"মহাৰাষ্ট্ৰ চৰকাৰে যুৱসকলক নিযুক্তি প্ৰদানৰ দিশত এক শক্তিশালী সংকল্পলৈ আগবাঢ়িছে"
"চাকৰিৰ প্ৰকৃতি দ্ৰুতগতিত সলনি হৈ আছে আৰু চৰকাৰেও নিৰন্তৰ বিভিন্ন ধৰণৰ চাকৰিৰ সুযোগ সৃষ্টি কৰি আছে"
"দলিত-পিছপৰা, জনজাতীয়, সাধাৰণ শ্ৰেণী আৰু মহিলাসকলৰ বাবে নিযুক্তি আৰু স্ব-নিযুক্তিৰ সুযোগ সমানে উপলব্ধ হৈ আহিছে"
"কেন্দ্ৰীয় চৰকাৰে মহাৰাষ্ট্ৰৰ বাবে ২ লাখ কোটি টকাৰ অধিক মূল্যৰ প্ৰায় ২২৫ টা প্ৰকল্প মঞ্জুৰ কৰিছে"

নমস্কাৰ!

মী, সৰ্বত আধী, আপলা সৰ্বাঞ্চে, মনাপসুণ শুভেচ্ছা! আপলা পেকী কহী লোকানা, আজ নিযুক্তিপত্ৰ প্ৰদান হোতে আহে, য়াছা মলা খুপ আনন্দ হোতে আহে৷ মী য়াছাঠী, আপলা, লা, খুপ খুপ শুভেচ্ছা দেতো!

চৰকাৰী বিভাগত সামূহিকভাৱে দেশৰ যুৱক-যুৱতীসকলক নিযুক্তি পত্ৰ দিয়াৰ অভিযানত আজি মহাৰাষ্ট্ৰৰ নামো সংযোজন কৰা হৈছে। ধনতেৰাছৰ দিনা কেন্দ্রীয় চৰকাৰে ১০ লাখ চাকৰি প্রদানৰ অভিযান আৰম্ভ কৰিছিল৷ তেতিয়াই মই কৈছিলো যে আগন্তুক দিনত বিভিন্ন ৰাজ্য চৰকাৰেও একেধৰণৰ চাকৰি মেলাৰ আয়োজন কৰিব। এই শৃংখলাত আজি মহাৰাষ্ট্ৰৰ শতাধিক যুৱকক একেলগে নিযুক্তি পত্ৰ দিয়া হৈছে। আজি নিযুক্তি পত্ৰ পোৱা যুৱক-যুৱতীসকলক আন্তৰিক অভিনন্দন জনাইছো।

লগতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী একনাথ সিন্দি জী আৰু উপ-মুখ্যমন্ত্ৰী ভাই দেৱেন্দ্ৰ ফাডনাৱীশ জীক অভিনন্দন জনাইছো। ইমান কম সময়ৰ ভিতৰতে নিয়োগ মেলাৰ আয়োজনৰ পৰা স্পষ্ট হৈ পৰিছে যে মহাৰাষ্ট্ৰ চৰকাৰে যুৱক-যুৱতীসকলক কৰ্মসংস্থাপন প্ৰদানৰ দিশত দৃঢ় সংকল্পৰে আগবাঢ়িছে। মই সুখী হৈছো যে আগন্তুক সময়ত মহাৰাষ্ট্ৰত এনে চাকৰি মেলা আৰু অধিক সম্প্ৰসাৰণ কৰা হ'ব৷ মোক কোৱা হৈছে যে মহাৰাষ্ট্ৰৰ গৃহ বিভাগত হাজাৰ হাজাৰ আৰক্ষী কনিষ্টবল নিযুক্তি দিয়া হ’ব আৰু গ্ৰামোন্নয়ন বিভাগতো নিযুক্তি অভিযান চলোৱা হ’ব।

বন্ধুসকল,

এই সময়ত দেশত অমৃত স্বাধীনতা উৎসৱ উদযাপন কৰা হৈছে। দেশে এখন উন্নত ভাৰতৰ লক্ষ্যত কাম কৰি আছে৷ এই লক্ষ্যত উপনীত হোৱাত আমাৰ যুৱক-যুৱতীসকল, আপোনালোৰ এক বৃহৎ ভূমিকা আছে৷ পৰিৱৰ্তিত সময়ত চাকৰিৰ প্ৰকৃতি যিদৰে দ্ৰুতগতিত সলনি হৈছে, চৰকাৰেও বিভিন্ন ধৰণৰ চাকৰিৰ বাবে অহৰহ সুযোগ সৃষ্টি কৰি আহিছে। স্বনিয়োজনৰ বাবে নিশ্চয়তা অবিহনে ঋণ দিয়া মুদ্ৰা আঁচনিৰ অধীনত যুৱক যুৱতীসকলক ২০লাখ কোটিৰো অধিক টকাৰ সহায় আগবঢ়াইছে। ইয়াৰ যথেষ্ট সুবিধা লৈছে মহাৰাষ্ট্ৰৰ যুৱক-যুৱতীসকলে। চৰকাৰে ষ্টাৰ্ট-আপ, ক্ষুদ্ৰ উদ্যোগ-এমএছএমইসমূহক সকলো সম্ভৱপৰ আৰ্থিক সহায় আগবঢ়াইছে, যাতে যুৱক-যুৱতীসকলে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সম্পূৰ্ণ সুযোগ পায়।

বন্ধুসকল,

চৰকাৰৰ এই প্ৰচেষ্টাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে দলিত-পিছপৰা, জনজাতীয়, সাধাৰণ শ্ৰেণী আৰু মহিলাৰ বাবে এই সংস্থাপন আৰু স্ব-নিয়োগৰ সুযোগসমূহ সমানে উপলব্ধ হৈছে। গ্ৰামাঞ্চলত আত্মসহায়ক গোটকো চৰকাৰে যথেষ্ট প্ৰচাৰ কৰি আছে। বিগত ৮ বছৰত ৮ কোটি মহিলাই আত্মসহায়ক গোটত যোগদান কৰিছে। এই আত্মসহায়ক গোটসমূহক ৫ লাখ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। এতিয়া এই গোটসমূহৰ অন্তৰ্গত মহিলাসকলে কেৱল নিজৰ সামগ্ৰী নিজেই নিৰ্মাণ কৰাই নহয় আন মহিলাসকলকো কৰ্মসংস্থাপন প্ৰদান কৰিছে।

বন্ধুসকল,

চৰকাৰৰ এই প্ৰচেষ্টাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে দলিত-পিছপৰা, জনজাতীয়, সাধাৰণ শ্ৰেণী আৰু মহিলাৰ বাবে এই সংস্থাপন আৰু স্ব-নিয়োগৰ সুযোগসমূহ সমানে উপলব্ধ হৈ পৰিছে। গ্ৰামাঞ্চলত আত্মসহায়ক গোটকো চৰকাৰে যথেষ্ট প্ৰচাৰ কৰি আছে। বিগত ৮ বছৰত ৮ কোটি মহিলাই আত্মসহায়ক গোটত যোগদান কৰিছে। এই আত্মসহায়ক গোটসমূহক ৫ লাখ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। এতিয়া এই গোটসমূহৰ অন্তৰ্গত মহিলাসকলে কেৱল নিজৰ সামগ্ৰী নিজেই নিৰ্মাণ কৰাই নহয় আন মহিলাসকলকো কৰ্মসংস্থাপন প্ৰদান কৰিছে।

বন্ধুসকল,

আজি সমগ্ৰ দেশৰ আন্তঃগাঁথনি, তথ্য প্ৰযুক্তি আৰু অন্যান্য ক্ষেত্ৰত চৰকাৰে যি অভিলেখ হাৰত বিনিয়োগ কৰি আছে, সেই বিনিয়োগেও অবিৰতভাৱে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰি আছে। যদি আমি কেৱল মহাৰাষ্ট্ৰৰ কথা কওঁ, তেন্তে ২ লাখ কোটিতকৈও অধিক মূল্যৰ প্ৰায় ২৫০টা প্ৰকল্প কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে। এই প্ৰকল্পসমূহৰ কাম হয় চলি আছে নহয় অতি সোনকালে কাম আৰম্ভ হ’ব। আপুনি কল্পনা কৰিব পাৰে, মহাৰাষ্ট্ৰত ৰে’লৱেৰ বাবে ৭৫ হাজাৰ কোটি টকা আৰু আধুনিক পথৰ বাবে ৫০ হাজাৰ কোটি টকাৰ প্ৰকল্প অনুমোদন দিয়া হৈছে। যেতিয়া চৰকাৰে আন্তঃগাঁথনিৰ বাবে ইমান বৃহৎ পৰিমাণৰ ধন ব্যয় কৰে, তেতিয়া তাৰ বাবেই লাখ লাখ নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হয়।

বন্ধুসকল,

মই নিশ্চিত যে ভৱিষ্যতেও মহাৰাষ্ট্ৰৰ যুৱক-যুৱতীসকলৰ বাবে অসংখ্য কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব। আজি নিযুক্তি পত্ৰ পোৱা সকলো যুৱক-যুৱতীলৈ আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

বহুত বহুত ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian public relations industry pegged to reach ₹4,500 cr by 2030: Report

Media Coverage

Indian public relations industry pegged to reach ₹4,500 cr by 2030: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam greeting all the devotees of Lord Shiva on the commencement of the sacred Shri Amarnath Yatra
July 03, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam, greeting all the devotees of Lord Shiva on the commencement of the sacred Shri Amarnath Yatra from today:

“वाग्बुद्धिचित्तकरणैश्च तपोभिरुग्रैः
शक्यं समाकलयितुं न यदीयरूपम्।

तं भक्तिभावसुलभं शरणं नतानां
नित्यं भजाम्यऽमरनाथमहं दयालुम्॥"

The Subhashitam says, "I daily worship the merciful Lord Amarnath, whose nature cannot be comprehended through speech, intellect, mind, the senses, or even through severe finances, who is easily attainable through devotion, and who is the refuge of those who bow before him."

The Prime Minister wrote on X;

समस्त शिवभक्तों को पावन-पुनीत श्री अमरनाथ यात्रा के शुभारंभ की अनंत शुभकामनाएं! बाबा बर्फानी के दिव्य दर्शन की यह यात्रा आप सभी के जीवन में सुख-समृद्धि, सौभाग्य और उत्तम स्वास्थ्य लेकर आए।

जय बाबा बर्फानी!

वाग्बुद्धिचित्तकरणैश्च तपोभिरुग्रैः
शक्यं समाकलयितुं न यदीयरूपम्।

तं भक्तिभावसुलभं शरणं नतानां
नित्यं भजाम्यऽमरनाथमहं दयालुम्॥