১.ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণক্ৰমে ২১-২২ এপ্ৰিল, ২০২২ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী সন্মানীয় বৰিছ জনছনে ভাৰত ভ্ৰমণলৈ আহে। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হিচাপে এইটো তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ আছিল।

২. প্ৰধানমন্ত্ৰী জনছনক ২২ এপ্ৰিল, ২০২২ত ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিক আদৰণি জনোৱা হয়। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক আদৰি আনে। প্ৰধানমন্ত্ৰী জনছনে ইয়াৰ পিছত ৰাজঘাট ভ্ৰমণ কৰি মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

৩. প্ৰধানমন্ত্ৰী মোদীয়ে হায়দৰাবাদ হাউচত ভ্ৰমণকাৰী প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয় আৰু জনছনৰ সন্মানাৰ্থে এক প্ৰীতিভোজৰ আয়োজন কৰে। ইয়াৰ পূৰ্বে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে।

৪. দ্বিপাক্ষিক আলোচনাত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ২০২১ৰ মে' মাহত ভাৰ্চুৱেল সন্মিলনত আৰম্ভ কৰা ৰোডমেপ-২০৩০ ৰ অগ্ৰগতিৰ প্ৰশংসা কৰে আৰু দ্বিপাক্ষিক সম্পৰ্কৰ সম্পূৰ্ণ পৰিসৰত অধিক শক্তিশালী আৰু কাৰ্যমুখী সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে। তেওঁলোকে চলিত এফটিএ(মুক্ত বাণিজ্য চুক্তি) আলোচনা আৰু বৰ্ধিত বাণিজ্য অংশীদাৰিত্বৰ ৰূপায়ণৰ অগ্ৰগতিৰ প্ৰশংসা কৰে আৰু ২০২২ চনৰ অক্টোবৰৰ শেষৰ ফালে এক ব্যাপক আৰু সন্তুলিত বাণিজ্য চুক্তি সম্পাদন কৰিবলৈ সন্মত হয়। এফটিএয়ে ২০৩০ চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্য দুগুণ কৰাৰ পথ প্ৰশস্ত কৰিব।

৫. দুয়োগৰাকী নেতাই ভাৰত-ব্ৰিটেইনৰ ব্যাপক কৌশলগত অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতাক পৰিৱৰ্তন কৰিবলৈ সন্মত হয় আৰু দুয়োখন দেশৰ সশস্ত্ৰ বাহিনীৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে সহ-উন্নয়ন আৰু সহ-উৎপাদনকে ধৰি প্ৰতিৰক্ষা সহযোগিতাৰ সুযোগৰ বিষয়ে আলোচনা কৰে।
দুয়োপক্ষই চাইবাৰ নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষকৈ চাইবাৰ প্ৰশাসন, চাইবাৰ প্ৰতিৰোধ আৰু গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় আন্তঃগাঁথনি সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সহযোগিতা অধিক তীব্ৰ কৰাৰ বাবে এক যুটীয়া বিবৃতি জাৰি কৰে। তেওঁলোকে সন্ত্ৰাসবাদ আৰু উগ্ৰ উগ্ৰবাদৰ ধাৰাবাহিক ভাবুকিৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত ঘনিষ্ঠভাৱে সহযোগিতা কৰিবলৈও সন্মতি প্ৰকাশ কৰে।
৬. দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ইণ্ডো-পেচিফিক, আফগানিস্তান, ইউএনএছচি, জি-২০ আৰু কমনৱেলথত সহযোগিতাকে ধৰি পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু গোলকীয় বিষয়সমূহৰ ওপৰতো মত বিনিময় কৰে। ভাৰতে সামুদ্ৰিক সুৰক্ষা স্তম্ভৰ অধীনত ভাৰত-প্ৰশান্ত মহাসাগৰৰ উদ্যোগত যোগদান কৰা ব্ৰিটেইনক আদৰণি জনায় আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ব্যস্ততা বৃদ্ধিৰ বাবে সন্মত হয়।
৭. দুয়োগৰাকী নেতাই চলিত ইউক্ৰেইন-ৰাছিয়া সংঘাত সন্দৰ্ভতো আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে বৰ্ধিত মানৱীয় সংকটৰ ওপৰত গভীৰ উদ্বেগ প্ৰকাশ কৰে আৰু তাৎক্ষণিকভাৱে হিংসা বন্ধ কৰিবলৈ আৰু আগবাঢ়ি যোৱাৰ একমাত্ৰ পথ হিচাপে পোনপটীয়া আলোচনা আৰু কূটনীতিলৈ ঘূৰি অহাৰ আহ্বান পুনৰ দোহাৰে।

৮.প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা বছৰ কোপেনহেগেন-২৬ৰ সফল আয়োজনৰ বাবে প্ৰধানমন্ত্ৰী জনছনক অভিনন্দন জনায়। তেওঁলোকে পেৰিছ চুক্তিৰ লক্ষ্যত উপনীত হ’বলৈ আৰু গ্লাছগো জলবায়ু চুক্তি ৰূপায়ণৰ বাবে উচ্চাভিলাষী জলবায়ু পদক্ষেপৰ প্ৰতি প্ৰতিশ্ৰুতি দোহাৰে।

৯.এই ভ্ৰমণকালত ভাৰত-ব্ৰিটেইন গোলকীয় উদ্ভাৱন অংশীদাৰীত্ব আৰু গ্লোবেল চেণ্টাৰ ফৰ নিউক্লিয়াৰ এনাৰ্জি পাৰ্টনাৰশ্বিপ (জিচিএনইপি)ৰ ৰূপায়ণৰ ক্ষেত্ৰত দুটা বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয়। গোলকীয় উদ্ভাৱন অংশীদাৰিত্বৰ জৰিয়তে ভাৰত আৰু ব্ৰিটেইনে তৃতীয় বিশ্বৰ দেশসমূহলৈ জলবায়ু স্মাৰ্ট বহনক্ষম উদ্ভাৱনৰ স্থানান্তৰ আৰু পৰিমাণ বৃদ্ধিত সহায় কৰিবলৈ ৭৫ নিযুত ইউৰোলৈকে সহ-বিত্তীয় যোগান ধৰিবলৈ সন্মত হৈছে।

১০.দ্বিপাক্ষিক আলোচনাকালত নিম্নলিখিত ঘোষণাবোৰো কৰা হয়ঃ (১)কৌশলগত প্ৰযুক্তি আলোচনা-৫জি, এআই আদিৰ দৰে নতুন আৰু আহিবলগীয়া যোগাযোগ প্ৰযুক্তিক লৈ মন্ত্ৰী পৰ্যায়ৰ আলোচনা।(২)ইণ্টিগ্ৰেটেড ইলেক্ট্ৰিক প্ৰপালচনৰ ওপৰত সহযোগিতা–দুয়ো দেশৰ নৌসেনাৰ মাজত প্ৰযুক্তিৰ সহঃবিকাশ।

১১. প্ৰধানমন্ত্ৰী জনছনে ইয়াৰ পূৰ্বে ২১ এপ্ৰিলত গুজৰাটৰ আহমেদাবাদৰ পৰা ভাৰত ভ্ৰমণ আৰম্ভ কৰিছিল। ইয়াত তেওঁ সাবৰমতী আশ্ৰম, বদোদৰাৰ মাছৱাদ ঔদ্যোগিক ইষ্টেটৰ জেচিবি প্ৰকল্প আৰু গান্ধীনগৰৰ জিআইএফটি চিটিৰ গুজৰাট জৈৱ প্ৰযুক্তি বিশ্ববিদ্যালয় পৰিদৰ্শন কৰে।

১২. প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৩চনত ভাৰতে আয়োজন কৰিবলগীয়া জি-২০ সন্মিলনৰ বাবে প্ৰধানমন্ত্ৰী জনছনক ভাৰতলৈ আমন্ত্ৰণ জনায়। প্ৰধানমন্ত্ৰী জনছনে প্ৰধানমন্ত্ৰী মোডীক ব্ৰিটেইন ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনোৱাৰ কথা দোহাৰে। প্ৰধানমন্ত্ৰী মোডীয়ে এই আমন্ত্ৰণ গ্ৰহণ কৰে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Technical textiles critical to footwear sector

Media Coverage

Technical textiles critical to footwear sector
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 এপ্ৰিল 2026
April 29, 2026

Leadership That Plays, Builds & Delivers: PM Modi’s Vision Igniting Youth, Women & Northeast India