ভাৰতত গণতন্ত্ৰ কেৱল সংবিধানৰ ধাৰাসমূহৰ সংগ্ৰহ নহয়, বৰং ই আমাৰ জীৱন ধাৰাঃ প্ৰধানমন্ত্ৰী
সংসদ টিভি ৰাষ্ট্ৰৰ গণতন্ত্ৰ আৰু জন প্ৰতিনিধিৰ এটা নতুন কণ্ঠ হ'বঃ প্ৰধানমন্ত্ৰী
'কনটেণ্ট ইজ কানেক্ট' সংসদীয় প্ৰণালীতো সমানে প্ৰযোজ্য হয়ঃ প্ৰধানমন্ত্ৰী

উপ-ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ সভাপতি শ্ৰী ভেংকায়া নাইডু, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ অধ্যক্ষ শ্ৰী ওম বিড়লাই আজি আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ দিৱস উপলক্ষে যুটীয়াভাৱে সংসদ টিভিৰ শুভাৰম্ভ কৰে।

এই কাৰ্যক্ৰমত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে দ্ৰুতগতিত হোৱা পৰিৱৰ্তনৰ সৈতে সংসদৰ সৈতে জড়িত চেনেলত হোৱা পৰিৱৰ্তনক প্ৰশংসা কৰে। তেওঁ কয় যে এয়া তেতিয়া অধিক বিশেষ হৈ পৰে যেতিয়া ২১ শতিকাই সংবাদ আৰু সঞ্চাৰৰ মাধ্যমত ক্ৰান্তি লৈ আহিছে। প্ৰধানমন্ত্ৰীয়ে সংসদ টিভিৰ শুভাৰম্ভক ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসৰ কাহিনীত এটা নতুন অধ্যায় বুলি কয় কিয়নো সংসদ টিভিৰ ৰূপত দেশে সঞ্চাৰ আৰু সংবাদৰ এটা মাধ্যম পাবলৈ গৈ আছে যি ৰাষ্ট্ৰৰ গণতন্ত্ৰ আৰু জনসাধাৰণৰ প্ৰতিনিধিৰ এটা নতুন কণ্ঠ হৈ পৰিব। প্ৰধানমন্ত্ৰীয়ে দূৰদৰ্শনক নিজৰ স্থাপনৰ  ৬২ বছৰ সম্পূৰ্ণ কৰা বাবে শুভকামনা জনায়। তেওঁ ইঞ্জিনিয়াৰ দিৱস উপলক্ষে সকলো ইঞ্জিনিয়াৰকো শুভকামনা জনায়।

আজি আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ দিৱসৰ প্ৰতিও লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়া গণতন্ত্ৰৰ কথা আহে তেতিয়া ভাৰতৰ দায়িত্ব আৰু বাঢ়ি যায়, কিয়নো ভাৰত হৈছে গণতন্ত্ৰৰ জননী। ভাৰতৰ বাবে গণতন্ত্ৰ কেৱল এটা ব্যৱস্থা নহয়, ই এটা বিচাৰ। ভাৰতত গণতন্ত্ৰ কেৱল এটা সাংবিধানিক গাঁথনি নহয়, বৰং এটা স্পিৰিট। ভাৰতত গণতন্ত্ৰই কেৱল সাংবিধানিক ধাৰাসমূহৰ সংগ্ৰহেই নহয়, ই আমাৰ জীৱন ধাৰা।

প্ৰধানমন্ত্ৰীয়ে স্বাধীনতাৰ ৭৫ বৰ্ষৰ সন্দৰ্ভত মিডিয়াৰ ভূমিকাৰ আলোকপাত কৰে, যেতিয়া অতীতৰ গৌৰৱ আৰু ভৱিষ্যতৰ প্ৰতি ভাৰসা দুয়োটা আমাৰ সন্মুখত আছে। তেওঁ কয় যে যেতিয়া মিডিয়াই স্বচ্ছ ভাৰত অভিযানৰ দৰে বিষয়ক উত্থাপন কৰে তেতিয়া ই জনসাধাৰণৰ মাজলৈ দ্ৰুত গতিত গুছি যায়। তেওঁ পৰামৰ্শ দিয়ে যে মিডিয়াই স্বাধীনতা সংগ্ৰামৰ ৭৫ এপিছোডৰ যোজনা বনাই বা এই উপলক্ষে বিশেষ ছাপ্লিমেণ্ট আনি স্বাধীনতাৰ অমৃত মহোৎসৱৰ সময়ত জনসাধাৰণৰ প্ৰয়াসৰ প্ৰসাৰত এক ভূমিকা পালন কৰিব পাৰে।

কনটেণ্টৰ গুৰুত্ব সন্দৰ্ভত আলোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যিহেতু 'কনটেণ্ট ইজ কিং' বুলি কোৱা হয় সেয়ে অনুভৱত 'কনটেণ্ট ইজ কানেক্ট'। তেওঁ বিস্তৃতভাৱে উল্লেখ কৰি কয় যে যেতিয়া কাৰোবাৰ ওচৰত উন্নত কনটেণ্ট থাকে তেতিয়া মানুহে নিজে নিজেই তাৰ সৈতে জড়িত হৈ পৰে। এই কথা যিমানেই মিডিয়াৰ ওপৰত প্ৰযোজ্য হয়, সিমানেই আমাৰ সংসদীয় ব্যৱস্থাতো প্ৰযোজ্য হয়, কিয়নো সংসদত কেৱল ৰাজনীতিয়েই নহয়, নীতিও নিৰ্মাণ হয়। তেওঁ জোৰ দি কয় যে সাধাৰণ জনতাই সংসদৰ কাৰ্যবাহীৰ সৈতে জড়িত বুলি অনুভৱ কৰিব লাগে। তেওঁ কয় যে নতুন চেনেলে এই দিশত কাম কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়া সংসদত অধিৱেশন হয়, বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হয় তেতিয়া তাত যুৱক-যুৱতীসকলে চাবলগীয়া বহুত কিবা হয়। আমাৰ মাননীয় সদস্যসকলেও সকলো কথা জানে যে দেশে তেওঁলোকক চাই আছে সেয়ে তেওঁলোকেও সংসদৰ ভিতৰত ভাল আচৰণৰ ভাল ব্যৱহাৰৰ প্ৰেৰণা লাভ কৰে। তেওঁলোকে নাগৰিকৰ কৰ্তব্যৰ ওপৰত মনোযোগ কেন্দ্ৰীভূত কৰাৰ আৱশ্যকতাৰ ওপৰত জোৰ দিয়ে আৰু কয় যে এই সম্পৰ্কত সজাগতাৰ বাবে মিডিয়া এটা প্ৰভাৱশালী মাধ্যম। প্ৰধানমন্ত্ৰীয়ে কয় যে এই কাৰ্যক্ৰমসমূহৰ জৰিয়তে আমাৰ যুৱক-যুৱতীসকলে আমাৰ গণতান্ত্ৰিক সংস্থান, তেওঁলোকৰ কাম-কাজৰ লগতে নাগৰিক কৰ্তব্যসমূহৰ বিষয়ে শিকিবৰ বাবে যথেষ্ট লাভ কৰিব। এনেদৰে, কাৰ্যকৰী সমিতিবিলাক, বিধায়ী কাৰ্যৰ গুৰুত্ব আৰু বিধায়িকাসমূহৰ কাৰ্যৰ বিষয়ে পৰ্যাপ্ত তথ্য জানিব, যাৰ ফলত গভীৰভাৱে ভাৰতৰ গণতন্ত্ৰক বুজি পোৱাত সহায় হ'ব। তেওঁ বিশ্বাস ব্যক্ত কৰে যে সংসদ টিভিত ভূমি স্তৰৰ গণতন্ত্ৰৰ ৰূপত পঞ্চায়তৰ কাম-কাজৰ ওপৰত কাৰ্যক্ৰম প্ৰস্তুত কৰা হ'ব। এই কাৰ্যক্ৰমে ভাৰতৰ গণতন্ত্ৰক এক নতুন শক্তি, এক নতুন চেতনা দিব।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's forex reserves hit all-time high of $729.33 billion after $12.42 billion jump

Media Coverage

India's forex reserves hit all-time high of $729.33 billion after $12.42 billion jump
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on National Sports Day
August 29, 2026

The Prime Minister, Shri Narendra Modi has extended his greetings to all sports lovers on National Sports Day. Shri Modi said that the dedication, passion and determination of sportspersons make the entire nation proud.

The Prime Minister also paid homage to the legendary Major Dhyan Chand Ji, whose brilliance and contribution to Indian hockey continue to inspire generations.

Shri Modi posted on X:

“To every sports lover…your dedication, passion and determination make everyone proud.

We also pay homage to the legendary Major Dhyan Chand Ji, whose brilliance inspires generations.

#NationalSportsDay”