সবকা সাথ, সবকা বিকাশ আমাৰ সামূহিক দায়িত্বঃ প্ৰধানমন্ত্ৰী
দেশৰ জনসাধাৰণে আমাৰ উন্নয়নৰ আৰ্হিক বুজি পাইছে, পৰীক্ষা কৰি চাইছে আৰু সমৰ্থন কৰিছেঃ প্ৰধানমন্ত্ৰী
তুষ্টিকৰণৰ বিপৰীতে ২০১৪ৰ পিছত দেশত এটা নতুন আৰ্হি দেখা গৈছে আৰু এয়া হৈছে সন্তুষ্টিৰঃ প্ৰধানমন্ত্ৰী
আমাৰ শাসনৰ মন্ত্ৰ হ’ল – সবকা সাথ, সবকা বিকাশঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ অগ্ৰগতিক নাৰী শক্তিয়ে চালিত কৰিছেঃ প্ৰধানমন্ত্ৰী
আমি দৰিদ্ৰ আৰু উপান্ত লোকসকলৰ কল্যাণক অগ্ৰাধিকাৰ প্ৰদান কৰিছোঁ: প্ৰধানমন্ত্ৰী
আমি পিএম-জনমানৰ জৰিয়তে জনজাতীয় সমাজসমূহক সবলীকৰণ কৰিছোঁঃ প্ৰধানমন্ত্ৰী
দেশৰ ২৫ কোটি জনসাধাৰণ দৰিদ্ৰতাৰ গ্ৰাসৰপৰা মুক্তৰে নব্য মধ্যবিত্ত শ্ৰেণীৰ অংশ হৈছে, আজি তেওঁলোকৰ আকাংক্ষাই হৈছে ৰাষ্ট্ৰৰ প্ৰগতিৰ আটাইতকৈ মজবুত ভেটিঃ প্ৰধানমন্ত্ৰী
উন্নয়নৰ দিশত ভাৰতৰ যাত্ৰাক আগুৱাই নিবলৈ মধ্যবিত্ত শ্ৰেণীটো আত্মবিশ্বাসী আৰু দৃঢ়প্ৰতিজ্ঞঃ প্ৰধানমন্ত্ৰী
আমি সমগ্ৰ দেশতে আন্তঃগাঁথনি সুদৃঢ়কৰণত মনোনিৱেশ কৰিছোঁঃ প্ৰধানমন্ত্ৰী
আজি বিশ্বই ভাৰতৰ অৰ্থনৈতিক সম্ভাৱনাক স্বীকাৰ কৰিছেঃ প্ৰধানমন্ত্ৰী

কেবিনেটত মোৰ সতীৰ্থ শ্ৰীযুত গিৰিৰাজ সিং জী, পবিত্ৰ মাৰ্ঘেৰিটা জী, বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত, জ্যেষ্ঠ ৰাজনীতিবিদ, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিষয়া, ফেশ্বন আৰু বস্ত্ৰ জগতৰ সকলো প্ৰসিদ্ধ, উদ্যোগী, ছাত্ৰ-ছাত্ৰী, মোৰ শিপিনী আৰু শিল্পকাৰ বন্ধু, ভদ্ৰমহিলা আৰু সজ্জনসকল।

আজি ভাৰত মণ্ডপম, ভাৰত টেক্স (Bharat Tex)ৰ দ্বিতীয় সংস্কৰণৰ সাক্ষী হৈ আছে। ইয়াত আমাৰ পৰম্পৰাৰ সমান্তৰালকৈ বিকশিত ভাৰতৰ সম্ভাৱনীয়তাও দেখিবলৈ পোৱা গৈছে। এয়া দেশৰ বাবে সন্তুষ্টিৰ বিষয় যে আমি যি বীজ ৰোপণ কৰিছিলোঁ, আজি সি বট বৃক্ষ হোৱাৰ পথত দ্ৰুতগতিত বাঢ়িছে। ভাৰত টেক্স এতিয়া এক মেগা গ্ল’বেল টেক্সটাইলছ ইভেণ্টত পৰিণত হৈছে। এইবাৰ মূল্য শৃংখলৰ সমগ্ৰ বৰ্ণালী, ইয়াৰ সৈতে জড়িত ১২টা গোটে ইয়াত একেলগে অংশগ্ৰহণ কৰিছে। আনুষংগিক সামগ্ৰী, কাপোৰ, যন্ত্ৰপাতি, ৰাসায়নিক পদাৰ্থ আৰু ৰং আদিও প্ৰদৰ্শন কৰা হৈছে। ভাৰত টেক্স সমগ্ৰ বিশ্বৰ নীতি নিৰ্ধাৰক, চিইঅ’, আৰু উদ্যোগৰ নেতাসকলৰ বাবে নিয়োজন, সহযোগিতা, আৰু অংশীদাৰিত্বৰ বাবে এক অতি শক্তিশালী মঞ্চত পৰিণত হৈছে। এই অনুষ্ঠানৰ বাবে সকলো অংশীদাৰৰ প্ৰচেষ্টা অতি প্ৰশংসনীয়, এই কামৰ লগত জড়িত সকলো লোককে আন্তৰিকতাৰে অভিনন্দন জনাইছোঁ।

বন্ধুসকল,

আজি ভাৰত টেক্সত ১২০খনতকৈও অধিক দেশে অংশগ্ৰহণ কৰিছে, গিৰিৰাজ জীয়ে কোৱাৰ দৰে ১২৬খন দেশ, তাৰ অৰ্থ হ’ল ইয়ালৈ অহা প্ৰতিজন উদ্যোগীয়ে ১২০খন দেশৰ সৈতে এক্সপ’জাৰ পাইছে। তেওঁলোকে নিজৰ ব্যৱসায় স্থানীয়ৰ পৰা বিশ্বব্যাপী কৰি তোলাৰ সুযোগ পাইছে। নতুন বজাৰ বিচাৰি উদ্যমীসকলে ইয়াত বিভিন্ন দেশৰ সাংস্কৃতিক প্ৰয়োজনীয়তাৰ তথ্য লাভ কৰিছে। কিছু সময়ৰ আগতে মই প্ৰদৰ্শনীৰ ষ্টলবোৰ চাই আছিলোঁ, বেছি চাব নোৱাৰিলোঁ, যদি মই গোটেইখিনি চালোঁ হেঁতেন তেন্তে মোক হয়তো দুদিন লাগিলহেঁতেন আৰু আপোনালোকে মোক ইমান সময়ো নিদিব। কিন্তু যিমানখিনি সময় উলিয়াব পাৰিলোঁ, এই সময়ছোৱাত মই এই ষ্টলবোৰৰ বহু প্ৰতিনিধিৰ লগতো বহুত কথা পাতিলোঁ আৰু কথাবোৰ বুজিবলৈ চেষ্টা কৰিলোঁ। বহু বন্ধুৱে কৈ আছিল যে যোৱা বছৰ ভাৰত টেক্সত যোগদান কৰাৰ পিছত তেওঁলোকে বৃহৎ পৰিসৰত নতুন ক্ৰেতা লাভ কৰিছিল আৰু তেওঁলোকৰ ব্যৱসায় সম্প্ৰসাৰিত হৈছিল। আৰু মই দেখি আছিলোঁ যে মোৰ ওচৰলৈ এটা ডাঙৰ, অৰ্থাৎ এটা মধুৰ অভিযোগ আহিছিল, তেওঁলোকে কৈছিল যে ছাৰ, চাহিদা ইমানেই যে আমি তাত উপনীত হ’ব পৰা নাই। আৰু কিছুমান বন্ধুৱে মোক ক’লে যে ছাৰ আমি যদি ফেক্টৰী এটা স্থাপন কৰিব বিচাৰোঁ তেন্তে গড়ে ৭০-৭৫ কোটি টকা খৰচ হয় আৰু আমি ২০০০ মানুহক কৰ্মসংস্থাপন দিওঁ। মই বেংকিং খণ্ডৰ মানুহক সৰ্ব প্ৰথমে ক’ম যে এই সকলোৰে কি দাবী, অগ্ৰাধিকাৰ বুজক আৰু দিয়ক।

 

বন্ধুসকল,

এই অনুষ্ঠানে বস্ত্ৰ খণ্ডত বিনিয়োগ, ৰপ্তানি আৰু সামগ্ৰিক বৃদ্ধিৰ ক্ষেত্ৰত এক বৃহৎ উত্থান প্ৰদান কৰিছে।

বন্ধুসকল,

ভাৰত টেক্সৰ এই অনুষ্ঠানত আমাৰ সাজ-পোছাকৰ জৰিয়তে ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যও দেখা যায়। পূবৰ পৰা পশ্চিমলৈ, উত্তৰৰ পৰা দক্ষিণলৈ, আমাৰ ইয়াত কিমান ধৰণৰ পৰম্পৰাগত সাজ-পোছাক আছে, প্ৰতিটো সাজ-পোছাকৰ কিমানবোৰ প্ৰকাৰ আছে। লক্ষ্ণৌই চিকনকাৰী, ৰাজস্থান আৰু গুজৰাটৰ বান্ধনী, গুজৰাটৰ পাটোলা আৰু মোৰ কাশীৰ বানাৰসী ৰেচম, দক্ষিণৰ কাঞ্চিপুৰম ৰেচম, জম্মু-কাশ্মীৰৰ পশ্মিনা, এইটোৱেই উপযুক্ত সময়, এনেধৰণৰ অনুষ্ঠানৰ জৰিয়তে আমাৰ বৈচিত্ৰ্য আৰু বিশেষত্বও বস্ত্ৰ উদ্যোগৰ সম্প্ৰসাৰণৰ মাধ্যম হ’ব লাগে।

বন্ধুসকল,

যোৱা বছৰ মই বস্ত্ৰ উদ্যোগত ফাৰ্ম, ফাইবাৰ, ফেব্ৰিক, ফেশ্বন আৰু ফৰেইন– এই পাঁচটা ‘এফ’ কাৰকৰ কথা কৈছিলোঁ। ফাৰ্ম, ফাইবাৰ, ফেব্ৰিক, ফেশ্বন আৰু ফৰেইনৰ এই দৃষ্টিভংগী এতিয়া ভাৰতৰ বাবে এক অভিযানত পৰিণত হৈছে। এই অভিযানে সকলোৰে বাবে বৃদ্ধিৰ নতুন পথ মুকলি কৰিছে – কৃষক, বয়নকাৰী, ডিজাইনাৰ আৰু ব্যৱসায়ী। ভাৰতৰ বস্ত্ৰ আৰু পোছাক ৰপ্তানি যোৱা বছৰ ৭ শতাংশ বৃদ্ধি পাইছে। এতিয়া যদি আপোনালোকে ৭ শতাংশৰ বাবে হাত চাপৰি বজায় তেন্তে মোৰ কি হ’ব, অহাবাৰ যদি ১৭ শতাংশ হয় তেন্তে আকৌ হাত চাপৰি। আজি আমি বিশ্বৰ ষষ্ঠ বৃহত্তম বস্ত্ৰ আৰু পোছাক ৰপ্তানিকাৰক। আমাৰ বস্ত্ৰ ৰপ্তানি ৩ লাখ কোটি টকা হৈছেগৈ। এতিয়া আমাৰ লক্ষ্য – ২০৩০ চনৰ ভিতৰত আমি ৯ লাখ কোটি টকালৈ লৈ যাম। যদিও মই ইয়াত ২০৩০ চনৰ কথা কৈছোঁ, কিন্তু আজি তাত মই যি মেজাজ দেখিছোঁ, মই ভাবোঁ যে হয়তো আপোনালোকে মোৰ এই হিচাপ ভুল বুলি প্ৰমাণ কৰিব, আৰু ২০৩০ চনৰ আগতেই কামটো সম্পূৰ্ণ কৰিব।

 

বন্ধুসকল,

এই সফলতাৰ আঁৰত আছে সম্পূৰ্ণ এটা দশকৰ কঠোৰ পৰিশ্ৰম আৰু এটা দশকৰ সামঞ্জস্যপূৰ্ণ নীতি। সেইবাবেই যোৱা দশকত আমাৰ বস্ত্ৰ খণ্ডত বিদেশী বিনিয়োগ দুগুণ বৃদ্ধি পাইছে। আৰু আজি কিছুমান বন্ধুৱে মোক কৈ আছিল যে ছাৰ বহুত বিদেশী কোম্পানীয়ে ভাৰতলৈ আহি বিনিয়োগ কৰিব বিচাৰে, তেতিয়া মই তেওঁলোকক ক’লোঁ যে চাওক আপুনি আমাৰ সবাতোকৈ ডাঙৰ এম্বেছেডৰ, যেতিয়া আপুনি কয় তেতিয়া যিকোনো ব্যক্তিয়ে কথাটোত সন্মতি দিব, যদি চৰকাৰে কয় তেতিয়া তদন্ত কৰিবলৈ যাব, এইটো ঠিক, এইটো ভুল, ঠিকেই আছে, নাই, কিন্তু যেতিয়া একেটা ক্ষেত্ৰৰ ব্যৱসায়ীয়ে যেতিয়া কয় তেতিয়া তেওঁলোকে মানি লয় যে হয় বন্ধু এইটোৱেই সুযোগ, ব’লা।

বন্ধুসকল,

আপোনালোক সকলোৱে জানে যে বস্ত্ৰশিল্প হৈছে অন্যতম গুৰুত্বপূৰ্ণ উদ্যোগ যিয়ে দেশত সৰ্বাধিক কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰে। এই খণ্ডই ভাৰতৰ উৎপাদনত ১১ শতাংশ অৰিহণা যোগাইছে। আৰু এইবাৰ আপোনালোকে নিশ্চয় বাজেটত দেখিছে, আমি মিছন মেনুফেকচাৰিঙৰ ওপৰত গুৰুত্ব দিছোঁ, আপোনালোক সকলোৱেও ইয়াত অন্তৰ্ভুক্ত হৈছে। সেয়ে, যেতিয়া এই খণ্ডত বিনিয়োগ আহি আছে, বৃদ্ধি হৈ আছে, তেন্তে কোটি কোটি বস্ত্ৰশিল্পৰ শ্ৰমিকে ইয়াৰ সুবিধা লাভ কৰি আছে।

 

বন্ধুসকল,

ভাৰতৰ বস্ত্ৰ খণ্ডৰ সমস্যা সমাধান আৰু সুযোগ সৃষ্টি কৰাটো আমাৰ সংকল্প। ইয়াৰ বাবে আমি দূৰদৰ্শী আৰু দীৰ্ঘম্যাদী ধাৰণাসমূহৰ ওপৰত কাম কৰি আছোঁ। আমাৰ প্ৰচেষ্টাৰ আভাস এইবাৰৰ বাজেটতো দেখা গৈছে। আমাৰ দেশত কপাহৰ যোগানক নিৰ্ভৰযোগ্য কৰি তুলিবলৈ, ভাৰতীয় কপাহক বিশ্বব্যাপী প্ৰতিযোগিতামূলক কৰি তুলিবলৈ, আৰু উদ্যোগটোৰ এনে সকলো প্ৰয়োজনীয়তা মনত ৰাখি আমাৰ মূল্য শৃংখল শক্তিশালী কৰিবলৈ আমি কপাহ উৎপাদনশীলতাৰ বাবে এক অভিযান ঘোষণা কৰিছোঁ। আমাৰ গুৰুত্ব কাৰিকৰী বস্ত্ৰশিল্পৰ দৰে ছান-ৰাইজ ছেক্টৰতো আছে। আৰু মোৰ মনত আছে, গুজৰাটত থাকোঁতে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ সুযোগ পাইছিলোঁ, তেতিয়া আপোনালোকৰ বস্ত্ৰশিল্পৰ লোকসকলক লগ পাইছিলোঁ, আৰু সেই সময়ত যেতিয়া মই তেওঁলোকৰ লগত কাৰিকৰী বস্ত্ৰশিল্পৰ বিষয়ে কথা পাতিছিলোঁ, তেতিয়া তেওঁলোকে মোক সুধিছিল, আপুনি কি বিচাৰে, আজি মই সুখী যে ভাৰতে ইয়াত নিজৰ নাম উজ্বলাইছে। আমি থলুৱা কাৰ্বন ফাইবাৰ আৰু ইয়াৰ উৎপাদিত সামগ্ৰীৰ প্ৰচাৰ কৰিছোঁ। ভাৰতেও উচ্চমানৰ কাৰ্বন ফাইবাৰ নিৰ্মাণৰ দিশত আগবাঢ়িছে। এই প্ৰচেষ্টাসমূহৰ সমান্তৰালকৈ আমি বস্ত্ৰ খণ্ডৰ বাবে প্ৰয়োজনীয় নীতিগত সিদ্ধান্তও গ্ৰহণ কৰি আছোঁ। সেই হিচাপে এইবাৰৰ বাজেটত এমএছএমইৰ শ্ৰেণীবিভাজনৰ মাপকাঠী সলনি কৰি ইয়াক সম্প্ৰসাৰিত কৰা হৈছে। লগতে ঋণৰ উপলব্ধতা বৃদ্ধি কৰা হৈছে। আমাৰ বস্ত্ৰ খণ্ডই, য’ত ৮০ শতাংশ অৱদান আমাৰ এমএছএমইৰ পৰা, ইয়াৰ পৰা বিপুল লাভ হ’বলৈ গৈ আছে।

বন্ধুসকল,

যিকোনো খণ্ডই তেতিয়াহে উৎকৃষ্ট হয়, যেতিয়া ইয়াৰ বাবে দক্ষ কৰ্মশক্তি উপলব্ধ হয়। বস্ত্ৰ উদ্যোগত আটাইতকৈ ডাঙৰ ভূমিকা হ’ল দক্ষতা। সেইবাবেই আমি বস্ত্ৰ উদ্যোগৰ বাবেও এক দক্ষ প্ৰতিভাৰ পুল সৃষ্টিৰ কাম কৰি আছোঁ। আমাৰ নেচনেল চেণ্টাৰ অৱ এক্সেলেন্স ফৰ স্কিলিঙৰ এই দিশত ডাঙৰ ভূমিকা আছে। মূল্য শৃংখলৰ বাবে প্ৰয়োজনীয় দক্ষতা আহৰণৰ ক্ষেত্ৰত আমি সমৰ্থ যোজনাৰ জৰিয়তে সহায় লাভ কৰিছোঁ। আৰু আজি মই বহু ভগ্নীৰ লগত কথা পাতি আছিলোঁ যিসকলক সমৰ্থৰ প্ৰশিক্ষণ দিয়া হৈছে, আৰু তেওঁলোকে ৫ বছৰ, ৭ বছৰ, ১০ বছৰত যি অগ্ৰগতি লাভ কৰিছে, সেই কথা শুনি মই গৌৰৱেৰে মন ভৰি গ’ল। প্ৰযুক্তিৰ এই যুগত হস্ত-তাঁতশালৰ প্ৰামাণ্যতা আৰু হাতৰ দক্ষতাক সমানে গুৰুত্ব দিয়াটোও আমাৰ প্ৰয়াস। হস্ততাঁত শিপিনীসকলৰ দক্ষতা বিশ্বৰ বজাৰত উপনীত হ’ব লাগে, তেওঁলোকৰ সামৰ্থ্য বৃদ্ধি হ’ব লাগে আৰু তেওঁলোকে নতুন সুযোগ লাভ কৰিব লাগে। আমিও এই দিশত কাম কৰি আছোঁ। যোৱা ১০ বছৰত হস্ততাঁত সামগ্ৰীৰ প্ৰচাৰৰ বাবে ২৪০০ৰো অধিক ডাঙৰ বিপণন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। হস্ততাঁত সামগ্ৰীৰ অনলাইন বিপণন প্ৰচাৰৰ বাবে ইণ্ডিয়া-হেণ্ড-মেড নামৰ এটা ই-কমাৰ্চ প্লেটফৰ্মো সৃষ্টি কৰা হৈছে। ইয়াত হাজাৰ হাজাৰ হেণ্ডলুম ব্ৰেণ্ডেও পঞ্জীয়ন কৰিছে। হেণ্ডলুমৰ সামগ্ৰীৰ জি আই টেগিঙৰ জৰিয়তেও এই ব্ৰেণ্ডসমূহৰ বহুত ডাঙৰ লাভ হৈছে।

 

বন্ধুসকল,

যোৱা বছৰ ভাৰত টেক্স অনুষ্ঠানৰ সময়ত টেক্সটাইলছ ষ্টাৰ্টআপ গ্ৰেণ্ড চেলেঞ্জ মুকলি কৰা হৈছিল। তেতিয়া বস্ত্ৰ খণ্ডৰ বাবে যুৱক-যুৱতীসকলৰ পৰা উদ্ভাৱনীমূলক বহনক্ষম সমাধান বিচৰা হৈছিল। এই প্ৰত্যাহ্বানত দেশৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতীসকলে উৎসাহেৰে অংশগ্ৰহণ কৰে। এই প্ৰত্যাহ্বানৰ বিজয়ী যুৱক-যুৱতীসকলকো ইয়াত আমন্ত্ৰণ জনোৱা হৈছে। তেওঁলোক ইয়াত আমাৰ মাজত বহি আছে। আজি ইয়াত এনে ষ্টাৰ্ট-আপকো আমন্ত্ৰণ জনোৱা হৈছে যিয়ে এই যুৱক-যুৱতীসকলক আগুৱাই নিব বিচাৰে। এনে পিচ ফেষ্টে (pitch fest) আইআইটি মাদ্ৰাজ, অটল ইনোভেচন মিছন আৰু বহুতো বৃহৎ ব্যক্তিগত বস্ত্ৰ সংস্থাৰ সমৰ্থন লাভ কৰিছে। ইয়াৰ দ্বাৰা দেশত ষ্টাৰ্ট-আপ সংস্কৃতিৰ প্ৰসাৰ ঘটিব।

মই বিচাৰিম যে আমাৰ যুৱক-যুৱতীসকলে নতুন টেকন’-টেক্সটাইল ষ্টাৰ্ট-আপৰ সৈতে আহি নতুন ধাৰণাৰে কাম কৰক। আমাৰ উদ্যোগটোৰ বাবেও মোৰ এটা পৰামৰ্শ আছে। আমাৰ বস্ত্ৰ উদ্যোগে আইআইটিৰ দৰে প্ৰতিষ্ঠানৰ সৈতেও সহযোগিতা কৰি নতুন সঁজুলি প্ৰস্তুত কৰিব পাৰে। আজিকালি আমি ছ’চিয়েল মিডিয়া আৰু ট্ৰেণ্ডত দেখিবলৈ পাইছোঁ, নতুন প্ৰজন্মই এতিয়া আধুনিকতাৰ লগতে পৰম্পৰাগত সাজ-পোছাক ভাল পাইছে। সেয়েহে আজি পৰম্পৰা আৰু উদ্ভাৱনৰ সংযোজনৰ গুৰুত্বও যথেষ্ট বৃদ্ধি পাইছে। আমি এনে পৰম্পৰাগত সাজ-পোছাকৰ পৰা অনুপ্ৰাণিত হৈ এনে সামগ্ৰী মুকলি কৰা উচিত যিয়ে কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে নতুন প্ৰজন্মক আকৰ্ষণ কৰিব। আন এটা গুৰুত্বপূৰ্ণ বিষয় হ’ল প্ৰযুক্তিৰ ক্ৰমবৰ্ধমান ভূমিকা। নতুন ধাৰা আৱিষ্কাৰ আৰু নতুন শৈলী সৃষ্টিৰ ক্ষেত্ৰত এআইৰ দৰে প্ৰযুক্তিৰ ভূমিকা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। মাত্ৰ এতিয়াই যেতিয়া মই NIFT ষ্টললৈ গৈছিলোঁ, তেওঁলোকে মোক কৈছিল যে আমি এতিয়া AI ৰ জৰিয়তে ২০২৬ চনৰ যিটো ট্ৰেণ্ড হ’ব সেইটো প্ৰচাৰ কৰিছোঁ। নহ’লে আগতে পৃথিৱীৰ আন দেশবোৰে আমাক ক’লা পিন্ধিবলৈ কৈছিল, আমি পিন্ধিছিলোঁ, এতিয়া আমি পৃথিৱীখনক ক’ম কি পিন্ধিব লাগে। সেইবাবেই আজি এফালে পৰম্পৰাগত খাদীৰ প্ৰচাৰ আৰু আনফালে ফেশ্বন ট্ৰেণ্ডো এআইৰ জৰিয়তে বিশ্লেষণ কৰা হৈছে।

মোৰ মনত আছে, যেতিয়া মই নতুন নতুন মুখ্যমন্ত্ৰী হৈছিলোঁ, তেতিয়া হয়তো ২০০৩ চনৰ কথা, গান্ধী জয়ন্তীৰ দিনা, গান্ধীজীৰ জন্মস্থান পোৰবন্দৰত মই ফেশ্বন শ্ব’ৰ আয়োজন কৰিছিলোঁ, আৰু খাদীৰ ফেশ্বন শ্ব’। আৰু নিফ্টৰ ছাত্ৰ-ছাত্ৰী আৰু আমাৰ এনআইডিৰ ছাত্ৰ-ছাত্ৰীসকলে একেলগে সেই কামটো আগুৱাই লৈ গ’ল। আৰু বৈষ্ণৱ ভজন তো তেৰে ৰে কহিয়ে, সেই বেকগ্ৰাউণ্ড মিউজিকৰ সৈতে সেই ফেশ্বন শ্ব’টো হৈছিল। আৰু সেই সময়ত মই বিনোৱা জীৰ ঘনিষ্ঠ সহযোগী কেইজনমানক নিমন্ত্ৰণ কৰিছিলোঁ, গতিকে তেওঁলোকে মোৰ লগত বহিছিল কাৰণ ফেশ্বন শ্ব’ত ব্যৱহাৰ কৰা শব্দবোৰ এনেকুৱা যে পুৰণি প্ৰজন্মৰ মানুহ সজাগ হৈ পৰে যে এই সকলোবোৰ ধুমুহা কি চলি আছে। কিন্তু মই তেওঁলোকক বহুত আহ্বান জনাইছিলোঁ, মই তেওঁলোকক মাতিছিলোঁ, তেওঁলোক আহিছিল আৰু পিছত মোক কৈছিল যে যদি আমি খাদীক জনপ্ৰিয় কৰিব লাগে, তেন্তে এইটোৱেই ৰাস্তা। আৰু মই কওঁ যে আজি খাদীয়ে যিদৰে আগবাঢ়িছে আৰু বিশ্ববাসীক আকৰ্ষণ কৰিছে, আমি ইয়াক আৰু অধিক প্ৰচাৰ কৰা উচিত। আৰু আগতে যেতিয়া স্বাধীনতা আন্দোলন চলি আছিল, তেতিয়া খাদী ফৰ Nation আছিল, এতিয়া খাদী ফৰ Fashion হ'ব লাগে।

 

বন্ধুসকল,

কেইদিনমানৰ আগতে, ঘোষকে এইমাত্ৰ কোৱাৰ দৰে, মই মাত্ৰ বিদেশ ভ্ৰমণৰ পৰা উভতি আহিছোঁ, পেৰিছত আছিলোঁ, আৰু পেৰিছক বিশ্বৰ ফেশ্বন ৰাজধানী বুলি কোৱা হয়। এই ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ মাজত বিভিন্ন বিষয়ত গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব স্থাপন কৰা হয়। আমাৰ আলোচনাৰ মূল কথাবোৰত পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন বিষয়টোও সন্নিবিষ্ট কৰা হৈছিল। আজি সমগ্ৰ বিশ্বই বহনক্ষম জীৱনশৈলীৰ গুৰুত্ব বুজি পাইছে। ফেশ্বন জগতখনো ইয়াৰ প্ৰভাৱৰ পৰা অস্পৃশ্য নহয়। আজি বিশ্বই ফেশ্বন ফৰ এনভাইৰনমেণ্ট আৰু ফেশ্বন ফৰ এম্পাৱাৰমেণ্টৰ বাবে এই দৃষ্টিভংগী গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত ভাৰতে বিশ্বক বাট দেখুৱাইছে। বহনক্ষমতা সদায় ভাৰতীয় বস্ত্ৰশিল্পৰ পৰম্পৰাৰ এক অবিচ্ছেদ্য অংগ হৈ আহিছে। আমাৰ খাদী, জনজাতীয় বস্ত্ৰ, প্ৰাকৃতিক ৰং ব্যৱহাৰ, এই সকলোবোৰ বহনক্ষম জীৱনশৈলীৰ উদাহৰণ। এতিয়া ভাৰতৰ পৰম্পৰাগত বহনক্ষম কৌশলসমূহ অত্যাধুনিক প্ৰযুক্তিৰ দ্বাৰা সমৰ্থিত হৈছে। ইয়াৰ দ্বাৰা উদ্যোগটোৰ সৈতে জড়িত শিপিনী, শিল্পকাৰ আৰু কোটি কোটি মহিলা প্ৰত্যক্ষভাৱে লাভৱান হৈছে।

বন্ধুসকল,

মোৰ বিশ্বাস, সম্পদৰ সম্পূৰ্ণ ব্যৱহাৰ আৰু ন্যূনতম আৱৰ্জনা সৃষ্টি বস্ত্ৰ উদ্যোগৰ পৰিচয় হ’ব লাগে। আজি পৃথিৱীত প্ৰতিমাহে কোটি কোটি কাপোৰ ব্যৱহাৰৰ পৰা বাহিৰ হৈ পৰে। ইয়াৰ এটা বৃহৎ অংশ ‘ফাষ্ট ফেশ্বন ৱেষ্ট’ৰ। অৰ্থাৎ সেই কাপোৰ যিবোৰ মানুহে ফেশ্বন বা ট্ৰেণ্ডৰ পৰিৱৰ্তনৰ বাবে পিন্ধিবলৈ এৰি দিয়ে। এই কাপোৰবোৰ পৃথিৱীৰ বহু ঠাইত পেলাই দিয়া হয়। ইয়াৰ ফলত environment আৰু ecology ৰ প্ৰতিও ডাঙৰ ভাবুকিৰ সৃষ্টি হৈছে।

এটা হিচাপ অনুসৰি, ২০৩০ চনৰ ভিতৰত ফেশ্বনৰ আৱৰ্জনা ১৪.৮ কোটি টন হ’ব। আজি বস্ত্ৰৰ আৱৰ্জনাসমূহৰ এক চতুৰ্থাংশও পুনৰ ব্যৱহাৰ কৰা হোৱা নাই। আমাৰ বস্ত্ৰ উদ্যোগে এই চিন্তাক এটা সুযোগলৈ ৰূপান্তৰিত কৰিব পাৰে। আপোনালোকৰ বহুতেই জানে যে আমাৰ বস্ত্ৰ পুনঃব্যৱহাৰৰ অতি বৈচিত্ৰ্যময় পৰম্পৰাগত দক্ষতা আছে, আৰু বিশেষকৈ, ভাৰতত আপ-চাইক্লিঙৰ। উদাহৰণস্বৰূপে আমাৰ দেশত পুৰণি বা বাকী থকা কাপোৰৰ পৰা ৰাগ তৈয়াৰ কৰা হয়। শিপিনী, আনকি গৃহিণীসকলেও এনে কাপোৰৰ পৰা বহু ধৰণৰ মেট, ৰাগ আৰু আৱৰণ তৈয়াৰ কৰে। মহাৰাষ্ট্ৰত পুৰণি আনকি ফটা কাপোৰৰ পৰাও সুন্দৰ গোধাদী তৈয়াৰ কৰা হয়। আমি এই পৰম্পৰাগত কলাসমূহত নতুন নতুন উদ্ভাৱন কৰি বিশ্বৰ বজাৰলৈ লৈ যাব পাৰোঁ। টেক্সটাইল মন্ত্ৰালয়ে আপ-চাইক্লিঙক প্ৰসাৰিত কৰাৰ বাবে ষ্টেণ্ডিং কনফাৰেন্স অৱ পাব্লিক এণ্টাৰপ্ৰাইজ আৰু ই-মাৰ্কেটপ্লেচৰ সৈতেও বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে। দেশৰ বহু আপ-চাইক্লাৰেও ইয়াত পঞ্জীয়ন কৰিছে। নৱী মুম্বাই আৰু বাংগালুৰুৰ দৰে চহৰত ঘৰে ঘৰে বস্ত্ৰ আৱৰ্জনা সংগ্ৰহৰ বাবেও পাইলট প্ৰজেক্ট চলোৱা হৈছে। মই বিচাৰোঁ যে আমাৰ ষ্টাৰ্ট-আপসমূহে এই প্ৰচেষ্টাসমূহত যোগদান কৰক, এই সুযোগসমূহ অন্বেষণ কৰক, আৰু প্ৰাৰম্ভিক পদক্ষেপ গ্ৰহণ কৰি ইমান বৃহৎ বিশ্বব্যাপী বজাৰত আগভাগ লওক। অহা কেইবছৰমানৰ ভিতৰত ভাৰতৰ বস্ত্ৰ পুনঃব্যৱহাৰৰ বজাৰ ৪০ কোটি ডলাৰ হ’ব বুলি আশা কৰা হৈছে। আনহাতে, বিশ্বৰ পুনঃব্যৱহৃত বস্ত্ৰ বজাৰখন প্ৰায় ৭.৫ বিলিয়ন ডলাৰ হ’ব বুলি অনুমান কৰা হৈছে। যদি আমি সঠিক দিশত আগবাঢ়োঁ তেন্তে ভাৰতে ইয়াত আৰু অধিক অংশ লাভ কৰিব পাৰে।

 

বন্ধুসকল,

শ শ বছৰৰ আগতে যেতিয়া ভাৰত সমৃদ্ধিৰ শিখৰত আছিল, আমাৰ সেই সমৃদ্ধিৰ ক্ষেত্ৰত বস্ত্ৰ উদ্যোগে বৃহৎ ভূমিকা পালন কৰিছিল। আজি আমি যেতিয়া বিকশিত ভাৰতৰ সংকল্প লৈ আগবাঢ়িছোঁ, তেতিয়া আকৌ এবাৰ বস্ত্ৰ খণ্ডই ইয়াত এক বৃহৎ অৱদান আগবঢ়াবলৈ গৈ আছে। ভাৰত টেক্সৰ দৰে ইভেণ্টে এই খণ্ডত ভাৰতৰ স্থিতি শক্তিশালী কৰি তুলিছে। মোৰ বিশ্বাস যে এই অনুষ্ঠানে প্ৰতি বছৰে সফলতাৰ নতুন অভিলেখ সৃষ্টি কৰিব আৰু নতুন উচ্চতা স্পৰ্শ কৰিব। মই আকৌ এবাৰ এই আয়োজনৰ বাবে আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছোঁ।

বহুত-বহুত ধন্যবাদ। নমস্কাৰ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s startup game-changer? ₹10,000 crore FoF 2.0 set to attract investors

Media Coverage

India’s startup game-changer? ₹10,000 crore FoF 2.0 set to attract investors
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Members of the Governing Body of Shri Ram College of Commerce meets the Prime Minister
April 25, 2026

A delegation comprising members of the Governing Body of Shri Ram College of Commerce, met the Prime Minister, Shri Narendra Modi, today. Shri Modi noted that this year marks the centenary of the institution, a significant milestone in its illustrious journey of academic excellence and nation-building. He lauded the college’s long-standing contribution to higher education and its role in nurturing generations of leaders across diverse fields.

On the occasion, a commemorative stamp marking the centenary year of Shri Ram College of Commerce was also released.

The Prime Minister posted on X:

"Met a delegation consisting of the Governing Body of the Shri Ram College of Commerce, one of India’s most reputed educational institutions. This year, we are marking the centenary of this institution. A commemorative stamp was released too. My best wishes to this institution."