Iপ্রধানমন্ত্রীয়ে সদ্য নিয়োগপ্রাপ্তসকলৰ সৈতে মতবিনিময় কৰে
“এই চৰকাৰে নিয়মিত ৰোজগাৰ মেলাৰ আয়োজন কৰিছে”
“কেন্দ্রীয় চৰকাৰৰ চাকৰিত নিয়োগ সংক্রান্তীয় প্রক্রিয়া নির্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰাৰ উদ্যোগ লোৱা হৈছে”
“স্বচ্ছ নিয়োগ প্রক্রিয়া আৰু পদোন্নতিয়ে যুৱ সম্প্রদায়ৰ মাজত আস্থা অর্জন কৰিছে”
“নাগৰিকসকল সর্বদা সঠিক’ – এই ভাবনাৰে তেওঁলোকৰ বাবে কাম কৰক”
“বর্তমান সময়ৰ প্রজন্মৰ বাবে প্রযুক্তিৰ মাধ্যমত নিজে নিজে বহু কথা শিকাৰ সুন্দৰ সুযোগ সৃষ্টি হৈছে”
“আজি ভাৰতত স্বনির্ভৰ কর্মসংস্থানৰ সম্ভাৱনা বৃদ্ধিৰ কাৰণে দ্রুত উন্নয়ন হৈছে”
“দেশক আগবঢ়াই লৈ যোৱাৰ বাবে আপোনালোক দক্ষ হৈ উঠিব লাগিব, এই কাৰণে বহু কথা জানিব লাগিব”

নমস্কাৰ!

বন্ধুসকল,

 

এয়া ২০২৩ বৰ্ষৰ প্ৰথম নিয়োগ মেলা। ২০২৩ৰ শুভাৰম্ভণি এক উজ্জ্বল ভৱিষ্যতৰ নতুন আশাৰে হৈছে। ই ৭১হাজাৰ পৰিয়ালৰ বাবে সুখৰ এক নতুন লৈ উপহাৰ আহিছে, যাৰ সদস্যসকলে চৰকাৰী সেৱা আগবঢ়োৱাৰ সুযোগ পাইছে। মই সকলো যুৱক আৰু তেওঁলোকৰ পৰিয়ালক অভিনন্দন জনাইছোঁ।

আজিৰ অনুষ্ঠানটোৱে কেৱল সফল প্ৰাৰ্থীসকলৰ বাবেই নহয় কোটি কোটি পৰিয়াললৈও আশাৰ এক নতুন ৰেঙণি কঢ়িয়াই আনিব। আগন্তুক দিনত লাখ লাখ পৰিয়ালে চৰকাৰী চাকৰিত নিযুক্তি লাভ কৰিব।

কেন্দ্ৰীয় চৰকাৰৰ লগতে এন ডি এ আৰু বিজেপি শাসিত ৰাজ্যসমূহতো নিৰন্তৰভাৱে নিযুক্তি মেলাৰ আয়োজন কৰা হৈছে। কালি অসম চৰকাৰে চাকৰি মেলাৰ আয়োজন কৰিছিল। মোক জনোৱা হৈছে যে অনাগত সময়ত মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু উত্তৰাখণ্ডৰ দৰে বহুতো ৰাজ্যত চাকৰি মেলা অনুষ্ঠিত হ'বলৈ গৈ আছে।  নিৰন্তৰ অনুষ্ঠিত হোৱা এই চাকৰি মেলাবোৰ এতিয়া আমাৰ চৰকাৰৰ পৰিচয় হৈ পৰিছে।

কিদৰে আমাৰ চৰকাৰে গ্ৰহণ কৰা সংকল্পবোৰ সাকাৰ কৰি দেখুৱায় সেয়া এইটোৱে প্ৰমাণ কৰে। আপোনাসৱৰ মনত থাকিব যে যোৱা বছৰ পৱিত্ৰ ধনতেৰাছৰ দিনা প্ৰথম চাকৰি মেলা আয়োজন কৰা হৈছিল।

চাকৰি মেলাত চৰকাৰী সেৱা লাভ কৰা কিছুমান যুৱ বন্ধুৰ সৈতে আজি মই বাৰ্তালাপ কৰাৰ সুযোগ পাইছোঁ। সুখ আৰু সন্তুষ্টিৰ অনুভূতি তেওঁলোকৰ মুখত স্পষ্টভাৱে পৰিলক্ষিত হৈছে। তেওঁলোকৰ বেছিভাগেই অতি সাধাৰণ পৰিয়ালৰ সদস্য। আৰু তেওঁলোকৰ মাজত বহুতো যুৱক-যুৱতী আছে, যিসকল যোৱা পাঁচটা প্ৰজন্মত চৰকাৰী সেৱা, চৰকাৰী চাকৰি লাভ কৰা পৰিয়ালৰ প্ৰথম সদস্য। তেওঁলোকে কেৱল এইভাবেই সুখী নহয় যে তেওঁলোকে চৰকাৰী সেৱা কৰাৰ, চৰকাৰী চৰকাৰী কৰাৰ সুযোগ লাভ কৰিছে। তেওঁলোক এইবাবেও সন্তুষ্ট যে এক স্বচ্ছ আৰু স্পষ্ট নিযুক্তি প্ৰক্ৰিয়াৰ বাবে তেওঁলোকৰ যোগ্যতাক সন্মান কৰা হৈছে।

আপোনালোক সকলোৱে নিশ্চয় উপলব্ধি কৰিছে যে নিযুক্তি প্ৰক্ৰিয়াত যথেষ্ট পৰিৱৰ্তন হৈছে। কেন্দ্ৰীয় সেৱাসমূহত নিযুক্তি প্ৰক্ৰিয়াটো আগৰ তুলনাত অধিক সুশৃংখল আৰু সময়সীমাবদ্ধ কৰা হৈছে।

 

বন্ধুসকল,

আজি আপোনাসৱে নিযুক্তি প্ৰক্ৰিয়াত যি স্বচ্ছতা আৰু গতি দেখিছে সেয়া চৰকাৰৰ প্ৰতিটো কামতে দৃশ্যমান। এটা সময় আছিল যেতিয়া বিভিন্ন কাৰণত নিয়মীয়া পদোন্নতিত বাধা আছিল।

আমাৰ চৰকাৰে বিভিন্ন বিবাদ নিষ্পত্তি কৰিছে, আদালতৰো বহুতো গোচৰ আছে, দীৰ্ঘদিন ধৰি স্থগিত হৈ থকা পদোন্নতি পুনৰুদ্ধাৰ কৰাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছে। স্বচ্ছভাৱে নিযুক্তি আৰু পদোন্নতিয়ে যুৱপ্ৰজন্মৰ মাজত আত্মবিশ্বাস বৃদ্ধি কৰে। এই স্বচ্ছতাই তেওঁলোকক উন্নত প্ৰস্তুতিৰ সৈতে প্ৰতিযোগিতাত বহিবলৈ অনুপ্ৰাণিত কৰে। আমাৰ চৰকাৰে এই দিশত নিৰন্তৰ কাম কৰি আছে।

 

বন্ধুসকল,

যিসকলে আজি নিযুক্তি পত্ৰ লাভ কৰিছে, তেওঁলোকৰ বাবে ই জীৱনৰ এক নতুন যাত্ৰা। চৰকাৰৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে, উন্নত ভাৰতৰ যাত্ৰাত আপোনাৰ সক্ৰিয় অংশগ্ৰহণ আৰু বিশেষ দায়িত্ব থাকিব। আপোনালোকৰ বেছিভাগেই চৰকাৰৰ প্ৰতিনিধি হিচাপে জনসাধাৰণৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিব। আপোনালোকৰ প্ৰত্যেকেই আপোনাৰ নিজৰ ধৰণে মানুহৰ জীৱনত প্ৰভাৱ পেলাব।

আপোনাসৱে নিশ্চয় শুনিছে, ব্যৱসায়-বাণিজ্যৰ পৃথিৱীত কোৱা হয় যে উপভোক্তা সদায়ে শুদ্ধ। একেদৰে, শাসন ব্যৱস্থাত আমাৰ মন্ত্ৰ হ'ব লাগে-নাগৰিক সদায় শুদ্ধ। এই একেই অনুভৱে আমাৰ আভ্যন্তৰীণ সেৱা প্ৰবৃত্তিক অধিক শক্তিশালী কৰে। আপোনাসৱে কেতিয়াও পাহৰিব নালাগে যে যেতিয়া আপোনাক চৰকাৰত নিযুক্তি দিয়া হয়, ইয়াক চৰকাৰী সেৱা বুলি কোৱা হয়, চাকৰি নহয়। যদি আপোনাসৱে ব্যক্তিগত খণ্ডলৈ যায়, তেতিয়া কোৱা হয় যে চাকৰি কৰে। যেতিয়া চৰকাৰী ক্ষেত্ৰলৈ আহে, তেতিয়া কোৱা যে তেওঁলোকে সেৱা আগবঢ়ায়। যদি আপোনাসৱে সেৱাৰ মনোভাৱ মনত ৰাখে আৰু এই ১৪০ কোটি দেশবাসীক সেৱা আগবঢ়ায়, তেন্তে আপোনাসৱে ডাঙৰ সৌভাগ্য লাভ কৰিব। জীৱনত এটা সুযোগ লাভ কৰিছে আৰু যদি আমি সেই মনোভাৱৰ সৈতে কাম কৰোঁ, ই মানুহৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব আৰু আপোনাসৱে আপোনাৰ কামো উপভোগ কৰিব।

আপোনাসৱে দেখিছে যে চৰকাৰী সেৱা লাভ কৰা আমাৰ বহুতো কৰ্মচাৰী বন্ধু, কৰ্মযোগী বন্ধুৱে অনলাইন প্ৰশিক্ষণ লৈ আছে। ডিজিটেল প্ৰশিক্ষণ মঞ্চ আইজিঅ’টি কৰ্মযোগীয়ে তেওঁলোকক ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰাত সহায় কৰিছে। আনুষ্ঠানিক প্ৰশিক্ষণ কাৰ্যসূচীৰ উপৰিও, এই প্লেটফৰ্মত আৰু বহুতো পাঠ্যক্ৰম আছে, যি আপোনাসৱৰ ব্যক্তিগত ক্ষমতা বৃদ্ধি কৰে। আপোনাসৱৰ ব্যক্তিত্বৰ বিকাশত, আপোনাসৱৰ চিন্তাধাৰাৰ গভীৰতাত উত্তৰোত্তৰ প্ৰগতি হয়, লাভ হয়।

মই নিশ্চিত যে প্ৰযুক্তিৰ জৰিয়তে আত্ম-শিক্ষণ হৈছে আজিৰ প্ৰজন্মক প্ৰদান কৰা এক সুযোগ, ইয়াক এৰি নিদিব। জীৱনত নিৰন্তৰ শিকাৰ আকাংক্ষাই আমাক সকলোকে আগুৱাই নিয়ে। আৰু মই সদায় কওঁ যে মই কেতিয়াও মোৰ ভিতৰৰ ছাত্ৰজনক মৰিবলৈ নিদিওঁ। আপোনাসৱে য'লৈকে যায় কিবা শিকি থাকিব। যি আপোনাসৱৰ ক্ষমতা বৃদ্ধি কৰিব, আপোনাসৱে জড়িত প্ৰতিষ্ঠানটোৰ ক্ষমতা বৃদ্ধি কৰিব আৰু এই সকলোবোৰৰ প্ৰচেষ্টাৰ ফলতেই ভাৰতৰ ক্ষমতা বৃদ্ধি হ'ব।

পৰিৱৰ্তনশীল ভাৰতত, দ্ৰুত গতিত আগবাঢ়ি থকা ভাৰতত, নিয়োগ আৰু স্ব-নিয়োজনৰ সুযোগ নিৰন্তৰ সৃষ্টি হৈ আহিছে। আৰু যেতিয়া বিকাশ ত্বৰান্বিত হয়, স্ব-নিয়োজনৰ সুযোগ অগণন পৰিমাণত উদ্ভৱ হ'বলৈ আৰম্ভ কৰে, যিটো ভাৰতে আজি অনুভৱ কৰি আছে। আজি, স্ব-নিয়োজনৰ ক্ষেত্ৰখন যথেষ্ট বৃদ্ধি পাইছে। যোৱা ৮ বছৰত, বৃহৎ পৰিমাণত আন্তঃগাঁথনিৰ বিকাশৰ ফলত লাখ লাখ নিযুক্তিৰ সুযোগ সৃষ্টি হৈছে। আন্তঃগাঁথনিৰ ক্ষেত্ৰত ১০০ লাখ কোটি টকাৰ বিনিয়োগে অপৰিসীম নিযুক্তিৰ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰি দিছে।

আপোনাসৱে জানেনে, যেতিয়া এটা নতুন পথ নিৰ্মাণ কৰা হয়, তেতিয়া ইয়াৰ চাৰিওফালে কেনেদৰে নিযুক্তিৰ নতুন পথ গঢ়ি উঠিবলৈ আৰম্ভ কৰে। সেই পথৰ কাষতেই নতুন বজাৰবোৰ আৰম্ভ হৈ যায়, নানা ধৰণৰ দোকান খোলা হয়। ৰাস্তা নিৰ্মাণ হোৱাৰ ফলত কৃষকৰ সামগ্ৰীবোৰ সহজে বজাৰত উপস্থিত হ'বলৈ ধৰে।

একেদৰে, যেতিয়া এখন ঠাই নতুন ৰেলপথৰ সৈতে সংযোজিত হয়, তেতিয়া উক্ত স্থানৰ বজাৰ সমৃদ্ধ হ'বলৈ আৰম্ভ কৰে। চলাচলৰ সুবিধাৰ বাবে পৰ্যটনো সম্প্ৰসাৰিত হ'বলৈ আৰম্ভ কৰে। আৰু এনেধৰণৰ প্ৰতিটো সম্প্ৰসাৰণত নতুন নিযুক্তিৰ সুযোগ বিদ্যমান।

আজি ভাৰতনেট প্ৰকল্পৰ জৰিয়তে প্ৰতিখন গাওঁলৈ ব্ৰডবেণ্ড সংযোগ প্ৰদান কৰা হৈছে।  আমি ইণ্টাৰনেটৰ জৰিয়তে গাওঁবোৰক বাকী বিশ্বৰ সৈতে সংযোগ কৰাৰ ফলতো  নতুন নিযুক্তিৰ সুযোগো সৃষ্টি হৈছে। আনকি প্ৰযুক্তিৰ বিষয়ে বুজি নোপোৱা ব্যক্তি এজনেও এতিয়া জানে যে আগতে কৰিব লগা কামটো এতিয়া মোবাইল বা কম্পিউটাৰত এটা ক্লিকত হয়।

আমি দেখিবলৈ পাও যে এই সুবিধাৰ সুবিধা গ্ৰহণৰ বাবে বহুসময়ত তেওঁলোকে এজন প্ৰযুক্তি বিশেষজ্ঞৰ সহায় বিচাৰে। আৰু সাধাৰণ মানুহৰ এই প্ৰয়োজনীয়তাৰ সৈতে, নিযুক্তিৰ নতুন সম্ভাৱনা সৃষ্টি হৈছে। আজি এনে উদ্যোগীসকলক গাওঁ, চহৰ বা চহৰতো দেখা যাব যিসকলে জনসাধাৰণক অনলাইন সেৱা প্ৰদানৰ ক্ষেত্ৰত এক নতুন ক্ষেত্ৰ মুকলি কৰি আগবাঢ়িছে। আজি ভাৰতৰ সৰু চহৰবোৰত যিদৰে মানুহে ষ্টাৰ্টআপ আৰম্ভ কৰিছে, সেয়া নতুন প্ৰজন্মৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে। ই আত্মবিশ্বাসৰ কেন্দ্ৰ হৈ পৰিছে। ষ্টাৰ্টআপৰ সফলতাই যুৱ শক্তিৰ সামৰ্থতাৰ বিশ্বব্যাপী এক স্বীকৃতি সৃষ্টি কৰিছে।

 

বন্ধুসকল,

আপোনালোকৰ বেছিভাগ উঠি অহা ল’ৰা-ছোৱালী অতি সাধাৰণ পৰিয়ালৰ পৰা আহিছে। আপোনাসৱে এই পৰ্য়ায় পাবলৈ কঠোৰ পৰিশ্ৰম কৰিছে। আপোনাসৱৰ পিতৃ-মাতৃয়েও বহুত কষ্ট পাইছে। আজি আপোনাসৱে ১৪০ কোটি দেশবাসীক স্থায়ীভাৱে সেৱা আগবঢ়োৱাৰ সুযোগ পাইছে। কিন্তু সদায়েই নিজৰ মাজত সেই মনোভাব জীয়াই ৰাখিব যিয়ে আপোনাক এই পৰ্য়ায়ত উপনীত হ'বলৈ অনুপ্ৰাণিত কৰিছিল। সদায়ে শিকি থাকিব, সদায়ে আপোনাৰ দক্ষতা উন্নত কৰি থাকিব আৰু আগবাঢ়িবলৈ চেষ্টা কৰি থাকিব।

আপোনাসৱক মোৰ শুভেচ্ছা জনাইছেঁ। আপোনাসৱ সফল হল, কিন্তু আমাৰ দেশো সফল হব লাগিব। আপোনাসৱ আগবাঢ়িছে, কিন্তু আমাৰ দেশো আগবাঢ়ি যাব লাগিব। আৰু আপোনাসৱে দেশক আগুৱাই নিয়াৰ বাবে আগবাঢ়িব লাগিব। দেশখনক আগুৱাই নিবলৈ আপোনাসৱেও সমৰ্থ আৰু সক্ষম হ'ব লাগিব। নিৰন্তৰে নিজকে বিকশিত কৰা অব্যাহত ৰাখক আৰু আপোনাসৱক দিয়া দায়িত্ব ভালদৰে পালন কৰি যাওক। এয়াই মোৰ আপোনাসৱক বহু বহু শুভকামনা।

বহুত বহুত ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Government Approves 22 More Textile Companies Under PLI Scheme, Taking Total Round-III Selections To 96

Media Coverage

Government Approves 22 More Textile Companies Under PLI Scheme, Taking Total Round-III Selections To 96
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam highlighting agriculture and crops as the foundation of human life
June 11, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today highlighting that agriculture is not merely a means of livelihood, but the fundamental basis of the nourishment of society and the nation.

The Prime Minister posted on X:

"कृषि केवल जीविका का साधन नहीं, बल्कि समाज और राष्ट्र के पोषण का मूल आधार है। हमारे किसान भाई-बहनों का पसीना जब मिट्टी में मिलता है तो अन्न बनकर देशवासियों के जीवन को संबल देता है।

ते कृषिं च सस्यं च मनुष्या उप जीवन्ति।
कृष्टराधिरुपजीवनीयो भवति य एवं वेद॥

#12YearsOfKisanSamriddhi"

Agriculture and crops are the very foundation of human life. One who understands this truth carries out agricultural work properly and through it, society is sustained and nourished.