"আমাৰ গ্ৰহটোৰ বাবে সঠিক সিদ্ধান্ত লোৱা ব্যক্তিসকল আমাৰ গ্ৰহটোৰ যুদ্ধত গুৰুত্বপূৰ্ণ। এইটো মিছন লাইফৰ মূল বিষয়"
"কেৱল সন্মিলনৰ তালিকাৰ পৰাই জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিব নোৱাৰি। ইয়াক প্ৰতিটো ঘৰৰ ডিনাৰ টেবুলৰ পৰা যুঁজিব লাগিব"
"মিছন লাইফ হৈছে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজক গণতান্ত্ৰিক কৰা"
"গণ আন্দোলন আৰু আচৰণ পৰিৱৰ্তনৰ ক্ষেত্ৰত যোৱা কেইবছৰমানত ভাৰতৰ মানুহে যথেষ্ট কাম কৰিছে"
"আচৰণগত পদক্ষেপৰ বাবেও পৰ্যাপ্ত বিত্তীয় পদ্ধতি নিৰ্ভৰ কৰিব লাগিব। মিছন লাইফৰ দৰে আচৰণগত পদক্ষেপৰ প্ৰতি বিশ্ব বেংকৰ সমৰ্থন প্ৰদৰ্শনে এক গুণমান প্ৰভাৱ পেলাব"

বিশ্ব বেংকৰ মহামান্য সভানেত্ৰী, মৰক্কোৰ শক্তি ৰূপান্তৰণ আৰু বহনক্ষম উন্নয়ন দপ্তৰৰ মন্ত্ৰীমহোদয়, মোৰ কেবিনেট সহযোগী নিৰ্মলা সীতাৰমণ জী, লৰ্ড নিকোলাছ ষ্টাৰ্ণ, অধ্যাপক ছানষ্টাইন আৰু অন্যান্য বিশিষ্ট অতিথিসকল,

নমস্কাৰ!

মই আনন্দিত যে ‘বিশ্ব বেংক’-য়ে জলবায়ু পৰিৱৰ্তনৰ ওপৰত আচৰণগত পৰিৱৰ্তনৰ প্ৰভাৱৰ সন্দৰ্ভত এই অনুষ্ঠানটোৰ আয়োজন কৰিছে। এইটো মোৰ মনক জোকাৰি থকা এটা সমস্যা, আৰু ইয়াক এক গোলকীয় আন্দোলনত পৰিণত হোৱা দেখি বৰ ভাল লাগিছে।

বন্ধুসকল,

চাণক্য নামৰ এজন মহান ভাৰতীয় দাৰ্শনিকে দুহাজাৰ বছৰৰ আগতে এষাৰ বাক্য লিখিছিল: “जल बिन्दु निपातेन क्रमशः पूर्यते घटः| स हेतुः सर्व विद्यानां धर्मस्य च धनस्य च” ||  অৰ্থাত্, ‘পানীৰ সৰু সৰু টোপালবোৰ  লাগ লাগি একোটা পাত্ৰ পূৰাই তোলাৰ দৰেই  জ্ঞান, ভাল কাম বা সম্পদবোৰো ক্ৰমাত্ সংযুক্ত হয়’। ইয়াত আমাৰ বাবে এটা বাৰ্তা আছে। নিজে, পানীৰ প্ৰতিটো টোপাল বেছি যেন নালাগিব পাৰে। কিন্তু যেতিয়া ই এনে ধৰণৰ আন বহুতো টোপালৰ সৈতে একেলগে হয়, তেতিয়া ইহঁতে প্ৰভাৱ পেলাব পৰা হয়। গ্ৰহটোৰ বাবে কৰা প্ৰতিটো ভাল কামক একক ভাবে নগণ্য যেন লাগিব পাৰে। কিন্তু যেতিয়া সমগ্ৰ বিশ্বৰ কোটি কোটি লোকে একেলগে এই কামটো কৰে, ইয়াৰ প্ৰভাৱ যথেষ্ট বেছি হযৈ উঠে। আমাৰ গ্ৰহৰ বাবে কৰা যুদ্ধত আমাৰ গ্ৰহটোৰ বাবে সঠিক সিদ্ধান্ত লোৱা ব্যক্তিসকল সঁচাৰকাঠি বুলি আমি বিশ্বাস কৰোঁ। এইটোৱেই হৈছে ‘মিছন লাইফ’ৰ মূল বিষয়।

 

বন্ধুসকল,

এই আন্দোলনৰ বীজ বহু আগতেই ৰোপণ কৰা হৈছিল। ২০১৫ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত  মই আচৰণগত পৰিৱৰ্তনৰ প্ৰয়োজনীয়তাৰ বিষয়ে কৈছিলো। তেতিয়াৰ পৰা, আমি বহুদূৰ আগবাঢ়িছো। ২০২২ চনৰ অক্টোবৰ মাহত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান আৰু মই ‘মিছন লাইফ’ আৰম্ভ কৰিছিলো। চিঅ’পি-২৭-ৰ ফলাফল সম্পৰ্কীয় দস্তাবেজৰ প্ৰস্তাৱনাত বহনক্ষম জীৱনশৈলী আৰু ব্যৱহাৰৰ কথাও কোৱা হৈছে। আৰু, এয় দেখি ভাল লাগিছে যে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত বিশেষজ্ঞসকলেও এই মন্ত্ৰকে গ্ৰহণ কৰিছে।

বন্ধুসকল,

সমগ্ৰ বিশ্বৰ মানুহে জলবায়ু পৰিৱৰ্তনৰ বিষয়ে কৰা আলোচনা বহুত শুনিছে। তেওঁলোকৰ বহুতেই ইয়াক লৈ  যথেষ্ট উদ্বেগ অনুভৱ কৰে, কাৰণ ইয়াৰ বাবে কি কৰিব পাৰি সেই কথা তেওঁলোকে নাজানে। তেওঁলোকে নিৰন্তৰ অনুভৱ কৰে যে ইয়াৰ বাবে কিবা কৰাৰ ক্ষেত্ৰত কেৱল চৰকাৰ বা গোলকীয় প্ৰতিষ্ঠানসমূহৰহে ভূমিকা আছে। কিন্তু তেওঁলোকেও অৱদান আগবঢ়াব পাৰে সেই কথা যদি তেওঁলোকে জানিব পাৰে তেন্তে তেওঁলোকৰ উদ্বিগ্নতা কাৰ্যত পৰিণত হ'ব।

 

বন্ধুসকল,

জলবায়ু পৰিৱৰ্তন কেৱল সন্মিলনৰ মেজৰ পৰাই যুঁজিব নোৱাৰি। এইখন যুদ্ধ প্ৰতিখন ঘৰৰ ৰাতিৰ আহাৰৰ মেজৰ পৰা যুঁজিব লাগিব। যেতিয়া একোটা ধাৰণাই আলোচনা মেজৰ পৰা ৰাতিৰ আহাৰৰ মেজত স্থান লাভ কৰেহি, তেতিয়াই  ই এক গণ আন্দোলনত পৰিণত হয়হি। প্ৰতিটো পৰিয়াল আৰু প্ৰতিগৰাকী ব্যক্তিক যদি সজাগ কৰা হয় যে তেওঁলোকৰ পছন্দবোৰে গ্ৰহটোক সহায় কৰিব পাৰে, তেতিয়াই ইয়াৰ পৰিসৰ বিস্তাৰিত হয় আৰু ই গতিও লাভ কৰে। মিছন লাইফ হৈছে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে আৰম্ভ হোৱা যুঁজখনক গণতান্ত্ৰিক কৰাৰ এক প্ৰয়াস। দৈনন্দিন জীৱনত কৰা সৰল কামবোৰ শক্তিশালী হয় বুলি যেতিয়া মানুহ হয় তেতিা পৰিৱেশৰ ওপৰত ইয়াৰ যথেষ্ট ইতিবাচক প্ৰভাৱ পৰে।

 

বন্ধুসকল,

গণ আন্দোলন আৰু আচৰণ পৰিৱৰ্তনৰ ক্ষেত্ৰত যোৱা কেইবছৰমানত ভাৰতৰ জনসাধাৰণে যথেষ্ট কাম কৰিছে। জন-সঞ্চালিত প্ৰচেষ্টাই ভাৰতৰ বহু প্ৰান্ত লিংগ অনুপাত উন্নত কৰিছে। এইসকল মানুহেই এক বৃহৎ স্বচ্ছতা অভিযানৰ নেতৃত্ব দিছিল।  নদী, সমুদ্ৰ তীৰ বা পথেই হওঁক, তেওঁলোকে ৰাজহুৱা স্থানসমূহ আৱৰ্জনামুক্ত হোৱাটো নিশ্চিত কৰিছে। আৰু, ‘এলইডি বাল্ব’লৈ কৰা সলনিৰ অভিযানো এইসকল লোকহে সফল কৰি তুলিছিল। ভাৰতত প্ৰায় ৩৭০ নিযুত এলইডি বাল্ব বিক্ৰী হৈছে। ই প্ৰতি বছৰে প্ৰায় ৩৯ নিযুত টন ‘কাৰ্বন ডাই অক্সাইড’ নিৰ্গমন হ্ৰাস কৰাত সহায় কৰিছে। ভাৰতৰ কৃষকসকলে ক্ষুদ্ৰ জলসিঞ্চনৰ দ্বাৰা প্ৰায় সাত লাখ হেক্টৰ কৃষিভূমিত কৃষি আস্তৰণ নিশ্চিত কৰিছে। প্ৰতি টোপালত অধিক শস্যৰ মন্ত্ৰক সাৰোগত কৰি, ই বৃহৎ পৰিমাণৰ পানী ৰাহি কৰিছে। এনে ধৰণৰ আৰু বহুতো উদাহৰণ আছে।

 

বন্ধুসকল,

 

মিছন লাইফৰ অধীনত সম্পাদিত কৰিব খোজা আমাৰ প্ৰচেষ্টা বহুতো ক্ষেত্ৰত বিস্তাৰিত হৈ আছে যেনে: স্থানীয় সংস্থাবোৰক পৰিৱেশ-অনুকূল কৰা, পানী সঞ্চয়, কৰা, শক্তি সঞ্চয় কৰা, আৱৰ্জনা আৰু ‘ই-আৱৰ্জনা’ হ্ৰাস কৰা, স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰা, প্ৰাকৃতিক কৃষি গ্ৰহণ কৰা, বাজ্ৰাৰ প্ৰচাৰ কৰা।

 

এই প্ৰচেষ্টাসমূহে সম্পন্ন কৰিব:

• বাইশ বিলিয়ন ইউনিটতকৈও অধিক শক্তি ৰাহি কৰিব,

• ৯ ট্ৰিলিয়ন লিটাৰ পানী ৰাহি কৰিব,

• আৱৰ্জনা তিনিশ পঁয়সত্তৰ নিযুত টন হ্ৰাস কৰিব,

• প্ৰায় এক নিযুত টন ই-আৱৰ্জনা পুনৰ ব্যৱহাৰ সম্ভৱ কৰিব, আৰু ২০৩০ চনৰ ভিতৰত প্ৰায় এশ সত্তৰ নিযুত ডলাৰ পৰিমাণৰ অতিৰিক্ত ব্যয় ৰাহি কৰিব।

ইয়াৰ উপৰিও, ই আমাক পোন্ধৰ বিলিয়ন টন খাদ্যৰ অপচয় হ্ৰাস কৰাত সহায় কৰিব। এই পৰিমাণ কিমান বৃহত্, সেই কথা জানিবলৈ মই আপোনালোকক এটা তুলনা দিওঁ। ‘এফএঅ’-ৰ মতে ২০২০ চনত বিশ্ব জুৰি হোৱা প্ৰাথমিক শস্যৰ উৎপাদন আছিল প্ৰায় ন বিলিয়ন টন!

বন্ধুসকল,

বিশ্বৰ দেশসমূহক উৎসাহিত কৰাত গোলকীয় প্ৰতিষ্ঠানসমূহৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। মোক কোৱা হৈছে যে ‘বিশ্ব বেঙ্ক’-ৰ সংশ্লিষ্ট গোটে জলবায়ু সম্পৰ্কীয় শিতানত মুঠ পুঁজিৰ পৰিমাণ ২৬%ৰ পৰা ৩৫%লৈ বৃদ্ধি কৰিব বিচাৰিছে। এই জলবায়ু বিত্তৰ গুৰুত্ব সাধাৰণতে পৰম্পৰাগত দিশত প্ৰদান কৰা হয়। আচৰণগত পদক্ষেপৰ বাবেও পৰ্যাপ্ত বিত্তীয় পদ্ধতি গ্ৰহণৰ প্ৰয়োজনীয়তা থাকিব লাগিব। মিছন লাইফৰ দৰে আচৰণগত পদক্ষেপৰ প্ৰতি বিশ্ব বেংকৰ সমৰ্থন প্ৰদৰ্শনে বহুমাত্ৰিক প্ৰভাৱ পেলাব।

বন্ধুসকল,

মই এই অনুষ্ঠানটো আয়োজন কৰা ‘বিশ্ব বেংক’ৰ সমগ্ৰ দলটোক অভিনন্দন জনাইছো। আৰু, মই আশা কৰোঁ যে এই বৈঠকসমূহে ব্যক্তিসমষ্টিৰ আচৰণ পৰিৱৰ্তনৰ দিশে আগুৱাই নিয়াৰ ক্ষেত্ৰত সমাধান সূত্ৰ উলিয়াব। ধন্যবাদ। বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi hails India’s ‘Mission Drishti’ launch as ‘world’s first OptoSAR satellite’ enters orbit

Media Coverage

PM Modi hails India’s ‘Mission Drishti’ launch as ‘world’s first OptoSAR satellite’ enters orbit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends birthday greetings to Vice President Thiru CP Radhakrishnan Ji
May 04, 2026

Prime Minister Shri Narendra Modi today extended warm birthday greetings to Vice President Thiru CP Radhakrishnan Ji.

The Prime Minister noted that the Vice President is making numerous efforts to strengthen the collective dream of building a Viksit Bharat. Shri Modi highlighted that his consistent efforts to enhance the productivity and effectiveness of Parliamentary proceedings reflect his deep commitment to democratic values.

The Prime Minister further stated that the Vice President's unwavering passion for all-round development, with a concern for the poor and marginalised, is equally inspiring. Emphasising that his public life continues to be guided by dedication, discipline, and a clear sense of purpose, Shri Modi prayed for his good health, happiness, and a long life in the service of the nation.

The Prime Minister posted on X:

"Warm birthday greetings to Vice President Thiru CP Radhakrishnan Ji. He is making numerous efforts to strengthen our collective dream of building a Viksit Bharat. His consistent efforts to enhance the productivity and effectiveness of our Parliamentary proceedings reflect his deep commitment to democratic values. Equally inspiring is his unwavering passion for all-round development, with a concern for the poor and marginalised. His public life continues to be guided by dedication, discipline and a clear sense of purpose. I pray for his good health, happiness and a long life in the service of the nation."