“আম্মাৰ সান্নিধ্য আৰু তেওঁৰ আশীৰ্বাদ শব্দৰে বৰ্ণনা কৰাটো কঠিন, সেয়া কেৱল অনুভৱ কৰিব পাৰো”
“প্ৰেম, মমতা, সেৱা আৰু ত্যাগৰ মূৰ্তি হৈছে আম্মা। তেওঁ ভাৰতৰ আধ্যাত্মিক পৰম্পৰাৰ বাহক”
“স্বাস্থ্যৰ ক্ষেত্ৰতেই হওক বা শিক্ষাৰ ক্ষেত্ৰতেই হওক, আম্মাৰ পৰামৰ্শত প্ৰতিটো প্ৰতিষ্ঠানে মানৱ সেৱা আৰু সমাজ কল্যাণক নতুন উচ্চতা প্ৰদান কৰিছিল”
“সমগ্ৰ বিশ্বতে আম্মাৰ অনুগামী আছে আৰু তেওঁ ভাৰতৰ ভাবমূর্তি আৰু ইয়াৰ বিশ্বাসযোগ্যতা সদায় শক্তিশালী কৰি আহিছে৷”
“ভাৰতৰ উন্নয়নৰ মানৱকেন্দ্ৰিক দৃষ্টিভংগীৰ আম্মা হৈছে প্ৰতিফলন যি আজি মহামাৰীৰ পিছৰ পৰ্যায়ত গ্ৰহণ কৰা হৈছে”

সেৱা আৰু আধ্যাত্মিকতাৰ প্ৰতিভূ আম্মা, মাতা অমৃতানন্দময়ীজীক শ্ৰদ্ধাৰে সেৱা জনাইছোঁ। তেখেতৰ সত্তৰতম জন্মদিন উপলক্ষে আম্মাৰ দীঘলীয়া আৰু সুস্থ জীৱনৰ কামনা কৰিলোঁ। মই প্ৰাৰ্থনা কৰোঁ যে আম্মাৰ বিশ্বজুৰি প্ৰেম আৰু মমতা বিয়পাই দিয়াৰ অভিযান আৰু আগবাঢ়ি যাওক। লগতে আম্মাৰ অনুগামীকে ধৰি বিভিন্ন স্তৰৰ পৰা ইয়াত সমবেত হোৱা সকলো লোককে অভিনন্দন আৰু শুভেচ্ছা জনাইছো।

বন্ধুসকল,
৩০ বছৰতকৈও অধিক সময় ধৰি মই আম্মাৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শত আছো। কাচ্চৰ ভূমিকম্পৰ পিছত বহুদিন আম্মাৰ লগত কাম কৰাৰ অভিজ্ঞতা মোৰ হৈছিল। অমৃতাপুৰীত আম্মাৰ ৬০তম জন্মদিন পালন কৰা দিনটো আজিও মনত আছে। আজিৰ অনুষ্ঠানত শাৰীৰিকভাৱে উপস্থিত থকা হ’লে মোৰ আৰু বেছি ভাল লাগিলহেঁতেন। আজিও আম্মাৰ হাঁহিমুখীয়া মুখখনৰ আৱেশ আৰু মৰমলগা স্বভাৱ আগৰ দৰেই আছে। আৰু তদুপৰি যোৱা ১০ বছৰত আম্মাৰ কামেৰে পৃথিৱীত তেওঁৰ প্ৰভাৱ বহুগুণে বৃদ্ধি পাইছে। যোৱা বছৰ আগষ্ট মাহত হাৰিয়ানাৰ ফৰিদাবাদত অমৃতা চিকিৎসালয় উদ্বোধন কৰাৰ সৌভাগ্য হৈছিল। আম্মাৰ উপস্থিতি আৰু তেখেতৰ আশীৰ্বাদৰ আভা শব্দৰে বৰ্ণনা কৰাটো কঠিন; সেয়া আমি কেৱল অনুভৱ কৰিব পাৰো। সেই সময়ত মই আম্মাৰ বাবে কোৱা কথাখিনি আজিও মনত আছে, সেয়া আজি পুনৰাবৃত্তি কৰিবলৈ বিচাৰিছো - स्नेह-त्तिन्डे, कारुण्य-त्तिन्डे, सेवन-त्तिन्डे, त्याग-त्तिन्डे, पर्यायमाण अम्मा। माता अमृतानंन्दमयी देवी, भार-त्तिन्डे महत्ताय, आध्यात्मिक पारंपर्य-त्तिन्डे, नेरव-काशियाण। অৰ্থাৎ আম্মা হৈছে প্ৰেম, কৰুণা, সেৱা আৰু ত্যাগৰ মূৰ্তি। ভাৰতৰ আধ্যাত্মিক পৰম্পৰাৰ বাহক।

বন্ধুসকল,
আম্মাৰ কামৰ এটা দিশ হ’ল তেওঁ দেশ-বিদেশত প্ৰতিষ্ঠান স্থাপন কৰি আৰু অধিক প্ৰচাৰ কৰিছিল। স্বাস্থ্যৰ ক্ষেত্ৰই হওক বা শিক্ষাৰ ক্ষেত্ৰই হওক, আম্মাৰ নিৰ্দেশনাত প্ৰতিখন প্ৰতিষ্ঠানে মানৱ সেৱা আৰু সমাজ কল্যাণৰ নতুন উচ্চতাত উপনীত হৈছে। দেশে যেতিয়া স্বচ্ছতা অভিযান আৰম্ভ কৰিছিল, তেতিয়া ইয়াক সফল কৰিবলৈ আগবাঢ়ি অহা প্ৰথম ব্যক্তিসকলৰ ভিতৰত আম্মা আছিল অন্যতম। গংগাৰ পাৰত শৌচাগাৰ নিৰ্মাণৰ বাবেও ১০০ কোটি টকাৰ অনুদান আগবঢ়াইছিল, যিয়ে স্বচ্ছতা অভিযানক ব্যাপক উত্থান দিছিল। আম্মাৰ সমগ্ৰ বিশ্বতে অনুগামী আছে আৰু তেওঁ সদায় দেশৰ ভাবমূৰ্তি আৰু বিশ্বাসযোগ্যতা বৃদ্ধি কৰি আহিছে। যেতিয়া প্ৰেৰণা ইমান ডাঙৰ হয়, তেতিয়া প্ৰচেষ্টাও ডাঙৰ হৈ পৰে।

বন্ধুসকল,
মহামাৰীৰ পিছৰ জগতখনত ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত মানৱকেন্দ্ৰিক দৃষ্টিভংগীক আজি স্বীকৃতি দিয়া হৈছে। এনে সন্ধিক্ষণত আম্মাৰ দৰে ব্যক্তিত্বই ভাৰতৰ মানৱকেন্দ্ৰিক দৃষ্টিভংগীক প্ৰতিফলিত কৰে। আম্মাই সদায় কম সুবিধাপ্ৰাপ্ত লোকসকলক সবলীকৰণ আৰু সমাজৰ বঞ্চিত শ্ৰেণীক অগ্ৰাধিকাৰ দিয়াৰ দৰে মানৱীয় প্ৰচেষ্টা চলাই আহিছে। মাত্ৰ কেইদিনমানৰ আগতে ভাৰতৰ সংসদেও গৃহীত কৰিছে নাৰীশক্তি বন্দন অধিনিয়ম। মহিলা নেতৃত্বাধীন উন্নয়নৰ সংকল্পৰে আগবাঢ়ি যোৱা ভাৰতৰ আম্মাৰ দৰে প্ৰেৰণাদায়ক ব্যক্তিত্ব আছে। মোৰ বিশ্বাস যে আম্মাৰ অনুগামীসকলেও বিশ্বৰ শান্তি আৰু প্ৰগতিৰ প্ৰসাৰৰ বাবে একেধৰণৰ কাম কৰি যাব। আকৌ এবাৰ আম্মাক সত্তৰতম জন্মদিনৰ শুভেচ্ছা জনালোঁ। তেখেত দীৰ্ঘজীৱী হওক; তেখেত সুস্থ হৈ থাকক; তেখেতে এনেকৈ মানৱতাৰ সেৱা কৰি যাওক। মোৰ ভাষণৰ সামৰণি এই কামনাৰে কৰিছো যে আম্মাই আমাৰ সকলোকে তেওঁৰ মৰমেৰে বিঢৌত কৰি ৰাখক। আকৌ এবাৰ আম্মালৈ মোৰ প্ৰণাম।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s power sector set for strong FY27 growth on rising demand, capacity additions: Report

Media Coverage

India’s power sector set for strong FY27 growth on rising demand, capacity additions: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 জুলাই 2026
July 20, 2026

Yuva to Global Stage: How PM Modi’s Policies Are Turning India’s Youth, Farms & Factories into Growth Engines