Mahatma Gandhi always highlighted the importance of villages and spoke about 'Gram Swaraj': PM Modi
Urge people to focus on the education of their children: PM Modi
Our efforts are towards self-reliance in the agriculture sector: PM
Jan Dhan, Van Dhan, Gobar Dhan trio aimed at empowering the tribal and farm communities: PM Modi
A transformation of villages would ensure a transformation of India: PM Modi

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি মধ্যপ্রদেশৰ মান্দলাৰ এক জনসভাত ৰাষ্ট্রীয় গ্রামীণ স্বৰাজ অভিযানৰ শুভাৰম্ভ কৰে। তেওঁ পৰৱৰ্তী পাঁচ বছৰৰ বাবে জনজাতিসকলৰ সৰ্বাংগীন উন্নয়নৰ পৰিকল্পনাৰ এক ৰূপৰেখাও প্রকাশ কৰে।

মান্দলা জিলাৰ মানেৰিত ইণ্ডিয়ান অইল কর্প’ৰেচনৰ এটা এলপিজি বটলিং প্লান্টৰো আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে। এই উপলক্ষে মধ্যপ্ৰদেশ চৰকাৰৰ এক ডাইৰেক্টৰিও তেওঁ প্রকাশ কৰে।

যিবোৰ গাঁৱত ১০০ শতাংশ ধোঁৱামুক্ত ৰন্ধনঘৰৰ লক্ষ্যত উপনীত হৈছে, ‘মিচন ইন্দ্রধনুষ’ৰ অধীনত যিবোৰ গাঁৱত ১০০ শতাংশ প্রতিষেধক টিকা দিয়া হৈছে আৰু ‘সৌভাগ্য’ আঁচনিৰ অধীনত যিবোৰ গাঁৱত ১০০ শতাংশ বিদ্যুতিকীকৰণ হৈছে, সেই গাঁৱৰ চৰপঞ্চসকলক সম্বর্ধনা জনায় প্রধানমন্ত্রীয়ে।

মান্দলাৰ পৰা সমগ্ৰ দেশৰ পঞ্চায়তী ৰাজ প্রতেওঁধিসকলক উদ্দেশ্যি আগবঢ়োৱা ভাষণত প্রধানমন্ত্রীয়ে মহাত্মা গান্ধীৰ গ্রাম স্বৰাজ আৰু ‘গ্রামোদয়ৰ পৰা ৰাষ্ট্রোদয়’ৰ বিনম্ৰ আহ্বানক স্মৰণ কৰে। তেওঁ কয় যে ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসত মধ্যপ্রদেশলৈ আহিবলৈ পাই তেওঁ আনন্দিত হৈছে। প্রধানমন্ত্রী কয় যে মহাত্মা গান্ধীয়ে সদায়েই গাঁৱৰ গুৰুত্বৰ কথা তুলি ধৰাৰ লগতে গ্রাম স্বৰাজৰ কথা কৈছিল। তেওঁ সংশ্লিষ্ট সকলোকে গাঁৱৰ প্ৰতি কাম কৰি যোৱাৰ প্রতিশ্রুতি পালনৰ কথা পুনৰ সোঁৱৰাই দিয়ে।

প্রধানমন্ত্রী কয় যে গ্রামোন্নয়নৰ কথা কোৱাৰ সময়ত বাজেট অতি গুৰুত্বপূর্ণ। কিন্তু, বিগত কেইটামান বছৰত ইয়াৰ কিছু পৰিবর্তিত হৈছে বুলি তেওঁ লগতে কয়। সাধাৰণ মানুহে বর্তমান এটি প্রকল্পৰ বাবে ধাৰ্য কৰা ধন যাতে সদব্যৱহাৰ হয়, সেইটো সুনিশ্চিত কৰাৰ প্রয়োজনৰ ওপৰ জোৰ দিয়ে। তদুপৰি, এনে প্রকল্পৰ কাম যাতে নির্ধাৰিত সময়ত আৰু স্বচ্ছতাৰে কৰা হয় তাৰ কথাও কোৱা হৈছে বুলি প্রধানমন্ত্রীয়ে উল্লেখ কৰে।

তেওঁ সাধাৰণ লোকসকলক তেওঁলোকৰ সন্তানৰ শিক্ষাৰ ওপৰত দৃষ্টি দিয়াৰ আহ্বান জনায় কয় যে শিশুৰ ভৱিষ্যতৰ বাবে শিক্ষা অতি প্রয়োজন।

কৃষিক্ষেত্রত স্বনির্ভৰতাৰ লক্ষ্যৰে বিভিন্ন উদ্যোগৰ প্রসংগও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ পঞ্চায়তৰ প্রতিনিধিসকলক পানী সংৰক্ষণৰ প্রতি গুৰুত্ব দিয়াৰ আহ্বান জনায় আৰু প্রতি টোপাল পানী যাতে সংৰক্ষিত হয়, তাক নিশ্চিত কৰিবলৈ কয়।

প্ৰধানমন্ত্ৰী শ্রী নৰেন্দ্র মোদীয়ে ‘জন ধন যোজনা’ৰ জৰিয়তে আর্থিক অন্তর্ভুক্তিৰ গুৰুত্বৰ সন্দৰ্ভতো কয়। তদুপৰি, ‘বন ধন যোজনা’ৰ জৰিয়তে জনজাতি সম্প্রদায়ৰ সবলীকৰণ আৰু ‘গোবৰ ধন যোজনা’ৰ জৰিয়তে কৃষকসকলৰ স্বনিৰ্ভৰ কৰে তোলা আৰু পেলনীয়া পদার্থক শক্তিলৈ ৰূপান্তৰৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

প্রধানমন্ত্রীয়ে কয় যে আমাৰ দেশৰ গাওঁসমূহৰ পৰিৱৰ্তন কৰিব পাৰিলেহে, ভাৰতৰ পৰিৱৰ্তন সুনিশ্চিতহ’ব।

প্রধানমন্ত্রীয়ে লগতে কয় যে বৰ্তমান কেন্দ্রীয় চৰকাৰে এনে কিছু পদক্ষেপ হাতত লৈছে, যাৰ ফলত মহিলাসকলৰ নিৰাপত্তা সুৰক্ষিত হ’ব।

 

 

 

 

 

 

 

 

 

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Shortcuts will cut you short’: PM Modi’s message for youngsters at former President Kovind’s autobiography launch

Media Coverage

‘Shortcuts will cut you short’: PM Modi’s message for youngsters at former President Kovind’s autobiography launch
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 আগষ্ট 2026
August 13, 2026

Aatmanirbhar in Motion: Solar Homes, Made-in-India Containers, Record Exports & a Rising Global Footprint Under the Leadership of PM Modi