ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াভাৱে ৰেলৱে আন্তঃগাঁথনি উন্নয়ন প্ৰচেষ্টাত হোৱা পৰিৱৰ্তনৰ কথা উল্লেখ কৰে। এই পৰিৱৰ্তনৰ জৰিয়তে ভাৰতীয় ৰেলৱেৰ আধুনিকীকৰণত অভূতপূৰ্ব অগ্ৰগতি লাভ কৰা হৈছে। শ্ৰী মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে গুজৰাটৰ কেভাদিয়াৰে দেশখনৰ ভিন্ন প্ৰান্তক সংযোগ কৰা আঠ ট্ৰেইনৰ ফ্লেগ অফ আৰু ৰাজ্যখনত বহু ৰেল সম্পৰ্কীয় প্ৰকল্প উদ্বোধন কৰি প্ৰদান কৰা ভাষণত এইদৰে কয়।

প্ৰধানমন্ত্ৰীজনে কয় যে পূৰ্বে চলি থকা আন্তঃগাঁথনিৰ পৰিপ্ৰেক্ষিতত লক্ষ্যবোৰ সীমিত আছিল আৰু নতুন চিন্তা বা নতুন প্ৰযুক্তিত বিশেষ গুৰুত্ব আৰোপ কৰা নহৈছিল। এই প্ৰচেষ্টা সলনি কৰিবলৈ ই একান্ত প্ৰয়োজনীয় আছিল। যোৱা বছৰকেইটাত, সমগ্ৰ ৰেলৱে চিষ্টেমটোৰ ব্যাপক ৰূপান্তৰৰ অৰ্থে কাৰ্য সম্পাদন কৰা হৈছে আৰু বাজেট আৰু নতুন ট্ৰেইন ঘোষণাতে ই সীমাবদ্ধ নাছিল। বহু ক্ষেত্ৰত ৰূপান্তৰ সাধন কৰা যায়। তেখেতে উদাহৰণ দাঙি ধৰি কয় যে বৰ্তমান কেভাদিয়াক সংযোগ কৰা প্ৰকল্পটোৰ কাম অভিলেখসংখ্যক সময়-সীমাৰ ভিতৰত সম্পূৰ্ণ কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি পূৰ্বৰ সময়ৰ তুলনাত প্ৰচেষ্টাৰ পৰিৱৰ্তন সাধন হিচাপে ডেডিকেটেড ফ্ৰেইট কৰিড’ৰৰ উদাহৰণ দাঙি ধৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ পূব আৰু পশ্চিম ডেডিকেটেড ফ্ৰেইট কৰিড’ৰ উৎসৰ্গা কৰে। এই প্ৰকল্পটো নিৰ্মাণৰত অৱস্থাত আছিল আৰু ২০০৬-২০১৪ ৰ মাজত কাগজতহে কাম চলি থকা দেখুওৱা হৈছিল কিন্তুঃ মাত্ৰ এক কিঃমিঃ পথো নিৰ্মাণ কৰা নহৈছিল। অহা কেইটামান মাহৰ ভিতৰতে মুঠ ১১০০ কিঃমিঃৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
How India’s Rs 175 crore Diving Support Craft projects strengthen Navy’s underwater capabilities

Media Coverage

How India’s Rs 175 crore Diving Support Craft projects strengthen Navy’s underwater capabilities
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Jharkhand meets Prime Minister
August 03, 2026