মই ১৩ আৰু ১৪ ফেব্ৰুৱাৰীত চৰকাৰী ভ্ৰমণত সংযুক্ত আৰব আমিৰশ্বাহী আৰু ১৪ আৰু ১৫ ফেব্ৰুৱাৰীত কাটাৰ ভ্ৰমণলৈযাম। এইটো মোৰ ইউএইলৈ সপ্তম ভ্ৰমণ আৰু ২০১৪ চনৰ পৰা কাটাৰৰ দ্বিতীয় ভ্ৰমণ হ'ব।

যোৱা ৯ বছৰত, বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, খাদ্য আৰু শক্তি সুৰক্ষা আৰু শিক্ষাৰ দৰে বিভিন্ন ক্ষেত্ৰত ইউএইৰ সৈতে আমাৰ সহযোগিতা বহুগুণে বৃদ্ধি পাইছে। আমাৰ সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজত সংযোগ সবাতোকৈ শক্তিশালী।

আবুধাবিত মইইউএইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক সাক্ষাৎ কৰি আমাৰ ব্যাপক কৌশলগত অংশীদাৰীত্বআগবঢ়াই নিয়াৰ ক্ষেত্ৰত বিস্তৃত আলোচনা কৰাৰ বাবে আশাবাদী। অলপতে মই গুজৰাটত ৰাষ্ট্ৰপতিগৰাকীক আদৰাৰ সৌভাগ্য লাভ কৰিছিলো, য'ত তেওঁ ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল ছামিট ২০২৪ত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল।

ইউএইৰ উপ-ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী আৰু ডুবাইৰ শাসক মহামান্য শ্বেখ মহম্মদ বিন ৰছিদ আল মাকতুমৰ আমন্ত্ৰণক্ৰমে মই ১৪ ফেব্ৰুৱাৰীত ডুবাইত অনুষ্ঠিত বিশ্ব চৰকাৰৰ সন্মিলনত বিশ্বনেতাসকলৰ সমাৱেশত ভাষণ দিম। সন্মিলনৰ সুবাদতে প্ৰধানমন্ত্ৰী শ্বেখ মহম্মদ বিন ৰছিদৰ সৈতে আলোচনাত ডুবাইৰ সৈতে আমাৰ বহুমুখী সম্পৰ্ক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিয়া হ'ব।

এই ভ্ৰমণকালত মই আবুধাবিত প্ৰথমটোহিন্দু মন্দিৰউদ্বোধন কৰিম। বিএপিএছ মন্দিৰটো সম্প্ৰীতি, শান্তি আৰু সহিষ্ণুতাৰ মূল্যবোধৰ প্ৰতি এক স্থায়ী শ্ৰদ্ধাঞ্জলি হ'ব।

মই আবুধাবিত এটা বিশেষ অনুষ্ঠানত ইউএইত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সম্বোধন কৰিম।

কাটাৰতমই আমিৰ মহামান্য শ্বেখ তামিম বিন হামাদ আল থানিক লগ কৰিবলৈ বাট চাই আছো, যাৰ নেতৃত্বত কাটাৰে উল্লেখনীয় বিকাশ আৰু পৰিবৰ্তন লক্ষ্য কৰি আছে। মই কাটাৰৰ আন গণ্য-মান্য ব্যক্তিসকলকো লগ কৰিবলৈ আশাবাদী।

ভাৰত আৰু কাটাৰৰ মাজত ঐতিহাসিকভাৱে ঘনিষ্ঠ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। শেহতীয়া বছৰবোৰতউচ্চ পৰ্যায়ৰ ৰাজনৈতিক বিনিময়, দুয়োখন দেশৰ মাজত বৰ্ধিত বাণিজ্য আৰু বিনিয়োগ, আমাৰ শক্তি অংশীদাৰীত্ব শক্তিশালী কৰাআৰু সংস্কৃতি আৰু শিক্ষাৰ ক্ষেত্ৰত সহযোগিতাকে ধৰি সকলো ক্ষেত্ৰতে আমাৰ বহুমুখী সম্পৰ্ক গভীৰ হৈ আহিছে। দোহাত ৮,০০,০০০ তকৈও অধিক শক্তিশালী ভাৰতীয় সম্প্ৰদায়ৰ উপস্থিতি আমাৰ শক্তিশালী জনসাধাৰণৰ মাজত সম্পৰ্কৰ এক প্ৰমাণ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Celebrate ‘Har Ghar Tiranga’drive, PM Modi calls on every household

Media Coverage

Celebrate ‘Har Ghar Tiranga’drive, PM Modi calls on every household
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlighting the power of winning hearts through vision, thoughts, words, and actions
August 12, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting the power of winning hearts through vision, thoughts, words, and actions.

The Prime Minister wrote on X;

"हमारे युवा साथी देश का भविष्य ही नहीं, वर्तमान की सबसे बड़ी शक्ति भी हैं। उन्होंने अपनी संवेदनशीलता, सेवाभाव और सामर्थ्य से दुनियाभर में अलग पहचान बनाई है।

चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम्।

प्रसादयति यो लोकं तं लोकोऽनुप्रसीदति।।"

A person who wins people's hearts through his vision, thoughts, words and actions earns, in return, their trust, respect and goodwill.