উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনলৈ প্ৰধানমন্ত্ৰীৰ বিশেষ তদাৰকতা আৰু চিন্তাক প্ৰশংসা মুখ্যমন্ত্ৰীসকলৰ আৰু ক’ভিড মহামাৰীটোৰে মোকাবিলাত সময়োচিত ব্যৱস্থা গ্ৰহণৰ বাবে তেখেতক ধন্য়বাদ জ্ঞাপন
পৰিৱৰ্তনৰ কঠোৰ নিৰীক্ষণ আৰু সকলো প্ৰজাতিৰ অনুসৰণত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰীৰ
যথোপযুক্ত সতৰ্কতা অবিহনে পাৰ্বত্য অঞ্চলসমূহত জনসমাগমৰ বিৰুদ্ধে কঠোৰ সাৱধানতা অৱলম্বন কৰক
কিদৰে তৃতীয়টো ঢৌ প্ৰতিৰোধ কৰা যাব, প্ৰধানতঃ তাকে লৈ আমাৰ মনত প্ৰশ্ন উদয় হোৱা উচিতঃ প্ৰধানমন্ত্ৰী
টীকাকৰণৰ বিৰুদ্ধে মিথ্যাচাৰ অতিক্ৰমৰ অৰ্থে সামাজিক, শৈক্ষিক প্ৰতিষ্ঠান, চেলিব্ৰেটী আৰু ধৰ্মীয় অনুষ্ঠানসমূহৰ সহায়ৰ কথা তালিকাভুক্ত কৰকঃ প্ৰধানমন্ত্ৰী
‘সকলোৰে টীকাকৰণ-সকলোৰে বাবে বিনামূলীয়া’ অভিযানৰ অৰ্থে উত্তৰ-পূব হৈছে গুৰুত্বপূৰ্ণঃ প্ৰধানমন্ত্ৰী
শেহতীয়াকৈ অনুমোদন জনোৱা ২৩০০০ কোটি টকাৰ পেকেজে মেডিকেল আন্তঃগাঁথনিৰ উন্নয়ন সাধনত সহায় আগবঢ়াবঃ প্ৰধানমন্ত্ৰী
মুখ্যমন্ত্ৰীসকলক পিএম-কেয়াৰ্ছ অক্সিজেন প্লান্টসমূহ সম্পূৰ্ণ কৰাৰ আহ্বান

আপোনালোক সকলোকে নমস্কাৰ! সৰ্বপ্ৰথমে কিছু নতুন দ্বায়িত্বশীল ব্যক্তি আছে যিসকলৰ সৈতে মই পৰিচয় কৰাই দিওঁ যাতে আপোনালোকৰো সুবিধা হয়৷ শ্ৰীমান মনচুখ ভাই মাণ্ডবিয়া, তেওঁ শেহতীয়াকৈ আমাৰ নতুন স্বাস্থ্যমন্ত্ৰী হৈছে, তেওঁৰ সৈতে MoS ৰূপে ডা ভাৰতী পাৱাৰ জীও বহি আছে৷ তেওঁ আমাৰ স্বাস্থ্য বিভাগত MoS ৰূপে কাম কৰি আছে৷ আৰু অন্য দুগৰাকী ব্যক্তি আছে যাৰ সৈতে আপোনালোকৰ প্ৰায়ে যোগাযোগ থাকিব তেওঁলোকে হ’ল DONER মন্ত্ৰণালয়ৰ নতুন মন্ত্ৰী শ্ৰীমান জি. কিসান ৰেড্ডী জী আৰু তেওঁৰ সৈতে MoS বহি আছে শ্ৰীমান বি. এল. বাৰ্মা জী, গতিকে এই পৰিচয়ো আপোনালোকৰ বাবে প্ৰয়োজনীয়৷

বন্ধুসকল,

ক’ৰোনাৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলত আপোনালোক সকলোৱে কিদৰে কিছুমান উদ্ভাৱনী কৌশলেৰে মোকাবিলা কৰিবলৈ যি পৰিশ্ৰম কৰি আছে, আপোনালোকে যিসমূহ আঁচনি তৈয়াৰ কৰিছে, যিসমূহ ৰূপায়ন কৰিছে, সেইসমূব বিশদভাৱে আপোনালোকে বৰ্ণনা কৰিলে৷ আপোনালোক আৰু এক প্ৰকাৰে সমগ্ৰ দেশ আৰু বিশেষকৈ স্বাস্থ্যকৰ্মীসকলে, সকলোৱে নিজৰ নিজৰ দ্বায়ীত্ব পালন বাবে যোৱা ঢেৰ বছৰে অবিৰতভাৱে পৰিশ্ৰম কৰি আহিছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ ভৌগলিক প্ৰত্যাহ্বানসমূহৰ স্বত্ত্বেও, পৰীক্ষা আৰু চিকিৎসাৰ পৰা টিকাকৰণৰ আন্তঃগাঁথনি তৈয়াৰ কৰা হৈছে আৰু বিশেষকৈ আজি মই দেখিছো যে আপোনালোকে এইটো যিদৰে ঠিক কৰিছে, চাৰিখন ৰাজ্যই এতিয়াও উন্নত কৰিবলৈ বাকী আছে৷ কিন্তু অন্যসকলে বহুত সংবেদনশীলতাৰে সৈতে বহু পৰিমাণৰ অপচয় ৰোধ কৰিছে৷ ইমানেই নহয় আপোনালোক সকলোৱে প্ৰতিটো ভায়েলৰ পৰা সৰ্বোচ্চ উপযোগিতাৰো কাম কৰিছে আৰু এক প্ৰকাৰে আপোনালোকে স্পন্দনৰ যি কাম কৰিছে৷ সেয়ে মই আপোনালোকৰ এই প্ৰয়োগক বিশেষকৈ স্বাস্থ্যখণ্ডত আমাৰ যিসকল লোক আছে, যিসকলে এই কুশলতা দেখুৱাইছে, মই এই টিমটোক বহু বহু অভিনন্দন জনাইছো কাৰণ টিকাকৰণত টিকাৰ ইমান মহত্ত্ব আছে তাক এইদৰে সম্পূৰ্ণ সংবেদনশীলতাৰে পৰিচালনা কৰিছে৷ সেয়েহে মই স্বাস্থ্যখণ্ডত কাম কৰা আপোনালোকৰ সকলো বন্ধুসকলক অভিনন্দন জ্ঞাপন কৰিছো আৰু যি চাৰিখন ৰাজ্যত বৰ্তমান কিছু অভাৱ পৰিলক্ষিত হৈছে তাতো বহুত ভালদৰে কাম কৰা হ’ব, সেইটো মোৰ সম্পূৰ্ণ বিশ্বাস আছে৷

বন্ধুসকল,

বৰ্তমানৰ পৰিস্থিতিৰ সৈতে আমি সকলো ভালদৰে পৰিচিত৷ ক’ভিডৰ দ্বিতীয় ঢৌৰ সময়ত, বেলেগ-বেলেগ চৰকাৰসমূহৰ সৈতে মিলি যি সামুহিক প্ৰয়াস কৰা হৈছে, আৰু তাৰে পৰিণামো দেখা পোৱা গৈছে৷ কিন্তু উত্তৰ-পূৰ্বাঞ্চল কিছুমান এনেকুৱা জিলা আছে, যত সংক্ৰমণত বৃদ্ধি হৈ আছে৷ এই সংকতসমূহক আমি ধৰিব লাগিব, আমি আৰু অধিক সতৰ্ক থকাটো প্ৰয়োজনীয় আৰু এইমাত্ৰ হিমন্ত জীয়ে কৈ আছিল যে তেওঁ লকডাউনৰ পথ বাচি নল’লে, মাইক্ৰ কন্টেনমেন্টৰ পথ অৱলম্বন কৰিলে, ছয় হাজাৰৰো অধিক মাইক্ৰ কন্টেনমেন্ট জ’ন বনালে৷ তাৰ বাবে দ্বায়ীত্ব নিৰ্ধাৰিত হ’ব পাৰে৷ এই মাইক্ৰ কন্টেনমেন্ট জ’নৰ যিগৰাকী দ্বায়ীত্বত থাকিব তেওঁক সুধিব পৰা যাব যে ভাই কিদৰে খেলিমেলি হ’ল? কিদৰে ভাল হ’ল? সেয়েহে মাইক্ৰ কন্টেনমেন্ট জ’নত আমি যিমানে জোৰ দিম, আমি এই পৰিস্থিতিৰ পৰা সোনকালে ওলাই আহিম আৰু যোৱা ঢেৰ বছৰত আমাৰ যি আভিজ্ঞতা হ’ল, যি শ্ৰেষ্ঠ অনুশীলন আমি দেখিছো, আমি তাৰো সম্পূৰ্ণ ব্যৱহাৰ কৰিব লাগিব৷ দেশৰ অন্যান্য ৰাজ্যসমূহেও নতুন নতুন উদ্ভাৱনী পদ্ধতি অৱলম্বন কৰিছে৷ আপোনাৰ ৰাজ্যৰো কিছুমান জিলা থাকিব, গাওঁ থাকিব, কিছুমান বিষয়া থাকিব যিয়ে বৰ কৌশলপূৰ্ণ পদ্ধতিৰে বস্তুবোৰ পৰিচালনা কৰিছে৷ এই শ্ৰেষ্ঠ অনুশীলনসমূহ চিনাক্ত কৰি সেইসমূহ আমি যিমান প্ৰচাৰ কৰিম আমাৰ সিমান সুবিধা হ’ব৷

বন্ধুসকল,

আমি ক’ৰোনা ভাইৰাচৰ প্ৰতিটো প্ৰকাৰতে নজৰ ৰখিব লাগিব কিয়নো এইটো সম্পূৰ্ণ বহুৰূপীয়া হয়৷ বাৰে বাৰে নিজৰ ৰং-ৰূপ সলনি কৰি থাকে আৰু তাৰ কাৰণে আমাৰ বাবেও প্ৰত্যাহ্বান বৃদ্ধি হ’ব পাৰে আৰু সেয়েহে আমি প্ৰতিটো প্ৰকাৰে বহুত ভালদৰে নজৰ ৰাখিব লাগিব৷ মিউটেচন পিছত ই কিমান সমস্যাৰ সৃষ্ঠি কৰিব পাৰে, বিশেষজ্ঞসকলে অবিৰতভাৱে অধ্যয়ন কৰি আছে৷ গোটেই দলটোই প্ৰতিটো ৰূপান্তৰ নজৰ ৰাখি আছে৷ এনে ক্ষেত্ৰত প্ৰতিৰোধ আৰু চিকিৎসা বহুত প্ৰয়োজনীয়৷ মিউটেচনৰ পিছত এই দুয়োটাৰ সৈতে জড়িত উপায়সমূহৰ ওপৰত আমি সম্পূৰ্ণ শক্তি নিবদ্ধ কৰিব লাগিব, সম্পূৰ্ণ মনোযোগ নতুন বস্তুসমূহত দিব লাগিব৷ ভাইৰাচৰ প্ৰহাৰ, সেই দুই গজ দূৰত্ব, মাস্ক, আৰু টিকাৰ কৱচৰ সন্মূখত দূৰ্বল হৈ পৰিব, আৰু এইটো আমি যোৱা ঢেৰ বছৰৰ অভিজ্ঞতাৰ পৰা দেখা পাইছো৷ সেই পৰীক্ষা, ট্ৰেকিং আৰু চিকিৎসা এইবোৰৰ আমাৰ যি ৰণনীতি আছে, যি আমাৰ আন্তঃগাঁথনি আছে, সেয়া যদি উন্নত হয়, তেন্তে অধিক জীৱন ৰক্ষা কৰাত আমি সফল হম৷ এইটো সমগ্ৰ বিশ্বৰ অভিজ্ঞতাৰ পৰা প্ৰমাণিত হৈছে আৰু সেয়ে, আমি প্ৰত্যেক নাগৰিককে ক’ৰোনাৰ পৰা সুৰক্ষিত হৈ থকাৰ বাবে তৈয়াৰ কৰা নিয়মসমূহ মানি চলিবলৈ অবিৰতভাৱে উদগণি জনাব লাগিব৷ সমাজৰো নাগৰিক সমাজৰ লোক আছে, ধাৰ্মিক সমাজৰ জীৱনৰ আগত মূখীয়া লোকসকল আছে, সেইসকলৰ পৰা বাৰে বাৰে এই কথাবোৰ যাতে প্ৰকাশ পাই, তাৰ বাবে প্ৰয়াস কৰিব লাগিব৷

বন্ধুসকল,

এইটো সঁচা যে ক’ৰোনাৰ বাবে পৰ্যটন, বেপাৰ-বানিজ্য, এইবোৰ বাৰুকৈ প্ৰভাৱিত হৈছে৷ কিন্তু মই আজি বহুত জোৰ দি কম যে হিল ষ্টেচনসমূহত, বজাৰসমূহত মাস্ক পৰিধান নকৰাকৈ, প্ৰ’টক’ল মানি নচলাকৈ, বহু লোকৰ ভিৰ হোৱাটো মই ভাবো এইটো এটা চিন্তাৰ বিষয়, এইটো ভাল নহয়৷ বহুবাৰ আমি এইটো যুক্তি শুনো আৰু কিছুমান মানুহেটো বুকু ফিন্দাই কয় আৰে ভাই তৃতীয় ঢৌ অহাৰ আগেয়ে আমি উপভোগ কৰিব বিচাৰো৷ এই কথাটো মানুহে বুজি পোৱাটো প্ৰয়োজনীয়, তৃতীয় ঢৌ নিজে নিজে নাহে৷ কেতিয়াবা কেতিয়াবা মানুহে প্ৰশ্ন কৰে তৃতীয় ঢৌৰ কি প্ৰস্তুতি কৰিছে? তৃতীয় ঢৌৰ বাবে আপুনি কি কৰিব? আজি আমাৰ মনত প্ৰশ্ন এইটো হ’ব লাগে যে তৃতীয় ঢৌ অহাৰ পৰা কিদৰে ৰক্ষা কৰিব পাৰি? আমি প্ৰ’টক’লসমূহৰ দক্ষতাৰে কিদৰে পালন কৰিব লাগে? আৰু এই ক’ৰোনা এনেকুৱা বস্তু, সি নিজে নাহে, কোনোবাই গৈ লৈ আহিলে আহে আৰু সেয়েহে যদি আমি এইবোৰ বস্তু সমানে সাৱধানে কৰো, তেন্তে আমি তৃতীয় ঢৌকো ৰোধ কৰিব পাৰিম৷ অহাৰ পিছত কি কৰিম সেয়া এক অন্য কথা কিন্তু আহিবলৈ বাধা দিয়াটো এটা গুৰুত্বপূৰ্ণ বিষয় আৰু ইয়াৰ বাবে আমাৰ নাগৰিকসকলৰ মাজত সজাগতা, সতৰ্কতা, প্ৰ’টক’লৰ পালন, এইবোৰৰ ক্ষেত্ৰত আমি অলপো আপোচ কৰিব নালাগিব আু বিশেষজ্ঞসকলেও বাৰে বাৰে এইটো সতৰ্কবাণী দি আহিছে যে অসাৱধানতা, দ্বায়ীত্বহীনতা, ভীৰ, এইবোৰ কাৰণতে ক’ৰোনাৰ সংক্ৰমণত বহুত বৃদ্ধি আহিব পাৰে৷ আৰু তাৰ বাবে এইটো প্ৰয়োজনীয় যে সকলো স্তৰতে, প্ৰতি খোজ সাৱধানতাৰে লওঁক৷ অধিক ভীৰ হোৱা যি আয়োজন ৰোধ কৰিব পাৰি, সেইবোৰ আমি ৰোধ কৰিব চেষ্টা কৰিব লাগে৷

বন্ধুসকল,

কেন্দ্ৰ চৰকাৰৰ দ্বাৰা চলাই থকা সবকা ভেকচিন-মুফ্ট ভেকচিন অভিযানৰ উত্তৰ-পূৰ্বাঞ্চলতো সিমানে গুৰুত্ব আছে৷ তৃতীয় ঢৌ সৈতে মোকাবিলা কৰাৰ বাবে আমি টিকাকৰণ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিব লাগিব৷ এই টিকাকৰণৰ সৈতে জড়িত ভ্ৰমসমূহ দূৰ কৰিবলৈ সামাজিক, সাংস্কৃতিক, ধাৰ্মিক, শিক্ষাগত, যিমানবোৰ লোক আছে, যিমানবোৰ তাৰকা আছে, সকলোকে আমি জড়িত কৰিব লাগিব৷ সকলোৰে মুখৰ পৰা এই কথাটো তলত উল্লেখ কৰিব লাগিব আৰু মানুহবোৰক সংগঠিতও কৰিব লাগিব৷ বৰ্তমান উত্তৰ-পূৰ্বাঞ্চলৰ কিছু ৰাজ্যত টিকাকৰণক লৈ প্ৰসংশনীয় কাম হৈছে, মই আৰম্ভণিতো কৈছো৷ যত ক’ৰোনাৰ সংক্ৰমণ বিয়পাৰ বিপদ বেছি, তাত টিকাকৰণত আৰু অধিক জোৰ দিয়া যাওঁক৷

বন্ধুসকল,

আমি পৰীক্ষা আৰু চিকিৎসাৰ সৈতে জড়িত আন্তঃগাঠনি সংশোধন কৰি আগুৱাই যাব লাগিব৷ সেয়েহে শেহতীয়াকৈ কেবিনেটে ২৩ হাজাৰ কোটি টকাৰ এক নতুন পেকেজৰো স্বীকৃতি প্ৰদান কৰিছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যই এই পেকেজৰ পৰা নিজৰ স্বাস্থ্য আন্তঃগাঠনি মজবুত কৰাৰ ক্ষেত্ৰত সহায় পাব৷ এই পেকেজৰ পৰা উত্তৰ-পূৰ্বাঞ্চলত পৰীক্ষণ, ডায়েগনেষ্টিক, জিনৌম চিকোৱেঞ্চিং, সেইবোৰত বহুত সহায় লাভ কৰিব৷ যত সংক্ৰমণ বৃদ্ধি হৈ আছে, তাত তাৎক্ষণিকভাৱে ICU বিচনাৰ সংখ্যা বৃদ্ধিতো ইয়াৰ পৰা সহায় লাভ কৰিব৷ বিশেষভাৱে আমাক অক্সিজেন আৰু পেডিয়াট্ৰিক কেয়াৰৰ সৈতে জড়িত আন্তঃগাঠনি নিৰ্মাণৰ বাবে ক্ষিপ্ৰতাৰে কাম কৰিব লাগিব৷ পিএম কেয়াৰৰ মাধ্যমেৰে সমগ্ৰ দেশতে শ শ নতুন অক্সিজেন প্লেন্ট লগোৱা হৈ আছে আৰু মই সুখী যে আপোনালোক সকলো মুখ্যমন্ত্ৰীয়ে এই কাম যি ক্ষিপ্ৰতাৰে প্ৰগতি হৈ আছে, তাত সন্তুষ্টি ব্যক্ত কৰিছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্ৰায় ঢেৰ শ প্লান্ট স্বীকৃতি দিয়া হৈছে৷ আপোনালোক সকলোলৈ মোৰ আগ্ৰহ যে এইবোৰ যিমান পাৰে সোনকালে সম্পূৰ্ণ কৰিব, কতো কোনো বাধা নহাকৈ, তাৰ ওপৰতো এক দৃষ্টি ৰাখে তাৰ বাবে প্ৰয়োজনীয় যি মানৱসম্পদ, দক্ষ মানৱসম্পদ, সেইসকলো একেলগে সাজু কৰি লয় যাতে পিছত গৈ কোনো সমস্যা নাহে৷ উত্তৰ-পূৰ্বাঞ্চলৰ ভৌগলিক স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, অস্থায়ী চিকিৎসালয় নিৰ্মাণ কৰাতো প্ৰয়োজনীয়৷ এটা আৰু গুৰুত্বপূৰ্ণ বিষয় আছে যাৰ কথা মই আৰম্ভণিতে কৈছো আৰু তথাপিও মই আকৌ এবাৰ উল্লেখ কৰিছো প্ৰশিক্ষিক মানৱসম্পদৰ৷ যি অক্সিজেন প্লেন্ট তৈয়াৰ কৰা হৈ আছে, যি ICU বিচনা তৈয়াৰ হৈ আছে, যি নতুন যন্ত্ৰ খণ্ড পৰ্যায়ৰ চিকিৎসালয়সমূহৈ পঠিওৱা হৈছে, সেইবোৰ ভালদৰে পৰিচালনা কৰাৰ বাবে দক্ষ মানৱসম্পদৰ প্ৰয়োজন আছে৷ তাৰ সৈতে জড়িত আপোনালোকক যি সহায়ৰ প্ৰয়োজন, কেন্দ্ৰ চৰকাৰে সেইবোৰ উপলব্ধ কৰিব৷

বন্ধুসকল,

আজি আমাৰ সমগ্ৰ দেশত ২০ লাখতকৈ অধিক পৰীক্ষা প্ৰতিদিনে কৰাৰ ক্ষমতালৈ উপনীত হৈছো৷ উত্তৰ-পূৰ্বাঞ্চল প্ৰতিখন জিলাতে, বিশেষকৈ অধিক প্ৰভাৱিত জিলাসমূহত পৰীক্ষাৰ আন্তঃগাঠনি প্ৰাথমিকতা দি বৃদ্ধি কৰিব লাগে৷ সেয়ে নহয়, ৰেণ্ডম পৰীক্ষাৰ সৈতে আমাৰ ক্লাষ্টাৰৰ খণ্ডসমূহত আগ্ৰাসীভাৱে পৰীক্ষা কৰক, তাৰ বাবে আমি প্ৰয়োজনীয় কাৰ্যপন্থা হাতত লোৱা উচিত৷ মোৰ দৃঢ় বিশ্বাসী আছে যে আমি সকলোৰে সামুহিক প্ৰচেষ্টাত, দেশৰ নাগৰিকসকলৰ সহযোগত আমি ক’ৰোনাৰ সংক্ৰমণ সীমিত ৰাখিবলৈ নিশ্চয় সক্ষম হ’ম৷ মই আজি পুনৰ এবাৰ বিষদভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ বিষয়ে চৰ্চা কৰি বহু নিৰ্দিষ্ট বিষয়ত আমি চৰ্চা কৰিব পাৰিলো৷ মোৰ বিশ্বাস আছে এইবোৰৰ পৰা আজিবলগীয়া দিনবোৰত উত্তৰ-পূৰ্বাঞ্চলত যি এলপ বৃদ্ধি দেখা পোৱা গৈছে সেয়া তাৎক্ষণিকভাৱে প্ৰতিৰোধ কৰাত আমাৰ সম্পূৰ্ণ দলটোই কাম কৰিব আৰু সফলতা লাভ কৰিব৷ পুনৰ এবাৰ আপোনালোকক বহুত বহুত ধন্যবাদ৷ আৰু মোৰ আপোনালোকলৈ বহু শুভকামনা থাকিল, সোনকালে মোৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মোৰ ভাই-ভনীসকলে ক’ৰোনাৰ পৰা মুক্তিৰ আনন্দ লাভ কৰক৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Auto sector reports strong sales momentum; SUVs and exports drive growth across industry

Media Coverage

Auto sector reports strong sales momentum; SUVs and exports drive growth across industry
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
First Deputy PM of Russia Denis Manturov calls on PM Modi
April 02, 2026
First Deputy PM Manturov briefs PM on progress in trade, fertilizers, connectivity and people-to-people ties
PM recalls the successful visit of President Putin to India in December 2025
PM expresses satisfaction at the sustained efforts towards implementation of the Summit outcomes
PM extends warm greetings to President Putin

The First Deputy Prime Minister of the Russian Federation, H.E. Denis Manturov, called on Prime Minister Shri Narendra Modi today.

First Deputy PM Manturov briefed PM on the progress in various areas of mutually beneficial cooperation, including trade and economic partnership, fertilizers, connectivity and people-to-people ties.

PM recalled the successful visit of President Putin to India in December 2025 for the 23rd India-Russia Annual Summit.

He expressed satisfaction at the sustained efforts being made by both sides towards implementation of the outcomes from the Annual Summit, aimed at further strengthening the India- Russia Special and Privileged Strategic Partnership.

PM extended warm greetings to President Putin and said that he looked forward to their continued exchanges.