প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে পুৱা ১১ বজাত অনুষ্ঠিত হ’বলগীয়া ১৯ সংখ্যক নিয়োগ মেলাত বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত ৫১,০০০ৰো অধিক নৱনিযুক্ত যুৱক-যুৱতীক নিযুক্তিপত্ৰ বিতৰণ কৰিব। এই উপলক্ষে তেওঁ সমাবেশকো সম্বোধন কৰিব।
নিযুক্তি সৃষ্টিক অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি আয়োজিত নিয়োগ মেলা হৈছে এই দৃষ্টিভংগীক বাস্তৱলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ইয়াৰ আৰম্ভণিৰে পৰা সমগ্ৰ দেশতে আয়োজিত ১৮ খন নিয়োগ মেলাৰ জৰিয়তে প্ৰায় ১২ লাখ নিযুক্তিপত্ৰ বিতৰণ কৰা হৈছে।
১৯ সংখ্যক নিয়োগ মেলা সমগ্ৰ দেশৰ ৪৭ টা স্থানত অনুষ্ঠিত হ’ব। ভাৰতৰ সকলো প্ৰান্তৰ পৰা নিৰ্বাচিত নৱনিযুক্ত প্ৰাৰ্থীসকলে ৰে’ল মন্ত্ৰালয়, গৃহ মন্ত্ৰালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, বিত্তীয় সেৱা বিভাগ, উচ্চ শিক্ষা বিভাগকে ধৰি ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত যোগদান কৰিব।
देशभर के अपने युवा साथियों के उज्ज्वल भविष्य और सशक्तिकरण के लिए हमारी प्रतिबद्धता अटूट है। इसी दिशा में कल सुबह 11 बजे वीडियो कॉन्फ्रेंसिंग के जरिए एक और रोजगार मेले में शामिल होऊंगा। इसमें युवाओं को विभिन्न सरकारी विभागों के नियुक्ति पत्र सौंपने का सौभाग्य मिलेगा।…
— Narendra Modi (@narendramodi) May 22, 2026


