"ৰাষ্ট্ৰপতিয়ে সংসদৰ উভয় সদনত দূৰদৰ্শী ভাষণত জাতিক দিক নিৰ্দেশনা দিছে"
"সমগ্ৰ বিশ্বতে ভাৰতৰ প্ৰতি ইতিবাচক দৃষ্টিভংগী আৰু আশা আছে"
"আজিৰ সংস্কাৰবোৰ বাধ্যবাধকতাৰ জৰিয়তে নহয়, বৰং দৃড় বিশ্বাসৰ জৰিয়তে সাধন কৰা হয়"
ইউপিএৰ অধীনত ভাৰতক 'লষ্ট ডিকেড' বুলি কোৱা হৈছিল, আনহাতে আজি মানুহে বৰ্তমানৰ দশকটোক 'ভাৰতৰ দশক' বুলি অভিহিত কৰিছে
"ভাৰত গণতন্ত্ৰৰ জননী, শক্তিশালী গণতন্ত্ৰৰ বাবে গঠনমূলক সমালোচনা গুৰুত্বপূৰ্ণ আৰু সমালোচনা 'শুদ্ধি যজ্ঞ'ৰ দৰে"
"গঠনমূলক সমালোচনাৰ পৰিৱৰ্তে, কিছুমান লোকে বাধ্যতামূলক সমালোচনাত লিপ্ত হয়
"১৪০ কোটি ভাৰতীয়ৰ আশীৰ্বাদেই হৈছে মোৰ 'সুৰক্ষা কৱচ'"
"আমাৰ চৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ আশা-আকাংক্ষাক পূৰ্ণ কৰিছে। আমি তেওঁলোকক তেওঁলোকৰ সততাৰ বাবে সন্মান জনাইছোঁ"
"ভাৰতীয় সমাজৰ নেতিবাচকতাৰ সৈতে মোকাবিলা কৰাৰ ক্ষমতা আছে, কিন্তু ই কেতিয়াও এই নেতিবাচকতাক গ্ৰহণ নকৰে"

আদৰণীয় অধ্যক্ষ ডাঙৰীয়া,

প্ৰথমতে, মই ৰাষ্ট্ৰপতি মহোদয়াক তেওঁৰ ভাষণৰ বাবে ধন্যবাদ জনাইছো, আৰু এয়া মোৰ সৌভাগ্য যে অতীতত ৰাষ্ট্ৰপতিৰ ভাষণৰ পিচত ৰাষ্ট্ৰপতিক কেইবাবাৰো ধন্যবাদ জনোৱাৰ সুযোগ মই পাইছো। কিন্তু এইবাৰ ধন্যবাদৰ লগতে মই ৰাষ্ট্ৰপতিক অভিনন্দনো জনাইছো। ৰাষ্ট্ৰপতিয়ে তেওঁৰ দূৰদৰ্শী ভাষণত আমাৰ সকলোকে, আৰু কোটি কোটি দেশবাসীক পথ প্ৰদৰ্শন কৰিছে। গণৰাজ্যৰ মুৰব্বী হিচাপে তেওঁৰ উপস্থিতিও ঐতিহাসিক আৰু দেশৰ কোটি কোটি ভগ্নী আৰু কন্যাৰ বাবে এক মহান অনুপ্ৰেৰণাৰো সুযোগ।

মাননীয়া ৰাষ্ট্ৰপতিয়ে কেৱল জনজাতীয় সমাজৰ গৌৰৱ বৃদ্ধি কৰাই নহয়, আজি স্বাধীনতাৰ ইমান বছৰৰ পিছত জনজাতীয় সমাজৰ প্ৰতি গৌৰৱৰ অনুভূতিও বৃদ্ধি পাইছে, তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাইছে আৰু ইয়াৰ বাবে এই সদন আৰু দেশো তেওঁৰ প্ৰতি কৃতজ্ঞ হ'ব। ৰাষ্ট্ৰপতিৰ ভাষণত, ‘সংকল্পৰ পৰা সিদ্ধি’লৈ যাত্ৰাৰ এক অতি সুন্দৰ ‘ব্লুপ্ৰিণ্ট’ অংকন কৰা হৈছে, এয়া এক প্ৰকাৰে দেশক হিচাপ দিয়াটোতো হৈয়েই, অনুপ্ৰেৰণাও দিয়া হৈছে।

মাননীয় অধ্যক্ষ মহোদয়, সকলো মাননীয় সদস্যই ইয়াত এই আলোচনাত অংশগ্ৰহণ কৰিছিল, সকলোৱে তেওঁলোকৰ নিজৰ পৰিসংখ্যা দাঙি ধৰিছিল, তেওঁলোকৰ নিজৰ যুক্তি প্ৰদান কৰিছিল আৰু তেওঁলোকৰ ৰুচি, প্ৰবৃত্তি অনুসৰি সকলোৱে কথাবোৰ উপস্থাপন কৰিছিল আৰু যেতিয়া আমি এইবোৰ মনোযোগেৰে শুনিছিলো, যেতিয়া আমি ইয়াক বুজিবলৈ চেষ্টা কৰিছিলো, তেতিয়া কাৰনো কিমান সম্ভাৱনা আছে,  কাৰনো কিমান সামৰ্থ্য আছে, কাৰ কিমান বুজাবুজি আছে আৰু কাৰ কি উদ্দেশ্য আছে এনেবোৰ কথাই মনলৈ আহিছিল। এই সকলোবোৰ কথা প্ৰকট হয়েই। আৰু দেশে ইয়াক ভালকৈয়ে মূল্যায়নো কৰে। এই আলোচনাত অংশগ্ৰহণ কৰা মাননীয় সদস্যসকলৰ প্ৰতি মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। কিন্তু মই কালি দেখিছিলো, কিছুমান লোকৰ ভাষণৰ পিছত, গোটেই পৰিৱেশতন্ত্ৰটোৱে, সমৰ্থকসকলে জঁপিয়াই উঠিছিল আৰু কিছুমান লোকেতো সুখেৰে কবলৈকে ধৰিছিল, এয়াহে আচল কথা। সুন্দৰকৈ, নিশাটো চাগৈ খুউব ভালদৰে টোপনি আহিছিল, হয়তো আজি উঠিবই পৰা নাই। আৰু এনে লোকসকলৰ বাবে এনেকৈ কোৱা হৈছে, খুব ভালদৰেই কোৱা হৈছে-

এনেকৈ কৈ কৈয়ে  আমি আমাৰ হৃদয়খনক ফুচুলাই আছোঁ,

এনেকৈ কৈ কৈয়ে আমি আমাৰ হৃদয়খনক ফুচুলাই আছোঁ, তেওঁলোকে এতিয়া যাত্ৰা আৰম্ভ কৰিছে,

তেওঁলোকে এতিয়া যাত্ৰা আৰম্ভ কৰিছেতেওঁলোক এতিয়া আহিবলৈ ধৰিছে।

মাননীয় অধ্যক্ষ মহোদয়,

ৰাষ্ট্ৰপতিৰ ভাষণ যেতিয়া চলি আছিল, কিছুমান লোকে কাষৰীয়া কাটি গৈছিল আৰু এজন ডাঙৰ নেতাইতো ৰাষ্ট্ৰপতি মহোদয়াক অপমানেই কৰিছিল। জনজাতীয় সম্প্ৰদায়ৰ প্ৰতি থকা ঘৃণা আৰু আমাৰ জনজাতীয় সমাজৰ প্ৰতি তেওঁলোকৰ মনোভাৱ কি সেয়া দেখিবলৈ পোৱা গৈছিল। কিন্তু যেতিয়া এনেবেৰ কথা টিভিৰ সন্মুখত কোৱা হৈছিল, তেতিয়াতো মনৰ ভিতৰত থকা ঘৃণাৰ অনুভূতি, যিটো সত্য, সেয়া বাহিৰলৈ ওলাই আহিছিল। এয়াই তেওঁলোকৰ আনন্দ, পিছত অৱশ্যে চিঠি লিখি বচাৰ চেষ্টা কৰিছিল।

মাননীয় অধ্যক্ষ মহোদয়,

যেতিয়া মই ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত হোৱা আলোচনা শুনি আছিলো, মই অনুভৱ কৰিছিলো যে বহুতো কথা নীৰৱতাৰে স্বীকাৰ কৰি লোৱা হৈছে। অৰ্থাৎ, এক প্ৰকাৰে, মই যেতিয়া সকলোৰে ভাষণ শুনিছিলো, তেতিয়া এনে লাগিছিল যে ৰাষ্ট্ৰপতিৰ ভাষণ সন্দৰ্ভত কাৰো কোনো আপত্তি নাই, কোনেও ইয়াক সমালোচনা কৰা নাছিল। ভাষণৰ সকলোবোৰ কথা, এতিয়া ৰাষ্ট্ৰপতিয়ে কি কৈছে চাওক, মই তেওঁৰ কথাকে উদ্ধৃত কৰিছো। ৰাষ্ট্ৰপতিয়ে তেওঁৰ ভাষণত কৈছিল, "ভাৰত, যি এসময়ত ইয়াৰ বেছিভাগ সমস্যাৰ সমাধানৰ বাবে আনৰ ওপৰত নিৰ্ভৰশীল আছিল, আজি সেই ভাৰতেই বিশ্বৰ সমস্যা সমাধানৰ মাধ্যম হৈ উঠিছে। ৰাষ্ট্ৰপতিয়ে লগতে কৈছিল, "দেশৰ এক বৃহৎ জনসংখ্যাই দশকজুৰি অপেক্ষা কৰি থকা মৌলিক সুবিধাসমূহ তেওঁলোকক এই বছৰবোৰত প্ৰদান কৰা হৈছে। দেশখনে এতিয়া বৃহৎ কেলেংকাৰী, চৰকাৰী আঁচনিৰ দুৰ্নীতিৰ দৰে সমস্যাৰ পৰা মুক্তি লাভ কৰিছে, যাৰ পৰা দেশখনে পৰিত্ৰাণ পাব বিচাৰিছিল। নীতি সম্পৰ্কীয় সমস্যাসমূহৰ আলোচনাৰ পৰা ওলাই আহি আজি দেশ আৰু দেশৰ পৰিচিতি, দ্ৰুত বিকাশ আৰু সুদূৰপ্ৰসাৰী দৃষ্টিৰে লোৱা সিদ্ধান্তসমূহৰ বাবে হ’বলৈ ধৰিছে। মই পঢ়ি থকা এই অনুচ্ছেদটো মই ৰাষ্ট্ৰপতিৰ ভাষণৰ পৰা উদ্ধৃত কৰিছে। আৰু মই আশংকা কৰিছিলো যে এনে ধৰণৰ বিষয়সমূহততো আপত্তি কৰা কিছুমান লোক নিশ্চিতভাৱেই ইয়াত ওলাব, ৰাষ্ট্ৰপতিয়ে কেনেকৈ এনে কথা ক'ব পাৰে বুলি তেওঁলোকে প্ৰতিবাদ কৰিব। কিন্তু মই সুখী যে কোনেও তেনে প্ৰতিবাদ কৰা নাছিল, সকলোৱে স্বীকাৰ কৰি লৈছিল, সকলোৱে স্বীকাৰ কৰি লৈছিল। আৰু মাননীয় অধ্যক্ষ মহোদয়, মই ১৪০ কোটি দেশবাসীৰ ওচৰত কৃতজ্ঞ যে সকলোৰে প্ৰচেষ্টাৰ ফলস্বৰূপে আজি সমগ্ৰ সদনত এই সকলোবোৰ বিষয় অনুমোদিত হৈছে। ইয়াতকৈ গৌৰৱৰ আৰু ডাঙৰ বিষয় কি হ'ব পাৰে?

আদৰণীয় অধ্যক্ষ মহোদয়। সদনত হাঁহি-তামাচা, টীকা-টিপ্পনী, ঠোঁটা-মোজাতো লাগিয়েই থাকে। কিন্তু এইটো পাহৰিব নালাগে যে এখন ৰাষ্ট্ৰ হিচাপে আজি গৌৰৱান্বিত হব পৰা সুযোগবোৰ আমাৰ সন্মুখত থিয় দি আছে, গৌৰৱৰ মুহূৰ্তবোৰ, যাক লৈ আমি জীৱনপাত কৰিছো। ৰাষ্ট্ৰপতিৰ সমগ্ৰ ভাষণটোত যিবোৰ বিষয় উল্লেখ কৰা হৈছে সেয়া ১৪০ কোটি দেশবাসীৰ বাবে উদযাপনৰ উপলক্ষ, দেশখনে সেয়া উদযাপন কৰিছেও।

মাননীয় অধ্যক্ষ মহোদয়। ১০০ বছৰত অহা এনে ভয়ানক ৰোগ, মহামাৰী, আৰু আনহাতে যুদ্ধৰ পৰিস্থিতিত  বিভক্ত পৃথিৱী, এই পৰিস্থিতিতো, দেশখনক যিধৰণে চম্ভালি লোৱা হৈছে, দেশখনে যিধৰণে চম্ভালিছে, ইয়াৰ ফলত সমগ্ৰ দেশেই আত্মবিশ্বাসেৰে ভৰি উঠিছে, গৌৰৱেৰে ভৰি উঠিছে।

আদৰণীয় অধ্যক্ষ মহোদয়। প্ৰত্যাহ্বান অবিহনে কোনো জীৱনেই সম্ভৱ নহয়, প্ৰত্যাহ্বানতো আহিবই। কিন্তু ১৪০ কোটি দেশবাসীৰ আকাংক্ষা প্ৰত্যাহ্বানতকৈয়ো অধিক শক্তিশালী। ১৪০ কোটি দেশবাসীৰ সামৰ্থ্য প্ৰত্যাহ্বানতকৈয়ো অধিক শক্তিশালী, ডাঙৰ সামৰ্থ্যৰে পৰিপূৰ্ণ। এনে এক ভয়ংকৰ মহামাৰী, বিভক্ত বিশ্বযুদ্ধৰ ফলত হোৱা ধ্বংস, বহুতো দেশত অব্যাহত অস্থিৰতাৰ পৰিৱেশ। বহুতো দেশত তীব্ৰ মুদ্ৰাস্ফীতি, নিবনুৱা, খাদ্য সংকট আৰু আমাৰ চুবুৰীয়া অঞ্চলত যিধৰণৰ পৰিস্থিতিয়ে বিৰাজ কৰি আছে, এনে এক পৰিস্থিতিতো মাননীয় অধ্যক্ষ মহোদয়, কোনগৰাকী হিন্দুস্থানীয়ে বাৰু এই কথাক লৈ গৌৰৱান্বিত নহ'ব যে এনে সময়তো আমাৰ দেশ ‘বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি’ হৈ উঠিছে। আজি সমগ্ৰ বিশ্বতে ভাৰতক লৈ ইতিবাচকতা, একধৰণৰ আশা, ভৰসা উজ্জীৱিত হৈছে আৰু মাননীয় অধ্যক্ষ মহোদয়, এইটোও সুখৰ কথা যে, আজি ভাৰতেও বিশ্বৰ সমৃদ্ধ দেশসমূহ, জি-২০ৰ দৰে গোটৰ অধ্যক্ষতা কৰাৰ সুযোগ লাভ কৰিছে।

এয়া দেশৰ বাবে গৌৰৱৰ বিষয়। এয়া ১৪০ কোটি দেশবাসীৰ বাবে গৌৰৱৰ বিষয়। কিন্তু মই ভাবো, আগতে মোৰ তেনেকুৱা লগা নাছিল, কিন্তু এতিয়া এনে লাগিছে যে হয়তো ইয়াক লৈয়ো কিছুমান মানুহে আঘাত পাইছে। ১৪০ কোটি দেশবাসীৰ মাজৰ কোনেও দুখ পাব নোৱাৰে। সেই সকল লোক, যিসকলৰ ইয়াক লৈয়ো দুখ লাগিছে তেওঁলোকে আত্মনিৰীক্ষণ কৰা উচিত।

মাননীয় অধ্যক্ষ মহোদয়,

আজি, বিশ্বৰ প্ৰতিটো বিশ্বস্ত প্ৰতিষ্ঠান, বিশ্বজোৰা প্ৰভাৱসমূহৰ অধ্যয়ন কৰা সকলো বিশেষজ্ঞই, যিয়ে অতি গভীৰভাৱে প্ৰভাৱ পেলায়, যিসকলে ভালকৈ ভৱিষ্যদ্বাণী কৰিব পাৰে তেওঁলোক সকলোৱেই আজি ভাৰতৰ প্ৰতি যথেষ্ট আশা, আত্মবিশ্বাস আৰু যথেষ্ট উৎসাহ প্ৰদৰ্শন কৰিছে। আৰু এই সকলোবোৰনো কিয় হবলৈ ধৰিছে? এয়াতো এনেই হ’ব নোৱাৰে। সমগ্ৰ বিশ্বই আজি কিয় ইমানকৈ আশাৰে ভাৰতলৈ চাবলৈ লৈছে? ইয়াৰ আঁৰত এটা কাৰণ আছে। উত্তৰটো ভাৰতত অহা সুস্থিৰতা, ভাৰতৰ বিশ্বব্যাপী খ্যাতি, ভাৰতৰ বৰ্ধিত শক্তি আৰু ভাৰতত সৃষ্টি হোৱা নতুন সম্ভাৱনাৰ মাজত নিহিত হৈ আছে।

মাননীয় অধ্যক্ষ মহোদয়,

আমাৰ দৈনন্দিন জীৱনত যিবোৰ কথা ঘটি আছে তাক যদি মই শব্দবদ্ধ কৰো আৰু কিছু কথা যদি উদাহৰণৰ সৈতে বুজাোৱাৰ চেষ্টা কৰোঁ। আপোনালোকে চাগৈ দেখিছিল যে ভাৰতৰ এক দুই তিনিটা দশক অস্থিৰতাৰে ভৰা আছিল। আজি স্থিৰতা, ৰাজনৈতিক সুস্থিৰতা, সুস্থিৰ আৰু নিৰ্ণায়ক চৰকাৰো আছে, আৰু ইয়াৰ প্ৰতি ভৰসাৰ সৃষ্টি হোৱাটো স্বাভাৱিকেই হয়। এক নিৰ্ণায়ক চৰকাৰ, নিৰংকুশ সংখ্যাগৰিষ্ঠতা থকা চৰকাৰৰ এখন ৰাষ্ট্ৰৰ স্বাৰ্থত সিদ্ধান্ত লোৱাৰ ক্ষমতাও থাকে। আৰু এইখন তেনে চৰকাৰ, যিয়ে বাধ্যবাধকতাৰ বাবে সংস্কাৰ নকৰে, বৰং দৃঢ়তাৰে কাৰ্য সম্পাদনৰ বাবেহে সংস্কাৰ সাধন কৰে। আৰু আমি এই পথৰ পৰা আঁতৰিব খোজাতাসকল নহয়, আগবাঢ়ি গৈ থাকিম। দেশক সময়ৰ চাহিদা অনুসৰি যি প্ৰয়োজন সেয়া দি থাকিম।

মাননীয় অধ্যক্ষ মহোদয়,

মই আন এটা উদাহৰণ দাঙি ধৰিব খজিছো। এই ক’ৰোনা কালত, ‘মে’ড ইন ইণ্ডিয়া ভেকছিন’ প্ৰস্তুত কৰা হৈছিল। ভাৰতে বিশ্বৰ সৰ্ববৃহৎ টীকাকৰণ অভিযান চলাইছিল আৰু কেৱল এয়াই নহয়, ই ইয়াৰ কোটি কোটি নাগৰিকক বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদান কৰিছিল। কেৱল এয়াই নহয়, আমি ১৫০ খনতকৈয়ো অধিক দেশলৈ ঔষধ প্ৰেৰণ কৰিছিলো, য'ত এই সংকটৰ সময়ত সেইবোৰৰ প্ৰয়োজন আছিল, য'ত প্ৰয়োজন হৈছিল, প্ৰয়োজনৰ সময়ত প্ৰতিষেধক প্ৰদান কৰা হৈছিল। আৰু আজি বিশ্বৰ বহুতো দেশে, এই বিষয়ত বিশ্ব মঞ্চসমূহত ভাৰতক গৌৰৱেৰে ধন্যবাদ জনাইছে, ভাৰতৰ গৌৰৱ গাঁথা গাবলৈ ধৰিছে। একেদৰে, তৃতীয় এটা প্ৰসংগৰ প্ৰতিও মন কৰকচোন। এই সংকটৰ সময়ছোৱাত, ভাৰতৰ দ্ৰুত ডিজিটেল আন্তঃগাঁথনিয়ে ইয়াৰ শক্তি প্ৰদৰ্শন কৰিছিল। ই আধুনিকতাৰ দিশত এটা পৰিৱৰ্তন সাধন কৰিছে। সমগ্ৰ পৃথিৱীয়ে ইয়াৰ অধ্যয়ন কৰিবলৈ লৈছে। মই অলপতে ‘জি-২০’ সন্মিলনৰ বাবে বালিলৈ গৈছিলো। চাৰিওফালে ‘ডিজিটেল ইণ্ডিয়া’ৰ প্ৰশংসা হোৱা দেখিছিলো। আৰু দেশখনেনো কেনেদৰে কাম কৰি আছে তাক লৈ যথেষ্ট কৌতূহলৰ সৃষ্টি হোৱা দেখিছিলো? ক’ৰোনা কালত, বিশ্বৰ ডাঙৰ ডাঙৰ দেশবোৰে, ধনী দেশবোৰে তেওঁলোকৰ নাগৰিকসকলক আৰ্থিক সহায় আগবঢ়াব বিচাৰিছিল। তেওঁলোকে মুদ্ৰাও চপাইছিল, পিচে, সেইবোৰ তেওঁলোকে কিন্তু বিতৰণ কৰিব পৰা নাছিল। এইখন দেশ যিয়ে দেশবাসীৰ একাউণ্টত লাখ লাখ কোটি টকা এক ছেকেণ্ডতে জমা কৰি দিয়ে। হাজাৰ হাজাৰ কোটি টকাৰ স্থানান্তৰ কৰি দিব পাৰে। এটা সময় আছিল যেতিয়া দেশখন সৰু সৰু প্ৰযুক্তিৰ বাবে আগ্ৰহী আছিল। আজি দেশত এক ডাঙৰ পাৰ্থক্য অনুভূত হ’বলৈ ধৰিছে। প্ৰযুক্তিৰ ক্ষেত্ৰত দেশখন যথেষ্ট শক্তিৰে আগবাঢ়িছে। ‘ক’উইন’, পৃথিৱীৰ মানুহে আনকি তেওঁলোকৰ টীকাকৰণৰ সম্পৰ্কীয় প্ৰমাণপত্ৰও দিব নোৱাৰিলে। আজি, আমাৰ প্ৰতিষেধক প্ৰদান সম্পৰ্কীয় প্ৰমাণপত্ৰ দ্বিতীয়টো ছেকেণ্ডতে আমাৰ মোবাইল ফোনত উপলব্ধ হয়। আমি এই শক্তি প্ৰদৰ্শন কৰিছো।

মাননীয় অধ্যক্ষ মহোদয়,

ভাৰতত নতুন সম্ভাৱনা আছে। বিশ্বৰ শক্তিশালী মূল্য আৰু যোগান শৃংখলাত, আজি সমগ্ৰ বিশ্বৰ যোগান শৃংখলে, ক’ৰোনাৰ সময়ছোৱাত যোগান শৃংখলৰ বিষয়টোৱে সমগ্ৰ বিশ্বকে জোকাৰি গৈছিল। আজি ভাৰতে সেই খালী ঠাই পূৰণ কৰাৰ বাবে শক্তিৰে আগবাঢ়িছে। অধ্যক্ষ মহোদয়, বহুতক আকৌ এই কথাটোকে বুজিবলৈ বহুত সময় লাগিব। ভাৰত আজি এই দিশত এক উৎপাদনী কেন্দ্ৰ হিচাপে উজলি উঠিছে আৰু ভাৰতৰ এই সমৃদ্ধিত বিশ্বই নিজৰ সমৃদ্ধিকো প্ৰত্যক্ষ কৰিছে।

মাননীয় অধ্যক্ষ মহোদয়,

হতাশাত নিমজ্জিত কিছুমান লোকে এই দেশৰ প্ৰগতিক স্বীকাৰ কৰি ল’ব পৰা নাই। তেওঁলোকে ভাৰতৰ জনসাধাৰণে লাভ কৰা সাফল্য নেদেখে। এয়া হৈছে ১৪০ কোটি দেশবাসীৰ প্ৰচেষ্টাৰ প্ৰতি থকা বিশ্বাসৰ ফল, যাৰ বাবে আজি বিশ্ব জুৰি ডংকা বাজিবলৈ আৰম্ভ কৰিছে। ভাৰতৰ জনসাধাৰণে কঠোৰ পৰিশ্ৰমৰ দ্বাৰা লাভ কৰা সাফল্যবোৰ তেওঁলোকে দেখা নাপায়।

মাননীয় অধ্যক্ষ মহোদয়,

যোৱা ৯টা বছৰত, ভাৰতত ৯০ হাজাৰ ‘ষ্টাৰ্টআপ’ আৰু, আজি ‘ষ্টাৰ্টআপ’ৰ পৃথিৱীত, আমি ‘বিশ্বৰ তিনি নম্বৰত স্থান’ত উপনীত হৈছো। এক অতি বৃহৎ ‘ষ্টাৰ্টআপ তন্ত্ৰ’ও আজি দেশৰ দ্বিতীয়, ততীয় শ্ৰেণীভূক্ত চহৰসমূহতো উপনীত হৈছেহি। ই ভাৰতৰ প্ৰতিটো কোণত উপনীত হৈছে। ভাৰতৰ যুৱপ্ৰজন্ম শক্তিৰ এক পৰিচিতি হিচাপে পৰিগণিত হ’বলৈ ধৰিছে।

মাননীয় অধ্যক্ষ মহোদয়,

ইমান কম সময়ৰ ভিতৰতে আৰু ক’ৰোনাৰ কঠিন সময়তে ১০৮টা ‘ইউনিকৰ্ণ’ গঢ়ি উঠিছে। আৰু ‘ইউনিকৰ্ণ’ৰ অৰ্থ হৈছে ইয়াৰ মূল্য ৬-৭ হাজাৰ কোটি টকাতকৈয়ো অধিক। এই দেশৰ যুৱক-যুৱতীসকলে এই কাম কৰি দেখুৱাইছে।

মাননীয় অধ্যক্ষ মহোদয়,

আজি ভাৰত মোবাইল উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ ‘দ্বিতীয় বৃহত্তম দেশ’ হৈ উঠিছে। ঘৰুৱা বিমান যাত্ৰীসকলে ঘৰুৱা বিমানৰে যাতায়ত কৰিবলৈ লৈছে। এইক্ষেত্ৰত আজি আমি ‘পৃথিৱীৰ তিনি নম্বৰ স্থান’ত উপনীত হৈছো। শক্তি ব্যৱহাৰক প্ৰগতিৰ এক চৰ্ত বুলি গণ্য কৰা হয়। আজি, ভাৰতে শক্তি ব্যৱহাৰৰ ক্ষেত্ৰত উপভোক্তা হিচাপে ‘বিশ্বৰ তিনি নম্বৰ স্থান’ত উপনীত হৈছে। ‘নৱীকৰণযোগ্য শক্তি ক্ষমতা’ৰ ক্ষেত্ৰত আমি ‘বিশ্বৰ চাৰি নম্বৰ স্থান’ত উপনীত হৈছো। ক্ৰীড়াৰ ক্ষেত্ৰত আমি কেতিয়াও খবৰ হোৱাই নাছিলো, আমাৰ খবৰ কেতিয়াও কোনেও লোৱাই নাছিল। আজি ক্ৰীড়াজগতত ভাৰতীয় খেলুৱৈসকলে প্ৰতিটো স্তৰত তেওঁলোকৰ স্থিতি প্ৰদৰ্শন কৰিছে। তেওঁলোকে তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰিছে।

আজি ভাৰত শিক্ষাকে ধৰি প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়িছে। প্ৰথমবাৰৰ বাবে, মাননীয় অধ্যক্ষ মহোদয়, আপুনি গৌৰৱান্বিত হ'ব, প্ৰথমবাৰৰ বাবে, উচ্চ শিক্ষাত নামভৰ্তিৰ সংখ্যাই চাৰি কোটিৰ ঘৰ অতিক্ৰম কৰিছে। কেৱল এয়াই নহয়, কন্যাসকলৰ অংশগ্ৰহণো সমান হৈ আহিছে। অভিযান্ত্ৰিক, চিকিৎসা মহাবিদ্যালয়, দেশৰ পেছাদাৰী মহাবিদ্যালয়েই হওঁক, ইয়াৰ সংখ্যা অতি দ্ৰুতগতিত বৃদ্ধি পাইছে। অলিম্পিকেই হওঁক, কমনৱেলথ গে’মছ-য়েই হওঁক, আমাৰ ল’ৰাই হওঁক কিম্বা আমাৰ ছোৱালীয়েই হওক, সকলো ঠাইতে সুন্দৰ প্ৰদৰ্শন কৰিছে।

মাননীয় অধ্যক্ষ মহোদয়,

মই যিকোনো ভাৰতীয়ৰ বাবে এনেকুৱা বহুতো কথাৰ তালিকা উল্লেখ কৰিব পাৰো। ৰাষ্ট্ৰপতিয়ে তেওঁৰ ভাষণত বহুতো কথাৰে উল্লেখ কৰিছে। দেশৰ প্ৰতিটো স্তৰতে, প্ৰতিটো ক্ষেত্ৰতে, প্ৰতিটো চিন্তাধাৰাতে আশাকে দেখিবলৈ পোৱা গৈছে। এইখন বিশ্বাসেৰে পৰিপূৰ্ণ এখন দেশ। এইখন সপোন আৰু সংকল্প লৈ আগবঢ়া এখন দেশ। কিন্তু ইয়াত কিছুমান লোক এনে হতাশাত নিমজ্জিত হৈ আছে, কাকা হাতৰাচীয়ে এটা অতি আমোদজনক কথা কৈছিল। কাকা হাতৰাচীয়ে কৈছিল-

'আগ-পিচ চাইনো কিয় হয় চিন্তিত, যাৰ যেনেকুৱা চিন্তা তেনেকুৱাই দেখে চিন'

আদৰণীয় অধ্যক্ষ মহোদয়,

যি কি নহওক, এই হতাশাও এনেয়ে অহা নাই, ইয়াৰ আঁৰত এটা কাৰণ আছে। এটাতো হৈছে ‘জনসাধাৰণৰ আদেশ’, ‘বাৰে বাৰে দিয়া আদেশ’, কিন্তু একে সময়তে, এই হতাশাৰ আঁৰত যিটো বস্তু আছে, যিয়ে অন্তৰ্মনক পীড়া দিয়ে, যিয়ে শান্তিৰে শুবলৈকো নিদিয়ে, সেয়ানো কি, যোৱা ১০টা বছৰত, ২০১৪ৰ আগৰ ২০০৪ৰ পৰা ২০১৪ চনলৈ, ভাৰতৰ অৰ্থনীতি ধ্বংস হৈ গৈছিল। নিৰাশাই যদি নহয় তেন্তেনো কি হ'ব? ১০ বছৰত মুদ্ৰাস্ফীতি দুটা অংকৰ হৈছিল, আৰু সেয়েহে, যদি কিবা ভাল হয়, হতাশাইতো মূৰ দাঙি উঠিব, আৰু যিসকলে নিবনুৱা আঁতৰ কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

মাননীয় অধ্যক্ষ মহোদয়,

এবাৰ দুজন যুৱক অৰণ্যত চিকাৰ কৰিবলৈ গৈছিল আৰু তেওঁলোকে গাড়ীতে তেওঁলোকৰ বন্দুক-বাৰুদবোৰবোৰ থৈ তললৈ নামি আহি অলপ খোজ কাঢ়িবলৈ লৈছিল। আচল কামৰ বাবে আগবঢ়াৰ আগতে তেওঁলোকে অলপ খোজ কাঢ়ি হাত-ভৰিবোৰ পোনাই-পাজৰাই লোৱাৰ কথা ভাবিছিল। কিন্তু তেওঁলোকেতো বাঘহে চিকাৰ কৰিবলৈ গৈছিল, আৰু ভাবিছিল অলপ আগবাঢ়ি গলেহে বাঘ পোৱা যাব। কিন্তু, এনে হ'ল যে সেইখিনি ঠাইতে অকস্মাত বাঘৰ সন্মুখীন হ’ল। কি হ’ব এতিয়া, তেওঁলোকৰ যে বন্দুক-বাৰুদবোৰ গাড়ীতে থাকিল। বাঘটো দেখা পাই কি কৰো কি নকৰো অৱস্থা হ’ল? কিংকৰ্তব্যবিমুঢ় হৈ তেওঁলোকৰ এজনে তেওঁৰ বন্দুকৰ অনুজ্ঞাপত্ৰখনকে বাঘটোক  দেখুৱাবলৈ ধৰিলে, যে মোৰ ওচৰত বন্দুকৰ অনুজ্ঞাপত্ৰ আছে। এওঁলোকেও নিবনুৱা দূৰীকৰণৰ নামত আইনখনকে দেখুৱাবলৈ লৈছিল, যে তেওঁলোকে এখন আইন যুগুতাই উলিয়াইছে। আৰে চাওক, আমি আইন প্ৰণয়ন কৰিছো। এয়াই আছিল এওঁলোকৰ পদ্ধতি, তাকে কৰি সকলো কৰিলো বুলি ভাবি ল’লে। ২০০৪ চনৰ পৰা ২০১৪ চনলৈ, স্বাধীনতাৰ পিচৰ ইতিহাসৰ সকলোতকৈ অধিক কেলেংকাৰীৰ দশক আছিল। আটাইতকৈ বেছি কেলেংকাৰীৰ আছিল। সেই ১০টা বছৰ, বাবে, ‘ইউপিএ’ৰ সেই ১০টা বছৰ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে, ভাৰতৰ প্ৰতিটো কোণত সন্ত্ৰাসবাদীৰ আক্ৰমণ অব্যাহত আছিল, ১০ বছৰ। প্ৰতিগৰাকী নাগৰিক অসুৰক্ষিত আছিল, চাৰিওফালে এটাই সতৰ্কবাণীকে শুনিবলৈ পোৱা গৈছিল ‘যিকোনো অজ্ঞাত বস্তুকে হাত নলগাব’। ‘অজ্ঞাত বস্তুৰ পৰা আঁতৰি থাকক’, তেনে ধৰণৰ বাতৰিৰেই প্ৰচলন আছিল। ১০টা বছৰত, জম্মু আৰু কাশ্মীৰৰ পৰা উত্তৰ-পূৰ্বাঞ্চললৈকে হিংসাৰে বলি হ’বলগীয়া হৈছিল। সেই ১০টা বছৰত, গোলকীয় মঞ্চসমূহত ভাৰতৰ কণ্ঠস্বৰ ইমানেই দুৰ্বল আছিল যে বিশ্বই সেয়া শুনিবলৈকো সাজু হোৱা নাছিল।

মাননীয় অধ্যক্ষ মহোদয়,

তেওঁলোকৰ হতাশাৰ কাৰণ এয়াও হৈছে যে আজি যেতিয়া দেশৰ সামৰ্থ্যৰ প্ৰদৰ্শন হ’বলৈ ধৰিছে, ১৪০ কোটি দেশবাসীৰ শক্তি উদ্ভাসিত হ’বলৈ ধৰিছে, মুকলিকৈ সন্মুখলৈ ওলাই আহিছে। কিন্তু, দেশৰ শক্তিতো আগতেও আছিল। পিচে, ২০০৪ চনৰ পৰা ২০১৪ চনলৈকে তেওঁলোকে সেই সুযোগ হেৰুৱাই পেলাইছিল। আৰু প্ৰতিটো সুযোগকে সমস্যাত পৰিণত কৰাটোৱেইতো ‘ইউপিএ’ৰ পৰিচয় হৈ উঠিছিল। যেতিয়া তথ্য-প্ৰযুক্তিৰ যুগে দ্ৰুতগতিত আগবাঢ়িলৈ ধৰিছিল, উদ্বেলিত হৈছিল, সেইখিনি সময়ত তেওঁলোক ২-জিত আৱদ্ধ হৈ ৰৈছিল, সুযোগ সমস্যাৰ মাজত নিবিষ্ট হৈছিল। যেতিয়া অসামৰিক পাৰমাণৱিক চুক্তি হৈছিল, অসামৰিক পাৰমাণৱিক বুজাবুজি সন্দৰ্ভত আলোচনা হৈছিল, তেওঁলোক ‘ভোটৰ বাবে নগদ ধন’ত আবদ্ধ হৈ আছিল। এইখন খেলই চলিছিল।

মাননীয় অধ্যক্ষ মহোদয়,

২০১০ চনত যেতিয়া ‘কমনৱেলথ গে’মছ’ অনুষ্ঠিত হৈছিল, ই ভাৰতক, ভাৰতৰ যুৱ সম্ভাৱনাক বিশ্বৰ আগত উপস্থাপন কৰাৰ এক বৃহৎ সুযোগ আছিল। কিন্তু তেতিয়াও সুযোগ সমস্যাত পতিত হৈছিল, আৰু ‘চিডব্লিউজি কেলেংকাৰী’ত গোটেই দেশখনেই পৃথিৱীত কুখ্যাত হৈ পৰিছিল।

আদৰণীয় অধ্যক্ষ মহোদয়,

যিকোনো দেশৰ বিকাশত শক্তিৰ নিজা এক গুৰুত্ব আছে। আৰু যদিও বিশ্বত ভাৰতৰ আভ্যন্তৰীণ শক্তিৰ উত্থান সন্দৰ্ভত আলোচনাৰ প্ৰয়োজন আছিল, এই শতিকাৰ দ্বিতীয়টো দশকত, হিন্দুস্থানৰ আলোচনা ‘ব্লেকআউট’ৰ প্ৰসংগৰেহে হ’বলৈ ধৰিছিল। সমগ্ৰ পৃথিৱীতে ‘ব্লেকআউট’ৰ সেই দিনবোৰ আলোচনাৰ কেন্দ্ৰবিন্দু হৈ উঠিছিল। ‘কয়লা কেলেংকাৰী’ চৰ্চালৈ আহিছিল।

মাননীয় অধ্যক্ষ মহোদয়,

দেশখনত ইমানবোৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল। ২০০৮ চনৰ আক্ৰমণক কোনেও পাহৰিব নোৱাৰে। কিন্তু সন্ত্ৰাসবাদৰ বিৰুদ্ধে বুকু ফিন্দাই চকুত চকু থৈ আক্ৰমণ কৰাৰ শক্তি নাছিল, সিহঁতৰ প্ৰত্যাহ্বানক প্ৰত্যাহ্বান জনোৱাৰ শক্তি নাছিল, আৰু ইয়াৰ বাবে সন্ত্ৰাসবাদীৰ মনোবল বাঢ়ি গৈছিল, আৰু দহ বছৰ ধৰি সমগ্ৰ দেশতে তেজৰ প্ৰবাহ অব্যাহত আছিল, মোৰ দেশৰ নিৰীহ লোকসকলৰ দিনবোৰ তেনেকুৱাই আছিল।

মাননীয় অধ্যক্ষ মহোদয়,

যেতিয়া ‘এলঅ’চি’, ‘এলঅ’চি’ ভাৰতৰ সামৰ্থ্যক শক্তিশালী কৰাৰ এক সুযোগ আছিল, সেই সময়ত প্ৰতিৰক্ষা চুক্তিক লৈ হেলিকপ্টাৰ কেলেংকাৰী, আৰু ক্ষমতা নিয়ন্ত্ৰণ কৰোতাসকলৰ নাম এই কাণ্ডৰে চিহ্নিত হৈছিল।

আদৰণী অধ্যক্ষ মহোদয়,

যেতিয়া দেশৰ প্ৰয়োজনীয়তা আৰু হতাশাৰ মূলত এইবোৰ বস্তু পৰি ৰৈছিল, সকলো বোৰ হৰহৰাই ওলাই আহিবলৈ লৈছে।

মাননীয় অধ্যক্ষ মহোদয়,

ভাৰতে এইবোৰ কথা প্ৰতিটো মুহূৰ্ততে মনত ৰাখিব যে ২০১৪ চনৰ আগৰ দশকটোক ‘লষ্ট ডিকেড’ হিচাপে জনা যাব আৰু আমি অস্বীকাৰ কৰিব নোৱাৰো যে ২০৩০ৰ দশকটো সমগ্ৰ বিশ্বৰ বাবে ‘ভাৰতৰ দশক’ হৈ উঠিব।

মাননীয় অধ্যক্ষ মহোদয়,

গণতন্ত্ৰত সমালোচনা অতি গুৰুত্বপূৰ্ণ বুলি মই বিশ্বাস কৰোঁ। আৰু মই সদায় বিশ্বাস কৰি আহিছো যে ভাৰত, যিখন হৈছে ‘গণতন্ত্ৰৰ মাতৃ’, শতিকা ধৰি আমাৰ দেশত গণতন্ত্ৰ ৰঙৰে ৰঙীন হৈ আহিছে। আৰু সেয়েহে মই সদায় বিশ্বাস কৰি আহিছো যে গণতন্ত্ৰৰ শক্তিশালীকৰণৰ বাবে, গণতন্ত্ৰৰ সংবৰ্দ্ধনৰ বাবে, গণতন্ত্ৰৰ চেতনাৰ বাবে ‘সমালোচনা এক শুদ্ধি যজ্ঞ’ৰ দৰে। আমি হৈছো সমালোচনাক তেনে ৰূপতে চাব খোজা মানুহ। কিন্তু দুৰ্ভাগ্য, মই দীৰ্ঘদিন ধৰি অপেক্ষা কৰি আছোঁ, অন্ততঃ পৰিশ্ৰম কৰি কোনোবাতো আহিব, কোনোবাইতো বিশ্লেষণ কৰিব আৰু কোনোবাইতো সমালোচনা কৰিব. যাতে দেশখনৰ কিবা লাভ হ’ব। কিন্তু সমালোচনাৰ নামত অভিযোগৰে এওঁলোকে ৯টা বছৰ নষ্ট কৰি পেলালে। কেৱল অভিযোগ, গালি-গালাজ, মনলৈ যি আহে তাকে কৈ দিয়াৰ বাহিৰে এওঁলোকে আন একোকে নকৰিলে। মিছা অভিযোগ, আৰু অৱস্থা এনে হ’লগৈ যে, নিৰ্বাচনত হাৰিল যদি- তেন্তে, ই ভি এম বেয়া; পাৰি দিয়া গালি, নিৰ্বাচনত হাৰিলা যদি- নিৰ্বাচন আয়োগক গালি পাৰি দিয়া; এয়া বাৰু কথা হ’লনে? যদি আদালতৰ সিদ্ধান্ত সপক্ষে নাহে, তেন্তে উচ্চতম ন্যায়ালয়ক গালি পাৰি দিয়া, তেওঁলোকক সমালোচনা কৰি দিয়া।

মাননীয় অধ্যক্ষ মহোদয়,

যদি দুৰ্নীতিৰ তদন্ত কৰা হৈছে, তেন্তে, তদন্তকাৰী সংস্থাবোৰক গালি পাৰি দিয়া। যদি সেনাই সাহসিকতা প্ৰদৰ্শন কৰে, সেনাই শৌৰ্য প্ৰদৰ্শন কৰে আৰু সেই আখ্যানে দেশৰ জনসাধাৰণৰ মাজত এক নতুন আত্মবিশ্বাস সৃষ্টি কৰে, তেন্তে সেনাক সমালোচনা কৰা, সেনাক গালি দিয়া, সেনাক দোষাৰোপ কৰা।

যেতিয়াই দেশৰ প্ৰগতি, অৰ্থনৈতিক প্ৰগতিৰ বাতৰি আহে, যদি বিশ্বৰ সকলো প্ৰতিষ্ঠানে ভাৰতৰ অৰ্থনৈতিক প্ৰগতিৰ প্ৰশংসা কৰে, তেন্তে এয়া অস্বীকাৰ কৰা, ‘আৰবিআই’ক গালি পাৰা, ভাৰতৰ অৰ্থনৈতিক প্ৰতিষ্ঠানসমূহক গালি পাৰা।

মাননীয় অধ্যক্ষ মহোদয়,

যোৱা নটা বছৰত আমি কিছুমান লোকৰ দেউলীয়াপন দেখিছোঁ। এক গঠনমূলক সমালোচনাৰ সলনি বাধ্যত পৰি কৰা সমালোচনা আৰু বাধ্যতামূলক সমালোচকসকল ইয়াতে নিমজ্জিত হৈ থাকে, হেৰাই যায়।

মাননীয় অধ্যক্ষ মহোদয়,

দুৰ্নীতিৰ তদন্ত কৰা সংস্থাসমূহৰ বিষয়ে সদনত বহু কথা কোৱা হৈছিল আৰু মই বহুতো বিৰোধী লোকক বিষয়টো সন্দৰ্ভত সুৰত সুৰ মিলাই থকা দেখিছো। ‘মিলে সুৰ-মেৰা তুমহাৰ’।

মাননীয় অধ্যক্ষ মহোদয়,

মই ভাবিছিলো যে দেশৰ মানুহে নিশ্চিতভাৱে এনে লোকসকলক এখন মঞ্চত সমবেত কৰিব। কিন্তু সেয়া নহ'ল, কিন্তু এই লোকসকলে ‘ই-ডি’ক ধন্যবাদ জনাব লাগে, কিয়নো, ‘ই-ডি’ৰ বাবে এই সকল লোক এখন মঞ্চত সমবেত হৈছেহি। ‘ই-ডি’য়ে এই লোকসকলক এখন মঞ্চলৈ লৈ আনিছে আৰু সেয়া দেশৰ ভোটাৰসকলে কৰিব নোৱাৰা কাম।

মাননীয় অধ্যক্ষ মহোদয়,

মই এইটো বহুবাৰ শুনিছোঁ, ইয়াত কিছুমান লোকৰ ‘হাৰ্ভাৰ্ড অধ্যয়ন’ৰ প্ৰতি এক বিশেষ উন্মাদনা আছে। ক’ৰোনা কালত এনেকৈয়ো কোৱা হৈছিল, আৰু কংগ্ৰেছে কৈছিল যে ‘ভাৰতৰ ধ্বংস সন্দৰ্ভত হাৰ্ভাৰ্ডত এটা কেছ ষ্টাডী কৰা হ'ব’, আৰু কালি পুনৰ সদনত ‘হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়’ৰ অধ্যয়নৰ কথা দোহৰা হৈছিল। অৱশ্যে, হয় মাননীয় অধ্যক্ষ মহোদয়, যোৱা বছৰবোৰত ‘হাৰ্ভাৰ্ড’ত এটা অতি ভাল অধ্যয়ন কৰা হৈছিল, এটা অতি গুৰুত্বপূৰ্ণ অধ্যয়ন কৰা হৈছে। আৰু সেই অধ্যয়নটো আছিল, সেই অধ্যয়নৰ বিষয়বস্তু কি আছিল, সেই কথা মই নিশ্চিতভাৱে সদনক ক'ব বিচাৰিম আৰু ইয়াৰ অধ্যয়ন সম্পূৰ্ণ কৰা হৈছিল। অধ্যয়নটো হৈছে ‘ভাৰতৰ কংগ্ৰেছ দলৰ উত্থান আৰু পতন’, এইটো অধ্যয়ন সম্পূৰ্ণ কৰা হৈছে, আৰু মই নিশ্চিত, অধ্যক্ষ ডাঙৰীয়া, মই নিশ্চিত যে ভৱিষ্যতে ‘কংগ্ৰেছৰ ধ্বংস সন্দৰ্ভত কেৱল হাৰ্ভাৰ্ডতে নহয়, ডাঙৰ ডাঙৰ বিশ্ববিদ্যালয়সমূহতো অধ্যয়ন নিশ্চয় কৰা হ'ব আৰু ডুবিবলৈ ধৰা লোকসকলৰ সন্দৰ্ভতো কৰা হ'ব’।

মাননীয় অধ্যক্ষ মহোদয়,

দুষ্মন্ত কুমাৰে এনে লোকসকলৰ বিষয়ে এষাৰ ভাল কথা কৈছে, আৰু দুষ্মন্ত কুমাৰে যি কৈছে সেয়া ভালদৰে খাপ খায় পৰা বিধৰ। তেওঁ কৈছে-

"আপোনাৰ ভৰিৰ তলত অকণো মাটি নাই,

আশ্চৰ্যজনক কথাটো হৈছে যে তথাপিও কিন্তু আপুনি কথাটো বিশ্বাস নকৰে।"

সন্মানীয় অধ্যক্ষ মহোদয়,

এই লোকসকল মূৰ আৰু ভৰি নোহোৱাকৈয়ে কথা পতাত অভ্যস্ত হোৱাৰ কাৰণেই তেওঁলোকে নিজৰ কথাকে কিমান খণ্ডন কৰে সেই কথালৈকো কাণসাৰ নিদিয়ে। কেতিয়াবা এটা কথা, কেতিয়াবা আন এটা কথা, কেতিয়াবা এফালে, কেতিয়াবা আনফালে, তেওঁলোকে আত্মনিৰীক্ষণৰ দ্বাৰা নিজৰ ভিতৰৰ বিৰোধটোকোতো কেতিয়াবা সংশোধন কৰিব। ২০১৪ চনৰ পৰা তেওঁলোকে প্ৰতিটো সুযোগতে নিৰন্তৰ গালি-গালাজ কৰি আছে, ভাৰত দুৰ্বল হৈ গৈ আছে, কোনেও ভাৰতৰ কথা শুনিবলৈ সাজু নহয়, বিশ্বত ভাৰতৰ অস্তিত্বই নাই; তেওঁলোকেনো কি কয় আৰু এতিয়ানো তেওঁলোকে কি কৈ আছে ক’বই নোৱাৰে। এতিয়া তেওঁলোকে কৈছে যে ভাৰত ইমানেই শক্তিশালী হৈ উঠিছে যে ই আন দেশক ভাবুকি দি সিদ্ধান্ত গ্ৰহণ কৰাই আছে। আৰে, ভাৰত আচলতে দুৰ্বল হৈছে নে শক্তিশালী হৈছে সেইটোতো প্ৰথমতে থিৰাং কৰি লোৱা।

মাননীয় অধ্যক্ষ মহোদয়,

যি কোনো জীৱিত সংগঠনে, যদি এক জীৱন্ত ব্যৱস্থা হয়, যি ভূমিৰ সৈতে সম্পৰ্কিত ব্যৱস্থা হয় সেই ব্যৱস্থাই জনসাধাৰণৰ মাজত কি চলি আছে সেই বিষয়ে চিন্তা কৰে, ইয়াৰ পৰা কিবা শিকিবলৈ চেষ্টা কৰে আৰু সময়ে সময়ে ইয়াৰ পথ সলনি কৰি থাকে। কিন্তু যিসকল অহংকাৰত নিমজ্জিত, যিসকলে নিজেই সকলো জানো বুলি ভাবে, আমাৰ সকলোবোৰেই সঠিক বুলি ধৰি লৈ যিসকলে জীৱন পাত কৰে, তেওঁলোকে ভাবে যে কেৱল মোডীক গালি-গালাজ পাৰিলেহে আমাৰ পথ মুকলি হ’ব। কেৱল মোডীৰ বিৰুদ্ধে কুত্সা ৰতনা কৰিহে পথ উলিয়াব পাৰিম। এতিয়া ২২টা বছৰ পাৰ হৈ গ'ল, তেওঁলোকে কিন্তু ভুল মত এটাকে ধিঁয়াই বহি থাকিছে।

সন্মানীয় অধ্যক্ষ মহোদয়,

মোডীৰ প্ৰতি হোৱা বিশ্বাসৰ জন্ম বাতৰি কাকতৰ শিৰোনামৰ পৰা হোৱা নাই। মোডীৰ প্ৰতি হোৱা এই বিশ্বাস টিভিত উজলি থকা মুখ দেখি হোৱা নাই। জীৱন উচৰ্গা কৰিছো, প্ৰতিটো মুহূৰ্ত উচৰ্গা কৰিছো। দেশৰ জনসাধাৰণৰ বাবে, দেশৰ উজ্জ্বল ভৱিষ্যতৰ বাবে উচৰ্গা কৰিছো। 

সন্মানীয় অধ্যক্ষ মহোদয়

মোডীৰ প্ৰতি দেশবাসীৰ যি আস্থা আছে সেয়া তেওঁলোকৰ বোধশক্তিৰ বাহিৰত, আৰু বোধশক্তিৰ পৰিসৰৰ বহু ওপৰত। যিসকলে এই মিছা অভিযোগ উত্থাপন কৰে তেওঁলোকৰ ওপৰত বিনামূলীয়াকৈ ৰেচন লাভ কৰা মোৰ দেশৰ ৮০ কোটি দেশবাসীয়ে বাৰু কেতিয়াবা বিশ্বাস প্ৰকট কৰিব নে?

আদৰণীয় অধ্যক্ষ মহোদয়,

‘এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ড’, দৰিদ্ৰতম লোকসকলে এতিয়া দেশৰ যিকোনো ঠাইতে ৰেচন লাভ কৰে। তেওঁ আপোনালোকৰ মিছা কথা, আপোনালোকৰ মিছা অভিযোগক কেনেকৈ বিশ্বাস কৰিব?

সন্মানীয় অধ্যক্ষ মহোদয়,

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ১১ কোটি কৃষকৰ একাউণ্টত বছৰত তিনিবাৰকৈ পইচা জমা হোৱা কৃষকসকলে বাৰু আপোনালোকৰ গালি-গালাজ,  আপোনাৰ মিছা অভিযোগবোৰক কেনেকৈ বিশ্বাস কৰিব?

সন্মানীয় অধ্যক্ষ মহোদয়,

যিসকল কালিলৈকে ফুটপাথত থাকিবলৈ বাধ্য হৈছিল, যিসকলে বস্তিত বাস কৰিছিল, এনে ৩ কোটিতকৈয়ো অধিক লোকে পকী ঘৰ পাইছে, তেওঁলোকে তোমালোকৰ গালি, এইযে তোমালোকৰ মিছা কথাবোৰ বাৰু কিয় বিশ্বাস কৰিব, অধ্যক্ষ মহোদয়।

সন্মানীয় অধ্যক্ষ মহোদয়,

৯ কোটি লোকে বিনামূলীয়া গেছৰ সংযোগ লাভ কৰিছে, তেওঁলোকে আপোনালোকৰ মিছা কথাবোৰ কেনেদৰে গ্ৰহণ কৰিব? ১১ কোটি ভগ্নীয়ে সন্মানৰ ঘৰ পাইছে, শৌচালয় পাইছে, তেওঁলোকে বাৰু আপোনালোকৰ মিছা কথাবোৰ কেনেকৈ গ্ৰহণ কৰিব?

সন্মানীয় অধ্যক্ষ মহোদয়,

স্বাধীনতাৰ ৭৫টা বছৰ পাৰ হৈ গ’ল, ৮ কোটি পৰিয়ালে আজি ‘টে’প’ৰ পৰা পানী পাইছে, সেইসকল মাতৃয়ে আপোনালোকৰ মিছা কথাবোৰক কেনেকৈ মানি ল’ব, আপোনালোকৰ ভুলবোৰক, গালিবোৰক কেনেদৰে গ্ৰহণ কৰিব? ‘আয়ুষ্মান ভাৰত যোজনা’ই ২ কোটি পৰিয়ালক সহায় কৰিছে, জীৱন ৰক্ষা কৰিছে, তেওঁলোকৰ সমস্যাৰ সময়ত মোডী কামত আহিছে, তেওঁলোকে আপোনালোকৰ গালিবোৰ কেনেদৰে গ্ৰহণ কৰিব, তেওঁলোকে কেনেদৰে গ্ৰহণ কৰিব?

সন্মানীয় অধ্যক্ষ মহোদয়,

আপোনালোকৰ গালি, আপোনাৰ অভিযোগবোৰ এই কোটি কোটি ভাৰতীয়ৰ মাজেৰে অতিক্ৰমী আহিব লাগিব, যিসকলক কেইবা দশক ধৰি সমস্যাৰে জৰ্জিৰিত হৈ জীয়াই থাকিবলৈ তোমালোকে বাধ্য কৰাইছিলা।

আদৰণীয় অধ্যক্ষ মহোদয়,

কিছুমান লোকে নিজৰ বাবে, তেওঁলোকৰ পৰিয়ালৰ বাবে বহুতো ধ্বংস কৰিবলৈ চেষ্টা কৰি আছে। মোডী নিজৰ বাবে, তেওঁৰ পৰিয়ালৰ বাবে জীয়াই আছে, তেওঁ দেশবাসীৰ ২৫ কোটি পৰিয়ালৰ সদস্য।

সন্মানীয় অধ্যক্ষ মহোদয়,

১৪০ কোটি দেশবাসীৰ আশীৰ্বাদ হৈছে মোৰ আটাইতকৈ ডাঙৰ সুৰক্ষা কৱচ। আৰু এই সুৰক্ষা কৱচক গালিৰ অস্ত্ৰৰে, মিছাৰ অস্ত্ৰ-শস্ত্ৰৰে তোমালোকে কেতিয়াও ভেদ কৰিব নোৱাৰিবা। এয়া বিশ্বাসৰ এক সুৰক্ষা কৱচ, আৰু তোমালোকে কেতিয়াও এই অস্ত্ৰৰে ইয়াক ভেদ কৰিব নোৱাৰা।

আদৰণীয় অধ্যক্ষ মহোদয়,

আমাৰ চৰকাৰ কিছুমান কথাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। সমাজৰ বঞ্চিত শ্ৰেণীসমূহক প্ৰাথমিকতা প্ৰদানৰ সেই সংকল্পৰে আমি জীয়াই আছোঁ, আমি সেই সংকল্পৰে আগবাঢ়ি আছো। কেইবা দশক ধৰি দলিত, পিছপৰা, জনজাতীয় লোকসকলক যি পৰিস্থিতিত পৰিবলৈ এৰি দিয়া হৈছিল। সংবিধান প্ৰণেতাসকলে ভবাৰ দৰে সংস্কাৰসমূহৰ প্ৰবাহ হোৱা নাছিল। যেনেকৈ সংবিধান প্ৰণেতাসকলে নিৰ্ধাৰণ কৰিছিল। মোৰ এই পৰিয়ালবোৰে ২০১৪ চনৰ পৰা দৰিদ্ৰ কল্যাণমূলক আঁচনিসমূহৰ পৰা আটাইতকৈ বেছি লাভান্বিত হৈছে। প্ৰথমবাৰৰ বাবে, দলিত, পিছপৰা আৰু জনজাতীয় লোকসকলৰ বসতিসমূহত বিদ্যুৎ গৈ পাইছেগৈ। পানীৰ বাবে মাইলৰ পিছত মাইল যাব লগা হৈছিল। প্ৰথমবাৰৰ বাবে, নলীৰে পানীৰ প্ৰবাহ হ’বলৈ ধৰিছে। এই পৰিয়ালসমূহে পানী লাভ কৰিবলৈ লৈছে মাননীয় অধ্যক্ষ মহোদয়। বহু পৰিয়ালে, কোটি কোটি পৰিয়ালে আজি প্ৰথমবাৰৰ বাবে পকী ঘৰলৈ যাবলৈ সক্ষম হৈছে। তেওঁলোকে তাত থাকিবলৈ সক্ষম হৈছে।

মাননীয় অধ্যক্ষ মহোদয়,

যিবোৰ বস্তিক আপুনালোকে এৰি দিছিল। নিৰ্বাচনৰ সময়তহে আপোনালোকৰ তেওঁলোকলৈ মনত পৰিছিল। আজি ৰাস্তাই হওক, বিদ্যুতেই হওক, পানীয়েই হওক, কেৱল এয়াই নহয়, ৪জিৰ সংযোগো তাত গৈ উপনীত হৈছেগৈ।

মাননীয় অধ্যক্ষ মহোদয়,

সমগ্ৰ দেশেই গৌৰৱান্বিত। আজি, যেতিয়া এগৰাকী আদিবাসীক ৰাষ্ট্ৰপতিৰ ৰূপত প্ৰত্যক্ষ কৰে সমগ্ৰ দেশেই গৌৰৱবোধ কৰে। আজি, দেশৰ আধাখিনি জাতিৰ গোটৰ পুৰুষ আৰু মহিলা, যি সকলে মাতৃভূমিৰ বাবে প্ৰাণ তৰ্পণ কৰিছে। স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব দিয়া সকলৰ পূণ্য স্মৰণ আজি অনুষ্ঠিত হৈছে, আৰু আমাৰ জনজাতীয় সকলৰ গৌৰৱ দিৱস উদযাপন কৰা হৈছে। আৰু আমি গৌৰৱান্বিত যে এনে এক মহান জনজাতীয় পৰম্পৰাৰ প্ৰতিনিধি হিচাপে এগৰাকী মহিলাই ৰাষ্ট্ৰপতি হিচাপে কাম কৰি দেশক নেতৃত্ব দি আছে। আমি তেওঁলোকক তেওঁলোকৰ প্ৰাপ্য দিছো।

আদৰণীয় অধ্যক্ষ মহোদয়,

আমি এই প্ৰথমবাৰৰ বাবে দেখিছো। এটা কথা এয়াও শুদ্ধ। আমাৰ সকলোৰে একেই অভিজ্ঞতা আছে, এয়া কেৱল মোৰে নহয়, ই আপোনালোকৰো। আমি সকলোৱে জানো যে যেতিয়া এগৰাকী মাতৃক ক্ষমতা প্ৰদান কৰা হয়, তেতিয়া গোটেই পৰিয়ালটোয়েই শক্তিশালী হয়। যদি পৰিয়াল শক্তিশালী হয়, তেন্তে সমাজ শক্তিশালী হয় আৰু তেতিয়াহে গৈ দেশ শক্তিশালী হয়গৈ। আৰু মই সন্তুষ্ট যে আমাৰ চৰকাৰে মাতৃ, ভগ্নী, কন্যাক আটাইতকৈ বেছি সেৱা আগবঢ়োৱাৰ সৌভাগ্য লাভ কৰিছে। আমি প্ৰতিটো সৰু সমস্যা দূৰ কৰিবলৈ এটা প্ৰামাণিক প্ৰয়াস কৰিছো। আমি অতি সংবেদনশীলতাৰে সেই প্ৰসংগত গুৰুত্ব দিছো।

মাননীয় অধ্যক্ষ মহোদয়,

প্ৰায়েই ইয়াক উপহাস কৰা হয়। এয়া কেনে ধৰণৰ প্ৰধানমন্ত্ৰী? তেওঁ লালকিল্লাত শৌচালয়ৰ বিষয়ে কয়। এটা ডাঙৰ কৌতুক কৰা হৈছিল। আদৰণীয় অধ্যক্ষ মহোদয়, এই শৌচালয়, এই সন্মানগৃহ, এইটো মোৰ এই মাতৃ আৰু ভগ্নীসকলৰ সামৰ্থ্য, সুবিধা আৰু সুৰক্ষাৰ প্ৰতি সন্মানৰ বিষয়। কেৱল এয়াই নহয়, মাননীয় অধ্যক্ষ ডাঙৰীয়া, যেতিয়া মই ‘ছেনিটাৰী পেড’ৰ কথা কওঁ, মানুহে ভাবে, হেই,  প্ৰধানমন্ত্ৰী এনেবোৰ বিষয়লৈ কিয় যায়।

মাননীয় অধ্যক্ষ মহোদয়,

‘ছেনিটাৰী পেড’ৰ অনুপস্থিতিত দৰিদ্ৰ ভগ্নী আৰু কন্যাসকলে কেনে অপমান ভূগিছিল, ৰোগৰ ভুক্তভোগী হৈছিল। মাতৃ আৰু ভগ্নীসকলে দিনটোৰ বহু ঘণ্টা ধোঁৱাত কটাব লগা হৈছিল। আমাৰ দৰিদ্ৰ মাতৃ আৰু ভগ্নীসকলে ধোঁৱাত আৱদ্ধ হৈ থকা জীৱনৰ পৰা পৰিত্ৰাণ দিয়াৰ সৌভাগ্য আমি লাভ কৰিছিলো। জীৱনটো নষ্ট হৈছিল। আধাখিনি সময় পানীৰ বাবে, আধাখিনি সময় কেৰাচিনৰ বাবে পতা শাৰীৰ ভিতৰত অতিবাহিত হৈছিল। আজি আমি মাতৃ আৰু ভগ্নীসকলক ইয়াৰ পৰা মুক্ত কৰাৰ সন্তুষ্টি লাভ কৰিছোঁ।

মাননীয় অধ্যক্ষ মহোদয়,

যদি আমি ইয়াক আগৰ দৰেই চলিবলৈ দিলোহেঁতেন, হয়তো কোনেও আমাক সুধিব নোৱাৰিলেহেঁতেন যে মোডীজীয়ে কিয় এনে নকৰিলে, তেওঁ কিয় এনে নকৰিলে, কাৰণ আপোনালোকে দেশখনক এনে পৰিস্থিতিলৈকে লৈ আহিছিল যে আপোনালোকে ইয়াৰ পৰা বাহিৰেই হ'ব নোৱাৰিলে। দেশখনক এনে হতাশাই আৱৰি ৰাখিছিল। আমি ‘উজ্জ্বলা যোজনা’ৰে ধোঁৱাৰ পৰা মুক্তি দিয়াইছিলো, জল-জীৱনৰে পানী দিছিলো, ভগ্নীসকলৰ সৱলীকৰণৰ বাবে কাম কৰিছিলো। ৯ কোটি ভগ্নীক আত্ম-সহায়ক গোটৰ সৈতে সংযোগ কৰা, ‘খনিৰ পৰা প্ৰতিৰক্ষা’লৈকে, আজি মাতৃ আৰু ভগ্নী আৰু কন্যাসকলৰ বাবে সুযোগ মুকলি কৰা হৈছে। আমাৰ চৰকাৰে এই সুযোগবোৰ মুকলি কৰাৰ কাম কৰিছে।

আদৰণীয় অধ্যক্ষ মহোদয়,

আমি এইটো মনত ৰাখিম, ‘ভোট বেংকৰ ৰাজনীতি’য়ে বহু সময়ত দেশৰ শক্তিক এক ডাঙৰ আঘাত দিছে। আৰু তাৰ ফলাফল হৈছে যে দেশত যি হ'ব লাগিছিল, সময়মতে যি হ'ব লাগিছিল, সেই ক্ষেত্ৰত বহুত্ই বিলম্ব হৈছে। আপোনালোকে চাওক মধ্যবিত্ত শ্ৰেণী, দীৰ্ঘদিন ধৰি মধ্যবিত্ত শ্ৰেণীক সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰা হৈছিল। আনকি তেওঁৰলোকৰ ফালে চোৱাও নাছিলো। এক প্ৰকাৰে, তেওঁলোকে ধৰিয়েই লৈছিল যে আমাৰ কোনো নাই, আমি নিজে নিজেই যি কৰিব পাৰিম তাকে কৰিয়েই আগবাঢ়িব লাগিব। তেওঁলোকে তেওঁলোকৰ সকলো শক্তি ব্যয় কৰিব লগা হৈছিল। কিন্তু, আমাৰ চৰকাৰ, ‘এনডিএ’ চৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ সততাক স্বীকৃতি দিছে। আমি তেওঁলোকক সুৰক্ষা প্ৰদান কৰিছো আৰু আজি আমাৰ কঠোৰ পৰিশ্ৰমী মধ্যবিত্ত শ্ৰেণীয়ে দেশখনক নতুন উচ্চতালৈ লৈ গৈছে। মাননীয় অধ্যক্ষ মহোদয়, মই ২০১৪ চনৰ আগতে ‘জিবি ডাটা’ৰ এটা উদাহৰণ দিছোঁ, কাৰণ আজি যুগ সলনি হৈছে। অনলাইন পৃথিৱীখন চলি আছে। সকলোৰে হাততে একোটা মোবাইল আছে। কিছুমান মানুহৰ ‘পকেট’ ফাটিলেও মোবাইল কিন্তু আছেই।

সন্মানীয় অধ্যক্ষ মহোদয়, ২০১৪ চনৰ আগতে, ‘জিবি ডাটা’ৰ মূল্য আছিল ২৫০ টকা। আজি মাত্ৰ ১০টকা। সন্মানীয় অধ্যক্ষ মহোদয়, আমাৰ দেশৰ গড় নাগৰিকে গড়ে ২০ ‘জিবি ডাটা’ ব্যৱহাৰ কৰে। যদি মই সেইটো গণনা কৰোঁ, তেন্তে গড়ে এজন ব্যক্তিয়ে ৫ হাজাৰ টকাকৈ ৰাহি কৰিছে।

আদৰণীয় অধ্যক্ষ মহোদয়,

‘জন ঔষধী’ দোকানবোৰ আজি সমগ্ৰ দেশতে আকৰ্ষণৰ কাৰণ হৈ উঠিছে, কিয়নো যদি মধ্যবিত্ত পৰিয়ালসমূহত যদি এজন জ্যেষ্ঠ নাগৰিক থাকে, মধুমেহৰ দৰে যদি ব্যধিৰে আক্ৰান্ত হয় তেন্তে মাহে হাজাৰ, দুই হাজাৰ, দুই হাজাৰ, তিনি হাজাৰ টকাৰ ঔষধ গ্ৰহণ কৰিব লাগিব। ‘জন ঔষধী কেন্দ্ৰ’ত, ১০০ টকাত বজাৰত উপলব্ধ ঔষধ, ‘জন ঔষধী কেন্দ্ৰ’ত, ই ১০ টকা, ২০ টকাত উপলব্ধ হয়। আজি, মধ্যবিত্তসকলে ‘জন ঔষধী কেন্দ্ৰ’ৰ ঔষধৰ বাবে ২০ হাজাৰ কোটি টকা ৰাহি কৰিব পাৰিছে।

মাননীয় অধ্যক্ষ মহোদয়,

প্ৰতিটো মধ্যবিত্ত পৰিয়ালৰ নিজা ঘৰ এটা নিৰ্মাণ কৰাৰ সপোন থাকে, আৰু আমি চহৰাঞ্চলত গৃহ ঋণৰ বাবে এক ডাঙৰ ব্যৱস্থা কৰাৰ বাবে কাম কৰিছিলো আৰু ‘আৰইআৰএ আইন’ প্ৰণয়নৰ বাবে, যি এসময়ত বছৰ ধৰি মধ্যবিত্ত শ্ৰেণীৰ কঠোৰ পৰিশ্ৰমৰ ধন ডুবাই ৰাখিছিল। আমি ইয়াৰ পৰা পৰিত্ৰাণ দি তেওঁলোকক এক নতুন আত্মবিশ্বাস প্ৰদান কৰাৰ বাবে কাম কৰিছো আৰু তাৰ বাবে, তেওঁলোকৰ নিজকৈ ঘৰ নিৰ্মাণ কৰাৰ ক্ষমতা বৃদ্ধি পাইছে।

মাননীয় অধ্যক্ষ মহোদয়,

প্ৰতিটো মধ্যবিত্ত পৰিয়ালে তেওঁলোকৰ সন্তানৰ ভৱিষ্যতৰ বাবে তেওঁলোকৰ উচ্চ শিক্ষাৰ বাবে এক পৰিকল্পনা মনত পুহি ৰাখে। তেওঁলোকে বিচাৰে যে আজি চিকিৎসা মহাবিদ্যালয়, অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধি হওক, সেই সংখ্যা কৰা হৈছে, আসন বৃদ্ধি কৰা হৈছে। সেইবোৰে মধ্যবিত্ত শ্ৰেণীৰ প্ৰাৰ্থীসকলক খুবেই ভাল ধৰণে আদৰিব পাৰিছে। তেওঁলোকে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিছে যে তেওঁলোকৰ সন্তানসকলৰ উজ্জ্বল ভৱিষ্যত নিৰ্ধাৰণ কৰা হৈছে।

আদৰণীয় অধ্যক্ষ মহোদয়,

যদি দেশখন আগবাঢ়িব লাগে, তেন্তে ভাৰতক আধুনিকতাৰ দিশে লৈ যোৱাৰ বাহিৰে আন কোনো বিকল্প নাই। আৰু সময়ৰ দাবী হৈছে এতিয়া আমি আৰু সময় অপচয় কৰিব নোৱাৰো, আৰু সেয়েহে আমি আন্তঃগাঁথনি নিৰ্মাণৰ প্ৰতি বিশেষ মনোযোগ দিছো, লগতে এই কথাও বিশ্বাস কৰোঁ যে ভাৰতৰ এক পৰিচিতি আছিল, দাসত্বৰ সময়ছোৱাৰ আগতে এইখন দেশ স্থাপত্যৰ বাবে, আন্তঃগাঁথনিৰ বাবে বিশ্বত ইয়াৰ শক্তি আছিল, এক পৰিচিতি আছিল। পিচে, দাসত্বৰ সময়ছোৱাত সকলো ধ্বংস হৈ গৈছিল। স্বাধীনতাৰ পিছত সেই সুদিন পুনৰ উভতি আহিব বুলি আশা কৰা হৈছিল, কিন্তু সেই সময়ো পাৰ হৈ গ'ল। আমি যি হ'ব লাগিছিল, যি গতিত এয়া সম্ভৱ হ'ব  লাগিছিল, ই যিমান পৰিমাণৰ হ'ব লাগিছিল সেয়া আমি কৰিব নোৱাৰিলো। আজি, এইটো দশকত এক ডাঙৰ পৰিৱৰ্তন দেখা গৈছে। ৰাস্তা, সাগৰীয় পথ, বাণিজ্য, জলপথেই হওঁক, প্ৰতিটো খণ্ডই আজি আন্তঃগাঁথনিৰ পৰিৱৰ্তন প্ৰত্যক্ষ কৰিছে। ৰাজপথত, অভিলেখ পৰিমাণৰ বিনিয়োগ হৈছে মাননীয় অধ্যক্ষ মহোদয়। আজি সমগ্ৰ বিশ্বতে বহল পথৰ ব্যৱস্থা হৈছে, ভাৰতত বহল পথ, ঘাইপথ, এক্সপ্ৰেছৱেৰ ব্যৱস্থা হোৱাতো আজি দেশৰ নতুন প্ৰজন্মই দেখিবলৈ পাইছে। ভাৰততো বিশ্বমানৰ ঘাইপথ আৰু গোলকীয় বিজ্ঞানৰ এক্সপ্ৰেছৱে নিৰ্মাণ কৰাটো হৈছে আমাৰ কাম। আগতে, আমি ৰে’লৰ আন্তঃগাঁথনি, ব্ৰিটিছে আমাক যি দি থৈ গৈছিল আমি তাকে ভাল বুলি ভাবি বহি থাকিলো। গাড়ী চলি আছিল।

মাননীয় অধ্যক্ষ মহোদয়,

সেয়া এনে সময় আছিল, ব্ৰিটিছে যি এৰি থৈ গৈছিল তাকে লৈ দিন পাৰ কৰি থকা হ’ল আৰু ৰে’লৱে’ৰ পৰিচয় কি হৈ পৰিছিল? ৰে’লৱে’ মানে জোৰা-টাপলি মৰা এক-ব্যৱস্থা, ৰে’লৱে’ মানেই দুৰ্ঘটনা, ৰে’লৱে’ মানেই বিলম্ব, এনে এক পৰিস্থিতিয়েই বিৰাজ কৰিছিল, এক জনৰৱেই সৃষ্টি হৈছিল, ৰে’লৱে’ মানেই বিলম্ব। এটা সময় আছিল যেতিয়া প্ৰতিটো মাহতে বাৰে বাৰে দুৰ্ঘটনা সংঘটিত হৈছিল। এসময়ত দুৰ্ঘটনাই যেন ভাগ্যত পৰিণত হৈছিল। কিন্তু এতিয়া ৰে’লত, ৰে’লৰ ভিতৰত আকৌ ‘বন্দে ভাৰত’, ‘বন্দে ভাৰত ৰে’ল’ বিচাৰি প্ৰতিজন সাংসদে পত্ৰ লিখিবলৈ লৈছে, 'মোৰ ঠাইত বন্দে ভাৰত আৰম্ভ কৰক।' আজি ৰে'ল ষ্টেচনসমূহৰ পৰিৱৰ্তন সাধন কৰা হৈছে। আজি বিমানবন্দৰসমূহৰ পৰিৱৰ্তন সাধন কৰা হৈছে। সত্তৰ বছৰত সত্তৰটা বিমানবন্দৰ, ন বছৰত সত্তৰটা বিমানবন্দৰ। দেশত জলপথো নিৰ্মাণ কৰা হৈছে। আজি জলপথত জল-পৰিবহণ চলি আছে। সন্মানীয় অধ্যক্ষ মহোদয়, আমি দেশখনক আধুনিকতাৰ দিশে আগুৱাই নিয়াৰ বাবে আধুনিক আন্তঃগাঁথনি নিৰমাণত গুৰুত্ব আৰোপ কৰি আগবাঢ়িছো।

মাননীয় অধ্যক্ষ মহোদয়,

মোৰ জীৱনত ৰাজহুৱা জীৱনত মোৰ ৪-৫ দশক হ'ল আৰু মই হিন্দুস্থানৰ গাঁৱে গাঁৱে ঘূৰি ফুৰা মানুহ। ৪-৫ দশক ধৰি, ইয়াৰে এক দীঘলীয়া সময় পৰিব্ৰাজকৰ ৰূপত অতিবাহিত কৰি আহিছে। মই প্ৰতিটো স্তৰৰ পৰিয়ালৰ সৈতে উঠা-বহা কৰাৰ, কথা পতাৰ সুযোগ পাইছো আৰু সেয়েহে ভাৰতৰ প্ৰতিটো অংশৰ সমাজৰ প্ৰতিটো অনুভূতিৰ সৈতে মই পৰিচিত। আৰু মই ইয়াৰ আধাৰত ক'ব পাৰোঁ, আৰু অতি আত্মবিশ্বাসেৰে ক'ব পাৰোঁ যে ভাৰতৰ সাধাৰণ মানুহৰ মনবোৰ ইতিবাচকতাৰে পৰিপূৰ্ণ। ইতিবাচকতা তেওঁলোকৰ স্বভাৱৰ অংশ, তেওঁলোকৰ ৰীতি-নীতিৰ অংশ। ভাৰতীয় সমাজে নেতিবাচকতাক হয়তো সহ্য কৰে, কিন্তু ইয়াক গ্ৰহণ কেতিয়াও নকৰে, এয়া ইয়াৰ স্বাভাৱ নহয়। ভাৰতীয় সম্প্ৰদায়ৰ স্বভাৱ আনন্দপূৰ্ণ, এখন স্বপ্নশীল সমাজ, সত্ কামৰ পথ অনুসৰণ কৰা এখন সমাজ। সৃষ্টিশীল কামৰ সৈতে সম্পৰ্কিত এখন সমাজ। আজি মই ক'ব বিচাৰো যে যিসকলে সপোন বুকুত বান্ধি বহি আছে যে এটা সময় আছিল যেতিয়া তেওঁলোক ইয়াত বহিছিল আৰু কেতিয়াবা তেওঁলোকে আকৌ  সুযোগ পাব, এনেবোৰ লোকে ৫০ বাৰ ভাবক, তেওঁলোকৰ কথা-বতৰাবোৰ, পথ-পন্থাবোৰ পুনৰ বিবেচনা কৰিব। গণতন্ত্ৰত, আপোনালোকেও আত্মনিৰীক্ষণ কৰিব লাগিব। আধাৰ আজি ডিজিটেল লেনদেনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে।

আপোনালোকে ইয়াকো ভিত্তিহীন কৰি তুলিছে। এতিয়া ইয়াৰো পিছত লাগি গৈছিল। ইয়াকো বাধা দিবলৈ আইন-আদালতলৈ যাবলৈকো এৰা নাছিল। ‘জিএছটি’-ৰ বিষয়ে যে কি কি কোৱা নাছিল। নাজানো, কিন্তু আজি ‘জিএছটি’য়ে ভাৰতৰ অৰ্থনীতি আৰু সাধাৰণ মানুহৰ জীৱন স্বাচ্ছন্দ্যপূৰ্ণ কৰি তোলাত বৃহত্ ভূমিকা পালন কৰিছে। সেই যুগত ‘এইচএএল’(হাল)-ক কিমানযে গালি পৰা হৈছিল, কি কি ধৰণে আৰু কিমানযে ডাঙৰ ‘ফাৰ্ম’ৰ অপব্যৱহাৰ কৰা হৈছিল। কিন্তু, আজি ই এছিয়াৰ সৰ্ববৃহৎ হেলিকপ্টাৰ নিৰ্মাণ কেন্দ্ৰ হৈ উঠিছে। য'ৰ পৰা শ শ ‘তেজস্ বিমান’ নিৰ্মাণ কৰা হৈছে, আজি ‘হাল’-ৰ ওচৰত ভাৰতীয় সেনাৰ হাজাৰ, হাজাৰ আৰু কোটি টকাৰ ফৰমাইচ আছে। ভাৰতত উজ্জীৱিত প্ৰতিৰক্ষা উদ্যোগে থন্ ধৰি উঠিছে। আজি ভাৰতে প্ৰতিৰক্ষা সামগ্ৰীৰ ৰপ্তানি আৰম্ভ কৰিছে। মাননীয় অধ্যক্ষ মহোদয়, হিন্দুস্থানৰ প্ৰতিগৰাকী যুৱকে গৌৰৱ অনুভৱ কৰে, হতাশাত নিমজ্জিত লোকসকলৰ পৰা কোনো প্ৰত্যাশাই নকৰে।

মাননীয় অধ্যক্ষ মহোদয়,

আপোনালোকে জানে যে ভালদৰেই সময় সিদ্ধ হৈছে, যিসকল এসময়ত ইয়াত বহিছিল তেওঁলোক তালৈ যোৱাৰ পিছতো বিফল হৈছে আৰু দেশ উত্তীৰ্ণ হৈ গৈ আছে, সুখ্যাতিৰে উত্তীৰ্ণ গৈ আছে আৰু সেয়ে সময়ৰ দাবী হৈছে যে আজি হতাশাত নিমজ্জিত লোকসকলে একোটা সুস্থ মন লৈ আত্মনিৰীক্ষচিন্তণৰ ব্যৱস্থা কৰা উচিত। আদৰণীয় অধ্যক্ষ মহোদয়, জম্মু-কাশ্মীৰৰ বিষয়েও ইয়াত আলোচনা কৰা হৈছিল আৰু যিসকলে এই অলপতে জম্মু-কাশ্মীৰ ভ্ৰমণ কৰি আহিছে তেওঁলোকে নিশ্চয় দেখিছিল যে কিমান জাক জমকতাৰে, কিমান গৌৰৱেৰে জম্মু-কাশ্মীৰলৈ যাব পাৰে, ঘূৰিব পাৰে, ফুৰিব পাৰে।

আদৰণীয় অধ্যক্ষ মহোদয়,

যোৱা শতিকাৰ দ্বিতীয়াৰ্ধত, ময়ো লাল চকত ত্ৰিৰংগা উত্তোলন কৰাৰ প্ৰতিশ্ৰুতি লৈ জম্মু-কাশ্মীৰ ভ্ৰমণলৈ গৈছিলো আৰু তেতিয়া সন্ত্ৰাসবাদীয়ে পোষ্টাৰ লগাইছিল আৰু কৈছিল, 'চাওঁচোন কোন আহে লাল চকলৈ, কোনে নিজৰ মাকৰ গাখীৰ খাইছে যিয়ে লাল চকত ত্ৰিৰংগা উত্তোলন কৰিবলৈ আহিব খুজিছে?' পোষ্টাৰ লগোৱা হৈছিল আৰু সেইদিনা ২৪ জানুৱাৰী আছিল, মই জম্মুৰ এখন সভা জনপূৰ্ণ সভাত কৈছিলো, অধ্যক্ষ মহোদয়।'

মই যোৱা শতিকাৰ কথা কৈছো। আৰু তেতিয়া মই কৈছিলো 'সন্ত্ৰাসবাদী কাণ পানি শুনি ল, ২৬ জানুৱাৰীৰ দিনা ঠিক ১১ বজাত মই লাল চক পামগৈ, নিৰাপত্তা নোলোৱাকৈয়ে যাম, বুলেটপ্ৰুফ জেকেট নোহোৱাকৈয়ে যাম আৰু সিদ্ধান্তটো লাল চকত হ'ব, কোনেনো মাকৰ গাখীৰ খাইছে।' তেনে সময়েই আছিল।

মাননীয় অধ্যক্ষ মহোদয়,

আৰু যেতিয়া মই শ্ৰীনগৰৰ লাল চকত ত্ৰিৰংগা উত্তোলন কৰিছিলো, তাৰ পিচত মই সংবাদ মাধ্যমৰ লোকসকলক সুধিবলৈ ধৰিছিলো, মই কৈছিলো যে ১৫ আগষ্ট আৰু ২৬ জানুৱাৰীত, যেতিয়া ভাৰতীয় পতাকা উত্তোলন কৰা হয়, ভাৰতৰ অস্ত্ৰ-শস্ত্ৰই ভাৰতৰ বাৰুদে সাধাৰণতে অভিবাদন জনায় আৰু গৰজনি তুলি অভিবাদন জনায়। মই কৈছিলো, "আজি যেতিয়া মই লাল চকত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিলো, সেই সময়ত শত্ৰুদেশৰ বাৰুদেও অভিবাদন জনাইছিল, গুলী চালনা কৰিছিল, বন্দুক-বোমাৰ বিস্ফোৰণ ঘটাইছিল।"

আদৰণীয় অধ্যক্ষ মহোদয়,

আজি যি শান্তি আহিছে, আজি নিশ্চিন্তে যাব পাৰি। জাকে জাকে যাব পাৰে। এই পৰিৱেশ আৰু পৰ্যটন জগতত বহু দশকৰ পিছত জম্মু আৰু কাশ্মীৰে সকলো অভিলেখ ভংগ কৰিছে। আজি জম্মু আৰু কাশ্মীৰত গণতন্ত্ৰ উদযাপিত হৈছে।

আদৰণীয় অধ্যক্ষ মহোদয়,

আজি যি শান্তি আহিছে, আজি আপুনি শান্তিৰে যাব পাৰে। শ শ যাব পাৰে। এই পৰিৱেশ আৰু পৰ্যটন জগতত বহু দশক ৰপিছত, জম্মু আৰু কাশ্মীৰে সকলো অভিলেখ ভংগ কৰিছে। আজি জম্মু আৰু কাশ্মীৰত গণতন্ত্ৰ উদযাপন কৰা হৈছে।

মাননীয় অধ্যক্ষ মহোদয়,

আজি, জম্মু আৰু কাশ্মীৰৰ প্ৰতিটো ঘৰতে তিৰঙ্গাৰ সফল কাৰ্যসূচী অনুষ্ঠিত হয়। মই সুখী যে কিছুমান লোকে, যিসকলে এসময়ত কৈছিল যে ত্ৰিৰংগাই শান্তি বিঘ্নিত কৰাৰ আশংকা আছে। এনেকেও কোৱা হৈছিল যে ত্ৰিৰংগাই জম্মু আৰু কাশ্মীৰত শান্তি বিঘ্নিত কৰাৰ আশংকাত আছে। সময়লৈ চাওক, সময়ৰ মজা লওকচোন- এতিয়া আকৌ তেওঁলোকেও তিৰঙ্গা যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ লৈছে।

আৰু আদৰণীয় অধ্যক্ষ মহোদয়,

বাতৰি কাকতত এটা বাতৰি ওলাছিল, যিটো চকুতে পৰা নাছিল হ’বলা। সন্মানীয় অধ্যক্ষ মহোদয়, সেই সময়ত বাতৰি কাকতবোৰত এটা বাতৰি ওলাইছিল আৰু তেতিয়া এই লোকসকলে টিভিত ওলাবলৈ হেতা-ওপৰা লগাইছিল। কিন্তু সেই সময়তে, শ্ৰীনগৰৰ থিয়েটাৰ হলবোৰ কেইবা দশকৰ পিছত পূৰ্ণ হৈ চলিবলৈ ধৰিছিল আৰু বিচ্ছিন্নতাবাদীসকলক দূৰ দূৰলৈকে দেখা পোৱা নগৈছিল। এতিয়া এইবোৰ কথা বিদেশী দেশবোৰেও দেখিবলৈ পাইছে।

আদৰণীয় অধ্যক্ষ মহোদয়,

এতিয়া আমাৰ সতীৰ্থ, আমাৰ মাননীয় সদস্যসকলে উত্তৰ-পূবৰ বিষয়ে কৈ আছিল। মই ক'ম এবাৰ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰি আহকগৈচোন। আপোনালোকৰ সময়ৰ উত্তৰ-পূৰ্বাঞ্চল আৰু আজিৰ উত্তৰ-পূৰ্বাঞ্চলখন চাওঁ আহকগৈচোন। ইয়াত আধুনিক আহল-বহল ঘাইপথ আছে, ৰেলৰ এক আৰামদায়ক যাত্ৰা আছে। আপুনি আৰামেৰে বিমানেৰে যাব পাৰে। আজি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিটো কোণতে মই গৌৰৱেৰে কওঁ যে আমি স্বাধীনতাৰ ৭৫ বছৰ উদযাপন কৰি আছো, তেতিয়া মই গৌৰৱেৰে কওঁ যে যোৱা ৯ বছৰত প্ৰায় ৭৫০০ লোকে অস্ত্ৰৰ পথ আৰু বিচ্ছিন্নতাবাদী প্ৰৱণতা ত্যাগ কৰি মূলসুঁতিলৈ উভতি আহিছে।

আদৰণীয় অধ্যক্ষ মহোদয়,

আজি ত্ৰিপুৰাত লাখ লাখ পৰিয়ালে পকী ঘৰ পাইছে, তেওঁলোকৰ আনন্দত মই অংশগ্ৰহণ কৰাৰ সুযোগ পাইছিলো। যেতিয়া মই ত্ৰিপুৰাত ‘হীৰা আঁচনি’ৰ কথা কৈছিলো, মই কৈছিলো যে ‘হাইৱে’-আইৱে’-ৰে’লৱে’ আৰু এয়াৰৱে’-ৰ ‘হীৰা’, এই ‘হীৰা’ৰ আজি ত্ৰিপুৰাৰ মাটিত শক্তিশালী স্থিতি দেখিবলৈ পোৱা গৈছে। ত্ৰিপুৰা আজি দ্ৰুত গতিত ভাৰতৰ উন্নয়নী যাত্ৰাৰ অংশীদাৰ হৈ উঠিছে।

আদৰণীয় অধ্যক্ষ মহোদয়,

মই জানো যে সত্য শুনিবলৈ বহুত শক্তিৰ প্ৰয়োজন হয়। সন্মানীয় অধ্যক্ষ মহোদয়, মিছা, লেতেৰা অভিযোগবোৰ শুনিবলৈকো যথেষ্ট ধৈৰ্য্যৰ প্ৰয়োজন হয় আৰু মই এই সকলোকে অভিনন্দন জনাইছো, যিসকলে ধৈৰ্য্যৰে আটাইতকৈ লেতেৰা কথাবোৰো শুনিবলৈ শক্তি প্ৰদৰ্শন কৰিছে, এওঁলোকো অভিনন্দনৰ পাত্ৰ। কিন্তু, সত্য শুনাৰ সামৰ্থ্য বহণ নকৰাসকল যে কিমান হতাশাৰ গাঁতত ডুব গৈ আছে ইয়াৰ প্ৰমাণ আজি দেশে দেখিবলৈ পাইছে।

মাননীয় অধ্যক্ষ মহোদয়,

ৰাজনৈতিক মতানৈক্য থাকিব পাৰে, মতাদৰ্শৰ পাৰ্থক্য থাকিব পাৰে, কিন্তু এইখন দেশ হৈছে অজৰ-অমৰ দেশ। আহক আমি আগুৱাই যাওঁ – ২০৪৭লৈ, আমি স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিম, আমি এখন উন্নত ভাৰত গঢ়িম। আহক এটা সপোনৰ সৈতে আগুৱাই যাওঁ, এটা সংকল্প লৈ আগবাঢ়ো, সম্পূৰ্ণ শক্তিৰে আগবাঢ়ো আৰু যিসকলে গান্ধীৰ নামত বাৰে বাৰে ৰুটি সেঁকিব বিচাৰে - মই তেওঁলোকক এবাৰ গান্ধীৰ বিষয়ে পঢ়ি লবলৈ ক'ব বিচাৰিছো। এবাৰ মহাত্মা গান্ধীৰ বিষয়ে পঢ়ক, মহাত্মা গান্ধীয়ে কৈছিল-‘যদি আপুনি আপোনাৰ কৰ্তব্য পালন কৰে তেন্তে আনৰ অধিকাৰ সুৰক্ষিত কৰাটো ইয়াতে নিহিত হৈ থাকে’। আজি আমি কৰ্তব্য আৰু কৰ্তৃত্বৰ মাজত কাজিয়া দেখিছোঁ, এনে মূৰ্খতাৰ প্ৰদৰ্শন সম্ভৱতঃ দেশে এই প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ কৰিছে।

আৰু, সেয়েহে, মাননীয় অধ্যক্ষ মহোদয়,

মই আকৌ এবাৰ মাননীয় ৰাষ্ট্ৰপতি মহোদয়াক অভিনন্দন জনাইছো। মই ৰাষ্ট্ৰপতি মহোদয়াক ধন্যবাদ জনাইছো আৰু আজি দেশখনে ইয়াৰ পৰাই এক নতুন উৎসাহ- নতুন আত্মবিশ্বাস আৰু নতুন সংকল্পৰে আগবাঢ়িবলৈ আৰম্ভ কৰিছে।

বহুত বহুত ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%

Media Coverage

India stands tall in shaky world economy as Fitch lifts FY26 growth view to 7.5%
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Barak Valley will become a major logistics and trade hub for the North East: PM Modi in Silchar, Assam
March 14, 2026
Today, North-East India is the center of India’s Act East Policy; It is becoming a bridge that connects India with South-East Asia: PM
The farmers of Barak Valley and tea garden workers have made a significant contribution to Assam’s development; the Government is continuously working for farmers’ welfare: PM
We consider border villages as the nation’s first villages; the next phase of the Vibrant Village Programme was launched from Cachar district to boost development in several Barak Valley villages as well: PM

भारत माता की जय।

भारत माता की जय।

भारत माता की जय।

प्रानोप्रिय बोराक उपत्यकार, सम्मानित नागरिकवृंद, आपनादेर शोबाई के आमार प्रोणाम जानाई।

राज्य के लोकप्रिय मुख्यमंत्री हिमंता बिस्वा सरमा जी, केंद्रीय मंत्रिमंडल में मेरे साथी सर्बानंद सोनोवाल जी, उपस्थित राज्य सरकार के मंत्रीगण, जनप्रतिनिधिगण और मेरे प्यारे भाईयों और बहनों।

संस्कृति, साहस और जीवंतता से भरपूर बराक वैली के आप सभी परिवारजनों के बीच आना बहुत विशेष अनुभव रहता है। सिलचर को तो बराक घाटी का गेटवे कहा जाता है। ये वो जगह है जहां इतिहास, भाषा, संस्कृति और उद्यम ने मिलकर अपनी एक विशेष पहचान बनाई है। यहां बांग्ला बोली जाती है, असमिया की गूँज सुनाई देती है और अन्य जनजातीय परंपराएं भी फुलती-फलती हैं। यहां इतनी विविधता को अपनी ताकत बनाकर आप सभी भाईचारे के साथ, सद्भाव के साथ, इस पूरे क्षेत्र का विकास कर रहे हैं। ये बराक वैली का बहुत बड़ा सामर्थ्य है

साथियों,

बराक नदी के उपजाऊ मैंदानों ने, यहां के चाय बागानों ने, यहां के किसानों को, यहां के ट्रेड रूट्स को, एजुकेशन सेंटर्स को हमेशा प्रोत्साहित किया है। ये क्षेत्र असम ही नहीं, पूरे नॉर्थ ईस्ट और पश्चिम बंगाल को भी कनेक्ट करता है। बराक घाटी के इसी महत्व को 21वीं सदी में और अधिक सशक्त करने के लिए मैं आज आपके बीच आया हूं, आपके आशीर्वाद लेने आया हूं। थोड़ी देर पहले यहां बराक वैली की कनेक्टिविटी से जुड़े, नॉर्थ ईस्ट की कनेक्टिविटी से जुड़े, हजारों करोड़ रूपये के प्रोजेक्ट्स का शिलान्यास और लोकार्पण हुआ है। रोड़ हो, रेल हो, एग्रीकल्चर कॉलेज हो, ऐसे हर प्रोजेक्ट्स से बराक वैली नॉर्थ ईस्ट का एक बड़ा लॉजिस्टिक और ट्रेड हब बनने जा रहा है। इससे यहां के नौजवानों के लिए रोजगार के, स्वरोजगार के अनगिनत, अनगिनत अवसर बनने जा रहे हैं। मैं आप सभी को इन सभी विकास परियोजाओं के लिए बहुत-बहुत बधाई देता हूं।

साथियों,

आजादी के अनेक दशकों तक कांग्रेस की सरकारों ने नॉर्थ ईस्ट को दिल्ली से और दिल से, दोनों से ही दूर रखा। कांग्रेस ने नॉर्थ ईस्ट को एक प्रकार से भुला दिया था। लेकिन बीजेपी की डबल इंजन सरकार ने नॉर्थ ईस्ट को ऐसे कनेक्ट किया है कि आज हर तरफ इसकी चर्चा है। आज नॉर्थ ईस्ट भारत की एक्ट ईस्ट पॉलिसी का केंद्र है, दक्षिण पूर्व एशिया के साथ भारत को जोड़ने वाला सेतु बन रहा है।

लेकिन साथियों,

जैसे कांग्रेस ने नॉर्थ ईस्ट को अपने हाल पर छोड़ दिया था, ठीक वैसे ही बराक वैली को भी बेहाल करने में कांग्रेस की बहुत बड़ी भूमिका रही है। जब देश आज़ाद हुआ, तो कांग्रेस ने ऐसी बाउंड्री खींचने दी, जिससे बराक घाटी का समंदर से संपर्क ही कट गया। जो बराक वैली कभी ट्रेड रूट के रूप में, एक औद्योगिक केंद्र के रूप में जानी जाती थी, उस बराक वैली से उसकी ताकत ही छीन ली गई। आज़ादी के बाद भी दशकों तक कांग्रेस की सरकारें रहीं, लेकिन बराक घाटी के विकास के लिए कुछ खास नहीं हुआ।

साथियों,

बीजेपी की डबल इंजन सरकार, इस स्थिति को बदल रही है। हम बराक घाटी को फिर से व्यापार कारोबार का बड़ा हब बनाने के लिए निरंतर काम कर रहे हैं। आज इस दिशा में एक बहुत बड़ा और अत्यंत महत्वपूर्ण कदम उठाया जा रहा है। आज करीब 24 हजार करोड़ रुपए के शिलांग-सिलचर हाई-स्पीड कॉरिडोर का भूमि पूजन हुआ है, 24 हजार करोड़ रुपए, कितने? कितने? 24 हजार करोड़ रुपए। कितने? कितने? कितने? ये जरा कांग्रेस वालों को पूछना, जरा कागज पेन देना और उनको कहना कि जरा कागज पर 24 हजार करोड़ लिखो तो, कितने, कितने जीरो लगते हैं, आएगा नहीं उनको। ये कांग्रेस वालों के दिमाग का ताला जहां बंद हो जाता है ना, वहां हमारा काम शुरू हो जाता है। यह नॉर्थ-ईस्ट का पहला Access Controlled High-Speed Corridor होगा।

साथियों,

ये सिर्फ एक हाईवे प्रोजेक्ट नहीं है, ये नॉर्थ ईस्ट के लोगों के दशकों पुराने इंतजार का अंत हो रहा है। इस कॉरिडोर से सिलचर, मिजोरम, मणिपुर और त्रिपुरा, ये सब राज्य कनेक्ट होने वाले हैं। इन तीनों राज्यों से आगे बांग्लादेश और म्यांमार हैं और फिर आगे दक्षिण-पूर्व एशिया का विशाल बाजार है। यानी बराक घाटी, एक बहुत उज्जवल भविष्य की तरफ जुड़ने का आज शिलान्यास कर रही है। इसका फायदा असम सहित पूरे नॉर्थ ईस्ट के किसानों को होगा, यहां के नौजवानों को होगा। इतनी अच्छी कनेक्टिविटी वाले ये सारा क्षेत्र बनने से, इस पूरे क्षेत्र में इंडस्ट्री को बल मिलेगा, टूरिज्म को फायदा होगा और सबसे बड़ी बात, हिन्दुस्तान का कोना-कोना आसानी से आप लोगों से जुड़ जाने वाला है।

साथियों,

आप सभी यहां सिलचर में ट्रैफिक को लेकर भी काफी परेशान रहे हैं। अब सिलचर फ्लाईओवर से ये समस्या भी कम हो जाएगी। सिल्चर मेडिकल कॉलेज, NIT सिल्चर और असम यूनिवर्सिटी में पढ़ाई कर रहे युवा साथियों के लिए, ये बहुत अच्छी सुविधा हो गई है। इससे आने-जाने में उनका बहुत ही कीमती समय बचने वाला है।

साथियों,

डबल इंजन की बीजेपी सरकार, असम की रेल कनेक्टिविटी पर भी बहुत अधिक काम कर रही है। खासतौर पर रेलवे का बिजलीकरण हमारी बहुत बड़ी प्राथमिकता रहा है। अब असम का ढाई हजार किलोमीटर से अधिक का रेल नेटवर्क, अब इलेक्ट्रिफाई हो चुका है। अब यहां भी तेज़ गति से ट्रेनें चल पाएंगी, इससे बराक वैली के स्वच्छ वातावरण को भी फायदा मिलेगा।

साथियों,

बराक वैली के किसानों और यहां के चाय-बागानों में काम करने वाले श्रमिकों का असम के विकास में बहुत बड़ा योगदान है। डबल इंजन सरकार किसानों के कल्याण के लिए निरंतर कदम उठा रही है। कल ही, गुवाहाटी से मैंने पीएम किसान सम्मान निधि की अगली किश्त जारी की है। अब तक पीएम किसान सम्मान निधि का देश के किसानों को लाखों करोड़ रूपया, और अकेले हमारे असम के किसानों को 20 हजार करोड़ रुपए से ज्यादा पैसा असम के किसानों को मिल चुका है। अब आप सोचिये, हमने 10 साल में यहां के किसानों की जेब में, 20 हजार करोड़ रुपया उनकी जेब में दिया है। ये कांग्रेस वालों ने 10 साल राज किया, प्रधानमंत्री तो असम से चुनकर के गए थे, उसके बावजूद भी एक फूटी कौड़ी नहीं दी, एक फूटी कौड़ी किसानों को नहीं दी, हमने 20 हजार करोड़ रूपया दिया है। कल बराक वैली के हज़ारों किसानों के खाते में भी, ये आखिरी किस्त भी पहुंची है, ये वाली किस्त पहुंची है और फिर जब चुनाव के बाद आएगा समय, तब भी पहुंचेगी। ये पैसा खेती से जुड़ी छोटी-छोटी जरूरतों को पूरा करने में, मेरे गांव के छोटे-छोटे किसान भाई-बहनों को बहुत बड़ी मदद कर रहा है।

साथियों,

बराक वैली अब अपनी फसलों के लिए ही नहीं, बल्कि कृषि से जुड़ी पढ़ाई और रिसर्च के लिए भी जानी जाएगी। पत्थरकांडी में बराक घाटी के पहले एग्रीकल्चर कॉलेज का निर्माण कार्य आज से शुरु हो रहा है। इससे किसानों को तो फायदा होगा ही, यहां के नौजवानों को कृषि स्टार्टअप्स के लिए सहयोग, समर्थन और प्रोत्साहन मिलेगा।

साथियों,

भाजपा का मंत्र है- जो विकास की दौड़ में पीछे रह गया, उसे प्राथमिकता देना। कांग्रेस की सरकारें बॉर्डर एरिया को, देश के अंतिम गांव मानती थीं। हम बॉर्डर के गांवों को देश के पहले गांव मानते हैं। और इसलिए, बॉर्डर एरिया के विकास के लिए, कछार जिले से ही वाइब्रेंट विलेज प्रोग्राम का अगला चरण शुरु किया था। इससे बराक वैली के अनेक गांवों में भी सुधार होना तय हो गया है।

साथियों,

यहां बड़ी संख्या में चाय-बागानों में कार्य करने वाले साथी भी हैं। असम सरकार ने, चाय-बगानों से जुड़े हजारों परिवारों को, उनकी जमीन का अधिकार देने का ऐतिहासिक काम किया है, वो इन परिवारों के भविष्य को बदलने की एक बड़ी शुरुआत है। जमीन के पट्टे मिलने से, इन परिवारों को सुरक्षा मिली है, उन्हें सम्मान का जीवन मिलना सुनिश्चित हुआ है।

साथियों,

आप जरा वहां से दूर रहिए, अब जगह नहीं है, आगे नहीं आ सकते हैं। देखिए वहां से जरा दूर रखिये उनको, अब आगे नहीं आ सकते भईया, अरे हमारे असम के भाई-बहन तो बड़े समझदार हैं। आपका से प्यार, आपका आशीर्वाद, ये इतनी बड़ी ताकत है, कृपा करके आप।

साथियों,

मैं हेमंता जी की सरकार को बधाई देता हूं, चाय-बागानों में करीब 200 सालों से सेवा दे रही अनेक पीढ़ियों के संघर्ष को आपने आज सम्मान दिया है। देखिए मेरी इस बात पर बादल भी गरजने लग गए। मुझे खुशी है कि जिनको पहले की सरकारों ने अपने हाल पर छोड़ दिया था, उनकी सुध बीजेपी सरकार ने ली है।

साथियों,

ये सिर्फ भूमि पर कानूनी अधिकार का ही मामला नहीं है। इससे ये लाखों परिवार, केंद्र और राज्य सरकार की अनेक कल्याणकारी योजनाओं से भी तेज़ी से जुड़ेंगे। पक्के घर की योजना हो, बिजली, पानी और गैस की योजनाएं हों, इन सब स्कीम्स का पूरा फायदा अब इन परिवारों को मिलना संभव होगा।

साथियों,

बीते सालों में बीजेपी सरकार ने चाय-बागानों में अनेक स्कूल खोले हैं, बच्चों को स्कॉलरशिप्स दिए हैं। सरकारी नौकरियों के लिए भी रास्ते खोले गए हैं। ऐसे प्रयासों से चाय-बागानों के युवाओं के लिए सुनहरे भविष्य के द्वार खुल रहे हैं।

साथियों,

बीजेपी की डबल इंजन सरकार के लिए शिक्षा, कौशल विकास और स्वास्थ्य सुविधाएं बहुत बड़ी प्राथमिकताएं रही हैं। असम ने तो शिक्षा और स्वास्थ्य को लेकर कांग्रेस की उपेक्षा को बहुत लंबे समय तक भुगता है। आज असम शिक्षा और स्वास्थ्य का बहुत बड़ा हब बनकर सामने आ रहा है। इसका बहुत अधिक फायदा बराक वैली को मिला है। आज यहां शिक्षा और स्वास्थ्य से जुड़े अनेक बड़े संस्थान बन चुके हैं।

साथियों,

कांग्रेस ने असम के युवाओं को सिर्फ हिंसा और आतंकवाद के कुचक्र में ही उलझाए रखा था। कांग्रेस ने असम को फूट डालो और राज करो की नीति की प्रयोगशाला बनाया। आज असम के युवाओं के सामने अवसरों का खुला आसमान है। आज असम भारत के सेमीकंडक्टर सेक्टर का अहम हिस्सा बन रहा है। यहां नेक्स्ट जेनरेशन टेक्नॉलॉजी से जुड़ा इकोसिस्टम और टैलेंट तैयार हो रहा है। यहां IIT और IIM जैसे संस्थान बन रहे हैं। मेडिकल कॉलेज, एम्स और कैंसर अस्पतालों का सशक्त नेटवर्क बन रहा है। शांति और प्रगति का ये नया दौर, अनेक बलिदानों और अनेक प्रयासों से आया है। अब ऐसी हर ताकत को मुंहतोड़ जवाब देना है, जो असम को पुराने दौर में धकेलने की कोशिश करती है।

साथियों,

आज मैं सिलचर से असम को सावधान-सतर्क भी करना चाहता हूं। आपने कांग्रेस को असम से बाहर किया। आज देश का हर राज्य कांग्रेस को सबक सिखा रहा है। कांग्रेस एक के बाद एक चुनाव हार रही है। अब निकट भविष्य में, कांग्रेस खुद के पराजय के इतिहास की सेंचूरी मारने वाला है। हार की हताशा से भरी कांग्रेस ने देश के खिलाफ ही मोर्चा खोल दिया है। कांग्रेस के नेता देश को बदनाम करने में जुट गए हैं, आपने देखा है, दिल्ली में इतनी बड़ी AI समिट हुई। आज पूरी दुनिया जब आर्टिफिशियल इंटेलिजेंस, AI को लेकर बहुत ही उत्सुक है। दिल्ली में सफलतापूर्वक विश्व की एक नई आशा पैदा करने वाला AI समिट हुआ। दुनियाभर के नेता, दुनियाभर की टेक्नॉलॉजी कंपनियां, टेक्नॉलॉजी के बड़े-बड़े लीडर दिल्ली आए थे। कांग्रेस ने इस समिट को बदनाम करने के लिए कपड़ा फाड़ प्रदर्शन किया। अब कांग्रेस के पास खुद के कपड़े फाड़ने के सिवा कुछ नहीं बचा है। पूरे देश ने कांग्रेस के इस भौंडे और भद्दे प्रदर्शन की आलोचना की। लेकिन दिल्ली में जो कांग्रेस का शाही परिवार है, वो इस कांड को भी अपना मेडल बता रहा है, देश को बदनाम करने वालों की वाहवाही कर रहा है। ऐसी कांग्रेस, जो देश की विरोधी हो, वो किसी राज्य का भला नहीं कर सकती, वो असम के युवाओं का कभी भला नहीं सोच सकती।

साथियों,

आजकल दुनिया में चारों तरफ और हमारे तो अड़ोस पड़ोस में ही युद्ध के हालात और आप सब भलिभांति युद्ध कि क्या भयानकता है, वो रोजमर्रा देख रहे हो। युद्ध से जो स्थितियां बनी हैं, हमारी सरकार उनसे निपटने के लिए, हमारे देश के नागरिकों को कम से कम मुसीबत आए इसलिए हो सके उतने सारे प्रयास कर रही है। हमारा प्रयास है कि देश के नागरिकों पर युद्ध का कम से कम प्रभाव पड़े। इस समय कांग्रेस से उम्मीद थी कि वो एक जिम्मेदार राजनीतिक दल की भूमिका निभाए, लेकिन कांग्रेस देश हित के इस महत्वपूर्ण काम में भी फिर एक बार फेल हो गई। कांग्रेस पूरी कोशिश कर रही है कि देश में पैनिक क्रिएट हो, देश मुश्किल में फंस जाए। और उसके बाद कांग्रेस भर-भर कर मोदी को गाली दे।

साथियों,

कांग्रेस के लिए और कांग्रेस असम के लिए, देश के लिए कांग्रेस का कोई विजन ही नहीं है, इसलिए, इन्होंने अफवाहों को, झूठ-प्रपंच को ही, और जैसे झूठे रील बनाने की इंडस्ट्री खोलकर रखी है, उसी को हथियार बना दिया है। दुनिया में जो ताकतें भारत के तेज़ विकास को नहीं पचा पा रहीं हैं, जिन विदेशी ताकतों को देश की प्रगति रास नहीं आ रही, कांग्रेस देश का दुर्भाग्य देखिए, कांग्रेस उनके हाथ की कठपुतली बनती जा रही है। इसलिए, असम के हर नागरिक को, हर नौजवान को कांग्रेस से सावधान रहना है।

साथियों,

असम हो, बराक वैली हो, अब ये विकास के पथ पर बढ़ चुका है। बराक वैली, अपनी भाषा, अपने साहित्य, अपनी संस्कृति के लिए जानी जाती है। वो दिन दूर नहीं, जब बराक वैली को विकास के नए सेंटर के रूप में पहचान मिलेगी।

साथियों,

आप इतनी बड़ी तादाद में हमें आशीर्वाद देने आए हैं। जो राजनीति के भविष्य की रेखाएं अंकित करने वाले लोग हैं, वो भांति-भांति की जो संभावनाएं तलाशते रहते हैं, वे आज बराक वैली का ये दृश्य, कल बोड़ो समुदाय का वो दृश्य, टी गार्डन वालों के समूह का दृश्य, ये साफ-साफ बता रहा है कि, इस चुनाव का नतीजा भी क्या होने वाला है। और आप इतनी बड़ी तादाद में आशीर्वाद देने के लिए आए हैं, मैं आपका हृदय से आभारत व्यक्त करता हूं और आप सभी को फिर से विकास परियोजनाओं की बहुत-बहुत बधाई देता हूं। मेरे साथ बोलिये-

भारत माता की जय!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!

वंदे मातरम्!