PM dedicates to the nation the redeveloped Rani Kamalapati Railway Station in Bhopal
PM flags off two new MEMU trains between Ujjain and Indore
Dedicates to the nation Gauge Converted and Electrified Ujjain-Fatehabad Chandrawatiganj Broad Gauge section, Third line in Bhopal-Barkhera section, Gauge Converted and Electrified Mathela-Nimar Kheri Broad Gauge section and Electrified Guna-Gwalior section
“Today's event symbolize a confluence of glorious history and prosperous modern future”
“When the country sincerely mobilizes for the fulfillment of its resolutions, then improvement comes and change happens, this we have been seeing continuously since the past years”
“The facilities which were once available only at the airport are now available at the railway station”
“We are ensuring that projects are not delayed and there is no obstacle. PM Gatishakti National Master Plan will help the country in fulfilling this resolution”
“For the first time, the common people are getting the spiritual experience of tourism and pilgrimage at a reasonable price. Ramayan circuit train is one such innovative effort”

     

মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান মংগূভাই পেটেল জী, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিংহ চৌহান জী, কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ জী, ইয়াত উপস্থিত অন্য মহানুভৱ, ভাই আৰু ভনীসকল,

আজিৰ দিনটো ভোপালৰ বাবে, মধ্যপ্ৰদেশৰ বাবে, সমগ্ৰ দেশৰ বাবে গৌৰৱপূৰ্ণ ইতিহাস আৰু বৈভৱশালী ভৱিষ্যতৰ সংগমৰ দিন। ভাৰতীয় ৰে'লৰ ভৱিষ্যৎ কিমান আধুনিক, কিমান উজ্জ্বল, ইয়াৰ প্ৰতিবিম্ব ভোপালৰ এই ভব্য ৰে'লৱে ষ্টেচনলৈ যিয়েই আহিব তেওঁ দেখা পাব। ভোপালৰ এই ঐতিহাসিক ৰে'লৱে ষ্টেচনৰ কেৱল কায়াকল্পই হোৱা নাই, বৰং গিন্নৌৰগড়ৰ ৰাণী, কমলাপতি জীৰ ইয়াৰ সৈতে নাম জড়িত হোৱাত ইয়াৰ মহত্বও অধিক বৃদ্ধি পালে। গোণ্ডৱানাৰ গৌৰৱেৰে আজি ভাৰতীয় ৰে'লৰ গৌৰৱো সাঙোৰ খাই পৰিল। এয়াও এনেকুৱা সময়ত হৈছে, যি সময়ত আজি দেশে জনজাতীয় গৌৰৱ দিৱস পালন কৰি আছে। ইয়াৰ বাবে মধ্যপ্ৰদেশৰ সকলো ভগ্নী-ভাতৃক, বিশেষকৈ জনজাতীয় সমাজক বহুত বহুত অভিনন্দন জনাইছো।

বন্ধুসকল,

আজি ইয়াত এই কাৰ্যক্ৰমত ভোপাল-ৰাণী কমলাপতি-বৰখেড়া লাইনৰ ত্ৰিপথকৰণ, গুণা-গোৱালিয়ৰ খণ্ডৰ বৈদ্যুতিকীকৰণ, ফতেহাবাদ চন্দ্ৰাৱতীগঞ্জ-উজ্জৈন আৰু মথেলা-নিমাৰখেড়ী খণ্ডৰ বৈদ্যুতিকীকৰণ আৰু তাক ব্ৰডগজলৈ সলনি কৰাৰ প্ৰজেক্টৰো লোকাৰ্পণ হৈছে। এই সকলো সুবিধা হ'লে মধ্যপ্ৰদেশৰ আটাইতকৈ ব্যস্ত ৰে'লপথৰ এটাত হেঁচা কম হ'ব, আৰু পৰ্যটন-তীৰ্থযাত্ৰাৰ বিশেষ স্থানসমূহৰ কানেক্টিভিটি অধিক শক্তিশালী হ'ব। বিশেষকৈ মহাকালৰ নগৰ উজ্জৈন আৰু দেশৰ সবাতোকৈ স্বচ্ছ চহৰ ইন্দৌৰৰ মাজত মেমু সেৱা আৰম্ভ হ'লে, দিনৌ ভ্ৰমণ কৰা হাজাৰ হাজাৰ যাত্ৰী পোনপটীয়াকৈ উপকৃত হ'ব। এতিয়া ইন্দৌৰৰ মানুহে মহাকালৰ দৰ্শন কৰি সময় মতে উভতিবও পাৰিব আৰু যিসকল কৰ্মচাৰী, ব্যৱসায়ী, শ্ৰমিক বন্ধুৱে নিতৌ আপ-ডাউন যাত্ৰা কৰে, তেওঁলোকৰো বহুত ডাঙৰ সুবিধা হ'ব।

ভগ্নী আৰু ভাতৃসকল,

ভাৰত কেনেকৈ সলনি হৈ আছে, সপোন কেনেকৈ সঁচা হ'ব পাৰে, এয়া চাবলৈ আজি ইয়াৰ এক উত্তম উদাহৰণ ভাৰতীয় ৰে'লৱেও হৈ আছে। ৬-৭ বছৰৰ আগলৈকে, যাৰেই ভাগত ভাৰতীয় ৰে'লৱে পৰিছিল, তেৱেঁই ভাৰতীয় ৰে'লৱেকে জগৰীয়া কৰি, সদায় কিবা নহয় কিবা কোৱা বেছি দেখা গৈছিল। ষ্টেচনত ভীৰ, লেতেৰা, ট্ৰেইনৰ অপেক্ষাত কেইবাঘণ্টাৰ টেনশ্যন, ষ্টেচনত বহাৰ, খোৱা-বোৱাৰ অসুবিধা, ট্ৰেইনৰ ভিতৰতো লেতেৰা, সুৰক্ষাৰো চিন্তা, আপোনালোকে দেখিছে চাগে মানুহে বেগৰ সৈতে চেইন লৈ আহিছিল, তলা লগাইছিল, দুৰ্ঘটনাৰ ভয়, এই সকলোবোৰ...অৰ্থাৎ ৰে'লৱে বুলি ক'লেই সকলোৱে এনেকুৱাই ভাবি আহিছিল। মনত এনেকুৱা এখন ছবিয়েই ফুটি উঠিছিল। কিন্তু স্থিতি ইমানলৈকে পাইছিলগৈ যে মানুহে স্থিতি সলনি হোৱাৰ আশা পৰ্যন্ত এৰি দিছিল। মানুহে মানি লৈছিল যে ব'লা ভাই এনেকৈয়ে কৰিব লাগিব, এইবোৰ এনেকৈয়ে চলিব। কিন্তু যেতিয়া দেশে সততাৰে সংকল্পৰ সিদ্ধিৰ বাবে একত্ৰিত হয়, তেতিয়া সংশোধন আহিবই আহিব, পৰিৱৰ্তন হ'বই হ'ব, এয়া আমি পাৰ হৈ যোৱা বছৰকেইটাত নিৰন্তৰ দেখি আছো।

বন্ধুসকল,

 

দেশৰ সাধাৰণ মানুহক আধুনিক অভিজ্ঞতা প্ৰদানৰ যি দায়িত্ব আমি পালন কৰিছো, ইয়াৰ বাবে যি পৰিশ্ৰম দিনেনিশাই কৰি থকা হৈছে, তাৰ পৰিণাম এতিয়া দেখিবলৈ পোৱা গৈছে। কেইমাহমানৰ আগতে গুজৰাটত গান্ধীনগৰ ৰে'লৱে ষ্টেচনৰ নতুন অৱতাৰ দেশ আৰু দুনিয়াই দেখিছিল। আজি মধ্যপ্ৰদেশত ভোপালত ৰাণী কমলাপতি ৰে'লৱে ষ্টেচনৰ ৰূপত দেশৰ প্ৰথমটো ISO চাৰ্টিফাইড, দেশৰ প্ৰথমটো পিপিপি মডেল আধাৰিত ৰে'লৱে ষ্টেচন দেশক সমৰ্পিত কৰা হৈছে। যি সুবিধাৱলী আগতে এয়াৰপৰ্টত পোৱা গৈছিল, সেয়া আজি ৰে'লৱে ষ্টেচনত পোৱা গৈছে।  আধুনিক টয়লেট, ভাল খোৱা-লোৱা, শ্বপিং কমপ্লেক্স, হোটেল, মিউজিয়াম, গেমিং জোন, হাস্পতাল, মল, স্মাৰ্ট পাৰ্কিং, এনেকুৱা সকলো সুবিধা ইয়াত বিকশিত কৰি থকা হৈছে। ইয়াত ভাৰতীয় ৰে'লৱেৰ প্ৰথম চেণ্ট্ৰেল এয়াৰ কনকোৰ্চ বনোৱা হৈছে। এই কনকোৰ্চত বহুত যাত্ৰীয়ে একেলগে বহি ট্ৰেইনৰ অপেক্ষা কৰিব পাৰে, আৰু বিশেষ কথা এইটোও যে সকলো প্লেটফৰ্ম এই কনকোৰ্চৰ সৈতে সংলগ্ন। সেয়ে যাত্ৰীসকলে অবাবত দৌৰাদৌৰি কৰাৰ দৰকাৰ নহ'ব।

 

ভাতৃ আৰু ভগ্নীসকল,

 

এনেকুৱাই ইনফ্ৰাষ্ট্ৰাকচাৰৰ, এনেকুৱাই সুবিধাৱলীৰ, দেশৰ সাধাৰণ কৰদাতাৰ, দেশৰ মধ্যম বৰ্গৰ সদায় আশা আছিল। এয়াই কৰদাতাসকলৰ আচল সন্মান। VIP কালচাৰৰ পৰা EPI অৰ্থাৎ Every Person is Importantৰ দিশত ট্ৰেন্সফৰ্মৰ এয়াই মডেল। ৰে'লৱে ষ্টেচনবিলাকৰ সম্পূৰ্ণ ইকছিষ্টেমক এনেকৈয়ে ট্ৰেন্সফৰ্ম কৰিবৰ বাবে আজি দেশৰ ২ শতাধিক ৰে'লৱে ষ্টেচনক কায়াকল্প কৰি থকা হৈছে।

 

বন্ধুসকল,

 

আত্মনিৰ্ভৰ ভাৰতৰ সংকল্পৰ সৈতে আজি ভাৰতে অনাগত বছৰবিলাকৰ বাবে নিজক প্ৰস্তুত কৰি আছে, বৃহৎ লক্ষ্যসমূহৰ ওপৰত কাম কৰি আছে। আজিৰ ভাৰতে আধুনিক ইনফ্ৰাষ্ট্ৰাকচাৰৰ নিৰ্মাণৰ বাবে বিনিয়োগ তো কৰি আছেই, এইটোও সুনিশ্চিত কৰি আছে যে প্ৰজেক্টত যাতে পলম নহয়, কোনো ধৰণৰ বাধা নাহক। অলপতে আৰম্ভ হোৱা পিএম গতিশক্তি নেচনেল মাষ্টাৰ প্লেনয়ে এই সংকল্পৰ সিদ্ধিৰ বাবে দেশক সহায় কৰিব। ইনফ্ৰাষ্ট্ৰাকচাৰৰ সৈতে জড়িত চৰকাৰৰ নীতি হওক, ডাঙৰ প্ৰজেক্টৰ প্লেনিং হওক, তাৰ ওপৰত কাম কৰাই হওক, গতি শক্তি নেচনেল মাষ্টাৰ প্লেনে সকলোৰে পথ প্ৰদৰ্শন কৰিব। যেতিয়া আমি মাষ্টাৰ প্লেনক আধাৰ বনাই আগবাঢ়িম, তেতিয়া দেশৰ সম্পদৰো সঠিক ব্যৱহাৰ হ'ব। পিএম গতিশক্তি নেচনেল মাষ্টাৰ প্লেনৰ জৰিয়তে চৰকাৰে বেলেগ বেলেগ মন্ত্ৰালয়ক এখন প্লেটফৰ্মলৈ আনিছে। বেলেগ বেলেগ প্ৰজেক্টৰ তথ্য প্ৰতিটো ডিপাৰ্টমেণ্টে সময়ত লাভ কৰক, ইয়াৰ বাবেও ব্যৱস্থা কৰা হৈছে।

 

বন্ধুসকল,

 

ৰে'লৱে ষ্টেচনৰ ৰিডেভেলপমেণ্টৰ এই অভিযানো কেৱল ষ্টেচনৰ সুবিধাতে সীমাবদ্ধ নহয়, বৰং এনেধৰণৰ নিৰ্মাণ, গতি শক্তি নেচনেল মাষ্টাৰ প্লেনৰো অংশ। এই স্বাধীনতাৰ অমৃত কালত, এনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰৰ নিৰ্মাণৰ অভিযান, যি দেশৰ বিকাশক অভূতপূৰ্ব গতি দিব পাৰে। এই গতি শক্তি মাল্টিমডেল কানেক্টিভিটিৰ, এক হলিষ্টিক ইনফ্ৰাষ্ট্ৰাকচাৰৰ। এতিয়া যেনেকৈ ৰাণী কমলাপতি ৰে'লৱে ষ্টেচনক এপ্ৰোচ ৰোডৰ সৈতে সংলগ্ন কৰা হৈছে। ইয়াত বৃহৎ সংখ্যাত পাৰ্কিঙৰ সুবিধা বনোৱা হৈছে। ভোপাল মেট্ৰোৰ সৈতেও ইয়াৰ কানেক্টিভিটি সুনিশ্চিত কৰি থকা হৈছে। বাছ মোডৰ সৈতে ৰে'লৱে ষ্টেচনৰ একীকৰণৰ বাবে ষ্টেচনৰ দুয়োফালে BRTS লেনৰ সুবিধা আছে। অৰ্থাৎ Travel হওক বা Logistics, সকলো সৰল, সহজ হওক, ছিমলেছ হওক, এই প্ৰয়াস কৰি থকা হৈছে। এয়া সাধাৰণ ভাৰতীয়ৰ বাবে, সাধাৰণ হিন্দুস্তানীৰ বাবে Ease of living সুনিশ্চিত কৰাৰ। মই আনন্দিত যে ৰে'লৱেৰ বহুতো প্ৰজেক্টক এনেকৈয়ে গতি শক্তি নেচনেল মাষ্টাৰ প্লেনৰ সৈতে সংলগ্ন কৰা হৈছে।

 

বন্ধুসকল,

 

এটা সময় আছিল, যেতিয়া ৰে'লৱেৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টকো ড্ৰইং বোৰ্ডৰ পৰা মাটিলৈ নামোতেই বছৰ বছৰ লাগি গৈছিল। মই প্ৰতি মাহে প্ৰগতি কাৰ্যক্ৰমত ৰিভিউ কৰো যে কোনটো প্ৰজেক্ট ক'ত পাইছেগৈ। আপোনালোক আচৰিত হ'ব যে মোৰ সন্মুখলৈ ৰে'লৱেৰ কিছুমান এনেকুৱা প্ৰজেক্ট আহিছে যি ৩৫-৪০ বছৰৰ আগতে ঘোষিত হৈছিল। কিন্তু কাগজত আঁচেই টনা নাই, ৪০ বছৰ হৈ গ'ল। এতিয়া বাৰু এই কামো মই কৰিবলগা হৈছে, মই কৰিম, আপোনালোকক ভৰসা দিছো। কিন্তু আজি ভাৰতীয় ৰে'লৱেতো যিমান অধীৰতা নতুন প্ৰজেক্টৰ প্লেনিঙত আছে, সিমানেই গম্ভীৰতা সিবিলাক সময় মতে সম্পূৰ্ণ কৰাতো আছে।

 

ইষ্টাৰ্ন আৰু ৱেষ্টাৰ্ন ডেডিকেটেড ফ্ৰেট কৰিডৰ ইয়াৰ এটা বহুত সঠিক উদাহৰণ। দেশত ট্ৰেন্সপ'ৰ্টেচনৰ ছবিখন সলনি কৰি দিব পৰা এই ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টৰ ওপৰত বহুত বছৰলৈকে দ্ৰুত গতিত কাম হ'ব পৰা নাছিল। কিন্তু যোৱা ৬-৭ বছৰৰ সময়ছোৱাত ১১০০ কিলোমিটাৰতকৈ অধিক ৰুট সম্পূৰ্ণ কৰা হৈছে আৰু বাকী থকা অংশত দ্ৰুত গতিত কাম চলি আছে।

 

বন্ধুসকল,

 

কামৰ এই গতিয়েই আজি অন্য প্ৰজেক্টতো দেখা গৈছে। যোৱা ৭ বছৰত প্ৰতি বছৰে গড়ে আঢ়ৈ হাজাৰ কিলোমিটাৰ ট্ৰেক কমিছন কৰা হৈছে। ইয়াৰ পূৰ্বৰ বছৰবিলাকত এয়া ১৫শ কিলোমিটাৰৰ আশেপাশে হৈছিল। মধ্যপ্ৰদেশতো ৰে'লৱেৰ ৩৫টা প্ৰজেক্টৰ প্ৰায় চাৰে ১১শ কিলোমিটাৰৰ প্ৰজেক্ট কমিছন হৈ গৈছে।

 

বন্ধুসকল,

 

দেশৰ শক্তিশালী হৈ থকা ৰে'লৱে ইনফ্ৰাষ্ট্ৰাকচাৰৰ লাভ খেতিয়কসকলৰ হৈছে, বিদ্যাৰ্থীসকলৰ হৈছে, বেপাৰী-উদ্যমীসকলৰ হৈছে। আজি আমি দেখিছো যে কেনেকৈ কৃষকে ৰে'লৰ মাধ্যমত, দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকে দূৰ দূৰণিলৈ নিজৰ শস্য পঠিয়াব পাৰিছে। ৰে'লৱেৰ দ্বাৰা এই কৃষকসকলক মাল পৰিবহনত বহুত ৰেহাইও দি থকা হৈছে। ইয়াৰ বহুত লাভ দেশৰ ক্ষুদ্ৰ কৃষকৰো হৈ আছে। তেওঁলোকে নতুন বজাৰ পাই আছে, তেওঁলোকে নতুন সামৰ্থ্য লাভ কৰিছে।

 

বন্ধুসকল,

 

ভাৰতীয় ৰে'ল কেৱল দূৰত্বক কানেক্ট কৰাৰ মাধ্যম নহয়, বৰং ই দেশৰ সংস্কৃতি, দেশৰ পৰ্যটন, দেশৰ তীৰ্থ যাত্ৰাক কানেক্ট কৰাৰো বিশেষ মাধ্যম হৈ পৰিছে। স্বাধীনতাৰ ইমানবোৰ দশকৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতীয় ৰে'লৰ এই সামৰ্থ্যক ইমান বৃহৎ স্তৰত এক্সপ্লোৰ কৰি থকা হৈছে। আগতে ৰে'লৱেক টুৰিজমৰ বাবে যদি ব্যৱহাৰো কৰা হৈছিল, তথাপি তাক এক প্ৰিমিয়াম ক্লাবলৈকেহে সীমিত ৰখা হৈছিল।

 

প্ৰথমবাৰৰ বাবে সাধাৰণ মানুহক উচিত নিৰিখত পৰ্যটন আৰু তীৰ্থ যাত্ৰাৰ দিব্য অভিজ্ঞতা দিয়া হৈছে। ৰামায়ণ ছাৰ্কিট ট্ৰেইন এনেকুৱাই এক অভিনৱ প্ৰয়াস। কিছুদিন আগতে প্ৰথম ৰামায়ণ এক্সপ্ৰেছ ট্ৰেইনে দেশজুৰি ৰামায়ণ কালৰ কেইবাডজন স্থান দৰ্শন কৰাবলৈ ওলাই গৈছে। এই ট্ৰেইনৰ যাত্ৰাক লৈ বহুত বেছি উৎসাহ দেশবাসীৰ মাজত দেখিবলৈ পোৱা গৈছে।

 

অনাগত দিনবিলাকত দেশৰ বেলেগ বেলেগ অংশৰ পৰা কিছু আৰু ৰামায়ণ এক্সপ্ৰেছ ট্ৰেইনো চলিব। এয়াই নহয়, ভিষ্টাডোম ট্ৰেইনৰ অভিজ্ঞতাও মানুহে বহুত ভাল পাইছে। ভাৰতীয় ৰে'লৱেৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, অপাৰেচন আৰু এপ্ৰোচত সকলো ধৰণৰ ব্যাপক ৰিফৰ্ম কৰি থকা হৈছে। ব্ৰডগজ নেটৱৰ্কৰ পৰা মানৱৰহিত ফাটক আঁতৰোৱাত গতিও উন্নত হৈছে আৰু দুৰ্ঘটনাৰ ক্ষেত্ৰতো বহুত হ্ৰাস পাইছে। আজি ছেমি হাইস্পিড ট্ৰেইন ৰে'ল নেটৱৰ্কৰ অংশ হ'বলৈ গৈ আছে। স্বাধীনতাৰ অমৃত মহোৎসৱত, অনাগত ২ বছৰত ৭৫খন নতুন বন্দে ভাৰত ট্ৰেইন দেশজুৰি চলাবলৈ ৰে'লৱে প্ৰয়াসৰত। অৰ্থাৎ ভাৰতীয় ৰে'লে এতিয়া নিজৰ পুৰণি ঐতিহ্যক আধুনিকতাৰ ৰঙত সজীৱ কৰি তুলিছে।

 

বন্ধুসকল,

 

উন্নত ইনফ্ৰাষ্ট্ৰাকচাৰ ভাৰতৰ আকাংক্ষাই নহয়, বৰং আৱশ্যকতা। এই ভাবনাৰেই আমাৰ চৰকাৰে ৰে'লৱেসহ ইনফ্ৰাষ্ট্ৰাকচাৰৰৰ হাজাৰ হাজাৰ প্ৰজেক্টৰ ওপৰত অভূতপূৰ্ব বিনিয়োগ কৰি আছে। মোৰ বিশ্বাস আছে যে ভাৰতৰ আধুনিক হোতা ইনফ্ৰাষ্ট্ৰাকচাৰে আত্মনিৰ্ভৰতাৰ সংকল্পসমূহক আৰু দ্ৰুত গতিত দেশৰ সাধাৰণ জনতাৰ কাষলৈ লৈ যাব।

 

এবাৰ আকৌ আপোনালোক সকলোকে আধুনিক ৰে'লৱে ষ্টেচনৰ আৰু লগতে অনেক নতুন ৰে'ল সেৱাৰ অভিনন্দন জনাইছো। ৰে'লৱেৰ সম্পূৰ্ণ টীমকো এই পৰিৱৰ্তনক স্বীকাৰ কৰা বাবে, এই পৰিৱৰ্তনক সাকাৰ কৰা বাবে, ৰে'লৱেৰ যি সমগ্ৰ টীমে নতুন উৎসাহেৰে লাগি আছে মই তেওঁলোককো অভিনন্দন জনাইছো, তেওঁলোককো বহুত বহুত ধন্যবাদ জনাইছো। আপোনালোক সকলোকে অনেক অনেক শুভকামনা। বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security

Media Coverage

India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the passing of legendary playback singer S. Janaki Amma
July 12, 2026

The Prime Minister, Shri Narendra Modi, has expressed deep grief over the passing of distinguished playback singer S. Janaki Amma.

The Prime Minister said that her passing is an irreparable loss to the world of music and culture. He noted that her songs in various languages were popular across generations and gave voice to every emotion with unparalleled grace and versatility.

Shri Modi said that her melodies will continue to enchant listeners in the years to come.

The Prime Minister wrote on X;

“The passing of the distinguished playback singer S. Janaki Amma is an irreparable loss to the world of music and culture. Her songs in various languages were popular across generations. They gave voice to every emotion with unparalleled grace as well as versatility. Her melodies will continue to enchant listeners in the years to come. My heartfelt condolences to her family, countless admirers and the entire music fraternity in this hour of grief. Om Shanti.”