Share
 
Comments

The Modi Kurta has a legendary following among people but this widely acclaimed ‘style statement’ that it has become has very simple origins.

On the origins of the ‘Modi Kurta’ the Prime Minister said:

“My work with the RSS and BJP not only meant excessive travelling, but also uncertain and punishing schedules. And, as someone who always washed his own clothes, I realized that washing a full sleeved Kurta was tougher and more time consuming so I decided to cut his Kurtas into half sleeved ones.”

Thus the Modi Kurta was born!

As time progressed, particularly in the recent few years the Modi Kurta has become famous world over. Other merchandise like ‘Modi Masks’, caps, t-shirts, badges even chocolates have been seen time and again but nothing is as popular as the Modi Kurta- crisp and colourful, simple and elegant.

‘মন কী বাত’ৰ বাবে আপোনাৰ ধাৰণা আৰু পৰামৰ্শ এতিয়াই শ্বেয়াৰ কৰক!
Modi Govt's #7YearsOfSeva
Explore More
It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi

Popular Speeches

It is now time to leave the 'Chalta Hai' attitude & think of 'Badal Sakta Hai': PM Modi
Modi govt's big boost for auto sector: Rs 26,000 crore PLI scheme approved; to create 7.5 lakh jobs

Media Coverage

Modi govt's big boost for auto sector: Rs 26,000 crore PLI scheme approved; to create 7.5 lakh jobs
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
ভাৰতত বিমান যাত্ৰাৰ গণতন্ত্ৰীকৰণঃ জ্যোতিৰাদিত্য সিন্ধিয়া
August 28, 2021
Share
 
Comments

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰখনে যোৱা চাৰি বছৰে ভাৰতত এটি শক্তিশালী আৰু সাশ্ৰয়ী আঞ্চলিক বিমান পৰিবহণ ব্যৱস্থা গঢ়ি তোলাৰ অভিলাষী কৰ্ম অব্যাহত ৰাখিছে। উড়ান আঁচনিখনৰ প্ৰভাৱ যোগাত্মক, যিয়ে অদ্যপি সেৱা আগনবঢ়োৱা অঞ্চলসমূহলৈ বিমান সংযোগ প্ৰশস্ত কৰি তুলিছে।

দ্বাৰভাঙা, ঝাৰসুগুড়া, কাডাপা, নাচিক, বেলগাম, জগদলপুৰ, হুবলি আৰু কিষানগড়ৰ দৰে আঞ্চলিক বিমানবন্দৰসমূহৰ উন্নয়ন সাধন আৰু সম্প্ৰসাৰণে ভাৰতৰ বিমান পৰিবহণৰ মানচিত্ৰক নতুন মাত্ৰা প্ৰদান কৰে আৰু একেদৰে এই অঞ্চলসমূহৰ নতুন অৰ্থনৈতিক সুযোগ (কাৰ্গ’ৰ দৰে) প্ৰশস্ত কৰে যি পাঁচ বছৰ পূৰ্বলৈকে সম্পূৰ্ণভাৱে অপৰিচিত হৈ ৰৈছিল।

উদাহৰণস্বৰূপে, স্বাধীনতাৰ সময়ত স্থাপন কৰা দ্বাৰভাঙা বিমানবন্দৰটো ১৯৫০ ৰপৰা ১৯৬২ লৈকে সম্পূৰ্ণৰূপে কাৰ্য্যক্ষম হৈ আছিল যদিও পৰৱৰ্তী সময়ত ই বিমান পৰিবহণ মানচিত্ৰৰপৰা হেৰাই যায়। উড়ান আঁচনিখনৰ অধীনত এই বিমানপথটোক পুনৰুজ্জীৱিত কৰি তোলা হয় আৰু এতিয়া ই উত্তৰ বিহাৰৰপৰা সমগ্ৰ দেশখনলৈ এটি গুৰুত্বপূৰ্ণ প্ৰৱেশপথ (gateway) হৈ উঠা পৰিলক্ষিত হৈছে। বিমানবন্দৰটোৱে ছয়ৰপৰা ১০ মূল চহৰলৈ যোগাযোগ ব্যৱস্থা আগবঢ়াইছে আৰু সম্প্ৰতি বছৰি ১৫,০০০ ৰোধিক যাত্ৰীক সেৱা আগবঢ়াই আছে।

বেলগাম বিমানবন্দৰটোৱে শিক্ষাৰ কেন্দ্ৰ বেলগামলৈ ছাত্ৰ-ছাত্ৰীসকলৰ যাতায়াতক সহজতৰ কৰি তোলে। বিমানবন্দৰটো একেদৰে কাৰ্গ’ সঞ্চালনৰ অৰ্থেও ব্যৱহাৰ কৰা হৈছে আৰু শীঘ্ৰেই এখনি বিমান প্ৰশিক্ষণ বিদ্যালয় আৰম্ভ কৰা হ’ব — এই আটাইবোৰ কেইটামান বছৰৰ ভিতৰতে সম্ভৱ হৈ উঠিছে। সমান্তৰালভাৱে, অসমৰ ৰূপসী বিমানবন্দৰটোৱেও সম্প্ৰতি অসমৰ চাৰিখন প্ৰধান জিলাৰে সংযোগ স্থাপন কৰিছে তথা একেদৰে চুবুৰীয়া ৰাজ্য পশ্চিম বংগ, মেঘালয় আৰু ভূটানৰ কিছু অংশলৈ যাতায়াত ব্যৱস্থাক সমৃদ্ধ কৰিছে।

দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ৰ আন এটি ধ্বংসাৱশেষ ওড়িশাৰ ঝাৰসুগুড়া বিমানবন্দৰক ২০১৯ ত সঞ্চালনৰ বাবে পুনৰাই উন্নয়ন সাধন কৰা হয়। ইয়াৰ পূৰ্বে, সমগ্ৰ পশ্চিম ওড়িশা অঞ্চলটো বিমান সেৱাৰপৰা বঞ্চিত হৈ আছিল আৰু তেতিয়ালৈকে ওড়িশাৰ একমাত্ৰ বিমানবন্দৰটো আছিল ভূৱনেশ্বৰত, য’লৈ ঝাৰসুগুড়াৰপৰা দূৰত্ব আছিল ৩৩৯ কিঃমিঃ। ২০২০-২১ ত এই বিমানবন্দৰটোৱে প্ৰতি সপ্তাহে ১৪০ খন বিমানৰ আহ-যাহেৰে ২০০,০০০ ৰোধিক যাত্ৰীক সেৱা আগবঢ়ায়। এই আঁচনিখনে হেলিকপ্টাৰৰ দৰে বিমান পৰিবহণৰ নতুন মাধ্যমো মুকলি কৰিলে যিয়ে হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ প্ৰত্যন্ত অঞ্চলসমূহলৈ ১৬ ৰোধিক পথেদি আকাশমাৰ্গেৰে যাত্ৰা সম্ভৱ কৰি তোলে।

উড়ান আঁচনিখনে এয়াৰলাইন অপাৰেটৰৰ ক্ষেত্ৰটো বহু সফলতাৰ কাহিনী বাস্তৱায়িত কৰি তোলে। আমি নতুন আঞ্চলিক কেৰিয়াৰসমূহৰ প্ৰসাৰ প্ৰত্যক্ষ কৰিছো, একাংশৰ বাবে উড়ান মডেল তেওঁলোকৰ ব্যৱসায়ৰ প্ৰধান আধাৰ হৈ উঠিছেঃ যোৱা দুবছৰত আঞ্চলিক যোগাযোগ আঁচনি-উড়ানত এয়াৰলাইন অপাৰেটৰসকলৰ অংশগ্ৰহণ পাঁচৰপৰা ১১ লৈ বৃদ্ধি পায়।

তদুপৰি, আমি যোৱাটো বছৰত ক’ভিড-১৯ সৃষ্ট ব্যাঘাত সত্বেও সাতটা বিমানবন্দৰ, দুটা হেলিপ’ৰ্ট আৰু এটা ৱাটাৰ এৰ’ড্ৰোম কাৰ্য্যক্ষম কৰিবলৈ সক্ষম হওঁ। 

আমাৰ মেট্ৰ’ ৰুটসমূহত পৰ্য্যাপ্তভাৱে সেৱা আগবঢ়োৱা হৈছে আৰু ইতিমধ্যে দিল্লী আৰু মুম্বাইৰ দৰে প্ৰধান বিমানবন্দৰসমূহে তেওঁলোকৰ যাত্ৰীৰে-মোকাবিলা সামৰ্থ্যৰ চৰম অৱস্থাত উপনীত হৈছে। কিন্তু স্বাভাৱিক এয়ে যে অসামৰিক বিমান পৰিবহণৰ বিকাশৰ বাবে সন্মুখৰ পথ বৃহত্তৰ আঞ্চলিক আৰু প্ৰত্যন্ত অঞ্চললৈ যাতায়াতৰ সৈতে প্ৰশস্ত হৈ পৰিব আৰু আৰু অধিক অযোগ্য বা অসেৱিত বিমানবন্দৰ/বিমানপথৰ নিৰ্মাণ আৰু সেৱা আগবঢ়োৱাটো সম্ভৱ কৰি তুলিব।

ই মূলতঃ অসামৰিক বিমান পৰিবহণক পৰিবহণৰ অভিজাত মাধ্যমৰপৰা প্ৰধানমন্ত্ৰীগৰাকীৰ দৃষ্টি অনুসৰি আনকি “হাৱাই চেণ্ডেল” পৰিহিত লোকেও “হাৱাই জাহাজ” ত ভ্ৰমণ কৰিবপৰা মাধ্যমলৈ পৰিৱৰ্তন কৰিব।

বিমান যাত্ৰাৰ এই গণতন্ত্ৰীকৰণ আৰু অধিক মাত্ৰালৈ প্ৰসাৰণ, অসামৰিক বিমান পৰিবহণৰ বাবে সাশ্ৰয়ী আৰ্হিৰে ভাৰতৰ টেলিকম বিপ্লৱৰ বিশেষ সামঞ্জস্য আছে। যিয়ে এয়াৰ কাৰ্গ’ৰ দৰে সংযোগী খণ্ডসমূহতো অসীম প্ৰভাৱ বিস্তাৰ কৰিছে, ক’ভিড-১৯ ৰ সময়ছোৱাত এয়া অধিক লক্ষ্যণীয় হৈ উঠিছে। যোৱা দুটা বছৰত আন্তঃৰাষ্ট্ৰীয় কাৰ্গ’ ব্যৱসায়ত ভাৰতীয় কেৰিয়াৰৰ শ্বেয়াৰ ২% ৰপৰা ১৯% লৈ বৃদ্ধি পায়।

লকডাউনৰ সময়ছোৱাত, এয়াৰ কাৰ্গ’ কেৱল অত্যাৱশ্যকীয় পণ্যদ্ৰব্যসমূহৰ বাবেই নহয় বৰঞ্চ বিশেষতঃ উত্তৰ পূৰ্বাঞ্চলৰপৰা আমাৰ কৃষকসকলৰ অৰ্থে কৃষি-পচনশীল (agri-perishables) চালানৰ এটি লাইফলাইন হৈ পৰে। এতিয়া, কৃষি উড়ান চৰকাৰখনৰ বাবে পৰৱৰ্তী মনোযোগৰ বিন্দু হৈ পৰিছে, একেদৰে এয়াৰ কাৰ্গ’ ভাৰতৰ অসামৰিক বিমান পৰিবহণ খণ্ডটোৰ সৰ্বাংগীন বিকাশৰ অৰ্থে প্ৰধান বল গুণক হ’ব পাৰে।

অতি সূক্ষ্ম স্তৰত, দীৰ্ঘ দূৰত্বত বৃহৎ আৰ্থিক প্ৰতিদানৰ মাধ্যমেৰে এই আঁচনিৰ প্ৰকৃত লাভ আহৰণ কৰা যাব। আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ সংস্থা (ICAO) ৰ এটি অধ্যয়নত প্ৰকাশ পোৱা অনুসৰি বিমান পৰিবহণ খণ্ডটোৰ উৎপাদন (output) আৰু নিয়োগ গুণক ক্ৰমে ৩.২৫ আৰু ৬.১০ অৰ্থাৎ বিমান পৰিবহণত ব্যয় কৰা প্ৰতিটো ₹১০০ ৰ বিপৰীতে আৰ্থিক উৎপাদনত ই ₹৩২৫ বৰঙণি যোগাই আৰু বিমান পৰিবহণ প্ৰসূত প্ৰতি ১০০ প্ৰত্যক্ষ নিয়োগে সামগ্ৰিকভাৱে অৰ্থনীতিত ৬১০ টা নিয়োগৰ সৃষ্টি কৰে। সন্তোষৰ কথা এয়ে যে চৰকাৰখনে পূৰ্বেই এই সম্ভাৱনাৰ উমান পাইছিল আৰু সেই অনুসাৰে বিমান পৰিবহণ খণ্ডটোক অতিশয় সক্ৰিয়তাৰে সমৰ্থন আৰু ইয়াৰে জড়িত হৈ আহিছিল।

ক’ভিড-১৯ ৰ পূৰ্বে, ’২০ বিত্তীয় বৰ্ষত ৩৪১ নিযুতৰো অধিক যাত্ৰীৰ ভ্ৰমণেৰে ভাৰত আছিল বিশ্বখনৰ তৃতীয়-সৰ্ববৃহৎ ঘৰুৱা বিমান পৰিবহণৰ বজাৰ। ক’ভিড-১৯ ৰ বিৰূপ প্ৰভাৱে সমগ্ৰ বিশ্বখনৰ এনে বজাৰসমূহক ক্ৰিয়া নকৰালৈকে তিনিটা বছৰত দেশখনে তৃতীয়-সৰ্ববৃহৎ সামগ্ৰিক বজাৰলৈ অগ্ৰগতি লাভ কৰিছিল। তথাপি, সমগ্ৰ বিশ্বখনতে যাত্ৰীসকল (flyers)ৰ মাজত বিশাল অসমানতা অনুভূত হয়। ক্লাইমেট কেম্পেইন গ্ৰুপৰ এটি অধ্যয়ন অনুসৰি, সম্ভৱ, ভাৰততে, আমাৰ গৃহস্থীসমূহৰ মাত্ৰ ১% ই ফ্লাইটসমূহৰ ৪৫% অধিকাৰ কৰে আৰু সেয়ে, আমাৰ সম্ভাৱনাৰ ক্ষেত্ৰত, আমি মাথো পদচিহ্ন ৰাখিবলৈ সক্ষম হৈছো।

প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী নেতৃত্বত, চৰকাৰখনৰ ধ্বজাবাহী উড়ান আঁচনিয়ে প্ৰথম-বাৰৰ যাত্ৰীসকলক প্ৰথম-শ্ৰেণীৰ এচি ট্ৰেইনৰ টিকটৰ ব্যয়ত বিমান যাত্ৰাৰ সুবিধা আগবঢ়াইছে। আঞ্চলিক আকাশমাৰ্গক সংযোগৰদ্বাৰা, আমি সকলোৱে “আকাশ স্পৰ্শ কৰা” ৰ মতবাদক গণতন্ত্ৰীকৰণ আৰু সাৰ্বজনীনকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছোহঁক!