“ Energy impacts development at all levels, from individuals to nations”
“India achieved its non-fossil installed electric capacity target nine years in advance”
“Our effort is to work for inclusive, resilient, equitable and sustainable energy for all”
“Realizing the vision of inter-connected green grids will enable all of us to meet our climate goals, stimulate green investment and create millions of green jobs”
“Our thoughts and actions must always help preserve our ‘One Earth’, protect the interests of our ‘One Family’, and move towards a Green ‘One Future’”

মহামান্য, ভদ্ৰমহিলা আৰু ভদ্ৰলোকসকল, নমস্কাৰ! মই আপোনালোক সকলোকে ভাৰতলৈ স্বাগতম জনাইছোঁ। শক্তি অবিহনে ভৱিষ্যত, সুস্থিৰতা বা উন্নতি আৰু বিকাশৰ বিষয়ে কোনো কথা সম্পূৰ্ণ কৰিব নোৱাৰি। ই ব্যক্তিৰ পৰা ৰাষ্ট্ৰলৈকে সকলো স্তৰতে বিকাশক প্ৰভাৱিত কৰে।

বন্ধুসকল,

আমাৰ বিভিন্ন বাস্তৱ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত, শক্তি প্ৰণালী পৰিৱৰ্তনৰ ক্ষেত্ৰত আমাৰ পথবোৰ পৃথক। অৱশ্যে, মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে আমাৰ লক্ষ্য একে। ভাৰতে ‘সেউজ বিকাশ’ আৰু শক্তি প্ৰণালী পৰিৱৰ্তনৰ ক্ষেত্ৰত যথেষ্ট প্ৰচেষ্টা চলাই আছে। ভাৰত হৈছে বিশ্বৰ আটাইতকৈ জনবসতিপূৰ্ণ ৰাষ্ট্ৰ আৰু দ্ৰুতগতিত বিকশিত হোৱা বৃহৎ অৰ্থনীতি। তথাপিও, আমি আমাৰ জলবায়ু সন্দৰ্ভত প্ৰকাশ কৰা প্ৰতিশ্ৰুতিবদ্ধক সাৰোগত কৰি দৃঢ়তাৰে আগবাঢ়িছোঁ। ভাৰতে জলবায়ু সম্পৰ্কীয় কাৰ্যব্যৱস্থা গ্ৰহণত নেতৃত্ব প্ৰদৰ্শন কৰিছে। আমি আমাৰ ‘অ-জীৱাশ্ম বৈদ্যুতিক সামৰ্থ্য স্থাপন’ৰ লক্ষ্য ৯ বছৰ আগতে সম্ভৱ কৰিছিলোঁ। আমি এতিয়া এটা উচ্চতৰ লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ। আমি ২০৩০ চনৰ ভিতৰত ৫০ শতাংশ ‘অ-জীৱাশ্ম বৈদ্যুতিক সামৰ্থ্য স্থাপন’ৰ পৰিকল্পনা কৰিছোঁ। সৌৰ আৰু বায়ু শক্তিৰ ক্ষেত্ৰতো ভাৰত বিশ্বৰ নেতাসকলৰ মাজত আছে। মই সুখী যে কৰ্মগোটৰ প্ৰতিনিধিসকলে ‘পাৱাগড়া সৌৰ উদ্যান’ আৰু ‘মোধেৰা সৌৰ গাঁও’ পৰিদৰ্শন কৰিছে। তেওঁলোকে পৰিষ্কাৰ শক্তিৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ স্তৰ আৰু পৰিমাণ প্ৰত্যক্ষ কৰিছে।

বন্ধুসকল,

ভাৰতত, আমি যোৱা ৯ বছৰত ১৯০ নিযুতৰো অধিক পৰিয়ালক ‘এলপিজি’ৰ সংযোগ প্ৰদান কৰিছোঁ। আমি প্ৰতিখন গাঁৱক বিদ্যুতৰ সংযোগ প্ৰদানৰ ঐতিহাসিক মাইলৰ খুঁটিও স্থাপন কৰিছোঁ। আমি মানুহক নলযুক্ত ৰন্ধন গেছ প্ৰদান কৰাৰ বাবেও কাম কৰি আছোঁ। কেইবছৰমানৰ ভিতৰতে ই জনসংখ্যাৰ ৯০ শতাংশতকৈয়ো অধিকক সামৰি লোৱাৰ সম্ভাৱনা বহণ কৰিছে। সকলোৰে বাবে সামগ্ৰিক, স্থিতিস্থাপক, ন্যায়সঙ্গত আৰু বহনক্ষম শক্তি উপলব্ধ কৰাৰ বাবে কাম কৰি যোৱাটো হৈছে আমাৰ প্ৰয়াস।

বন্ধুসকল,

সৰু সৰু পদক্ষেপবোৰে ডাঙৰ ফলাফলৰ সম্ভাৱনা কঢ়িয়াই আনে। ২০১৫ চনত আমি ‘এলইডি লাইট’ ব্যৱহাৰৰ বাবে এক আঁচনি আৰম্ভ কৰি এটা সৰু আন্দোলন আৰম্ভ কৰিছিলোঁ। ই বিশ্বৰ সৰ্ববৃহৎ ‘এলইডি’ বিতৰণ কাৰ্যসূচী হৈ উঠিছিল, যিয়ে প্ৰতি বছৰে ৪৫ বিলিয়ন ইউনিটতকৈয়ো অধিক শক্তি ৰাহি কৰিছিল। আমি পৃথিৱীৰ সৰ্ববৃহৎ কৃষি পাম্প সৌৰকৰণ প্ৰচেষ্টাও আৰম্ভ কৰিছো। ভাৰতৰ ঘৰুৱা বৈদ্যুতিক বাহনৰ বজাৰখন ২০৩০ চনৰ ভিতৰত ১০ নিযুত বাৰ্ষিক বিক্ৰীত উপনীত হ'ব বুলি অনুমান কৰা হৈছে। আমি এই বছৰ ২০ শতাংশ ‘ইথানল’ মিশ্ৰিত পেট্ৰ'লৰ বিপণন আৰম্ভ কৰিছো। আমাৰ লক্ষ্য হৈছে ২০২৫ চনৰ ভিতৰত সমগ্ৰ দেশক সামৰি লোৱা। ভাৰতক কাৰ্বনমুক্ত কৰাৰ বাবে আমি বিকল্প হিচাপে ‘সেউজ হাইড্ৰজেন’ৰ ওপৰত এক অভিযানৰ ৰূপত কাম কৰি আছো। ইয়াৰ উদ্দেশ্য হৈছে সেউজীয়া হাইড্ৰজেন আৰু ইয়াৰ আনুষংগিক উৎপাদন, ব্যৱহাৰ আৰু ৰপ্তানিৰ বাবে ভাৰতক এক গোলকীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলা। আমি লাভ কৰা শিকণিসমূহ সকলোৰে মাজত ভগাই দিবলৈ নিশ্চিত ভাবেই সুখী হ’ম।

বন্ধুসকল,

বিশ্বই বহনক্ষম, ন্যায়সঙ্গত, সুলভ, সামগ্ৰিক আৰু পৰিষ্কাৰ শক্তি প্ৰাণালীৰ পৰিৱৰ্তনৰ বাবে এই গোটটোৰ ওপৰত দৃষ্টি ৰাখে। এনে কৰোতে ‘গ্লোবেল ছাউথ’ত থকা আমাৰ ভাই-ভনীসকল পিছ পৰি থকাটো গুৰুত্বপূৰ্ণ। আমি উন্নয়নশীল দেশসমূহৰ বাবে কম ব্যয়সাপেক্ষ বিত্তীয় সহযোগিতা নিশ্চিত কৰিব লাগিব। আমি প্ৰযুক্তিৰ ব্যৱধান দূৰ কৰা, শক্তি সুৰক্ষা বৃদ্ধি কৰা আৰু যোগান শৃংখলাৰ বৈচিত্ৰতাৰ সন্দৰ্ভত কাম কৰাৰ উপায় বিচাৰি উলিয়াব লাগিব। আৰু, আমি 'ভৱিষ্যতৰ বাবে ইন্ধন'ৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰিব লাগিব। হাইড্ৰজেনৰ সন্দৰ্ভত উচ্চ-স্তৰীয় নীতি' প্ৰণয়ন হৈছে সঠিক দিশত এক পদক্ষেপ। ‘ট্ৰেন্স-নেশ্যনেল গ্ৰীড’-ৰ আন্তঃসংযোগে শক্তি সুৰক্ষা বৃদ্ধি কৰিব পাৰে। আমি এই অঞ্চলত আমাৰ চুবুৰীয়াসকলৰ সৈতে এই পাৰস্পৰিক লাভজনক সহযোগিতাক উত্সাহিত কৰি আছো। আৰু মই আপোনাক ক'ব পাৰোঁ ইয়াৰ পৰা আমি উৎসাহজনক সাফল্য দেখিছোঁ। ‘আন্তঃ-সংযোজিত সেউজ গ্ৰীড’ৰ দৃষ্টিভঙ্গী উপলব্ধি কৰাটো ৰূপান্তৰকাৰী হ'ব পাৰে। ই আমাৰ সকলোকে আমাৰ জলবায়ু সম্পৰ্কীয় লক্ষ্যসমূহ পূৰণ কৰিবলৈ, সেউজ বিনিয়োগক উৎসাহিত কৰিবলৈ আৰু লাখ লাখ সেউজীয়া চাকৰি সৃষ্টি কৰিবলৈ সক্ষম কৰিব। মই আপোনালোক সকলোকে গ্ৰীণ গ্ৰিডছ ইনিচিয়েটিভত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছো - ''এক সূৰ্য, এক বিশ্ব, আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতাৰ এক গ্ৰীড।

বন্ধুসকল,

আপোনাৰ চৌপাশৰ যত্ন লোৱাটো স্বাভাৱিক হ'ব পাৰে। ই সাংস্কৃতিকও হ'ব পাৰে। ভাৰতত ই আমাৰ পৰম্পৰাগত জ্ঞানৰ এটা অংশ। আৰু তাৰ পৰাই ‘মিছন লাইফ’-য়ে ইয়াৰ শক্তি লাভ কৰিছে। পৰিৱেশৰ বাবে জীৱনশৈলীয়ে আমাৰ প্ৰত্যেককে ‘ক্লাইমেট চেম্পিয়ন’ কৰি তুলিব।

বন্ধুসকল,

আমি যিমানেই পৰিৱৰ্তন নকৰোঁ কিয় আমাৰ চিন্তা আৰু কাৰ্যই সদায়ে আমাৰ ''এক পৃথিৱী'' সংৰক্ষণ কৰাত সহায় কৰিব লাগিব, আমাৰ ''এক পৰিয়াল''ৰ স্বাৰ্থ সুৰক্ষিত কৰিব লাগিব, আৰু সেউজীয়া ''এক ভৱিষ্যত''ৰ দিশে আগবাঢ়াই নিব লাগিব। মই আপোনালোকৰ আলোচনাৰ সফলতা কামনা কৰিছোঁ।  ধন্যবাদ!

নমস্কাৰ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM announces exam reform task force, Infosys co-founder Nandan Nilekani to lead

Media Coverage

PM announces exam reform task force, Infosys co-founder Nandan Nilekani to lead
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlights noble character as the foundation of respect, trust, and effective leadership
July 27, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting how a person of noble character earns respect in society and is regarded as worthy of every responsibility.

The Prime Minister wrote on X;

"शीलवान् पूजितो लोके शीलवान् साधुसम्मतः।

शीलवान् सर्वकर्मार्हः शीलवान् प्रियदर्शनः॥"

A person of noble character earns respect in society and the esteem of the virtuous. Through integrity, humility and disciplined conduct, such an individual is regarded as worthy of every responsibility. Their personality is admirable, inspiring and worthy of emulation. In truth, noble character is the true foundation of lasting success, effective leadership, and enduring trust.