‘‘আমৃতকাল’ৰ প্ৰথমখন বাজেটে উন্নত ভাৰতৰ আশা-আকাংক্ষা আৰু সংকল্পসমূহৰ বাবে এক শক্তিশালী বুনিয়াদ গঢ়ি তুলিছে”
&“এইখন বাজেটে বঞ্চিতসকলক প্ৰথমিকতা প্ৰদান কৰিছে”
‘‘প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কৌশল সন্মান’, অৰ্থাত্ ‘প্ৰধানমন্ত্ৰী বিকাশ’-য়ে কোটি কোটি বিশ্বকৰ্মাৰ জীৱনলৈ এক বৃহত্ পৰিৱৰ্তন কঢ়িয়াই আনিব”
“এইখন বাজেটে সমবায়সমূহক গ্ৰাম্য অৰ্থনীতি বিকাশৰ এক আধাৰ হিচাপে গঢ়ি তুলিব”
“আমি কৃষিখণ্ডত ডিজিটেল পৰিশোধৰ ক্ষেত্ৰত লাভ কৰা সাফ্যলৰ পুনৰাবৃত্তি কৰিব লাগিব”
“এইখন বাজেটে সেউজ বিকাশ, সেউজ অৰ্থনীতি, সেউজ আন্তঃগাঁথনি আৰু বহণক্ষম ভৱিষ্যতৰ বাবে সেউজ কৰ্মসংস্থানৰ পৰিসৰ অভূতপূৰ্ব ভাবে বিস্তৃত কৰিব”
“আন্তঃগাঁথনিৰ ক্ষেত্ৰত দহলাখ কোটি টকাৰ অভুতপূৰ্ব বিনিয়োগে ভাৰতৰ উন্নয়ণক এক নতুন শক্তি আৰু গতি প্ৰদান কৰিব”
“২০৪৭ চনৰ সপোন বাস্তৱায়িত কৰাৰ বাবে মধ্যবিত্তীয়সকল এক বৃহত্ শক্তি। আমাৰ চৰকাৰ সদায়ে মধ্যবিত্ত শ্ৰেণীৰ পক্ষত থিয় দি আহিছে”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে যে ভাৰতৰ ‘অমৃত কাল’ৰ প্ৰথমখন বাজেটে উন্নত ভাৰতৰ আশা-আকাংক্ষা আৰু সংকল্পসমূহ পূৰণৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিছে। তেওঁ কয় যে এই বাজেটে বঞ্চিতসকলৰ লগতে  উচ্চাকাংক্ষী সমাজ, দৰিদ্ৰ, গাওঁ আৰু মধ্যবিত্ত শ্ৰেণীৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত প্ৰথমিকতা প্ৰদান কৰিছে।

তেওঁ বিত্ত মন্ত্ৰী আৰু তেওঁৰ গোটেই দলটোক এখন ঐতিহাসিক বাজেট যুগুতোৱাৰ বাবে অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়ে কাঠমিস্ত্ৰী, কমাৰ, সোণাৰী, কুমাৰ, ভাস্কৰ্যশিল্পী আৰু আন পৰম্পৰাগত শিল্পীসকলক ৰাষ্ট্ৰৰ স্ৰষ্টা বুলি অভিহিত কৰে। "প্ৰথমবাৰৰ বাবে দেশখনে এই লোকসকলৰ কঠোৰ পৰিশ্ৰম আৰু সৃষ্টিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে বহুতো আঁচনি ৰূপায়ণৰ দিহা কৰিছে। তেওঁলোকৰ বাবে প্ৰশিক্ষণ, ঋণ আৰু বজাৰ সহযোগিতাৰ ব্যৱস্থা কৰা হৈছে। প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কৌশল সন্মান অৰ্থাৎ প্ৰধানমন্ত্ৰী বিকাশ-য়ে কোটি কোটি বিশ্বকৰ্মাৰ জীৱনলৈ এক ডাঙৰ পৰিৱৰ্তন আনিব"বুলিও মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে কয় যে গাঁও আৰু চহৰসমূহত বাস কৰা মহিলা, চাকৰিজীৱীৰ পৰা গৃহনিৰ্মাতালৈকে মহিলাসকলৰ কল্যাণক অধিক শক্তিশালী কৰিব পৰাকৈ চৰকাৰে জল জীৱন মিছন, উজ্জ্বলা যোজনা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা আদিৰ দৰে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ অত্যাধিক সম্ভাৱনা থকা খণ্ড হিচাপে মহিলা আত্ম-সহায়ক গোটসমূহক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰি কয় যে যদি এই গোটসমূহক অৰু অধিক শক্তিশালী কৰি তোলা হয় তেন্তে অভাৱনীয় ঘটনা সংঘটিত কৰিব পৰা যাব। মহিলাসকলৰ বাবে এক নতুন বিশেষ সঞ্চয় আঁচনি প্ৰৱৰ্তনৰ লগতে নতুন বাজেটত মহিলা আ্ত্ম-সহায়ক গোটসমূহত এক নতুন মাত্ৰা যোগ কৰা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই মহিলাসকলক, বিশেষকৈ সাধাৰণ পৰিয়ালৰ গৃহিণীসকলক শক্তিশালী কৰি তুলিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে এইখন বাজেটে সমবায়সমূহক গ্ৰাম্য অৰ্থনীতিৰ বিকাশৰ এক আধাৰ হিচাপে গঢ়ি তুলিব। তেওঁ আৰু কয় যে চৰকাৰে সমবায় খণ্ডত বিশ্বৰ সৰ্ববৃহৎ খাদ্য সংৰক্ষণ আঁচনি তৈয়াৰ কৰিছে। বাজেটত নতুন প্ৰাথমিক সমবায় গঠনৰ এক উচ্চাভিলাষী আঁচনিও ঘোষণা কৰা হৈছে। ইয়াৰ ফলত কৃষি, কৃষক, পশুপালন আৰু মাছমৰীয়াসকলৰ লগতে গাখীৰ আৰু মাছ উৎপাদনৰ ক্ষেত্ৰ সম্প্ৰসাৰিত হ'ব আৰু মাছমৰীয়াসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বাবে উন্নত মূল্য লাভ কৰিব।

কৃষি খণ্ডত ডিজিটেল পৰিশোধৰ সফলতাৰ পুনৰাবৃত্তিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই বাজেটত ডিজিটেল কৃষি আন্তঃগাঁথনিৰ বাবে এক বৃহৎ পৰিকল্পনা সম্বলিত কৰা হৈছে।

তেওঁ উল্লেখ কৰে যে বিশ্বই আন্তৰ্জাতিক মিলেট বৰ্ষ উদযাপন কৰি আছে আৰু ভাৰতত একাধিক নামৰ বহু প্ৰকাৰৰ মিলেট উপলব্ধ হয়। প্ৰধানমন্ত্ৰীয়ে কয় যে মিলেটসমূহ যিহেতু সমগ্ৰ বিশ্বৰ ঘৰে ঘৰে গৈ পাবগৈ সেয়ে ইয়াৰ এক বিশেষ স্বীকৃতি প্ৰয়োজন হব। "এই ছুপাৰফুডক ‘শ্ৰী-অন্ন’ হিচাপে এক নতুন পৰিচিতি প্ৰদান কৰা হৈছে।" প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ ক্ষুদ্ৰ কৃষক আৰু জনজাতীয় কৃষকসকলে দেশৰ নাগৰিকসকলৰ বাবে এক স্বাস্থ্যকৰ জীৱনৰ সাধান প্ৰদানৰ সুযোগ পোৱাৰ লগতে অৰ্থনৈতিক সমৰ্থনো লাভ কৰিব।

এইখন বাজেটে বহণক্ষম ভৱিষ্যতৰ বাবে সেউজ বিকাশ, সেউজ অৰ্থনীতি, সেউজ আন্তঃগাঁথনি আৰু সেউজ কৰ্মসংস্থানৰ এক অভূতপূৰ্ব সম্প্ৰসাৰণ ঘটাব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। "বাজেটত আমি প্ৰযুক্তি আৰু নতুন অৰ্থনীতিত যথেষ্ট গুৰুত্ব আৰোপ কৰিছো। আজিৰ উচ্চাকাংক্ষী ভাৰতে পথ, ৰেল, মেট্ৰ' বন্দৰ আৰু জলপথৰ দৰে প্ৰতিটো ক্ষেত্ৰত আধুনিক আন্তঃগাঁথনি বিচাৰে। ২০১৪ চনৰ তুলনাত আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিনিয়োগ ৪০০ শতাংশতকৈও অধিক বৃদ্ধি পাইছে" বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আন্তঃগাঁথনিৰ ক্ষেত্ৰত দহ লাখ কোটি টকাৰ অভূতপূৰ্ব বিনিয়োগে ভাৰতৰ উন্নয়নত নতুন শক্তি আৰু গতি প্ৰদান কৰিব। তেওঁ কয় যে এই বিনিয়োগসমূহে যুৱপ্ৰজন্মৰ বাবে নতুন নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব, যাৰ ফলত বৃহৎ জনসংখ্যাক নতুন উপাৰ্জনৰ সুযোগ প্ৰদান কৰিব পৰা যাব।

প্ৰধানমন্ত্ৰীয়ে ইজ অৱ ডুয়িং বিজনেছৰ কথাও উল্লেখ কৰে, যিটো উদ্যোগসমূহৰ বাবে ঋণ সমৰ্থন আৰু সংস্কাৰৰ অভিযানৰ জৰিয়তে আগবঢ়োৱা হয়। "এমএছএমইৰ বাবে ২ লাখ কোটি টকাৰ অতিৰিক্ত ঋণ গেৰাণ্টীৰ ব্যৱস্থা কৰা হৈছে", বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰি কয় যে প্ৰকল্পিত কৰসীমা বৃদ্ধি কৰিলে এমএছএমইৰ বিকাশত সহায় হ'ব। তেওঁ লগতে কয় যে ডাঙৰ কোম্পানীবোৰে এমএছএমইসমহক দিবলগীয়া ধন সময়মতে পৰিশোধ কৰাৰ বাবে এটা নতুন ব্যৱস্থা কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে ২০৪৭ চনৰ সপোনবোৰ বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত মধ্যবিত্ত শ্ৰেণীৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে মধ্যবিত্ত শ্ৰেণীক শক্তিশালী কৰাৰ বাবে চৰকাৰে বিগত বছৰবোৰত বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে, যিয়ে জীৱনধাৰণৰ সহজতা নিশ্চিত কৰিছে। তেওঁ কৰৰ হাৰ হ্ৰাস কৰাৰ লগতে প্ৰক্ৰিয়াসমূহৰ সৰলীকৰণ, স্বচ্ছতা আৰু দ্ৰুতগতিত বৃদ্ধি সম্ভৱ কৰাত আলোকপাত কৰে। "সদায় মধ্যবিত্ত শ্ৰেণীৰ পক্ষত থিয় দি আমাৰ চৰকাৰে তেওঁলোকক বৃহৎ পৰিমসৰৰ কৰ ৰেহাই সুযোগ প্ৰদান কৰিছে" বুলি প্ৰধানমন্ত্ৰীয়ে বক্তব্যৰ সামৰণি মাৰে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Our private space ecosystem can become major force for India and the world, PM tells start-ups

Media Coverage

Our private space ecosystem can become major force for India and the world, PM tells start-ups
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the values of compassion and contentment
August 24, 2026

The Prime Minister, Shri Narendra Modi, said that compassion brings self-respect and contentment brings true happiness. He noted that this spirit further strengthens the bonds of cooperation and harmony in society.

The Prime Minister shared a Sanskrit Subhashitam-

“कारुण्येनात्मनो मानं तृष्णां च परितोषतः।

उत्थानेन जयेत्तन्द्रीं वितर्कं निश्चयाज्जयेत्॥”

The Subhashitam conveys that self-respect is achieved by showing kindness or compassion to others. Greed is overcome by being satisfied at one's fortune in life. One must conquer laziness, dubious reasoning and indecisiveness by exertion and entrepreneurship.

The Prime Minister wrote on X;

“करुणा से आत्म-सम्मान और संतोष से सच्ची खुशी मिलती है। इसी भाव से समाज में सहयोग और सद्भाव की डोर और सशक्त होती है।

कारुण्येनात्मनो मानं तृष्णां च परितोषतः।

उत्थानेन जयेत्तन्द्रीं वितर्कं निश्चयाज्जयेत्॥”