Important decisions have been taken with regard to Ram Janmabhoomi which is in line with the verdict of the Supreme Court: PM Modi
The Shri Ram Janmabhoomi Teertha Kshetra will be formed, says PM Modi in Parliament
Guided by ‘Sabka Saath, Sabka Vikas, Sabka Vishwas’ we are working for the welfare of every Indian: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদত ঘোষণা কৰে যে দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশানুসৰি অযোধ্যাত নিৰ্মাণ হ’বলগীয়া ৰাম মন্দিৰটোৰ নিৰ্মাণৰ সকলো কাম-কাজ চোৱা-চিতা কৰিব এটা ন্যাসে।

প্ৰধানমন্ত্ৰীয়ে কয়, “উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশানুসৰি মোৰ চৰকাৰে শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাস গঠনৰ প্ৰস্তাৱলৈ আজি অনুমোদন প্ৰদান কৰিছে। অযোধ্যাত এটা অনবদ্য ৰাম মন্দিৰ নিৰ্মাণ সন্দৰ্ভত সকলো ধৰণৰ সিদ্ধান্ত গ্ৰহণৰ বাবে মুক্ত থাকিব এই ন্যাস।”

অযোধ্যা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ঐতিহাসিক ৰায় অনুসৰিয়েই গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত।

প্ৰধানমন্ত্ৰীয়ে কয় যে সন্মানীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশানুসৰি চৰকাৰে উত্তৰ প্ৰদেশ চৰকাৰক ৫ একৰ ভূমি চুন্নী ৱাকফ ব’ৰ্ডক প্ৰদান কৰাৰ অনুৰোধ জনাইছিল আৰু কেন্দ্ৰীয় চৰকাৰৰ এই অনুৰোধ সানুনয়ে গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰখনে।
আমি সকলোৱেই জানো যে ভাৰতীয় সভ্যতা, সংস্কৃতি, ঐতিহ্যত অযোধ্যা আৰু ভগৱান ৰামৰ সৈকে এক ঐতিহাসিক আৰু আধ্যাত্মিক গাঁথা সদায়েই জড়িত হৈ আছে।

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, “এক অনবদ্য ৰাম মন্দিৰ নিৰ্মাণ কৰাৰ কথা মনত ৰাখি আৰু এই ৰাম লল্লালৈ ভক্তিৰসেৰে গদগদ হৈ আহিবলগীয়া ভক্তপ্ৰাণ ৰাইজৰ কথা মনত ৰাখিয়েই ভৱিষ্যতৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে আন এক গুৰুত্বূপূৰ্ণ সিদ্ধান্ত। চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে সামগ্ৰিকভাৱে প্ৰায় ৬৭.৭০৩ একৰ ভূমি ইতিমধ্যেই গঠনৰ সিদ্ধান্ত লোৱা শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসৰ হাতলৈ হস্তান্তৰ কৰা হ’ব।”

দেশবাসীৰ ব্যাপক উদাৰতাক প্ৰধানমন্ত্ৰীৰ উচ্চ প্ৰসংশা

অযোধ্যা সন্দৰ্ভত সন্মানীয় উচ্চতম ন্যায়ালয়ে আগবঢ়োৱা ৰায়ৰ পিছত সুন্দৰভাৱে শান্তি আৰু সমন্বয় অটুত ৰখাৰ ক্ষেত্ৰত দেশবাসীয়ে দেখুওৱা অনবদ্য উদাৰতাক প্ৰধানমন্ত্ৰীৰ উচ্চ প্ৰসংশা।

তেওঁ এই অনন্য উদাৰতাক প্ৰসংশা কৰি আন এক টুইটযোগে কয়, “দেশবাসীয়ে গণতান্ত্ৰিক প্ৰক্ৰিয়া আৰু ব্যৱস্থাৰ ওপৰত থকা বিশ্বাস-আস্থাক অনবদ্য ৰূপত উপস্থাপন কৰিলে। মই ১৩০ কোটি দেশবাসীক শ্ৰদ্ধাৰে অভিবাদন জনাইছো।”

ভাৰতত বসবাস কৰা সকলো সমুদায়ৰ লোকেই এটা বৃহৎ পৰিয়ালৰ সদস্য

প্ৰধানমন্ত্ৰীয়ে কয় যে আমি সকলো এটা পৰিয়ালৰে সদস্য। এয়াই হৈছে ভাৰতৰ ঐতিহ্য। আমি সকলো ভাৰতীয়ই সুখী আৰু সুস্বাস্থ্যৱান হৈ থকাটো বিচাৰো। ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস’ নীতিৰ ভেটিত প্ৰতিগৰাকী ভাৰতীয়ৰ কল্যাণৰ বাবে আমি কাম কৰি আছো।

তেওঁ লগতে কয়, “আমি সকলোৱে একেলগে এক বৃহৎ ৰাম মন্দিৰ নিৰ্মাণৰ দিশেৰে কাম কৰো আহক।”

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Budget 2026 positions India to accelerate from volume-driven production to value-driven global leadership in Healthcare: Experts

Media Coverage

Budget 2026 positions India to accelerate from volume-driven production to value-driven global leadership in Healthcare: Experts
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam emphasising the Power of Self-Confidence in Building a Developed India
February 03, 2026

Prime Minister Shri Narendra Modi today shared a Sanskrit Subhashitam emphasizing the transformative role of self-confidence in realizing the vision of a developed India.

In a post on X, he wrote:

"आत्मविश्वास वह शक्ति है, जिसके बल पर सब कुछ संभव है। विकसित भारत के सपने को साकार करने में देशवासियों की यही शक्ति बहुत काम आने वाली है।

श्रीर्मङ्गलात् प्रभवति प्रागल्भ्यात् सम्प्रवर्धते।

दाक्ष्यात् तु कुरुते मूलं संयमात् प्रतितिष्ठति॥ "