"আজিৰ ৰোজগাৰ মেলা হৈছে অসমৰ যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ প্ৰতি দায়ৱদ্ধতাৰ প্ৰতিফলন"
"আমি সকলোৱে আজাদী কা অমৃত কালত আমাৰ দেশক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছো"
"চৰকাৰী প্ৰণালীবোৰে বৰ্তমান সময় অনুসৰি নিজকে পৰিৱৰ্তন কৰিব লাগিব"
"প্ৰতিটো নতুন আন্তঃগাঁথনি প্ৰকল্পৰ সৈতে প্ৰতিটো খণ্ডতে নিযুক্তি আৰু স্ব-নিযুক্তিৰ সুযোগ বৃদ্ধি পাইছে
আজি প্ৰায় ৪৫ হাজাৰ যুৱক-যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে আৰু তেওঁলোকৰ বাবে এক উজ্জ্বল ভৱিষ্যত কামনা কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
তেওঁ দেশৰ নাগৰিকসকলৰ আশা-আকাংক্ষা পূৰণৰ ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীসকলৰ দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

নমস্কাৰ।

অসম চৰকাৰত চৰকাৰী চাকৰি পোৱা সকলো নজোৱান আৰু তেওঁলোকৰ পৰিয়ালক মই বহুত বহুত অভিনন্দন জনাইছোঁ। যোৱা মাহত মই বিহুত অসমলৈ আহিছিলোঁ। সেই ভব্য আয়োজনৰ স্মৃতি মোৰ মনত আজিও সজীৱ। সেই সময়ত হোৱা কাৰ্যক্ৰম, অসমীয়া সংস্কৃতিৰ গৌৰৱ গীতৰ প্ৰতীক আছিল। আজিৰ এই ৰোজগাৰ মেলা এই কথাৰ প্ৰতীক যে অসমৰ বিজেপি চৰকাৰ যুৱক-যুৱতীৰ ভৱিষ্যতক লৈ কিমান গম্ভীৰ। ইয়াৰ আগতেও অসমত ৰোজগাৰ মেলাৰ দ্বাৰা ৪০ হাজাৰৰো অধিক যুৱক-যুৱতীক চৰকাৰী চাকৰি দিয়া হৈছে। আজি প্ৰায় ৪৫ হাজাৰ যুৱক-যুৱতীক নিযুক্তি পত্ৰ অৰ্পণ কৰা হৈছে। মই সকলো যুৱক-যুৱতীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিছোঁ।

বন্ধুসকল,

বিজেপি চৰকাৰত আজি অসম, শান্তি আৰু বিকাশৰ এটা নতুন যুগৰ সাক্ষী হৈ আছে। বিকাশৰ এই গতিত অসমত পজিটিভিটী আৰু প্ৰেৰণাৰ সঞ্চাৰ কৰিছে। মোক কোৱা হৈছে যে অসম চৰকাৰে চৰকাৰী ভৰ্তিক আৰু অধিক পাৰদৰ্শী কৰিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। বিভিন্ন বিভাগত ভৰ্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ 'অসম পোনপতীয়া ভৰ্তি আয়োগ' গঠন কৰা হৈছে। আগৰ প্ৰক্ৰিয়াত প্ৰতিটো বিভাগতে বেলেগ বেলেগ নিয়ম আছিল। ইয়াৰ ফলত বহুবাৰ ভৰ্তি সময়মতে সম্পূৰ্ণ নহৈছিল। প্ৰাৰ্থীসকলেও বেলেগ বেলেগ বিভাগৰ পদৰ বাবে বেলেগ বেলেগ পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া হৈছিল। এতিয়া এই সকলো প্ৰক্ৰিয়া বহুত সহজ কৰা হৈছে। ইয়াৰ বাবে অসম চৰকাৰ সঁচাই বহুত বহুত অভিনন্দনৰ পাত্ৰ।

বন্ধুসকল,

স্বাধীনতাৰ অমৃত কালত আমি সকলোৱে নিজৰ দেশখনক বিকশিত ৰাষ্ট্ৰ কৰাৰ সংকল্প লৈছোঁ। অমৃত কালৰ এই অহা ২৫ বছৰ, আপোনালোকৰ সেৱা কালৰো সিমানেই বিশেষ। প্ৰতিজন সাধাৰণ নাগৰিকৰ বাবে এতিয়া আপোনালোকেই অসম চৰকাৰৰ চেহেৰা হ'ব। আপোনালোকৰ ব্যৱহাৰ, আপোনালোকৰ চিন্তা, কাৰ্যক লৈ আপোনালোকৰ এপ্ৰোচ, জনসাধাৰণৰ প্ৰতি সেৱাভাব, ইয়াৰ জনতাৰ ওপৰত প্ৰভাৱ এতিয়া বহুত বেছি হ'ব। সেয়ে আপোনালোকে কিছুমান কথাৰ প্ৰতি অত্যন্ত মনোযোগ দিব লাগিব। আজি আমাৰ সমাজ দ্ৰুতগতিত আকাংক্ষী হৈ আছে। টুৱেণ্টি-২০ ক্ৰিকেটৰ এই যুগত দেশৰ মানুহে দ্ৰুত ৰিজাল্ট বিচাৰে। আৰু সেয়ে চৰকাৰী ব্যৱস্থায়ো সেই হিচাপত নিজক সলনি কৰিব লাগিব। দেশৰ নাগৰিকৰ আশা-আকাংক্ষা পূৰণ কৰাৰ বৃহৎ দায়িত্ব চৰকাৰী কৰ্মচাৰীৰ ওপৰতো আছে। যি পৰিশ্ৰম আৰু লগ্নই আপোনালোকক এইখিনি পোৱালে, সেই পথতে অগ্ৰসৰ হৈ আপোনালোক আগবাঢ়িব লাগিব। ইয়াৰ জৰিয়তে আপোনালোকে সমাজ আৰু ছিষ্টেম দুয়োটাকে উন্নত কৰাত নিজৰ যোগদান দিব পাৰিব।

বন্ধুসকল,

আজি ভাৰতে বহুত দ্ৰুততাৰে নিজৰ আন্তঃগাথঁনিৰ আধুনিকীকৰণ কৰি আছে। নতুন নতুন হাইৱে আৰু এক্সপ্ৰেছৱে বনোৱাই হওক, নতুন ৰে'লপথ নিৰ্মাণেই হওক, নতুন বন্দৰ-বিমান বন্দৰ আৰু জলপথ নিৰ্মাণেই হওক, এই পৰিকল্পনাসমূহৰ ওপৰত লাখ লাখ কোটি টকা খৰচ কৰি থকা হৈছে। আন্তঃগাথঁনিৰ প্ৰতিটো প্ৰজেক্ট, চৰকাৰৰ দ্বাৰা খৰচ কৰি থকা ধনৰাশিৰ ফলত সংস্থাপন আৰু আত্ম সংস্থাপন বৃদ্ধি হৈ আছে। যেনেকৈ ক'ৰবাত এয়াৰপৰ্ট বনাবলগা হ'লে তাত ইঞ্জিনিয়াৰ, টেকনিচিয়ান, একাউণ্টেণ্ট, শ্ৰমিক, বিধে বিধে আহিলা, ষ্টিল আৰু চিমেণ্ট দৰকাৰ হয়। ৰে'ল লাইন বিস্তাৰ কৰিলে, তাৰ বৈদ্যুতিকৰণতো, সংস্থাপনৰ সুযোগ সৃষ্টি হৈ আছে। ২০১৪ৰ পাছৰ পৰাই আমাৰ চৰকাৰে দেশত প্ৰায় ৪ কোটি পকা ঘৰ বনাই দুখীয়াক দিছে। এই ঘৰবিলাকত শৌচালয়, গেছ কানেকচন, নলৰ পানী আৰু বিজুলীৰ সুবিধা দিয়া হৈছে। এই ঘৰবিলাক বনোৱাত, এই সুবিধা যোগাৰ কৰাত নিৰ্মাণ খণ্ড, লজিষ্টিক, দক্ষ কৰ্মী আৰু শ্ৰমিক ভাতৃ-ভগ্নীৰ পৰিশ্ৰম বহুত বেছি হাৰত দৰকাৰ হৈছে। সংস্থাপন সৃষ্টিত আয়ুষ্মান ভাৰত যোজনাৰো ডাঙৰ ভূমিকা আছে। আয়ুষ্মান ভাৰত যোজনাৰ ফলত দেশত অনেক নতুন হাস্পতাল আৰু ক্লিনিক হৈছে। কেইসপ্তাহমানৰ আগতে মোৰ এইমছ গুৱাহাটী আৰু ৩ মেডিকেল কলেজৰ লোকাৰ্পণ কৰাৰ সৌভাগ্য হৈছিল। যোৱা কেইটামান বছৰত অসমত ডেণ্টেল কলেজৰো বিস্তাৰ হৈছে। ইয়াৰ ফলত মেডিকেল প্ৰফেশ্যনৰ সৈতে জড়িত যুৱক-যুৱতীৰ বাবে সংস্থাপনৰ উপায় সৃষ্টি হৈছে।

বন্ধুসকল,

আজি কেইবাটাও এনেকুৱা খণ্ডতো যুৱক-যুৱতী আগবাঢ়ি আছে, যাৰ বিষয়ে দহ বছৰৰ আগতে কোনেও ভাবিবই পৰা নাছিল। ষ্টাৰ্টআপ ইকো-ছিষ্টেমে দেশত লাখ লাখ প্ৰত্যক্ষ আৰু পৰোক্ষ চাকৰি সৃষ্টি কৰিছে। কৃষি, সামাজিক অনুষ্ঠান, সমীক্ষা আৰু প্ৰতিৰক্ষা খণ্ডৰ বাবে, ড্ৰোণৰ বৰ্ধিত চাহিদাই যুৱক-যুৱতীৰ বাবে নতুন সুযোগ সৃষ্টি কৰিছে। আজি দেশত যি আত্মনিৰ্ভৰ ভাৰত অভিযান চলি আছে, তাতো সংস্থাপনৰ অনেক নতুন সুযোগ ওলাই আছে। আজি ভাৰতত কোটি কোটি মোবাইল ফোন নিৰ্মাণ হৈ আছে, প্ৰতিখন গাঁৱলৈ ব্ৰডবেণ্ড কানেক্টিভিটি গৈ আছে, ইয়াৰ জৰিয়তেও ব্যাপক হাৰত সংস্থাপন আৰু আত্ম সংস্থাপন বাঢ়ি আছে। চৰকাৰত কাম কৰি এটা যোজনা, এটা সিদ্ধান্তৰ প্ৰভাৱে কেনেকৈ মানুহৰ জীৱন সলনি কৰে, এই কথা আপোনালোকে সদাই মনত ৰাখিব লাগিব।

বন্ধুসকল,

বিজেপি চৰকাৰৰ নীতিৰ ফলত আজি নৰ্থ ইষ্টত বৃহৎ সংখ্যাত যুৱক-যুৱতী মূল সুঁতিলৈ আহি আছে। ভাজপা চৰকাৰ যুৱক-যুৱতীৰ সপোন পূৰণ কৰিবলৈ সংকল্পবদ্ধ। সংস্থাপন আৰু আত্ম সংস্থাপনৰ নতুন সুযোগ দি আমি নতুন ভাৰতৰ নিৰ্মাণৰ দিশত দ্ৰুতগতিত অগ্ৰসৰো হৈ আছোঁ। আকৌ এবাৰ আপোনালোক সকলোকে আৰু আপোনালোকৰ পৰিয়ালৰ লোকক বহুত বহুত অভিনন্দন।

ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s mutual fund industry grows over twice as fast as global peers

Media Coverage

India’s mutual fund industry grows over twice as fast as global peers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the values of compassion and contentment
August 24, 2026

The Prime Minister, Shri Narendra Modi, said that compassion brings self-respect and contentment brings true happiness. He noted that this spirit further strengthens the bonds of cooperation and harmony in society.

The Prime Minister shared a Sanskrit Subhashitam-

“कारुण्येनात्मनो मानं तृष्णां च परितोषतः।

उत्थानेन जयेत्तन्द्रीं वितर्कं निश्चयाज्जयेत्॥”

The Subhashitam conveys that self-respect is achieved by showing kindness or compassion to others. Greed is overcome by being satisfied at one's fortune in life. One must conquer laziness, dubious reasoning and indecisiveness by exertion and entrepreneurship.

The Prime Minister wrote on X;

“करुणा से आत्म-सम्मान और संतोष से सच्ची खुशी मिलती है। इसी भाव से समाज में सहयोग और सद्भाव की डोर और सशक्त होती है।

कारुण्येनात्मनो मानं तृष्णां च परितोषतः।

उत्थानेन जयेत्तन्द्रीं वितर्कं निश्चयाज्जयेत्॥”