“শিক্ষা কেৱল সেইটো আধাৰ নহয়, যাৰ ওপৰত আমাৰ সভ্যতা গঢ় লৈ উঠিছে, বৰঞ্চ ই মানৱতাৰ ভৱিষ্যতৰ স্থাপত্যও”
“সঁচা জ্ঞানে নম্ৰতা দিয়ে, নম্ৰতাৰ পৰা যোগ্যতা, যোগ্যতাৰ পৰা ধন-সম্পত্তি, ধন-সম্পত্তিয়ে মানুহক ভাল কাম কৰিবলৈ সক্ষম কৰে আৰু ইয়েই আনন্দ কঢ়িয়াই আনে”
“আমাৰ উদ্দেশ্য হ’ব লাগিব উন্নত শাসনৰ সৈতে গুণগত শিক্ষা প্ৰদান কৰা”
“আমাৰ যুৱক-যুৱতীসকলক ভৱিষ্যতৰ বাবে সাজু কৰি তুলিবলৈ আমি তেওঁলোকক নিৰন্তৰ দক্ষ, পুনৰ দক্ষ আৰু দক্ষতাৰ উন্নীতকৰণৰ প্ৰয়োজন”
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাযোগে পুনেত অনুষ্ঠিত জি-২০ শিক্ষামন্ত্ৰীসকলৰ বৈঠকত ভাষণ আগবঢ়ায়৷

মহানুভৱসকলদেৱী আৰু সজ্জনসকল!

মই জি-20 শিক্ষা মন্ত্ৰীসকলৰ বৈঠকৰ বাবে ভাৰতলৈ আপোনালোকক আদৰণি জনাইছোঁ। শিক্ষা কেৱল এনে বুনিয়াদেই নহয় যাৰ ওপৰত আমাৰ ক্ষমতাৰ নিৰ্মাণ হৈছেবৰং ই মানৱতাৰ ভৱিষ্যতৰ বাস্তুকাৰো। শিক্ষা মন্ত্ৰী হিচাপেআপোনালোক সকলোৰে বাবে বিকাশশান্তি আৰু সমৃদ্ধিৰ আমাৰ প্ৰয়াসত মানৱ জাতিৰ নেতৃত্ব কৰা শেৰ্পা। ভাৰতীয় শাস্ত্ৰত শিক্ষাৰ ভূমিকাৰ বৰ্ণনা আনন্দ প্ৰদান কৰোঁতাৰ ৰূপত কৰা হৈছে। বিদ্যা দদাতি বিনয়ম্ বিনায়দ্ য়াতি পাত্ৰতাম্। পাত্ৰত্বাত্ ধনমাপ্ৰোন্তি ধনাদ্ধৰ্ম ততসুখম্।। ইয়াৰ অৰ্থ হৈছে: "প্ৰকৃত জ্ঞানে বিনম্ৰতা দিয়ে। বিনম্ৰতাৰ পৰা যোগ্যতা আহেপাত্ৰতাৰ পৰা ধনৰ প্ৰাপ্তি হয়। সম্পদে ব্যক্তিক ভাল কাম কৰিবলৈ সক্ষম কৰে আৰু সিয়েই আনন্দ আনে। এই কাৰণেই ভাৰততআমি এক সামগ্ৰিক আৰু ব্যাপক যাত্ৰাৰ সূত্ৰপাত কৰিছোঁ। আমাৰ বিশ্বাস আছে যে মৌলিক সাক্ষৰতাই আমাৰ যুৱক-যুৱতীৰ বাবে এক মজবুত আধাৰৰ নিৰ্মাণ কৰে আৰু আমি ইয়াক প্ৰযুক্তিৰ সৈতেও সংযুক্ত কৰি আছোঁ। ইয়াৰ বাবে আমি "বোধ আৰু সংখ্যাত্মকতাৰ সৈতে পঢ়াত প্ৰৱীনতাৰ বাবে ৰাষ্ট্ৰীয় পদক্ষেপবা "নিপুণ ভাৰতপদক্ষেপ আৰম্ভ কৰিছোঁ। মই আনন্দিত যে "মৌলিক সাক্ষৰতা আৰু অংক জ্ঞান"ৰ আপোনালোকৰ গোটৰ দ্বাৰাও প্ৰাথমিকতা হিচাপে চিনাক্ত কৰা হৈছে। আমি ২০৩০লৈকে সময়বদ্ধ উপায়েৰে ইয়াৰ ওপৰত কাম কৰাৰ সংকল্প লোৱা দৰকাৰ।

মহানুভৱসকল,

আমাৰ উদ্দেশ্য হৈছে উন্নত প্ৰশাসনৰ লগতে মানসম্পন্ন শিক্ষা প্ৰদান কৰা। ইয়াৰ বাবে আমি নতুন ই-লাৰ্ণিঙক নৱোন্মেষী পদ্ধতিৰে প্ৰয়োগ কৰিব আৰু ব্যৱহাৰ কৰিব লাগিব। ভাৰতত আমি নিজৰ ফালৰ পৰা কেইবাটাও পদক্ষেপ লৈছোঁ। এনেকুৱাই এটা কাৰ্যক্ৰম হৈছে "যুৱ আকাংক্ষী বিচাৰসমূহৰ বাবে সক্ৰিয়-অধ্যয়নৰ ষ্টাডী ৱেবছ", বা স্বয়ং। এই অনলাইন প্লেটফৰ্মত নৱম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ স্তৰলৈকে সকলো পাঠ্যক্ৰম অন্তৰ্ভুক্ত আছে। ই ছাত্ৰ-ছাত্ৰীক সুদূৰ অধ্যয়নত সক্ষম কৰি তোলে আৰু প্ৰাপ্তিসমানতা আৰু মানদণ্ডৰ ওপৰত মনোযোগ কেন্দ্ৰীভূত কৰে। ৩৪ নিযুতৰো অধিক নামভৰ্তি আৰু ন হাজাৰতকৈ অধিক পাঠ্যক্ৰমেৰে এয়া এক অত্যন্ত প্ৰভাৱশালী শিক্ষণ মাধ্যম হৈ পৰিছে। আমাৰ ওচৰত "জ্ঞান ভাগ-বতৰা কৰিবলৈ ডিজিটেল আন্তঃগাঁথনিবা দীক্ষা পৰ্টেলো আছে। এয়া দূৰদূৰণিৰ অঞ্চল আৰু নিয়মীয়া শ্ৰেণীসমূহত ভাগ ল'বলৈ অসমৰ্থ ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি কৰা হৈছে। শিক্ষকে ইয়াৰ ব্যৱহাৰ দূৰস্থ শিক্ষাৰ মাধ্যমত স্কুলীয়া শিক্ষা দিবলৈ কৰে। ই ২৯টা ভাৰতীয় ভাষা আৰু ৭টা বিদেশী ভাষাত শিকাত সহায় কৰে। ই ১৩৭ নিযুতৰ অধিক পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছে। ভাৰতৰ এই অভিজ্ঞতা আৰু সম্পদসমূহকবিশেষকৈ উন্নয়নশীল দেশসমূহৰ জনসাধাৰণৰ সৈতে ভাগ-বতৰা কৰাত প্ৰসন্নতা হ'ব।

মহানুভৱসকল,

আমাৰ যুৱক-যুৱতীসকলক ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰিবলৈআমি তেওঁলোকক একেৰাহে দক্ষ কৰিবলৈ আৰু তেওঁলোকৰ দক্ষতা নিৰ্মাণ কৰাৰ প্ৰয়োজন আছে। আমি তেওঁলোকৰ দক্ষতাৰাজি বিকশিত হোৱা কাৰ্য ৰূপৰেখা আৰু প্ৰথাসমূহৰ সৈতে সংযুক্ত কৰাৰ আৱশ্যকতা আছে। ভাৰতত আমি দক্ষতা মেপিঙৰ কাম আৰম্ভ কৰি আছোঁ। আমাৰ শিক্ষাদক্ষতা আৰু শ্ৰম মন্ত্ৰালয়ে এই পদক্ষেপৰ ওপৰত লগলাগি কাম কৰি আছে। জি-20 দেশে বিশ্বজনীন স্তৰত দক্ষতা মেপিং আৰম্ভ কৰিব পাৰে আৰু সেই নাটনিৰ সন্ধান কৰিব পাৰে যিবোৰ দূৰ কৰাৰ আৱশ্যকতা আছে।

মহানুভৱসকল,

ডিজিটেল প্ৰযুক্তিয়ে এক সমকাৰক (ইকুইলাইজাৰহিচাপে কাম কৰে আৰু সমাৱেশিতাক উদগনি দিয়ে। ই শিক্ষালৈকে গমন বঢ়ায় আৰু ভৱিষ্যতৰ প্ৰয়োজন অনুসৰি এক শক্তি বৰ্ধক অৰ্থাৎ ফ'ৰ্চ মাল্টিপ্লায়াৰ। আজি কৃত্ৰিম বুদ্ধিমত্তাৰ শিক্ষাদক্ষতা নিৰ্মাণ আৰু শিক্ষাৰ ক্ষেত্ৰত অসীম সম্ভাৱনা প্ৰদান কৰে। অৱসৰৰ সৈতে প্ৰযুক্তি প্ৰত্যাহ্বানো প্ৰস্তুত কৰে। আমি সঠিক সন্তুলন গঢ়ি তুলিব লাগিব। ইয়াত জি-20য়ে মহত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।

মহানুভৱসকল,

ভাৰতত আমি গৱেষণা আৰু উদ্ভাৱনৰ ওপৰতো জোৰ দিছোঁ। আমি দেশজুৰি দহ হাজাৰ "অটল টিংকাৰিং লেবস্থাপন কৰিছোঁ। ই আমাৰ স্কুলীয়া শিশুৰ বাবে গৱেষণা আৰু উদ্ভাৱনৰ নাৰ্ছাৰি হিচাপে কাম কৰি আছে। এই প্ৰয়োগশালাবোৰত ৭.৫ নিযুতৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে ১.২ নিযুতৰো অধিক উদ্ভাৱনী পৰিকল্পনাৰ ওপৰত কাম কৰি আছে। নিজৰ সংশ্লিষ্ট শক্তিৰ সৈতে জি-20 দেশবিশেষকৈ উন্নয়নশীল দেশসমূহৰ মাজত গৱেষণা আৰু উদ্ভাৱন আৰু গৱেষণাক উদগনি দিয়াত মহত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। মই আপোনালোক সকলোকে গৱেষণা সহযোগ বঢ়াবলৈ এটা পথ নিৰ্মাণৰ আৱেদন জনাইছোঁ।

মহানুভৱসকল,

আপোনালোকৰ বৈঠকৰ আমাৰ শিশু আৰু যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ বাবে অসীম মহত্ব আছে। মই আনন্দিত যে আপোনালোকৰ গোটে দীৰ্ঘস্থায়ী বিকাশৰ লক্ষ্য আহৰণ কৰিবলৈ সেউজ ৰূপান্তৰণডিজিটেল পৰিৱৰ্তন আৰু মহিলা সবলীকৰণক এক্সিলেৰেটৰ হিচাপে চিনাক্ত কৰিছে। এই সকলো প্ৰয়াসৰ মূলতে আছে শিক্ষা। মোৰ বিশ্বাস আছে যে এই গোটে এক সমাৱেশীকৰ্মমুখী আৰু ভৱিষ্যতৰ বাবে সাজু শিক্ষা এজেণ্ডা আনিব। ইয়াৰ জৰিয়তে সমগ্ৰ বিশ্বক বসুধৈৱ কুটুম্বকম এক পৃথিৱীএক পৰিয়ালএক ভৱিষ্যতৰ প্ৰকৃত ভাবনাৰ উপকাৰ প্ৰাপ্ত হ'ব। মই আপোনালোক সকলোকে সাৰ্থক আৰু সফল বৈঠকৰ কামনা কৰিছোঁ।

ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From strategic partnership upgrade to defence roadmap: Key outcomes of PM Modi–Meloni meeting in Rome

Media Coverage

From strategic partnership upgrade to defence roadmap: Key outcomes of PM Modi–Meloni meeting in Rome
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 মে’ 2026
May 21, 2026

Appreciation by Citizens on Leadership That Delivers: PM Modi's Journey of Development, Diplomacy & Farmer-First Progress