জ্বলতা আৰু উষ্ণতাক স্বাগত কৰিছে। দেৰাডুনৰ পৰা ডাবলিন, ছাংহাইৰ পৰা চিকাগো আৰু জাকাৰ্টাৰ পৰা জোহান্সবার্গলৈকে–সর্বত্রে যোগ বিয়পি পৰিছে”, প্রধানমন্ত্রীয়ে কয়।

সমগ্র বিশ্বৰ যোগ অনুৰাগীসকলৰ প্ৰতি স্পষ্টভাৱে প্রধানমন্ত্রী কয় যে সমগ্ৰ বিশ্বই যোগক স্বেচ্ছাই গ্রহণ কৰিছে আৰু প্রতি বছৰ যোগ দিৱস উদযাপনৰ জৰিয়তে ইয়াৰ প্রতিফলন ঘটিছে। তেওঁ লগতে কয় যে সু-স্বাস্থ্য আৰু কল্যাণৰ উদ্দেশ্যে যোগ দিৱস অন্যতম বৃহৎ গণ-আন্দোলনত পৰিণত হৈছে।

প্রধানমন্ত্রীয়ে কয় যে সমগ্র বিশ্বই যদি আমাক শ্রদ্ধা কৰাটো বিচাৰো, তেন্তে আমাৰ নিজা ঐতিহ্য আৰু পৰম্পৰাক সন্মান জনাবলৈ আমি কেতিয়াও কুণ্ঠাবোধ কৰিব নালাগিব। তেওঁ কয় যে যোগ সুন্দৰ, কাৰণ ই প্রাচীন হ’লেও বৰ্তমানেও আধুনিক। যোগ অপৰিৱর্তনীয়, তথাপি ইয়াৰ বিৱর্তন ঘটিছে। আমাৰ সুন্দৰ অতীত আৰু বর্তমানৰ সমান্তৰালভাৱে ভৱিষ্যতেও আশাৰ ৰেঙণি দেখাইছে।

যোগৰ সম্ভাৱনা প্রসংগত প্রধানমন্ত্রীয়ে কয় যে মানুহে ব্যক্তিগতভাৱে তথা সামাজিক দিশৰ পৰা আজি যিবোৰ সমস্যাৰ সম্মুখীন হৈছে, তাৰ অধিকাংশৰে সমাধান যোগৰ মাজত নিহিত আছে। তেওঁ লগতে কয় যে জীৱনৰ পৰা অযথা চিন্তা বা মানসিক উত্তেজনা আৰু অপ্রয়োজনীয় উদ্বেগ দূৰ কৰি যোগে এক শান্তিপূর্ণ, সৃজনীশীল আৰু তৃপ্তিপূর্ণ জীৱনৰ সন্ধান দিব পাৰে। “বিভেদৰ পৰিৱর্তে যোগে ঐক্যৱদ্ধ কৰে। বিদ্বেষৰ পৰিৱর্তে যোগৰ দ্বাৰা সহমর্মিতা প্রকাশ কৰে। ক্রমৱর্ধমান পীড়াৰ পৰিৱর্তে যোগে উপশম প্রদান কৰে,” বুলিও তেওঁ লগতে কয়।

 

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
e-Jagriti: Reimagining consumer justice for a Digital India

Media Coverage

e-Jagriti: Reimagining consumer justice for a Digital India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 জুলাই 2026
July 04, 2026

PM Modi’s Viksit Bharat Vision in Action: Modern Infrastructure, Strategic Strength & Economic Progress