বন্ধুসকল,

যোৱা বছৰৰ জুন মাহত ‘চাৰ্কুলাৰ অৰ্থনীতি’ সম্পৰ্কে এক ‘হেকাথন’ আয়োজন কৰাৰ সম্ভাৱনীয়তা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মৰিছন আৰু মই আলোচনা কৰিছিলো।

ইমান সোনকালে আমাৰ চিন্তা বাস্তৱায়িত হোৱা দেখি নথৈ সুখী হৈছো।

এই যুটীয়া উদ্যোগ সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বাবে মই মোৰ প্ৰিয় বন্ধু প্ৰধানমন্ত্ৰী স্কট মৰিছনক ধন্যবাদ জনাইছো।

ক’ভিড-১৯ মহামাৰী স্বতেও নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰাৰ বাবে মই সকলো অংশগ্ৰহণকাৰীক সাধুবাদ দিছো।

মোৰ বাবে আপোনালোক আটায়েই বিজয়ী।

বন্ধুসকল,

মানৱ সমাজে যিদৰে জলবায়ু পৰিৰ্বতনে সৃষ্টি কৰা প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে, এই ‘হেকাথন’ৰ মূল বিষয়বস্তু সমগ্ৰ পৃথিৱীৰ বাবেই উপযোগী হৈছে বুলি অনুভৱ কৰিছো।

‘উপভোগ-উন্মুখ অৰ্থনৈতিক আৰ্হি’য়ে আমাৰ গ্ৰহটোত গুৰুতৰ চাপৰ সৃষ্টি কৰিছে।

আমি এটা কথা পাহৰিব নালাগিব যে আই ধৰিত্ৰীয়ে প্ৰদান কৰা সকলো উপহাৰৰে আমি গৰাকী নহয়, বৰং ভৱিষ্যতৰ সকলো প্ৰজন্মৰ বাবে এইসমূহৰ আমি ন্যাসৰক্ষীহে।

আমি আমাৰ উত্পাদনী প্ৰক্ৰিয়া অধিক পাৰদৰ্শী আৰু কম প্ৰদূষণযুক্ত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ পৰ্যাপ্ত হোৱা নাই।

কিমান দ্ৰুত আথবা ধীৰে চলাইছে সেইটো আচল কথা নহয়, যদি ভুল পথেৰে যাত্ৰা কৰা হয় তেন্তে ভুল স্থানত উপস্থিত হোৱাটো নিতান্তই স্বাভাৱিক।

আৰু সেয়ে, আমি উচিত গতিপথৰে আগবাঢ়িব লাগিব।

আমি আমাৰ উপভোগৰ নমুনা কেনে হয় সেয়া লক্ষ্য কৰাৰ লগতে পৰিৱেশত পৰিব পৰা ইয়াৰ প্ৰভাৱ কেনেকৈ হ্ৰাস কৰিব পাৰি সেই কথাও বিবেচনা কৰিব লাগিব।

এই বিশেষ প্ৰসংগটোৰ আঁত ধৰিয়েই ‘চাৰ্কুলাৰ অৰ্থনীতি’ৰ ধাৰণাটোৱে থন্ ধৰি উঠিছে।

আমাৰ বহুবোৰ প্ৰত্যাহ্বানৰ ই হয়তো মুখ্য সমাধান সূত্ৰ হৈ উঠিব পাৰে।

পুনৰ প্ৰয়োগ, পুনৰ ব্যৱহাৰ, আৱৰ্জনা বিনষ্টকৰণ আৰু সম্পদ-পাৰদৰ্শিতাৰ উন্নতকৰণ আদিৰ দৰে কৰ্ম-কাণ্ডসমূহক আমি আমাৰ জীৱন-চৰ্যাৰ অংগ কৰি ল’ব লাগিব।

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ ছাত্ৰ-ছাত্ৰী, ষ্টাৰ্টআপ আৰু উদ্যোগীসকলৰ পৰা এই ‘হেকাথন’ক উদ্ভৱনী সমাধান হিচাপে গণ্য কৰিব পাৰি।

এইসমূহ উদ্ভৱনে ‘চাৰ্কুলাৰ অৰ্থনীতি’ৰ দৰ্শনৰ প্ৰতি আপোনালোকৰ দায়বদ্ধতাক প্ৰতিপন্ন কৰিছে।

আপোনালোকৰ উদ্ভাৱনে ‘চাৰ্কুলাৰ অৰ্থনৈতিক’ সমাধানসমূহক নেতৃত্ব দিয়াৰ বাবে আমাৰ দুযোখন দেশকেযে অনুপ্ৰাণিত কৰিব তাক লৈ মোৰ সামান্যতমো সন্দেহ নাই।

আৰু, তাৰ বাবে, আমি আমাৰ চিন্তাবোৰক আগুৱাই নি কাৰ্যান্বিত কৰাৰ বাবে পথৰ সন্ধান কৰিব লাগিব।

বন্ধুসকল,

মুকলি মন, নতুন চিন্তা আৰু নৱ উদ্ভাৱন আৰু অসাধ্য সাধন কৰাৰ বাবে থকা দৃঢ়তাৰ পৰা যুৱ-প্ৰজন্মৰ শক্তি উপলব্ধ হয়।

আজিৰ যৌৱনদীপ্ত অংশগ্ৰহণকাৰীসকলৰ উত্সাহ আৰু উদ্দীপণা হৈছে ভাৰত-অষ্ট্ৰেলিয়াৰ মাজত অব্যাহত থাকিবলগীয়া বুজাবুজিৰ প্ৰতীক।

আমাৰ যুৱ-প্ৰজন্মৰ শক্তি, সৃষ্টিশীলতা আৰু অদ্ভুত চিন্তা কৰিব পৰা দক্ষতাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে।

তেওঁলোকে বহণক্ষম, কল্যাণকামী সমাধানসূত্ৰ কেৱল আমাৰ দুখন দেশৰ বাবেই নহয়, বৰং সমগ্ৰ পৃথিৱীৰ বাবেই আগবঢ়াব পাৰে।

ক’ভিড-উত্তৰ পৃথিৱীক ন-ৰূপ দিয়াৰ ক্ষেত্ৰত ভাৰত-অষ্ট্ৰেলিয়াৰ শক্তিশালী মৈত্ৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰিব।

আৰু আমাৰ যুৱ-প্ৰজন্ম, যুৱ-উদ্ভাৱক, আমাৰ ষ্টাৰ্টআপসকল হ’ব এই মৈত্ৰীৰ ধ্বজাবাহক।

ধন্যবাদ!

বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance

Media Coverage

India’s pharmaceutical sector records transformative growth over 12 years, strengthening affordable healthcare and self-reliance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 19 জুন 2026
June 19, 2026

Appreciation for India’s Domestic Growth and Rising Global Influence under PM Modi’s Leadership