‘ইণ্ডিয়ান অইল’-ৰ ‘আনবটলড’ পদক্ষেপৰ জৰিয়তে প্ৰস্তুত কৰা ‘ইউনিফৰ্ম’ মুকলি
‘ভাৰতীয় তেল নিগম’ৰ ‘ইনড’ৰ সৌৰ ৰন্ধন-প্ৰণালী’ৰ ‘টুইন কুক-টপ মডেল’-ৰ শুভাৰম্ভ ঘোষণা
‘ই-২০’ ইন্ধনৰ শুভাৰম্ভ ঘোষণা
পতাকা জোকাৰি ‘গ্ৰীণ ম’বিলিটী ৰেলী’ৰ শুভাৰম্ভ ঘোষণা
“ভাৰতৰ শক্তিখণ্ডৰ বাবে অভুতপূৰ্ব সম্ভাৱনাৰ উদ্ভৱ হৈছে, যি ‘বিকশিত ভাৰত’ৰ সংকল্প লৈ আগবাঢ়িব ধৰিছে”
“মহামাৰী আৰু যুদ্ধ-জৰ্জৰ পৃথিৱীখনত ভাৰত ‘গোলকীয় উজ্জ্বল বিন্দু’ হৈ জিলিকি আছে”
“ভাৰতীয় অৰ্থনৈতিক স্থিতিস্থাপকতাৰ আধাৰ হৈছে নিৰ্ণায়ক চৰকাৰ, নিৰন্তৰ সংস্কাৰ, তৃণমূল পৰ্যায়ত সম্পন্ন হোৱা আৰ্থ-সামাজিক সৱলীকৰণ”
“সংস্কাৰসমূহে উচ্চাকাংক্ষী সমাজৰ সৃষ্টি কৰিছে”
“আমি ধাৰাবাহিক ভাবে আমাৰ শোধন ক্ষমতাৰ থলুৱাকৰণ, আধুনিকীকৰণ আৰু উন্নয়ণত মনোনিৱেশ কৰিছো”
“আমি ২০৩০ চনৰ ভিতৰত আমাৰ ইন্ধনৰ মিশ্ৰণত প্ৰাকৃতিক গেছৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে অভিযানৰ ৰূপত কাম কৰি আহিছো”

কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী বাসৱৰাজ বোম্মাই জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ শ্ৰী হৰদীপ পুৰী জী আৰু ৰামেশ্বৰ তেলী জী, আন-আন মন্ত্ৰীসকল, ভদ্ৰলোক আৰু মহিলাসকল!

আমি তুৰস্কৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছো। দেশখন বিধ্বংসী ভূমিকম্পৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। বহু লোকৰ মৰ্মান্তিকভাৱে মৃত্যু হোৱাৰ লগতে ব্যাপক ক্ষয়-ক্ষতিৰ খবৰ পোৱা গৈছে। তুৰস্কৰ আশে-পাশে থকা দেশসমূহো ক্ষতিৰ সন্মুখীন হোৱাৰ আশংকা আছে। ভাৰতৰ ১৪০ কোটি জনসাধাৰণে ভূমিকম্পত ক্ষতিগ্ৰস্ত সকলোৰে প্ৰতি সহানুভূতি আগবঢ়াইছে। ভূমিকম্পত ক্ষতিগ্ৰস্ত লোকসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ ভাৰত অংগীকাৰবদ্ধ।

বন্ধুসকল,

বেংগালুৰু হৈছে প্ৰযুক্তি, প্ৰতিভা আৰু উদ্ভাৱনেৰে সমৃদ্ধ এখন চহৰ। মোৰ দৰে আপোনাসৱেও নিশ্চয় ইয়াৰ উদীয়মান শক্তিক অনুভৱ কৰিছে। ভাৰতৰ জি-২০ ৰ অধ্যক্ষতাৰ কেলেণ্ডাৰৰ এয়া প্ৰথম বৃহৎ শক্তিৰ অনুষ্ঠান। ইণ্ডিয়া এনাৰ্জী উইকলৈ ভাৰত-বিদেশৰ সকলো লোককে আদৰণি জনাইছো।

বন্ধুসকল,

একবিংশ শতিকাৰ বিশ্বৰ ভৱিষ্যৎ নিৰ্ধাৰণৰ ক্ষেত্ৰত শক্তি খণ্ডটোৰ এক বৃহৎ ভূমিকা আছে। আজি ভাৰত শক্তিৰ পৰিৱৰ্তন আৰু শক্তিৰ নতুন সম্পদ বিকাশৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম শক্তিশালী দেশ। উন্নত ৰাষ্ট্ৰ হ’বলৈ দৃঢ়প্ৰতিজ্ঞ ভাৰতৰ শক্তি খণ্ডটোৰ বাবে অভূতপূৰ্ব সম্ভাৱনাৰ উন্মেষ ঘটিছে।

আপোনালোকৰ নিশ্চয় অৱগত যে আইএমএফে শেহতীয়াকৈ ২০২৩ ৰ বিকাশৰ প্ৰক্ষেপণ প্ৰকাশ কৰিছে। ইয়াত কোৱা হৈছে যে ভাৰত সৰ্বাধিক দ্ৰুত বৰ্ধমান বৃহৎ অৰ্থনীতি হ’বলৈ অগ্ৰসৰ হৈছে। মহামাৰীটো আৰু যুদ্ধৰ প্ৰতিক্ৰিয়াৰ মাজতো ২০২২ ত ভাৰত বিশ্বৰ উজ্জ্বল স্থান হিচাপে পৰিগণিত হৈছে। বাহ্যিক পৰিস্থিতি যিয়েই নহওঁক কিয়, ভাৰতে নিজৰ অভ্যন্তৰীণ স্থিতিস্থাপকতাৰ সুবাদত প্ৰতিটো প্ৰত্যাহ্বান অতিক্ৰম কৰিছে। ইয়াৰ আঁৰত একাধিক কাৰকে কাম কৰিছিল। প্ৰথমঃ এখন সুস্থিৰ নিৰ্ণায়ক চৰকাৰ; দ্বিতীয়তেঃ স্থায়ী সংস্কাৰ আৰু তৃতীয়তেঃ তৃণমূল পৰ্য্যায়ত আৰ্থ-সামাজিক সবলীকৰণ।

গৰিষ্ঠসংখ্যক লোককে বেংক একাউন্টৰ সৈতে সংযুক্ত কৰা হয় আৰু তেওঁলোকে যোৱা কেইবছৰমানৰপৰা বিনামূলীয়া স্বাস্থ্যসেৱাৰ সুবিধাও লাভ কৰি আহিছে। এই সময়ছোৱাত কোটি-কোটি লোকে সুৰক্ষিত অনাময় ব্যৱস্থা, বিদ্যুৎ সংযোগ, গৃহ নিৰ্মাণ, টেপৰ পানী আৰু আন-আন সামাজিক আন্তঃগাঁথনি আঁচনিৰ সুবিধা লাভ কৰে।

যোৱা কেইবছৰমানৰপৰা যিমান সংখ্যক ভাৰতীয়ৰ জীৱন সলনি হৈছে, তেওঁলোকৰ মুঠ সংখ্যা বহু উন্নত দেশৰ জনসংখ্যাতকৈ অধিক। ইয়াৰ ফলত কোটি-কোটি দৰিদ্ৰ লোকক দৰিদ্ৰতাৰ গ্ৰাসৰপৰা উলিয়াই অনাত সহায়ক হৈছে। আজি কোটি-কোটি লোক দৰিদ্ৰতাৰ বেহুৰপৰা ওলাই আহি মধ্যবিত্ত পৰ্য্যায়ত উপনীত হৈছে। আজি ভাৰতত কোটি-কোটি জনসাধাৰণৰ জীৱনৰ মানদণ্ডৰ পৰিৱৰ্তন ঘটিছে।

আজি প্ৰতিখন গাঁৱতে ইন্টাৰনেট উপলব্ধকৰণৰ অৰ্থে ছয় লাখ কিলোমিটাৰৰো অধিক অপ্টিকেল ফাইবাৰ সংস্থাপিত কৰা হৈছে। যোৱা ন বছৰত দেশখনত ব্ৰডবেণ্ড ব্যৱহাৰকাৰীৰ সংখ্যা ১৩ গুণ বৃদ্ধি পাইছে। যোৱা ন বছৰত ইন্টাৰনেট সংযোগ তিনিগুণৰো অধিক বৃদ্ধি পাইছে। আজি নগৰীয়া ব্যৱহাৰকাৰীতকৈ গ্ৰামাঞ্চলসমূহত ইন্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে।

তদুপৰি, ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল ফোন উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত হৈছে। ইয়াৰ ফলত ভাৰতত বিশ্বৰ সৰ্ববৃহৎ আকাংক্ষিত শ্ৰেণীৰ সৃষ্টি হৈছে। ভাৰতৰ জনসাধাৰণে এতিয়া উন্নত সামগ্ৰী, উন্নত সেৱা আৰু উন্নত আন্তঃগাঁথনিৰ আকাংক্ষা কৰিছে।

এনে ভাৰতবাসীৰ আকাংক্ষা পূৰণৰ ক্ষেত্ৰত শক্তি এক বৃহৎ কাৰক। উদ্যোগৰপৰা কাৰ্য্যালয়লৈ আৰু কাৰখানাৰপৰা ঘৰলৈকে শক্তিৰ চাহিদা দিনক দিনে বাঢ়ি আহিছে। ভাৰতত দ্ৰুত বিকাশৰ প্ৰতি লক্ষ্য ৰাখি অনাগত বছৰবোৰত ভাৰতত বহু নতুন চহৰ গঢ় লৈ উঠিব বুলি অনুমান হয়। আন্তঃৰাষ্ট্ৰীয় শক্তি সন্থাই এই দশকত ভাৰতৰ শক্তিৰ চাহিদা বিশ্বৰ ভিতৰতে সৰ্বাধিক হ’ব বুলিও কৈছে। ভাৰতে শক্তি খণ্ডৰ সকলো বিনিয়োগকাৰী আৰু অংশীদাৰসকলৰ বাবে নতুন সুযোগ কঢ়িয়াই আনিছে।

আজি বৈশ্বিক তেলৰ চাহিদাত ভাৰতৰ অংশ প্ৰায় ৫% যদিও অনতিপলমে ই ১১% হ’বগৈ বুলি আশা কৰা হৈছে। ভাৰতৰ গেছৰ চাহিদা ৫০০ শতাংশ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। আমাৰ সম্প্ৰসাৰিত শক্তি খণ্ডই ভাৰতত বিনিয়োগ আৰু সহযোগিতাৰ বাবে নতুন সুযোগ সৃষ্টি কৰিছে।

বন্ধুসকল,

শক্তি খণ্ডটোৰ ক্ষেত্ৰত ভাৰতে চাৰিটা প্ৰধান কৌশল অৱলম্বন কৰিছে। প্ৰথমঃ ঘৰুৱা অন্বেষণ আৰু উৎপাদন বৃদ্ধি; দ্বিতীয়তেঃ যোগানৰ বৈচিত্ৰ্যতা; তৃতীয়তেঃ জৈৱ ইন্ধন, ইথানল, সংকুচিত জৈৱ গেছ আৰু সৌৰশক্তিৰ দৰে বিকল্প শক্তিৰ উৎসৰ সম্প্ৰসাৰণ আৰু চতুৰ্থতেঃ বৈদ্যুতিক বাহন আৰু হাইড্ৰজেনৰ ব্যৱহাৰৰ জৰিয়তে ডি-কাৰ্বনাইজেচন। এই চাৰিওটা দিশতে ভাৰতে ক্ষীপ্ৰতাৰে কাম কৰি আছে। ইয়াৰ কেতবোৰ দিশ সম্পৰ্কে আপোনালোকৰ সৈতে অধিক বিশদভাৱে কথা পাতিব খুজিছো।

বন্ধুসকল,

আপোনাসৱৰ জ্ঞাত যে ভাৰতৰ শোধন ক্ষমতাই বিশ্বৰ ভিতৰতে চতুৰ্থ স্থানত অৱস্থান কৰিছে। ভাৰতৰ বৰ্তমান ক্ষমতা প্ৰায় ২৫০ এমএমটিপিএ, যাক ৪৫০ এমএমটিপিএলৈ বৃদ্ধি কৰা হৈছে। আমি আমাৰ শোধন উদ্যোগক থলুৱাভাৱে অহৰহ আধুনিকীকৰণ আৰু উন্নীতকৰণ কৰি আছো। আমাৰ পেট্ৰ’কেমিকেল উৎপাদন ক্ষমতা বৃদ্ধিৰ দিশতো আমি অতিশয় ক্ষীপ্ৰতাৰে কাম কৰি আছো। ভাৰতৰ চহকী প্ৰযুক্তিৰ সম্ভাৱনা আৰু ক্ৰমবৰ্ধমান ষ্টাৰ্ট-আপ বাতাবৰণৰ ব্যৱহাৰেৰে আপোনালোক সকলোৱে নিজৰ শক্তিৰ বাতাবৰণ সম্প্ৰসাৰিত কৰিব পাৰে।

বন্ধুসকল,

২০৩০ ৰ ভিতৰত আমাৰ শক্তি মিশ্ৰণত প্ৰাকৃতিক গেছৰ ব্যৱহাৰ বৃদ্ধিৰ বাবে আমি মিছন ম’ডত কাম কৰি আছো। ৬ শতাংশৰপৰা ১৫ শতাংশলৈ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আমাৰ ওৱান নেচন ওৱান গ্ৰীডৰ দৃষ্টিয়ে এই ক্ষেত্ৰত প্ৰয়োজনীয় সকলো আন্তঃগাঁথনি প্ৰশস্ত কৰিব।

এলএনজি টাৰ্মিনেলৰ পুনৰ-গেছীকৰণ ক্ষমতা বৃদ্ধিৰ অৰ্থেও আমি প্ৰচেষ্টা গ্ৰহণ কৰিছো। ২০১৪ ত আমাৰ ক্ষমতা আছিল ২১ এমএমটিপিএ, যি ২০২২ ত প্ৰায় দুগুণ হৈছে। ইয়াক অধিক বৃদ্ধিৰ বাবে কাম অব্যাহত আছে। ২০১৪ ৰ তুলনাত ভাৰতত চিজিডিৰ সংখ্যাও ৯ গুণ বৃদ্ধি পাইছে। ২০১৪ ত আমাৰ প্ৰায় ৯০০ টা চিএনজি ষ্টেচন আছিল। এতিয়া অতি সোনকালেই এই সংখ্যা ৫,০০০ হ’ব বুলি অনুমান কৰা হৈছে।

গেছ পাইপলাইন নেটৱৰ্কৰ দৈৰ্ঘ্য বৃদ্ধিৰ অৰ্থেও আমি ক্ষীপ্ৰতাৰে কাম কৰি আছো। ২০১৪ ত আমাৰ দেশত গেছ পাইপলাইনৰ দৈৰ্ঘ্য আছিল প্ৰায় ১৪,০০০ কিলোমিটাৰ। এতিয়া এই দৈৰ্ঘ্য ২২,০০০ কিলোমিটাৰৰো অধিক হৈছেগৈ। অহা ৪-৫ বছৰত ভাৰতত গেছ পাইপলাইন নেটৱৰ্ক ৩৫,০০০ কিলোমিটাৰ পৰ্য্যন্ত হ’ব। অৰ্থাৎ, ভাৰতৰ প্ৰাকৃতিক গেছৰ আন্তঃগাঁথনিত আপোনাসৱৰ বাবে বৃহৎ বিনিয়োগৰ সুযোগ সৃষ্টি কৰা হৈছে।

বন্ধুসকল,

আজি ভাৰতে ঘৰুৱা অন্বেষণ আৰু উৎপাদনক প্ৰসাৰিতকৰণত গুৰুত্ব আৰোপ কৰিছে। ইএণ্ডপি খণ্ডয়ো পূৰ্বে দুৰ্গম বুলি গণ্য কৰা অঞ্চলসমূহৰ প্ৰতি এতিয়া আগ্ৰহ প্ৰকাশ কৰিছে। আপোনালোকৰ উদ্বেগৰ প্ৰতি লক্ষ্য কৰি আমি ‘’-’ (No-Go) অঞ্চলসমূহত নিষেধাজ্ঞা হ্ৰাস কৰিছো। ফলত ১০ লাখ বৰ্গ কিলোমিটাৰ এলেকা ন’-গ’ৰ নিষেধাজ্ঞাৰপৰা মুক্ত হৈছে। আমি পৰিসংখ্যালৈ চালে দেখিম যে ন’-গ’ অঞ্চলসমূহত এনে শিথিলতা ৯৮ শতাংশৰো অধিক। মই সকলো বিনিয়োগকাৰীক এই সুযোগসমূহৰ ব্যৱহাৰ কৰিবলৈ আৰু জীৱাশ্ম ইন্ধনৰ অন্বেষণত তেওঁলোকৰ অংশগ্ৰহণ বৃদ্ধি কৰিবলৈ আহ্বান জনাইছো।

বন্ধুসকল,

জৈৱ শক্তিৰ ক্ষেত্ৰতো আমি ক্ষীপ্ৰতাৰে আগবাঢ়িছো। আমি যোৱা বৰ্ষৰ আগষ্টত এছিয়াৰ প্ৰথমটো ২-জি ইথানল বাঅ’-ৰিফাইনেৰী স্থাপন কৰিছিলো। আমি এনে ১২ টা বাণিজ্যিক ২-জি ইথানল উদ্যোগ নিৰ্মাণ কৰিবলৈ অংগীকাৰবদ্ধ। আমি বহনক্ষম বিমান ইন্ধন আৰু নবীকৰণযোগ্য ডিজেলৰ বাণিজ্যিক উপযোগিতাৰ দিশতো প্ৰচেষ্টা গ্ৰহণ কৰিছো।

আমি এইবাৰৰ বাজেটত গোবৰ-ধন যোজনাৰ অধীনত ৫০০ টা নতুন ‘ৱাষ্ট টু ৱেলথ’ প্লান্ট নিৰ্মাণৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছো। ইয়াৰ ভিতৰত ২০০ টা সংকুচিত জৈৱ গেছ উদ্যোগ আৰু ৩০০ টা কমিউনিটি বা ক্লাষ্টাৰ ভিত্তিক উদ্যোগ অন্তৰ্ভুক্ত হৈছে। ইয়াৰ জৰিয়তে আপোনালোক সকলোৰে বাবে হাজাৰ-হাজাৰ কোটি টকাৰ বিনিয়োগৰ পথ মুকলি হ’ব।

বন্ধুসকল,

সেউজ হাইড্ৰজেন হৈছে ভাৰতে বিশ্বৰ ভিতৰতে আগভাগ লোৱা আন এক খণ্ড। ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযানে একবিংশ শতিকাৰ ভাৰতক এক নতুন দিশ প্ৰদান কৰিব। আমি এই দশকৰ শেষৰ ফালে ৫ এমএমটিপিএ সেউজ হাইড্ৰজেন উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো। এই ক্ষেত্ৰতো ৮ লাখ কোটিৰো অধিক টকাৰ বিনিয়োগৰ সম্ভাৱনা আছে। গ্ৰে-হাইড্ৰজেনৰ ঠাইত ভাৰতে অহা পাঁচ বছৰত সেউজ হাইড্ৰজেনৰ অংশ ২৫% লৈ বৃদ্ধি কৰিব। এয়াও আপোনাৰ বাবে এক বৃহৎ সুযোগ হ’ব।

বন্ধুসকল,

আন এটা গুৰুত্বপূৰ্ণ কথা হৈছে ইভিৰ বেটাৰীৰ ব্যয়। আজি বৈদ্যুতিক বাহনৰ বেটাৰীৰ খৰচ ৪০ ৰপৰা ৫০ শতাংশৰ ভিতৰত। সেয়েহে, আমি ইয়াৰ অৰ্থে ৫০ গিগাৱাট ঘন্টাৰ উন্নত কেমিষ্ট্ৰি চেল নিৰ্মাণৰ বাবে ১৮,০০০ কোটিৰো অধিক টকা মূল্যৰ পিএলআই আঁচনিৰ শুভাৰম্ভ কৰিছো। ইয়াৰ জৰিয়তে দেশখনত বেটাৰী নিৰ্মাণৰ সুবিধা স্থাপনৰ এক উত্তম সুযোগ সৃষ্টি হৈছে।

বন্ধুসকল,

আমি এসপ্তাহ পূৰ্বে দাখিল কৰা বাজেটত ভাৰতত বিনিয়োগৰ এই সম্ভাৱনাসমূহ অধিক প্ৰবল কৰিছো। বাজেটত নবীকৰণযোগ্য শক্তি, শক্তি দক্ষতা, বহনক্ষম পৰিবহণ আৰু সেউজ প্ৰযুক্তিক অধিক উৎসাহিত কৰা হৈছে। অগ্ৰাধিকাৰ মূলধনী বিনিয়োগৰ বাবে ৩৫,০০০ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। ই শক্তি পৰিৱৰ্তন আৰু নেট শূন্য লক্ষ্যক উদ্দীপনা যোগাব। আমি বাজেটত মূলধনী ব্যয়ৰ বাবেও ১০ লাখ কোটি টকাৰ ব্যৱস্থা কৰিছো। ইয়াৰ ফলত সেউজ হাইড্ৰজেনৰপৰা সৌৰশক্তি আৰু পথৰ আন্তঃগাঁথনিও ব্যাপক হৈ উঠিব।

বন্ধুসকল,

২০১৪ ৰপৰা সেউজ শক্তি সন্দৰ্ভত ভাৰতৰ দায়বদ্ধতা আৰু প্ৰচেষ্টাক সমগ্ৰ বিশ্বই প্ৰত্যক্ষ কৰিছে। বিগত ৯ বছৰত ভাৰতত নবীকৰণযোগ্য শক্তিৰ ক্ষমতা প্ৰায় ৭০ গিগাৱাটৰপৰা প্ৰায় ১৭০ গিগাৱাটলৈ বৃদ্ধি পাইছে। সৌৰশক্তিৰ ক্ষমতাও ২০ গুণৰো অধিক বৃদ্ধি পাইছে। আজি ভাৰতে বতাহ শক্তিৰ ক্ষমতাৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে চতুৰ্থ স্থান লাভ কৰিছে।

আমি এই দশকৰ শেষৰ ফালে ৫০% অজীৱাশ্ম ইন্ধনৰ ক্ষমতা লাভৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো। আমি ইথানল মিশ্ৰণ আৰু জৈৱ ইন্ধনৰ ওপৰত অতিশয় ক্ষীপ্ৰতাৰে কাম কৰি আছো। আমি যোৱা ৯ বছৰত পেট্ৰ’লত ইথানল মিশ্ৰণ ১.৫ শতাংশৰপৰা ১০ শতাংশলৈ বৃদ্ধি কৰিছো। এতিয়া আমি ২০ শতাংশ ইথানল মিশ্ৰণৰ লক্ষ্যৰ দিশে আগবাঢ়িছো।

আজি এই অনুষ্ঠানত ই-২০ প্ৰৱৰ্তন কৰা হৈছে। প্ৰথম পৰ্য্যায়ত দেশখনৰ ১৫ খন চহৰক সামৰি লোৱা হ’ব আৰু আগন্তুক দুবছৰত সমগ্ৰ দেশতে ইয়াক সম্প্ৰসাৰিত কৰা হ’ব। ই-২০ য়ো সমগ্ৰ দেশতে আপোনালোকৰ বাবে এক বিশাল বজাৰ হ’বলৈ আগবাঢ়িছে।

বন্ধুসকল,

শক্তি পৰিৱৰ্তন সন্দৰ্ভত ভাৰতত অব্যাহত গণ আন্দোলন এক অধ্যয়নৰ বিষয়। এয়া দুটা ধৰণে হৈছে- প্ৰথমঃ ক্ষীপ্ৰতাৰে নবীকৰণযোগ্য শক্তিৰ উৎসৰ অভিযোজনা আৰু দ্বিতীয়তেঃ শক্তি সংৰক্ষণৰ ফলপ্ৰসূ পন্থা গ্ৰহণ। ভাৰতৰ নাগৰিকে আজি ক্ষীপ্ৰতাৰে নবীকৰণযোগ্য শক্তিৰ উৎস গ্ৰহণ কৰিছে। সৌৰশক্তি চালিত ঘৰ, গাওঁ, বিমানবন্দৰ আৰু সৌৰ পাম্পেৰে খেতি কৰা হৈছে।

ভাৰতে বিগত ন বছৰত ১৯ কোটিৰো অধিক গৃহস্থীক স্বচ্ছ ৰন্ধন ইন্ধনৰে সংযোগ কৰিছে। আজি মুকলি কৰা সৌৰ কুক-টপটোৱে ভাৰতত সেউজ আৰু পৰিষ্কাৰ ৰন্ধন প্ৰণালীক এক নতুন মাত্ৰা প্ৰদান কৰিব। আগন্তুক দুই-তিনি বছৰত ৩ কোটিৰো অধিক পৰিয়ালে সৌৰ কুক-টপৰ সুবিধা লাভ কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ জৰিয়তে ভাৰতে পাকঘৰত এক বিপ্লৱৰ সূচনা কৰিব। ভাৰতত ২৫ কোটিৰো অধিক গৃহস্থী আছে। সৌৰ কুক-টপত বিনিয়োগেৰে আপোনালোকলৈ সীমাহীন সম্ভাৱনা মুকলি হৈছে।

বন্ধুসকল,

ভাৰতৰ নাগৰিকসকলে শক্তি সংৰক্ষণৰ ফলপ্ৰসূ পদ্ধতি অৱলম্বনৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে। এতিয়া এলইডি বাল্ব ব্যাপকভাৱে ঘৰ আৰু ষ্ট্ৰীট লাইটৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। ভাৰতৰ গৃহস্থীসমূহত স্মাৰ্ট মিটাৰ সংস্থাপন কৰা হৈছে। বৃহৎ পৰিসৰত চিএনজি আৰু এলএনজি গ্ৰহণ কৰা হৈছে। বৈদ্যুতিক বাহনৰ জনপ্ৰিয়তা বৃদ্ধিয়ে এই দিশত এক বৃহৎ পৰিৱৰ্তনৰ ইংগিত দিছে।

বন্ধুসকল,

সেউজ বৃদ্ধি আৰু শক্তি পৰিৱৰ্তনৰ দিশত ভাৰতৰ এই বিশাল প্ৰচেষ্টাসমূহেও আমাৰ মূল্যবোধৰ প্ৰতিফলন ঘটায়। বৃত্তাকাৰ অৰ্থনীতি দৰাচলতে প্ৰতিজন ভাৰতীয়ৰ জীৱনশৈলীৰ এক অংশ। হ্ৰাস (Reduce), পুনৰ ব্যৱহাৰ (Reuse) আৰু ৰিচাইকল (Recycle) মন্ত্ৰ আমাৰ মূল্যবোধত বদ্ধমূল। আজি আমি এয়া দেখিবলৈ পাইছো। প্লাষ্টিকৰ আৱৰ্জনা বটলৰ পুনঃব্যৱহাৰ আমি দেখিছে। ফেশ্বন আৰু সৌন্দৰ্য্যৰ জগতখনৰ ক্ষেত্ৰতো এয়া দৃশ্যমান হৈছে। প্ৰতি বছৰে ১০০ নিযুত এনে বটল পুনঃব্যৱহাৰৰ লক্ষ্যই পৰিবেশ সুৰক্ষাৰ ক্ষেত্ৰত বহুখিনি সহায় কৰিব।

এই অভিযানে ‘লাইফ’ (LiFE) অৰ্থাৎ পৰিবেশৰ বাবে জীৱনশৈলী (Lifestyle for Environment) কো সুদৃঢ় কৰিব, যি আজিৰ বিশ্বত অতিশয় প্ৰয়োজনীয় হৈ উঠিছে। এই মূল্যবোধৰ অনুসৰণেৰে ভাৰতে ২০৭০ ৰ ভিতৰত নেট জিৰ’ৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁটৰ দৰে প্ৰচেষ্টাৰ জৰিয়তে ভাৰতে বিশ্বত এই সদিচ্ছাক সুদৃঢ় কৰিব বিচাৰিছে।

বন্ধুসকল,

মই আপোনালোকক পুনৰ ভাৰতৰ শক্তি খণ্ডৰ সৈতে জড়িত প্ৰতিটো সম্ভাৱনা নিশ্চিতভাৱে অন্বেষণ কৰা আৰু ইয়াৰ সৈতে জড়িত হ’বলৈ আহ্বান জনাইছো। আজি আপোনালোকে বিনিয়োগ কৰিবলৈ ভাৰত বিশ্বৰ আটাইতকৈ উপযুক্ত স্থান। এই কথাখিনিৰে শক্তি পৰিৱৰ্তন সপ্তাহত অংশগ্ৰহণ কৰিবলৈ অহা আপোনালোক সকলোকে আদৰণি জনাই মোৰ ভাষণৰ সামৰণি মাৰিছো। আপোনালোক সকলোকে অলেখ শুভেচ্ছা জনালো!

ধন্যবাদ।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
EPFO settles 8.3 crore claims in FY26; cheque leaf upload reform benefits 7 crore members, says govt

Media Coverage

EPFO settles 8.3 crore claims in FY26; cheque leaf upload reform benefits 7 crore members, says govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi receives a telephone call from the US Vice President
August 08, 2026
PM and Vice President Vance review progress in the India-U.S. Strategic Partnership.
PM and Vice President Vance exchange views on regional and global developments.
PM warmly congratulates Vice President Vance and Ms. Usha Vance on the birth of their son.

Prime Minister Shri Narendra Modi received a telephone call today from the Vice President of the United States, Mr. J.D. Vance.

Prime Minister and Vice President Vance reviewed progress in the India-U.S. Comprehensive Global Strategic Partnership. They noted the sustained momentum in the high-level engagements and reaffirmed their commitment to further strengthening cooperation in trade, defence, critical and emerging technologies, energy security and critical minerals.

They also exchanged views on regional and global developments of mutual interest.

Prime Minister warmly congratulated Vice President Vance and Ms. Usha Vance on the birth of their son and conveyed best wishes to the family.