“আপোনালোকে যোৱা ২৫ দিনত লাভ কৰা অভিজ্ঞতা, আপোনালোকৰ ক্ৰীড়া কেৰিয়াৰৰ বাবে এক বৃহৎ সম্পদ”
“ক্ৰীড়া আৰু খেলুৱৈৰ বিকাশ সমাজৰ উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ”
“সমগ্ৰ দেশখনে আজি খেলুৱৈসকলৰ দৰে চিন্তা কৰিছে, ৰাষ্ট্ৰখনক প্ৰথম স্থান প্ৰদান কৰিছে”
“আজি বহু বিখ্যাত ক্ৰীড়া প্ৰতিভা সৰু চহৰৰপৰা আহিছে”
“সাংসদ খেল প্ৰতিযোগিতা হৈছে প্ৰতিভাধৰসকলক আৱিষ্কাৰ আৰু ৰাষ্ট্ৰৰ বাবে তেওঁলোকৰ দক্ষতাক নিপুণকৰণৰ এখনি গুৰুত্বপূৰ্ণ মঞ্চ”

আমেঠীৰ মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল, আপোনালোক সকলোকে মোৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ মাজত থাকি আমেঠী সাংসদ খেল প্ৰতিযোগিতাৰ সামৰণি সমাৰোহত যোগদান কৰাটো মোৰ বাবে অতি বিশেষ। দেশৰ ক্ৰীড়াৰ বাবে এই মাহটো অতি শুভ। আমাৰ খেলুৱৈসকলে এছিয়ান গেমছত পদকৰ শতক অৰ্জন কৰিছে। এই অনুষ্ঠানসমূহৰ মাজতে আমেঠীৰ খেলুৱৈসকলেও ক্ৰীড়াৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে। সাংসদ খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো খেলুৱৈকে অভিনন্দন জনাইছোঁ। আপোনালোকেও নিশ্চয় এই প্ৰতিযোগিতাৰ পৰা যি নতুন শক্তি আৰু আত্মবিশ্বাস লাভ কৰিছে, সমগ্ৰ অঞ্চলটোৰ মানুহে নিশ্চয় অনুভৱ কৰিছে, আৰু মই কেৱল শুনিলেই অনুভৱ কৰিবলৈ আৰম্ভ কৰোঁ। আমি এই উৎসাহ আৰু আত্মবিশ্বাস চম্ভালিব লাগিব, ইয়াক গ্ৰুম কৰিব লাগিব, ইয়াক ৰোপণ কৰিব লাগিব, সাৰ আৰু পানী যোগান ধৰিব লাগিব। যোৱা ২৫ দিনত যি অভিজ্ঞতা লাভ কৰিছে সেয়া আপোনালোকৰ ক্ৰীড়া কেৰিয়াৰৰ বাবে এক বৃহৎ সম্পদ। আজি মই শিক্ষক, পৰিদৰ্শক, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ প্ৰতিনিধিৰ ভূমিকাত এই মহান অভিযানত যোগদান কৰি এই যুৱ খেলুৱৈসকলক সমৰ্থন আৰু উৎসাহিত কৰা প্ৰতিজন ব্যক্তিক অভিনন্দন জনাইছোঁ। এক লাখৰো অধিক খেলুৱৈৰ গোট খোৱাটো, সেইটোও ইমান সৰু এলেকাত, নিজৰ বাবেই এটা ডাঙৰ কথা। বিশেষকৈ এই অনুষ্ঠানটো ইমান সফল কৰি তোলা আমেঠীৰ সাংসদ ভগ্নী স্মৃতি ইৰাণী জীক অভিনন্দন জনাইছোঁ, যি এই আয়োজনক ইমান সফল কৰি তুলিলে।

 

বন্ধুসকল,

যিকোনো সমাজৰ বিকাশৰ বাবে তাত ক্ৰীড়াৰ বিকাশ, তাত ক্ৰীড়া আৰু খেলুৱৈয়ে ফলে-ফুলে জাতিষ্কাৰ হৈ উঠাৰ সুযোগ পোৱাটো অতি প্ৰয়োজনীয়। লক্ষ্যত উপনীত হ’বলৈ কঠোৰ পৰিশ্ৰম কৰা, হেৰুওৱাৰ পিছত পুনৰ চেষ্টা কৰা, দলত যোগদান কৰি আগবাঢ়ি যোৱা এই সকলোবোৰ ব্যক্তিত্ব বিকাশৰ অনুভূতি যুৱক-যুৱতীসকলৰ মাজত ক্ৰীড়াৰ জৰিয়তে স্বাভাৱিকভাৱে গঢ় লৈ উঠে। শতাধিক বিজেপি সাংসদে নিজ নিজ এলেকাত ক্ৰীড়া প্ৰতিযোগিতা আয়োজন কৰি সমাজ আৰু দেশৰ উন্নয়নৰ বাবে এক নতুন পথ প্ৰস্তুত কৰিছে। এই প্ৰচেষ্টাসমূহৰ ফলাফল আগন্তুক বছৰবোৰত দেশৰ বাবে স্পষ্টভাৱে দেখা যাব। মোৰ বিশ্বাস যে অনাগত বছৰবোৰত আমেঠীৰ যুৱ খেলুৱৈসকলে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিশ্চিতভাৱে পদক লাভ কৰিব। আৰু এই প্ৰতিযোগিতাৰ পৰা লাভ কৰা অভিজ্ঞতাও অতি উপযোগী হ’ব।

বন্ধুসকল,

যেতিয়া কোনো খেলুৱৈয়ে খেলপথাৰত প্ৰৱেশ কৰে তেতিয়া তেওঁৰ এটাই লক্ষ্য থাকে যে তেওঁ নিজকে আৰু নিজৰ দলটোক বিজয়ী কৰাব। আজি গোটেই দেশখনে খেলুৱৈৰ দৰে চিন্তা কৰিছে। খেলুৱৈসকলেও খেলিলে প্ৰথমে ৰাষ্ট্ৰখনৰ কথা ভাবে। সেই মুহূৰ্তত তেওঁলোকে সকলো বাজিত পেলাই দেশৰ হৈ খেলে, এই সময়ত দেশেও এটা ডাঙৰ লক্ষ্যৰ পিছত লাগিছে। ভাৰতক উন্নত কৰি তোলাত দেশৰ প্ৰতিখন জিলাৰ প্ৰতিজন নাগৰিকৰ ভূমিকা আছে। ইয়াৰ বাবে প্ৰতিটো খণ্ডই এটা অনুভৱ, এটা লক্ষ্য আৰু এটা সংকল্প লৈ আগবাঢ়িব লাগিব। এই চিন্তাধাৰাৰে আমি দেশৰ আপোনালোকৰ দৰে যুৱক-যুৱতীসকলৰ বাবে TOPS Scheme, Khelo India Games আদি আঁচনি চলাই আছোঁ। আজি TOPS আঁচনিৰ অধীনত দেশ-বিদেশত শ শ খেলুৱৈক ট্ৰেইনিং আৰু কোচিং প্ৰদান কৰা হৈছে। এই খেলুৱৈসকলক কোটি কোটি টকাৰ সাহায্য প্ৰদান কৰা হৈছে। খেলো ইণ্ডিয়া গেমছৰ অধীনত ৩ হাজাৰৰো অধিক খেলুৱৈক প্ৰতিমাহে ৫০ হাজাৰ টকাৰ সাহায্য প্ৰদান কৰা হৈছে। ইয়াৰ দ্বাৰা তেওঁলোকে নিজৰ ট্ৰেইনিং, খাদ্য, কোচিং, কিট, প্ৰয়োজনীয় সঁজুলি আৰু অন্যান্য খৰচ পূৰণ কৰিবলৈ সক্ষম হয়।

 

মোৰ মৰমৰ পৰিয়ালৰ সদস্যসকল,

আজিৰ পৰিৱৰ্তিত ভাৰতত সৰু চহৰৰ প্ৰতিভাই মুকলিকৈ আগবাঢ়ি অহাৰ সুযোগ পাইছে। আজি যদি ভাৰতৰ ষ্টাৰ্টআপৰ মাজত এনেকুৱা নাম আছে, তেন্তে সৰু চহৰৰ পৰা অহা ষ্টাৰ্টআপৰ ইয়াত ডাঙৰ ভূমিকা আছে। বিগত বছৰবোৰত আপুনি নিশ্চয় দেখিছে যে ক্ৰীড়াৰ জগতখনত বিখ্যাত হোৱা বহু নাম সৰু চহৰৰ পৰা আহিছে। এনে হৈছে কাৰণ আজি ভাৰতত যুৱক-যুৱতীসকলে সম্পূৰ্ণ স্বচ্ছতাৰে আগবাঢ়ি যোৱাৰ সুযোগ পাইছে। এছিয়ান গেমছতো পদক লাভ কৰা খেলুৱৈসকল ডাঙৰ চহৰৰ পৰা অহা নাই। এই খেলুৱৈসকলৰ বহুতেই সৰু চহৰৰ। তেওঁলোকৰ প্ৰতিভাক সন্মান জনাই আমি তেওঁলোকক সম্ভৱপৰ সকলো সুবিধা দিছোঁ। এই খেলুৱৈসকলে ফলাফল দিছে। আমাৰ উত্তৰ প্ৰদেশৰ অন্নু ৰাণী, পাৰুল চৌধাৰীৰ প্ৰদৰ্শনে সমগ্ৰ দেশক গৌৰৱেৰে ভৰাই তুলিছে। এই মাটিয়ে দেশক সুধা সিঙৰ দৰে খেলুৱৈও দিছে। আমি এনে প্ৰতিভাক উলিয়াই আনিব লাগিব, ইয়াক নিখুঁত কৰি আগুৱাই নিব লাগিব। আৰু এই ‘সাংসদ খেল প্ৰতিযোগিতা’ও ইয়াৰ বাবে এক মহান মাধ্যম।

মোৰ মৰমৰ খেলুৱৈসকল,

আগন্তুক দিনত আপোনালোকৰ সকলো কষ্টই ফল দিব বুলি মোৰ বিশ্বাস। কোনোবাদিনা আপোনালোকৰ মাজৰে কোনোবাই ভাৰতৰ ত্ৰিৰংগ পতাকা লৈ বিশ্বত দেশলৈ গৌৰৱ কঢ়িয়াই আনিব। আমেঠীৰ যুৱক-যুৱতীসকলে খেলকো ফুলকো এই কামনাৰে পুনৰবাৰ আপোনালোক সকলোলৈ মোৰ অসীম শুভেচ্ছা। বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s passenger vehicle sales jump 35% to 4.5 lakh in August as Maruti, M&M drive growth

Media Coverage

India’s passenger vehicle sales jump 35% to 4.5 lakh in August as Maruti, M&M drive growth
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlighting the virtues of instilling fearlessness and saving lives
September 02, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting the virtues of instilling fearlessness and saving lives.

The Prime Minister wrote on X;

"अभयस्यैव यो दाता तस्यैव सुमहत्फलम् ।

न हि प्राणसमं दानं त्रिषु लोकेषु विद्यते ॥"

Whoever takes away people's fear receives great blessings, and in all three worlds, there is no greater gift than saving a life.