প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ জানুৱাৰীত ভাৰ্চুৱেল পদ্ধতিৰে ভাৰত-মধ্য এছিয়া শীৰ্ষ সন্মিলনৰ প্ৰথমখন বৈঠকৰ শুভাৰম্ভ কৰিব। এই সন্মিলনত কাজাখস্তান, কিৰগিজ গণৰাজ্য, তাজিকিস্তান, তুৰ্কমেনিস্তান আৰু উজবেকিস্তানৰ ৰাষ্ট্ৰপতিসকলেও অংশগ্ৰহণ কৰিব। ভাৰত আৰু মধ্য এছিয়াৰ দেশসমূহৰ নেতৃবৃন্দৰ মাজত এইধৰণৰ বৈঠক এইখনেই প্ৰথম।

প্ৰথম ভাৰত-মধ্য এছিয়া শীৰ্ষ সন্মিলন হৈছে মধ্য এছিয়াৰ দেশসমূহৰ সৈতে ভাৰতৰ ক্ৰমবৰ্ধমান সম্পৰ্কৰ প্ৰতিফলন, যি হৈছে ভাৰতৰ ‘সম্প্ৰসাৰিত প্ৰতিবেশী’ নীতিৰ অংশ। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনত মধ্য এছিয়াৰ দেশসমূহত এক ঐতিহাসিক ভ্ৰমণ কৰে। পৰৱৰ্তী সময়ত, দ্বিপাক্ষিক আৰু বহুপাক্ষিক উচ্চস্তৰীয় পৰ্যায়ত আলাপ-আলোচনা হয়।

১৮-২০ ডিচেম্বৰ, ২০২০ তাৰিখলৈ নতুন দিল্লীত অনুষ্ঠিত বৈদেশিক মন্ত্ৰীসকলৰ তৃতীয় বৈঠকত ভাৰত-মধ্য এছিয়া শীৰ্ষ সন্মিলন সন্দৰ্ভত আলোচনা হৈছিল যিয়ে ভাৰত-মধ্য এছিয়া সম্পৰ্কক এক গতি প্ৰদান কৰিছে। ইয়াৰ পূৰ্বে ২০২১ চনৰ ১০ নৱেম্বৰত নতুন দিল্লীত আফগানিস্তান বিষয়ত ৰাষ্ট্ৰীয় নিৰাপত্তা আলোচনা অনুষ্ঠিত হৈছিল। উক্ত বৈঠকত মধ্য এছিয়াৰ দেশসমূহৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ সচিবসকলৰ মাজত আফগানিস্তানক লৈ এক উমৈহতীয়া আঞ্চলিক নীতি গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

প্ৰথম ভাৰত-মধ্য এছিয়া সন্মিলনত মধ্য এছিয়াৰ দেশসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক যাতে নতুন শিখৰলৈ আগুৱাই নিব পাৰি তাৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিব পাৰি তাক লৈ নেতাসকলে আলোচনা কৰিব বুলি আশা কৰা হৈছে। বৈঠকত সংশ্লিষ্ট অঞ্চলৰ নিৰাপত্তা পৰিস্থিতিসহ আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় স্বাৰ্থ জড়িত বিভিন্ন বিষয়ৰ ওপৰত মত বিনিময় কৰিব বুলি আশা কৰা হৈছে।

ভাৰত আৰু মধ্য এছিয়াৰ দেশসমূহৰ মাজত সৰ্বাংগীণ আৰু স্থায়ী সম্পৰ্কৰ ক্ষেত্ৰত এই সন্মিলন অতি গুৰুত্বপূৰ্ণ। সংশ্লিষ্ট দেশসমূহৰ নেতৃবৃন্দৰ অংশগ্ৰহণৰ জৰিয়তে ই প্ৰতিফলিত হ’ব।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's forex reserves hit all-time high of $729.33 billion after $12.42 billion jump

Media Coverage

India's forex reserves hit all-time high of $729.33 billion after $12.42 billion jump
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 28 আগষ্ট 2026
August 28, 2026

India’s Growth Story, Grounded: Inclusion, Exports, and Infrastructure Under One Vision of PM Modi