বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ আমন্ত্ৰণমৰ্মে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৬ আৰু ২৭ মাৰ্চত বাংলাদেশ ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ তিনিটা ঐতিহাসিক প্ৰেক্ষাপটৰ সৈতে সম্পৰ্কিত-শ্বেখ মুজিবৰ ৰহমানৰ জন্ম শতবাৰ্ষিকী-মুজিব বৰ্ষ; ভাৰত আৰু বাংলাদেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৫০ বছৰ আৰু বাংলাদেশৰ মুক্তি যুদ্ধৰ সোণালী জয়ন্তী। প্ৰধানমন্ত্ৰীয়ে ২০১৫ চনত শেষবাৰৰ বাবে বাংলাদেশ ভ্ৰমণ কৰিছিল। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ২৬ মাৰ্চত বাংলাদেশৰ ৰাষ্ট্ৰীয় দিৱস উপলক্ষে আয়োজিত কাৰ্যসূচীত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব।

 

এই অনুষ্ঠানৰ উপৰিও প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে দ্বিপাক্ষিক আলোচনা কৰাৰ উপৰিও বাংলাদেশৰ ৰাষ্ট্ৰপতি এম.ই. আব্দুল হামিদক সাক্ষাৎ কৰিব। ইয়াৰোপৰি বাংলাদেশৰ বৈদেশিক মন্ত্ৰী ডঃ এ কে আব্দুল মোমেনে প্ৰধানমন্ত্ৰী শ্ৰী মোদীক সাক্ষাৎ কৰিব।

 

কোভিড মহামাৰী আৰম্ভ হোৱাৰ পিছত প্ৰধানমন্ত্ৰীৰ বাংলাদেশ ভ্ৰমণ হ'ব প্ৰথমটো বিদেশ ভ্ৰমণ। ইয়াৰ জৰিয়তে বাংলাদেশৰ সৈতে ভাৰতৰ সম্পৰ্কৰ গুৰুত্ব প্ৰতিফলিত হয়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian economy navigated well external uncertainties: RBI Bulletin

Media Coverage

Indian economy navigated well external uncertainties: RBI Bulletin
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জুলাই 2026
July 23, 2026

Digital Rails, PLI Jobs & Swift Justice: How PM Modi’s Governance is Rewiring India’s Future