প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত সংহত চৌহদ- "কৰ্মযোগী ভৱন"ৰ প্ৰথম পৰ্যায়ৰ আধাৰশিলা স্থাপন কৰিব
‘ৰোজগাৰ মেলা’ হৈছে নিযুক্তি সৃষ্টিক সৰ্বোচ্চ প্ৰাথমিকতা প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি পূৰণৰ দিশত এক পদক্ষেপ
নতুনকৈ নিযুক্তসকলে ‘অনলাইন মডিউল’ ‘কৰ্মযোগী প্ৰাৰম্ভ’-ৰ জৰিয়তেও নিজকে প্ৰশিক্ষিত কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘ভিডিঅ' কনফাৰেন্স’ৰ জৰিয়তে ১২ ফেব্ৰুৱাৰী, ২০২৪ তাৰিখে পুৱা ১০:৩০ বজাত নতুনকৈ নিযুক্তি লাভ কৰা ১ লাখতকৈয়ো অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ কৰিব।

এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত সংহত চৌহদ "কৰ্মযোগী ভৱন"ৰ প্ৰথম পৰ্যায়ৰ আধাৰশিলাও স্থাপন কৰিব। এই চৌহদটোৱে ‘মিছন কৰ্মযোগী’ৰ বিভিন্ন স্তম্ভসমূহৰ মাজত সহযোগিতা আৰু সমন্বয় বৃদ্ধি কৰিব।

‘ৰোজগাৰ মেলা’ সমগ্ৰ দেশৰ ৪৭টা স্থানত অনুষ্ঠিত হ'ব। এই পদক্ষেপক সমৰ্থন কৰি কেন্দ্ৰীয় চৰকাৰৰ বিভাগ আৰু ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত এই নিযুক্তি মেলাসমূহ অনুষ্ঠিত হৈছে। নতুন নিযুক্তি প্ৰাপকসকলে ৰাজহ বিভাগ, গৃহ মন্ত্ৰালয়, উচ্চ শিক্ষা বিভাগ, পাৰমাণৱিক শক্তি বিভাগ, প্ৰতিৰক্ষা মন্ত্ৰালয়, বিত্তীয় সেৱা বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয় আৰু ৰে'ল মন্ত্ৰালয় আদিৰ বিভিন্ন পদত যোগদান কৰিব।

‘ৰোজগাৰ মেলা’ হৈছে দেশত নিযুক্তি সৃষ্টিক সৰ্বোচ্চ প্ৰাথমিকতা প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি পূৰণৰ দিশত এক পদক্ষেপ। ‘ৰোজগাৰ মেলা’ই অধিক নিযুক্তি সৃষ্টিৰ সুবিধা গ্ৰহণ কৰিব আৰু যুৱপ্ৰজন্মক তেওঁলোকৰ সৱলীকৰণ আৰু ৰাষ্ট্ৰীয় উন্নয়নত প্ৰত্যক্ষ অংশগ্ৰহণৰ বাবে লাভজনক সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

নতুনকৈ অন্তৰ্ভুক্ত হোৱা নিযুক্তি প্ৰাপকসকলে ‘আইজিঅ’টি কৰ্মযোগী পৰ্টেল’ৰ এক অনলাইন মডিউল ‘কৰ্মযোগী প্ৰৰাম্ভ’ৰ জৰিয়তেও নিজকে প্ৰশিক্ষিত কৰাৰ সুযোগ লাভ কৰিছে য'ত 'এনীহোৱেৰ এনী ডিভাইচ'- ‘লাৰ্ণিং ফৰ্মেট’ত ৮৮০ ৰো অধিক ‘ই-লাৰ্ণিং’ পাঠ্যক্ৰম উপলব্ধ কৰা হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Best Never The Loudest': Bear Grylls Gives Shoutout To ‘Powerful Leader’ PM Modi

Media Coverage

'Best Never The Loudest': Bear Grylls Gives Shoutout To ‘Powerful Leader’ PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 জুলাই 2026
July 15, 2026

Rooted in Tradition, Built for Tomorrow: PM Modi’s Blueprint for a Developed India